আখৰৰ পুৰণি পুথি আনি মিলাই ছপা কৰিলোঁ। গোবিন্দ মিশ্ৰদেৱে গীতামাহাত্ম্যৰ সুকীয়াকৈ লিখা নাছিল; ১৮ শ অধ্যায়ৰ ভিতৰতেই গীতামাহাত্ম্যৰ আৱশ্যকীয় কথাখিনি উল্লেখ কৰিছে। শ্ৰীযুত খগেশ্বৰ বিদ্যাৰত্নদেৱে তেখেতৰ সম্পাদিত গীতাত নিজে গীতামাহাত্ম্যৰ পদ কৰি যোগ কৰি দিছে; আমি অনাৱশ্যক বোধে ইয়াত নিদিলোঁ।
গ্ৰন্থকাৰ নিজে নামৰ বাহিৰে আন একো পৰিচয় দিয়া নাই। কিছুমানে এওঁক শ্ৰীমাধৱদেবৰ সমযৰ বোলে; কিছুমানে আকৌ ভালেখিনি সময়ৰ পাচৰ বোলে। মহাপুৰুষ মাধৱদেৱে তেৰাৰ অমূল্য ৰত্ন নামঘোষাত গীতাৰ শিক্ষাকেই প্ৰাধান্য দিছে, আনকি কিছুমান ঘোষাত গীতাৰ কথা স্পষ্ট কৰি উল্পেখো কৰিছে। বোধকৰো সেই কাৰণে সেই সময়ত গীতাৰ অনুবাদৰ সিমান আৱশ্যক বোধ কৰা নাছিল৷ গীতাৰ ভাষাও শঙ্কৰী যুগৰ ভাষাতকৈ আধুনিক যেন লাগে। দৰঙ্গৰাজ মহাৰাজ বলিনাৰায়ণ আৰু তেওঁৰ বংশৰ পৰৱৰ্তী কেইবাজন ৰজাৰ দিনত মহাভাৰতৰ কেইটামান পৰ্ব, গীত-গোবিন্দ আদি পুথিৰ অনুবাদ হয়; সম্ভবতঃ গোবিন্দ মিশ্ৰয়ে সেই সময়তেই গীতাৰ পদ কৰিছিল। গোবিন্দ মিশ্ৰক কিছুমানে দৰঙ্গ অঞ্চলৰ আৰু কিছুমানে বৰপেটা মহকুমাৰ কাপলা গাৱৰ বুলি কয়। মিশ্ৰৰ ঘৰ কাপলাত থকা অসম্ভৱ নহব পাৰে; আৰু মহাৰাজ বলিনাৰায়ণ ৰজা উজাই যাওঁতে তেওঁৰ লগত আন আন পণ্ডিতৰ সৈতে হয়তো এৱোঁ দৰঙ্গ পাব পাৰে।
যোৱা ১৯৷১০৷৪৫ তাৰিখে কামৰূপৰ হালধিবাৰী সত্ৰৰ গোস্বামী এজনৰ লগত গোবিন্দ মিশ্ৰৰ বিষয় আলোচনা কৰোতে তেখেতে অনুগ্ৰহ কৰি সিপিঠিত দিয়া বংশলতাখন দিয়ে।