পৃষ্ঠা:শ্ৰীমদ্ভগৱত্‌‌‌‌গীতা বা কৃষ্ণগীতা.djvu/১৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৭
শ্ৰীমম্ভগৱদ্‌গীতা

চাৰি প্ৰহৰে দিন গোট মাত্ৰ।
প্ৰহৰ আঠে হাৱে আহোৰাত্ৰ॥ ৫৩৫
এমতে দিনে ৰাত্ৰি লেখি নয়।
পোন্ধৰ দিনে পক্ষেক হয়॥
মাস হোৱে দুই পক্ষ ভিতৰ।
বাৰ মাসে হোৱে এক বৎসৰ॥ ৫৩৬
দেৱ মনুষ্যৰ বৎসৰ ভিন।
মনুষ্য বৎসবে পিতৃৰ দিন॥
এমতে লেখিবা পিতৃ বৎসৰ।
তবে একদিন হোৱে দেৱৰ॥ ৫৩৭
এমতে লেখি চাৰিযুগ পাই।
সত্যৰ যুগে যে মনুষ্য আয়ু॥
সত্য দ্বাপৰ ত্ৰেতা যে কলি।
চতুৰ্যুগ মাত্ৰ ইয়াক বুলি॥ ৫৩৮
চাৰি যুগ মিলাই লেখিব এক।
এমতে লেখিলে যুগ সহস্ৰেক॥
হাজাৰ যুগে দিন গোটা জানা।
আৰো হাজাৰেক ৰাত্ৰিক মানা॥ ৫৩৯
হাজাৰ দুই যুগ বহি গৈলা।
ব্ৰহ্মাৰ তেবে অহোৰাত্ৰ ভৈলা॥
ব্ৰহ্মাৰ দিন গেট অৱসানে।
প্ৰলয় হোৱে তিন লোক মানে॥ ৫৪০