পৃষ্ঠা:শ্ৰীমদ্ভগৱত্‌‌‌‌গীতা বা কৃষ্ণগীতা.djvu/৩১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০৮
শ্ৰীমদ্ভগৱদ্‌গীতা

এহি গীতা শাস্ত্ৰক যিজনে ব্যাখ্যা কৰে।
মোৰ অতি প্ৰিয় কৰ্ত্তা নাহি তাত পৰে॥১৩৭৪
তাৰ মান পৰিতোষ কৰ্ত্তা আছে কোন।
ইহ পৰকালে নুহিবেক কোন জন॥
তাৰো প্ৰিয় কৰ্ত্তা নাহি মোৰ ব্যতিৰেক।
ইহকাল নাহি পৰকাল নুহিবেক॥১৩৭৫
সেহি মই এক ভিন্ন নাহি কদাচিত।
মোহোৰ পদক পাই হোৱে আনন্দিত॥
অৰ্থ লৈয়া ব্যাখ্যা কৰে কহিবো নিৰ্ণয়।
পাঠ মাত্ৰ কৰে ফল শুনা ধনঞ্জয়॥১৩৭৬
মনে অৰ্থ জানি যিটো জনে পঢ়ে গীতা।
সংসাৰ তৰিবে আৰ কোন আছে চিন্তা॥
জীৱন্তে সি মুক্ত, তিনি তাপ গুচে তাৰ।
সদা বৈকুণ্ঠত থাকি কৰয় বিহাৰ॥১৩৭৭
যত যজ্ঞ আছে তাত জ্ঞান যজ্ঞ শ্ৰেষ্ঠ।
সেহি জ্ঞানে মোত মতি কৰাৱে প্ৰবিষ্ট॥
অৰ্থকো নজানে যিবা পাঠ মাত্ৰ কৰে।
তাক শুনি বোলো মোক কানে ডাক পাৰে॥১৩৭৮
মোৰ নাম গুণ কথা গোপ্য কোনে কহে।
দয়াৰে আকুল হওঁ শৰীৰে নসহে॥
আথে বেথে যাওঁ মই চপো সন্নিহিত।
দেখিয়া তাহাক মই হওঁ আনন্দিত॥১৩৭৯