আগকথা
“সাধুসকলৰ অৱশেষ উক্তিয়েই আমাৰ কথা”
—সাধু তুকাৰাম।
মহাভাৰতৰ সময়ত কুৰুক্ষেত্ৰত কুৰু-পাণ্ডবৰ ভিতৰত যি মহাসমৰ হৈছিল, তাত ৰণ কৰিবলৈ প্ৰস্তুত হোৱা আত্মীয়-স্বজনক অৰ্জ্জুনে দেখি ৰণ কৰিবলৈ তেওঁৰ ইচ্ছা নোহোৱা হয়, ভগৱান শ্ৰীকৃষ্ণই অৰ্জ্জুনৰ মোহ দেখি নানা উপদেশ দি অৰ্জ্জুনৰ মোহ নষ্ট কৰে। অৰ্জ্জুন শ্ৰীকৃষ্ণৰপৰা উপদেশ পাই ৰণ কৰাটো স্বধৰ্ম বুলি বুজি পায় আৰু ৰণ কৰিবলৈ সম্মত হয়। ৰণৰ সময়ত শ্ৰীকৃষ্ণই অৰ্জ্জুনক দিয়া উপদেশকেই গীতা শাস্ত্ৰ বুলি আমি বহুতে বিশ্বাস কৰোঁ। আমাৰ দেশত বহুত ডাঙৰ ডাঙৰ পণ্ডিতেও ইয়াকে সমৰ্থন কৰে আৰু কিছুমান পণ্ডিতে তাৰ ব্যাখ্যাও এইদৰে কৰে।
অতি গৌৰৱৰ কথা—আমাৰ অসমৰ গাঁৱৰ বহুত ভক্তে গীতাৰ অৰ্থ কিন্তু এইদৰে গ্ৰহণ নকৰে। প্ৰায় পঁয়ত্ৰিশ বছৰমান আগত এদিনাখন বাঁহীৰাম মহন্ত নামে সামান্য লিখা-পঢ়া শিকা ওচৰৰ গাঁৱৰ কোচ জাতীয় এজন ভকত আমাৰ ওচৰলৈ আহিছিল। স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ দেৱৰ আদেশত আমাৰ পূৰ্ব্বপুৰুষ মধুনাৰায়ণ দলৈ আতাৰ স্থাপিত সৎসঙ্গী। মঠৰ * লগত এওঁৰ এবাৰ নোৱাৰা সম্বন্ধ আছিল। ভকতজনে মোক ভাতৃৰদৰে স্নেহ কৰিছিল। তেওঁৰ লগত মোৰ গীতাৰ সামান্য আলাপ
* ১৬৮১ শকত স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ দেৱে দিয়া তামৰ ফলিত “মঠ” বুলি উল্লেখ কৰিছে। আজি-কালি “গোসাঁইঘৰ”, “সচং”হে বোলা হয়।