পৃষ্ঠা:শ্ৰীমদ্ভগৱত্‌‌‌‌গীতা বা কৃষ্ণগীতা.djvu/৩২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১১
শ্ৰীমদ্ভগৱদ্‌গীতা

ব্ৰহ্মা হৰে বিশ্বৰূপ নাহি দেখে যাক।
ব্যাসে দিল দিব্যচক্ষু দেখিলেহো তাক॥
কৃষ্ণে বোলে যিবা হেতু নজানে ঈশ্বৰ।
যত বেদকৰ্ত্তা মানে গুণৰ ভিতৰ॥১৩৯১
বেদবাক্য ঈশ্বৰৰ আনে নজানয়।
আতে কৃষ্ণে সাক্ষাত আপোন মত কয়॥
মই এৰো পৃথিবীক কলি আসি ভৈলা।
আতে আত্মৰূপী গীতা মূৰ্ত্তি থৈয়া গৈলা॥১৩৯২
মাধৱে বোলন্ত কলিকালে গতি নাই।
মোহোত বিশ্বাস দৃঢ় তেন্তে গতি পায়॥
এহি গীতা শ্ৰদ্ধা কৰি শুনয় শুনাৱে।
সংসাৰ তৰিয়া দুয়ো জনে গতি পাৱে॥১৩৯৩
গীতা শুনিবাত পিয়ে অমৃতৰ ঘট।
জানিবাহা গীতায়ে মুক্তিৰ ফল গোট॥
কৃষ্ণ যোগেশ্বৰে গীতা কহিলা সাক্ষাত।
পৰম গতিক পাইবা কোন চিত্ৰ তাত॥১৩৯৪
এবে তুমি ৰজা পুত্ৰশোক পৰিহৰা।
কৃষ্ণত শৰণ লৈয়া চৰণত ধৰা॥
যাৰ পক্ষে আপুনি আছন্ত চক্ৰপাণি।
পাণ্ডৱৰ অসাধ্য আছয় কোনখানি॥১৩৯৫
গাণ্ডীৱ ধনুক ধৰি যুজে ধনঞ্জয়।
তাৰ কোন কালত আছয় পৰাজয়॥

২১