পৃষ্ঠা:শ্ৰীমদ্ভগৱত্‌‌‌‌গীতা বা কৃষ্ণগীতা.djvu/২৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫১
শ্ৰীমদ্ভগৱদ্‌গীতা

জানিবাৰ ফল যেন কহিলো নিশ্চিত।
এহি খানি জানি মাত্ৰ হোৱে কৃতকৃত্য॥১১০৬
তুমি মোৰ সখি সুহৃদ প্ৰিয় শিষ্য।
এতেকে কহিলো মই ইসব ৰহস্য॥
গুৰু চৰণত মোৰ কোটি নমস্কাৰ।
পদৰেণু শিৰে ধৰি তৰিবো সংসাৰ॥১১০৭
কহয় গোবিন্দ মিশ্ৰে শুনা সভাসদ।
পণ্ডিত শ্ৰীমদ ধনী এৰা ইটো মদ॥
পৰলোকে উচ্চ নীচ সবে একে সৰি।
অহঙ্কাৰ এৰি ডাকি বোলা হৰি হৰি॥১১০৮

⸻⸻

(পঞ্চদশ অধ্যায় সমাপ্ত)