তাতো চাহি অষ্টাঙ্গ যে যোগ আতিশয়।
হেন জানি কৰ্ম্মযোগী হয়ো ধনঞ্জয়॥
অষ্টাঙ্গ কৰিবে লাগি যিমত নিয়ম।
ভক্তিবলে জানা সবে যোগ নোহে সম॥ ৪২৫
অহঙ্কাৰ গুৰু কৰি ফুৰে যিটোজন।
অৱশ্যে তাহাৰ জানা আছয় পতন॥
তৃণ সম সেহি ভক্তি কৰে মাটি ছাই।
ভকতি বিহীন জীৱে সংসাৰ নেৰাই॥ ৪২৬
শ্ৰদ্ধা কৰি যিজনে ভকতি কৰে মোত।
সব অৰ্পি হৃদয়ত হোৱে অনুগত॥
কিছু নোখোজয় মোৰ চৰণত পৰে।
অণিমাক আদি সিদ্ধি কটাক্ষে নকৰে॥ ৪২৭
মোৰ চৰণত মধুপানে হুয়া মত্ত।
আঠোটা ঐশ্বৰ্য্য * তাৰ ফুৰয় পাচত॥
মোক লৈয়ো মোক লৈয়ো ডাক পাৰি ফুৰে।
ইঙ্গিতো নকৰে মোৰ চৰণত পৰে॥ ৪২৮
মোৰ গুণ গাই ফুৰে লৱে মোৰ নাউ।
মো কোনে ডাকে বুলি সন্নিকটে যাওঁ॥
সব এৰি আপোনাক আপলেক মোত।
প্ৰেমপাশে বান্ধি মোক ফুৰাৱে পাচত॥৪২৯
________________________________________________________________________
* ঐশ্চৰ্য্য — ঈশ্বৰধৰ্ম্ম; বিভূতি। ই আঠবিধ, যেনে:— অণিক্য, লঘিমা, প্ৰাপ্তি, প্ৰাকাম্য মহিমা ইশিত্ব আৰু কামাৰসায়িতা।