পৃষ্ঠা:শ্ৰীমদ্ভগৱত্‌‌‌‌গীতা বা কৃষ্ণগীতা.djvu/৩২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১৩
শ্ৰীমদ্ভগৱদ্‌গীতা


কৃষ্ণৰূপ আলিঙ্গিয়া হৃদি মধ্যে ধৰ।
বাতুল চৰণ মনে বাৰেক উচ্চৰা॥
কহয় গোবিন্দ মিশে শুনআ সৰ্ব্বলোক।
অল্পমতি জানি নিন্দা নকৰিবা মোক॥১৪০২
কিন্তু সবাহাতো মোৰ এগোটা গোচৰ।
জয় ৰামকৃষ্ণ বুলি ঘোষা নিৰন্তৰ॥১৪০৩

____


( অষ্টাদশ অধ্যায় সমাপ্ত )


 


— শেষ —