পৃষ্ঠা:শ্ৰীমদ্ভগৱত্‌‌‌‌গীতা বা কৃষ্ণগীতা.djvu/৩০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯২
শ্ৰীমদ্ভগৱদ্‌গীতা

সাত্ত্বিক সুখৰ তুল্য সুখ আৰ নাই।
অভ্যাস কালৰ সুখ যেন বিষ প্ৰায় ॥১৩০৬
মন ইন্দ্ৰি সংযমত দুখ হোৱে টান।
অল্প দুখে সুখ পাচে অমৃত সমান॥
যেন তিক্ত খান্তে প্ৰথমতে আসে বান্তি।
খাইলে পিত্ত শুচি হোৱে শৰীৰৰ শান্তি॥১৩০৭
সাত্ত্বিক সুখৰ জানিবাহা সেহি নয়।
প্ৰসাদক লভি হোৱে আত্মা পৰিচয়॥
ৰজোগুণী সুখ বিষয়ত মাত্ৰ ৰতি।
বিষয়ত ইন্দ্ৰিয়ে সৰ্ব্বথা কৰে গতি॥১৩০৮
ৰজোগুণী সুখ আগে স্বৰ্গৰ সদৃশ।
পাচে সেহি জ্ঞানে হোৱে হলাহল বিষ॥
যেন সঙ্গমত আছে নাৰী পুৰুষৰ।
ইন্দ্ৰিয়ৰ সুখ মানে স্বৰ্গ পটন্তৰ॥১৩৯
অৱসানে স্বাৰ্থ হানি বল হোৱে দূৰ।
লোকলজ্জা চিন্তা ভয়ে যেন গৃহ চোৰ॥
গৰ্ভ ভৈলে নাৰী দিনে দিনে দুখ পায়।
কটি পেট ফাটয় দেহৰ সুস্থ নাই॥১৩১০
উঠন্তে বৈসন্তে খান্তে বোলে বাপ আই।
প্ৰসৱ কালৰ দুখ পটন্তৰ নাই॥
নাৰীৰ চিন্তায়ে দুখ হোৱে পুৰুষৰ।
পুত্ৰ ভাৰ্য্যা আসক্তিত নৰক মাতৰ॥১৩১১