পৃষ্ঠা:শ্ৰীমদ্ভগৱত্‌‌‌‌গীতা বা কৃষ্ণগীতা.djvu/১১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সপ্তম অধ্যায়

জ্ঞান-বিজ্ঞান যোগ

পদ

গোপীৰ খৰম পীৰা বহিলা মুৰাৰি।
তাৰ চৰণত বন্দো প্ৰদক্ষিণ কৰি॥
ষষ্ঠ অধ্যায়ৰ অন্তে কহিলন্ত হৰি।
কেৱলে ভজয় মোক এক নিষ্ঠা কৰি॥ ৪৩৬
শ্ৰদ্ধায়ে ভজয় মন হুয়া উপৰাম।
সেহিটো পৰম ভক্ত আতি অনুপাম॥
সগুণ নিৰ্গুণ জ্ঞান কহিলো বিস্তৰ।
সপ্তমত ভকতি কহিবো ঈশ্বৰৰ॥ ৪৩৭
মোহোত আশ্ৰয় মোতে নিবেশিয়া মন।
ভজন অভ্যাস হৈব অনন্য শৰণ॥
অসংশয়ে সমগ্ৰ জানিবা মোকো পুন।
সপ্তমে কহিবো তাক জানিবা অৰ্জ্জুন॥ ৪৩৮
যাহাক জানিলে জানিবাক নথাকয়।
যিমতে ঈশ্বৰ মই শুনা ধনঞ্জয়॥
জ্ঞান পক্ষে মনে ব্ৰক্ষ চিন্তয় মাতৰ।
ভক্তি পক্ষে ভৃত্য হুয়া সেৱয় ঈশ্বৰ॥ ৪৩৯