সমললৈ যাওক

পৃষ্ঠা:শ্ৰীমদ্ভগৱত্‌‌‌‌গীতা বা কৃষ্ণগীতা.djvu/৩০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯০
শ্ৰীমদ্ভগৱদ্‌গীতা

নাহি নম্ৰভাৱ যে বিবেক শূন্য তাৰ।
আপোনাৰ সামৰ্থ্যক নকৰে বিচাৰ॥১২৯৫
দিনেকৰ কাৰ্য্য সিটো ছয় মাসে কৰে।
অল্প বস্তু নষ্টত বিষাদ কৰি মৰে॥
শুনা পাৰ্থ চিত্ত বুদ্ধি মন কাক বোলে।
তিনিৰো নিৰ্ণয় ভেদ কহিবো সকলে॥১২৯৬
জৰীগাছ পৰি আছে সৰ্পৰ আকাৰ।
আচম্বিতে দেখি সৰ্প জ্ঞান ভৈল তাৰ॥
সৰ্প জৰী নিশ্চয় নাপাৰে কৰিবাক।
সঙ্কল্প বিকল্প কৰ্ম্ম মন বোলে তাক॥১২৯৭
পাচত জানিল জৰীগাছ সৰ্প নোহে।
সেহিগোট বুদ্ধি বুলি সৰ্ব্বলোকে কহে॥
মত বুদ্ধি বৃত্তি এৰি দুয়ো ভৈলা স্থিত।
যিখানি একাগ্ৰে বহে তাৰ নাম চিত্ত॥১২৯৮
ধৰ্ম্মাধৰ্ম্ম জানে কিন্তু তত্ত্ব নজানয়।
হুই নুই নুগুচয় মনৰ সংশয়॥
বলে যজ্ঞ কৰে বৃক্ষ পুৰিয়া সাক্ষাত।
নৰ্ক বিনে স্বৰ্গ নোহে গৰু পুৰিবাত॥১২৯৯
শাস্ত্ৰ মানি যজ্ঞ কৰি মঞ্চ ঘ্ৰাণ কৰে।
তাত পৰে কোন পাপী আছয় সংসাৰে॥
ধৰ্ম্মতে অধৰ্ম্ম বুদ্ধি নুগুচে সংশয়।
এহি বুদ্ধি ৰজোগুণী জানা ধনঞ্জয়॥১৩০০