সাংখ্য যোগ জ্ঞান নুবুজিলা ধনঞ্জয়।
প্ৰকৃতি পুৰুষ ভেদ ত্ৰয়োদশে কয়।৯৪৪
দ্বাদশ অধ্যায়ত কৃষ্ণে কহিলা সম্প্ৰতি।
জ্ঞান ভক্তি কৰি দুয়ো পন্থে পাৱে গতি॥
কিন্তু জ্ঞানীজন পন্থ চিন্তে নিৰাকাৰ।
ভক্তে অনায়াসে সুখে তৰয় সংসাৰ ॥৯৪৫
ভক্তিৰ সাধনা যত কহিলোহো তত্ত্ব।
ত্ৰয়োদশ অধ্যায়ত কৰিবো বেকত॥
কিন্তু আত্মজ্ঞান বিনে নতৰে সংসাৰ।
তাৰ ভেদ কহে যেন প্ৰকৃতি পুৰুষৰ ॥৯৪৬
সপ্তমে কহিলা দুই প্ৰকৃতি প্ৰত্যেক।
পৰা এক প্ৰকৃতি অপৰা আৰ এক॥
দুয়ো প্ৰকৃতিৰ স্বভাৱ যত গুণ।
তাহাৰ লক্ষণ ব্যৱস্থাক কহো পুন॥৯৪৭
শৰীৰক অপৰা প্ৰকৃতি বুলি কয়।
জীৱে পৰা প্ৰকৃতি জানিবা ধনঞ্জয়॥
যেহি দেহ সেহি ক্ষেত্ৰ তুমি জানিয়োক।
জীৱকে ক্ষেত্ৰজ্ঞ বুলি কহে সৰ্ব্বলোক॥ ৯৪৮
দেহে ক্ষেত্ৰ জানিবা জীৱন ভোগ্য স্থান।
ক্ষেত্ৰ ক্ষেত্ৰজ্ঞৰ যোগে সৃষ্টি প্ৰবৰ্ত্তন॥
সেহি দেহে থাকি জীৱ অহঙ্কাৰে বদ্ধ।
যদ্যপি ঈশ্বৰ অংশ তভো হোৱে অন্ধ॥ ৯৪৯
পৃষ্ঠা:শ্ৰীমদ্ভগৱত্গীতা বা কৃষ্ণগীতা.djvu/২২৭
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১৭
শ্ৰীমদ্ভগৱদ্গীতা