পৃষ্ঠা:শ্ৰীমদ্ভগৱত্‌‌‌‌গীতা বা কৃষ্ণগীতা.djvu/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
শ্ৰীমদ্ভগৱদ্‌গীতা

সবাৰো সংশয়  এতেকে ছেদয়
  গীতাক কৰি প্ৰমাণ।
মাতৃসে জানয়  কাৰ বীৰ্য্যে পুত্ৰ
  যেন নজানয় আনে।
ঈশ্বৰ মুখৰ  যত বেদবাক্য
  জানিবাক পাৰে কোনে॥ ১৬
শঙ্কৰী ভাস্কৰী  মতক আলোচি
  টীকা চাহি হনুমন্ত।
আনন্দগিৰিৰ  সুবোধিনী টীকা
  চাৰিৰো জিজ্ঞাসি তত্ত্ব।
চাৰি টীকা চাই  যিমানে বুজিলো
  মতি অনুসাৰে লৈলো।
কৃষ্ণ চৰণত  হৈয়া অনুগত
  শ্লোক ভাঙ্গি পদ কৈলো॥ ১৭
শ্লোক অৰ্থ চাই  পদ বঢ়া পাই
  নিন্দা নকৰিবা মোক।
দূষণ সিদ্ধান্ত  শঙ্কা পদ কৈলো
  সুবোধে বুজোক লোক।
যিটো হনুমন্ত  আপুনি মহেশ
  সৰ্ব্বজ্ঞতা আতিশয়।
পূৰ্ব্বাপৰ যত  দুষণ সিদ্ধান্ত
  তেহেসে দিলা নিৰ্ণয়॥ ১৮