সমললৈ যাওক

পৃষ্ঠা:শ্ৰীমদ্ভগৱত্‌‌‌‌গীতা বা কৃষ্ণগীতা.djvu/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪
শ্ৰীমদ্ভগৱদ্‌গীতা

ঈশ্বৰৰ বেদবাক্য বুজিতে নপাৰে।
আছোক যে আনে ব্ৰহ্ম নুবুজে শঙ্কৰে॥ ৪০
ঈশ্বৰত বিনে বেদ নজানয় আন।
যাক বুলি গীতাশাস্ত্ৰ বেদৰ প্ৰমাণ॥
গূঢ় গ্ৰন্থ গূঢ় অৰ্থ যেন মহোদধি।
শুনিলাতে ধৰ্ম্ম অৰ্থ চতুৰ্ব্বৰ্গ সিদ্ধি॥ ৪১
গীতা নিশ্চয় ৰূপে অভ্যাসয় নৰ।
নলাগয় শাস্ত্ৰ তাৰ পঢ়িবে বিস্তৰ॥
সৰ্ব্ব-শাস্ত্ৰ অৰ্থ মথি লৈ তাৰ সাৰ।
বাহ্যভাগ মানে তাৰ কৰি পৰিহাৰ॥ ৪২
হেনয় প্ৰকাৰে ভৈলা গীতাশাস্ত্ৰ খান।
সংসাৰ তৰণী গীতা মুক্তিৰ সোপান॥
যিটোজনে গীতাক শুনয় শ্ৰদ্ধাভাৱে।
কৃষ্ণে ভক্ত হুয়া যে সদৃশ গতি পাৱে॥ ৪৩
এক শ্লোক অৰ্দ্ধ শ্লোক শুনয় গীতাৰ।
তথাপি যমৰ তাত নাহি অধিকাৰ॥
অৰ্থক নজানে শ্ৰদ্ধাযুক্তে পাঠ কৰে।
তথাপি জানিবা সিটো সংসাৰক তৰে॥ ৪৪
একজনে পঢ়ে আনে শুনে শ্ৰদ্ধাভাৱে।
হৰি তাক তৰাৱন্ত সিটো গতি পাৱে॥
কৃষ্ণৰ চৰণে যে গোবিন্দ মিশ্ৰ কয়।
গীতা নাম শুনিয়া পণ্ডিতে সঙ্কোচয়॥ ৪৫