পৃষ্ঠা:শ্ৰীমদ্ভগৱত্‌‌‌‌গীতা বা কৃষ্ণগীতা.djvu/৩০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯০
শ্ৰীমদ্ভগৱদ্‌গীতা

তমোগুণী সুখ গোট জানিবাহা ভালে।
নিদ্ৰালস্য প্ৰসাদে নেৰয় একোকালে॥
নাহি সাৱধান দুখকেসে সুখ বোলে।
তমো গুণী আত্মা মোহ পাৱয় কেৱলে॥ ১৩১২
সুৱৰ্ণক অন্ধজনে নিচিনয় যেন।
ঈশ্বৰো নেদেখে তমোগুণী সেহি ঠান॥
তমোগুণে থাকে হৰি নোহন্ত বেকত।
সন্তৰ সঙ্গত হৰি হোৱ স্বৰূপত॥১৩১৩
কহয় গোবিন্দ মিশ্ৰে শুনা সৰ্ব্বজন।
সত্বৰে লৈয়োক নৰ কৃষ্ণত শৰণ॥
শীঘ্ৰে এৰিয়োক গৃহে আন যত কাম।
পাতক ছাড়েকি ডাকি বেলা ৰাম ৰাম ॥১৩১৪

দুলড়ী

অৰ্জ্জুন বদতি  শুনা যদুপতি
 বন্দেহো তৱ চৰণ।
সৰ্গ মৰ্ত্ত্য যত  আছে পাতালত
 নাগ নৰ দেৱগণ॥
তোমাৰ বাক্যক  শুনি ভয় ভৈলো
 কহিলা যেন কাৰণ।