পৃষ্ঠা:শ্ৰীমদ্ভগৱত্‌‌‌‌গীতা বা কৃষ্ণগীতা.djvu/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৮
শ্ৰীমদ্ভগৱদ্‌গীতা

যেহি আত্মা সেহি ব্ৰহ্ম নাহিকে অন্তৰ।
আত্মা বিনে ভিন্ন বস্তু নাহিকে অপৰ॥
দেহী বুলি জীৱক কহয় সৰ্ব্বলোক।
অৱধ্য জীৱক লাগি কেনে কৰা শোক॥ ৯৩
আৰো দেখা তোমাৰ যে স্বধৰ্ম্ম অৰ্জ্জুন।
ক্ষত্ৰিয়ৰ যুদ্ধ বিনে ধৰ্ম্ম আছে কোন॥
সেহিসে পৰম ধৰ্ম্ম ক্ষত্ৰিয়ৰ সুখ।
সম্মুখ সংগ্ৰাম পাইলে নোহয় বিমুখ॥ ৯৪
হেন জানি শোক এৰি চিত্ত কৰা ডাঠ।
স্বৰ্গক যাইবাক লাগি মেলান কপাট॥
বন্ধু বধ ভয়ে যদি যুদ্ধে এৰা আশ।
স্বধৰ্ম্ম পৌৰুষ কীৰ্ত্তি তিনো হৈবে নাশ॥ ৯৫
দম্ভ দৰ্প কৰি আইলা বীৰগণ মাজে।
ৰণ এৰি নুযুজি যাইবাহা কোন লাজে॥
সুৰাসুৰে প্ৰসংশয় তোমাৰ বলক।
সবে যশ গুচি গৈল মাৰ্গৰ তলক॥ ৯৬
শত্ৰুই কদথি নিন্দি দিৱি হৃদি শাল।
নুযুজি এৰিলে শৰে মৰণেসে ভাল॥
তভো লাভ দুয়ো মতে জানিবা নিশ্চয়।
হেন জানি যুদ্ধে উঠিয়োক ধনঞ্জয়॥ ৯৭
ৰণজয়ে অকণ্টকা পৃথিবী ভুঞ্জিবা।
যদি ভঙ্গ হোৱা পৰি স্বৰ্গলোক পাইবা॥