পৃষ্ঠা:শ্ৰীমদ্ভগৱত্‌‌‌‌গীতা বা কৃষ্ণগীতা.djvu/৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৪
শ্ৰীমদ্ভগৱদ্‌গীতা


যদি ভাল বস্তু খাই উগাৰত আসে।
তাহাৰ সুগন্ধ বায়ু যায় দশোদিশে॥
হেন জানি সভাসদ পৰৰ উৎসুকে।
অৰুণ চৰণ দুটি বান্ধিয়োক বুকে॥৩৩১
হৃদি ৰূপ ধৰা মুখে লোৱা হৰিনাম।
কলিযুগে নাম বিনে গতি নাই আন॥
অপাৰ সংসাৰ পাৰ পাইবা মহাসুখে।
ৰামকৃষ্ণ ৰামকৃষ্ণ ডাকিয়োক মুখে॥৩৩২


চতুৰ্থ অধ্যায় সমাপ্ত