পৃষ্ঠা:শ্ৰীমদ্ভগৱত্‌‌‌‌গীতা বা কৃষ্ণগীতা.djvu/২৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭৪
শ্ৰীমদ্ভগৱদ্‌গীতা


কহয় গোবিন্দ মিশ্ৰ  ত্ৰাহি ত্ৰাহি ৰামকৃষ্ণ
 তযু পদে পশিলো শৰণে॥১২১৩
পৰম মঙ্গল নাম জপিয়োক অবিশ্ৰাম
 চিন্তিয়ো হৃদয়ে ৰূপ ধৰি।
গুচিব সংসাৰ তয দূৰ হব দুখচয়
 সঘনে ঘুষিয়ো ৰাম হৰি॥১১১৪

পদ

কৃষ্ণে বোলে ভাল প্ৰশ্ন কৰিলা অৰ্জ্জুন।
ৰজস্তম গুণে কৰ্ম্ম কেৱলে নিৰ্গুণ।
সগুণে নিৰ্গুণে হোৱে যেমত প্ৰকাৰ।
শুনা সাৱধানে কহো ৰহস্য তাহাৰ॥১২১৫
বেদসাৰ বীজ কহো তোমাৰ আগত।
স্বৰূপত আনে আৰ নজানয় তত্ত্ব॥
এহি পদ আদি কৰি ছয় পদ মানে।
নিষ্টে নপঢ়িব শূদ্ৰে ব্ৰাহ্মণত বিনে॥ ১২১৬
ছয পদে বেদৰ কহিবে সাৰ তত্ত্ব।
তাক এৰি শূদ্ৰে লাগে পঢ়োক পাচত॥


  • মূলত এই কথা নাই। পূথি নকল কৰোতে নকলকাৰকে

সম্ভৱতঃ লগাই দিছে। -সম্পাদক।