সমললৈ যাওক

পৃষ্ঠা:শ্ৰীমদ্ভগৱত্‌‌‌‌গীতা বা কৃষ্ণগীতা.djvu/৩১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০০
শ্ৰীমদ্ভগৱদ্‌গীতা

এহি বুলি তুমি স্বধৰ্ম্মত হৈবা ভ্ৰষ্ট।
আৰ পুৰুষাৰ্থ যত সবে হৈব নষ্ট॥১৩৩৫
যত ধৰ্ম্মধ্বজী কৰে আপোনাৰ ইচ্ছা৷
পৰাধীনে দৰ্প কৰে সকলো যে মিছা॥
যেন নাক বিন্ধা গৰু নাকে জৰী দেয়।
পিঠিত বিস্তৰ ভাব দিয়া টানি নেয়॥১৩৩৬
তুমি পৰতন্ত্ৰ পুনু প্ৰকৃতিৰ বশ্য।
প্ৰকৃতি কৰাৱে যত কৰিবা অৱশ্য॥
স্বভাৱতে যুদ্ধ হিংসা ধৰ্ম্ম ৰজোগুণ।
অৱশ্যে ক্ষত্ৰিয় ধৰ্ম্ম প্ৰৱৰ্ত্তাৱে পুন॥১৩৩৭
আৰো দেখা তোমাৰ পূৰ্ব্বৰ সংস্কাৰে।
হিংসা কৰি পশু কাটি আছে বাৰম্বাৰে॥
পূৰ্ব্বৰ সংস্কাৰে যুদ্ধ কৰাইব সাক্ষাত।
কোনে এৰাবাক পৰে প্ৰকৃতিৰ হাত॥১৩৩৮
পূৰ্ব্বৰ সংস্কাৰে যুদ্ধ কৰইবো তোমাক।
অহঙ্কাৰে বদ্ধ নুশুনাহা মোৰ হাক॥
প্ৰকৃতিৰ বশ্য দেখা সমস্ত জগত।
আৰো শুনা কহো মোৰ আপোনাৰ মত॥১৩৩৯
হৃদয়ত আছে দেখা এগোটা ঈশ্বৰ।
তাহাৰ মায়াতে ভ্ৰমে যত চৰাচৰ॥
যেন কাষ্ঠে নিৰ্ম্মি যন্ত্ৰ সাজে সূত্ৰধাৰে।
জীৱ নপাইলাতো যন্ত্ৰ অপুনিসে ফুৰে॥১৩৪০