পৃষ্ঠা:শ্ৰীমদ্ভগৱত্‌‌‌‌গীতা বা কৃষ্ণগীতা.djvu/৩১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০৪
শ্ৰীমদ্ভগৱদ্‌গীতা

মোহোৰ কথাত কৰিবা ৰতি।
এতেকে পাইবা পৰম গতি॥১৩৫৪
বৈকুণ্ঠে থাকি হৈবা পাৰিষদ।
সানন্দে পাইবা মোহোৰ পদ॥
আনন্দে ফুৰিবা মোৰ লগত।
পৰম গতিক পাইবা সমস্ত॥১৩৫৫
হৈবা চতুৰ্ভুজ আনন্দময়।
গুচিব কাল সংসাৰৰ ভয়॥
যিখানি গীতাৰ সমস্ত অৰ্থ।
শুনা সখি হেৰা কহিলো তথ্য॥১৩৫৬
অতি গুহ্যতৰ কতো প্ৰত্যেক।
সব এৰি হৈবা শৰণ এক॥
সমস্ত ধৰ্ম্ম সবে পৰিহৰা।
দৃঢ় মোত মাত্ৰ বিশ্বাস কৰা॥১৩৫৭
যাহাক শৰণ এক বোলয়।
তাৰ তত্ত্ব কহো শুনা নিৰ্ণয়॥
কেৱল কৃষ্ণত শৰণ লই।
ঈশ্বৰ ভজিয়া তৰিবো মই॥১৩৫৮
মোক ভজে মাত্ৰ এৰি সকলে।
শৰণ যে এক ইহাক বোল॥
মোত দৃঢ় কৰি মন সন্তোষে।
নপাৱে বিধি নিষেধৰ দোষে॥১৩৫৯