পৃষ্ঠা:শ্ৰীমদ্ভগৱত্‌‌‌‌গীতা বা কৃষ্ণগীতা.djvu/২৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭৭
শ্ৰীমদ্ভগৱদ‌্গীতা

ৰজোগুণ তমোগুণ দুইকো পৰিহৰি।
সত্ত্বগুণে বাকি কৰ্ম্ম কৰে শ্ৰদ্ধা কৰি॥১২২৮
তেবেসে জ্ঞানৰ যে হোৱয় অধিকাৰ।
তাতপৰ্য্য এহি সপ্তদশ অধ্যায়ৰ॥
কহয় গোবিন্দ মিশ্ৰে কৃষ্ণ চৰণত।
সাঙ্গোপাঙ্গে তল গৈলো গৃহান্ধকূপত॥১২২৯
অপাৰ সাগৰে পৰি হওঁ বুন্দামাৰ।
এবে পদ নৌকা দিয়া কৰিয়ো উদ্ধাৰ॥
যদি সভাসদ মোক ভৰাইবাক পাৰা।
ৰাম কৃষ্ণ বুলিয়া যে জয় শব্দ কৰা॥১২৩০

সপ্তদশ অধ্যায় সমাপ্ত