সমললৈ যাওক

পৃষ্ঠা:শ্ৰীমদ্ভগৱত্‌‌‌‌গীতা বা কৃষ্ণগীতা.djvu/২৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩৬
শ্ৰীমদ্ভগৱদ্‌গীতা

এক সত্ত্ব গুণগোট ত্ৰিবিধ প্ৰকাৰ।
উত্তম মধ্যম কতো অধম আচাৰ॥১০৪৪
উত্তম যে সত্ত্বগুণ সত্যলোকে স্থিতি।
মধ্যম সত্বৰ স্থান হোৱে অম্ৰাৱতী॥
সামান্য সত্ত্ব গুণেসে গন্ধৰ্ব্বলোক পাৱে।
গুণ তাৰতম্য উচ্চ নীচ ফল হোৱে॥১০৪৫
ৰজোগুণী মৰ্ত্ত্যলোকে কৰে অৱস্থান।
সৰ্ব্বদায় দুখময় কৰ্ম্মেসে প্ৰধান॥
তমোগুণে অধে থাকি কৰে হিংসা কৰ্ম্ম।
সিংহ ব্যাঘ্ৰ কুক্কুৰ তাহাৰ হোৱে জন্ম॥১০৪৬
উৰ্দ্ধ সত্ত্বগুণে থাকি দিব্যভোগ কৰে।
ৰজোগুণে কৰ্ম্ম বিষয়ত পৰি মৰে॥
তমোগুণে অধে থাকি নৰক নিকাৰ।
তিনিগুণে বন্ধ দেখা সকল সংসাৰ॥ ১০৪৭
প্ৰকৃতিৰ গুণে সঙ্গে জীৱ বন্ধ লয়।
গুণে বন্ধ যাৱে আপোনাক নমানয়॥
জীৱৰ বন্ধৰ কথা শুনিয়ো কাৰণ।
ভোগৰ ইচ্ছায়ে বিষয়ক জানে মান॥১০৪৮
মিছা বিষয়ত থাকি মোহ বাঢ়ে বৰ।
মোহত থাকিয়া উপজয় অহঙ্কাৰ॥
অহঙ্কাৰে থাকি পাচে ভ্ৰম উপজয়।
ভ্ৰমে মাত্ৰ নিবেশিলে দ্বৈতবুদ্ধি হয়॥১০৪৯