পৃষ্ঠা:শ্ৰীমদ্ভগৱত্‌‌‌‌গীতা বা কৃষ্ণগীতা.djvu/৩১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০৩
শ্ৰীমদ্ভগৱদ্‌গীতা


ঘোষা

হৰি বোল হৰি বোল মাধৱ ৰাম॥

ঝুনা

ৰহস্য ভক্তিৰ কহো সাধনে।
মোক হৃদি ধৰি নেৰিবা মনে॥
মইসে জানিবা পৰম গতি।
এহি জানি কৰা দৃঢ় ভকতি॥১৩৫০
মোকেসে ভজিবা পূজিবা নিত্য।
মোৰ নাম লৈবা একাগ্ৰ চিত্ত॥
কৰি দণ্ডৱত পৰি লুটিয়া।
ভয় লাজ দুয়ো যাইব টুটিয়া॥১৩৫১
যদি যাহা তুমি গ্ৰাম সমাজে।
মোহোৰ স্মৰণ নেৰিবা লাজে॥
স্তুতি নিন্দা দুইতো নেদিবা কাণ।
যেহেন ফুৰিবা বাতুল থান॥১৩৫২
অজিত ঈশ্বৰ ভকতে জানে।
আক সখি তুমি জানিবা মনে॥
এতকাল কেনে নভজো আমি।
এহি বুলি কান্দিবাহা হুমাহুমি॥ ১৩৫৩
ইমত মহা প্ৰেম উৰ্ম্মি উঠি।
বিষয় বাসনা যাইবেক টুটি॥