পৃষ্ঠা:শ্ৰীমদ্ভগৱত্‌‌‌‌গীতা বা কৃষ্ণগীতা.djvu/৩১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০২
শ্ৰীমদ্ভগৱদ্‌গীতা

বিষয় উম্মুখে যত থাকিয় সংসাৰে।
সমস্ত গীতাৰ অৰ্থ লৈবাক নপাৰে॥১৩৪৬
পৰম গম্ভীৰ অৰ্থ সাগৰৰ নয়।
সঙ্গে লৈবাক নপাৰয় ধনঞ্জয়॥
গুহ্যাৎ গুহ্যতৰ গুহ্যতম যাক বোলে।
সাৰক উদ্ধাৰি অৰ্থ লৈলন্ত গোপালে॥১৩৪৭
যেহেন ভ্ৰমৰে পুষ্প ফুৰে চাই চাই।
পুষ্প গন্ধ দুয়ো থাকে মধু লৈয়া যায়॥
সেহিমতে কৃষ্ণে পাচে সমস্ত গীতাৰ।
ৰহস্যৰো ৰহস্যক মৰি লৈলা সাৰ॥১৩৪৮
কৃষ্ণে বোলে গোপ্যৰো ৰহস্য কহো নিষ্ট।
যাত তুমি প্ৰিয় যে সুহৃদ মোৰ ইষ্ট॥
একে ভক্ত আৰু শিষ্য তাতে দৃঢ় চিত্ত॥
সিকাৰণে পৰম গুহ্যক কহো আত ॥১৩৪৯


_____