পৃষ্ঠা:শ্ৰীমদ্ভগৱত্‌‌‌‌গীতা বা কৃষ্ণগীতা.djvu/৩১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০৬
শ্ৰীমদ্ভগৱদ্‌গীতা

কহিলো তোমত সাৰ পূৰ্ব্বত।
দ্বিতীয় তৃতীয় অধ্যায়ত॥১৩৬৫
ব্যৱসায়ত্মিকা যাহাক বোলে।
সৰ্ব্ব ধৰ্ম এৰি ভজা সকলে॥
দুয়ো বাক্য এক জানিবা তত্ত্ব।
হেৰা অষ্টাদশ কৈলে। বেকত॥১৩৬৬
মোত বাৰ ভৈলা বিশ্বাস দৃঢ়।
সেহিসে জানিবা পণ্ডিত বৰ॥
প্ৰিয় বুলি মাত্ৰ মোকেসে মানে।
মোহোৰ স্বৰূপ সেহিসে জানে॥১৩৬৭
সকলো ভক্তিৰ এখানি সাৰ।
বিশ্বাস দৃঢ় পৰে নাহি আৰ॥
যিখআনি আছিল ৰহস্য ভাগ।
প্ৰিয় ভক্ত বুলি কহিলো তাক॥১৩৬৮
কহয় মিশ্ৰ যে বিপ্ৰ গোবিন্দ।
পুনৰপি বন্দো পদাৰবিন্দ॥
ধৰিবা চৰণে মনত কৰি।
ডাক চাৰি সবে বুলিয়ো হৰি॥১৩৬৯

____