সমললৈ যাওক

পৃষ্ঠা:শ্ৰীমদ্ভগৱত্‌‌‌‌গীতা বা কৃষ্ণগীতা.djvu/৩০৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯৭
শ্ৰীমদ্ভগৱদ্‌গীতা

হিংসাধৰ্ম্ম দেখি  যুদ্ধ এৰা সখি
 স্বধৰ্ম্মত হিংসা ভয়।
ভিক্ষা মাগি খাইবে  আলচ কৰাহা
 তাহাতো দোষ আছয়॥
আপোন ধৰ্ম্মত  যদি দোষ থাকে
 দোষ নমানিবা বৰ।
যেনে গোৰোচনা  গোমাংসতে থাকে
 তথাপি পবিত্ৰ দৃঢ়॥ ১৩২৪
কৰ্ম্মৰ সঙ্গত  দোষ গুণ যত
 সঙ্গে জাত ভৈলা আসে।
তাৰ দোষ এৰি  গুণ লৈব মাত্ৰ
 কৰ্ম্ম নকৰিয়ো ত্যাগে॥
ধূম্ৰ অগ্নি যেন  দুয়ো সঙ্গ লৈলা
 একে সঙ্গে জাত হয়।
তথাপিতো নৰে  অগ্নি সেৱা নেৰে
 ধূমৰো দুখ সহয়॥১৩১৫
শীত নিবাৰিতে অন্নক ৰান্ধন্তে
 যজ্ঞাৰ্থে কৰয় হোম।
এতেক সময়ে অগ্নিৰ সঙ্গত
 বৰ দুখ দেয় ধূম॥
হেন জানি নৰ   স্বধৰ্ম্ম তিতৰ
 কৰ্ম্ম কৰিয়োক আগ।