পৃষ্ঠা:শ্ৰীমদ্ভগৱত্‌‌‌‌গীতা বা কৃষ্ণগীতা.djvu/৩১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০৫
শ্ৰীমদ্ভগৱদ্‌গীতা

যদি বোলা ধৰ্ম্ম এৰিলে পাপ।
তাহাৰ নিমিত্তে নকৰা তাপ॥
যিটো এক মোত শৰণ হোৱে।
জন্ম কোটি পাপ ভস্মক পাৱে॥১৩৬০
মোহোক ভজিলে কাহাত ভয়।
সমস্ত পাতক তৰাইবো মই॥
সৰ্ব্ব ধৰ্ম্ম এৰি হৰি ভজনে।
শুনিয়ো পণ্ডিত আশ্চৰ্য্য মনে॥১৩৬১
যেবেসে ধৰ্ম্মক এৰয় নৰ।
কোন যে পাপ আছে তাত পৰ।
বোলে প্ৰলোভ বাক্য কৃষ্ণৰ।
এহি বুলি বিশ্বাস নকৰে নৰ॥১৩৬২
যদি শাস্ত্ৰ পঢ়ি আছে সাক্ষাত।
স্বৰূপত নিজিজ্ঞাসয় তত্ত্ব॥
তপ জপ যজ্ঞ দান চিন্তন।
দৃঢ় বিশ্বাসৰ সবে সাধন॥১৩৬৩
মোহোত নভজে সবে একান্ত।
পঢ়িয়া শাস্ত্ৰক হোৱে বিভ্ৰান্ত॥
যদি শাস্ত্ৰ জ্ঞানে অৰ্থক পাই।
তথাপি মোহোত বিশ্বাস নাই॥১৩৬৪
আৰো মায়া মোহে আছে জগত।
এতেকে মোহাৰ নজানে তত্ত্ব॥