পৃষ্ঠা:শ্ৰীমদ্ভগৱত্‌‌‌‌গীতা বা কৃষ্ণগীতা.djvu/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯
শ্ৰীমদ্ভগৱদ্‌গীতা

পণ্ডিত নোহাসা  বাদ মাত্ৰ কৰা
  প্ৰজ্ঞা ৰাখা আপোনাৰ॥
ওবা সব্যসাচী  মূৰ্খে পণ্ডিতালি
  কৰা পণ্ডিতক চাই॥
তীৰ্থযাত্ৰা কালে  ভগিনী হৰিলে
  তাত কিছু দোষ নাই॥ ৫৫
পুত্ৰ উপজিলে  আনন্দ নকৰে
  মৰিলে নকৰে শোক।
মান অপমান  যাৰ নাহিকয়
  পণ্ডিত বোলয় লোক॥
মৰণ জীৱন  সকলেসে ভ্ৰম
  সুখ দুখ যত ভাৱে।
দেখে আত্মা পৰ  অবিদ্যা ভিতৰ
  অজ্ঞান নুগুচে যাৱে॥ ৫৬
পন্থে থাকে জৰী  সৰ্প হেন পৰি
  পুৰুষে ভয়ক পাৱে।
ততকাল ভয়  মনৰ সংশয়।
  বিচাৰ নকৰে যাৱে॥


 পণ্ডিতে তৰ্ক কৰা দেখি মুৰ্খলোকেও যুক্তিহীন মিছা তৰ্ক কৰে যিহেতু, তীৰ্থ কৰিলে সকলো পাপ নাশ হয়; এতেকে তীৰ্থ কৰিবলৈ ওলোৱা সময়ত ভগ্নীহৰণ ৰূপ ঘোৰ মহাপাপ কৰিলেও দোষ নঘটে ইত্যাদি।