সমললৈ যাওক

পৃষ্ঠা:শ্ৰীমদ্ভগৱত্‌‌‌‌গীতা বা কৃষ্ণগীতা.djvu/১০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯০
শ্ৰীমদ্ভগৱদ্‌গীতা

অবিদ্যা মোহিত   হুয়া বিড়ম্বিত
  ঈশ্বৰক কৰ্ত্তা মানে।
কৰে অহঙ্কাৰ   গুণ অনুসৰি
  মূৰুখে তাক নজানে॥
হেন বুদ্ধি নাই    ভক্তি যে বিনায়
  নছাৰে সংসাৰ বন্ধ।
নেদেখো উপায়   ইয়ো গতি নাই
  সেহি জানা নিজে অন্ধ॥৩৪৬
গোবিন্দে কহয়   দেৱ দয়াময়
  চৰণে লৈলো শৰণ।
দিয়া পদছাঁয়া   গুচায়োক মায়া
  ত্ৰাহি ত্ৰাহি নাৰায়ণ॥
নতি কৰো শ্যাম   মুখে তুৱা নাম
  সদা নছাৰোক মোৰ।
এৰি আন কাম   ডাকি বোলা ৰাম
  তৰিয়ো সংসাৰ ঘোৰ॥৩৪৭