পৃষ্ঠা:শ্ৰীমদ্ভগৱত্‌‌‌‌গীতা বা কৃষ্ণগীতা.djvu/৩০৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯৬
শ্ৰীমদ্ভগৱদ্‌গীতা

তমো ৰজোগুণে  মিশ্ৰে যে বৈশ্যৰ
 কিন্তু তমো অতিৰেক॥
তিনিয়ো বৰ্ণৰ  শূদ্ৰ নিৰন্তৰ
 সেৱা কৰে যথোচিত।
বেদ বিবৰ্জিত   দ্বিজত্ব ৰহিত
 কেৱল তমে সহিত॥১৩২১
আপোন কৰ্ম্মত থাকি স্বধৰ্ম্মত
 তাতে নিষ্ঠা কৰি বুদ্ধি।
জ্ঞান ভক্তি কৰ্ম্ম  দুইকো সাধিবেক
 অৱশ্যে পাইবেক সিদ্ধি॥
লোক নিয়ামক  ঈশ্বৰক ভজি
 অন্তৰ্য্যামী নাৰায়ণ।
স্বধৰ্ম্মত থাকি  জগত ব্যাপক
 সেৱিব তান চৰণ॥ ১৩২২
আত্ম ধৰ্ম্ম এৰি   পৰ ধৰ্ম্ম ধৰি
 যদি সঙ্গে শুদ্ধভাৱে।
তথাপি তাহাৰ  দুখ মাত্ৰ সাৰ
 অন্তে সি নৰক পাৱে॥
আপোন কৰ্ম্মক  সাঙ্গে নোৱাৰয়
 অল্প মাত্ৰ কৰে যদি।
কৰ্ম্ম অঙ্গহীন   নামে দূৰ হয়
 তথাপি পাৱয় সিদ্ধি॥১৩২৩