পৃষ্ঠা:শ্ৰীমদ্ভগৱত্‌‌‌‌গীতা বা কৃষ্ণগীতা.djvu/১৪৬

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৬
শ্ৰীমদ্ভগৱদ্‌গীতা

কৃষ্ণকথা এৰি যদি গ্ৰাম্যকথা মিলে।
শুনি কৰ্ণ জঙ্কাৰে অমৃত যেন দিলে॥
গুণি চোৱা কৃষ্ণ বিনে কিবা আছে ধন।
জয় কৃষ্ণ বুলি ডাকা সভাসদগণ॥ ৫৮৪
হেন জানি যতনে এৰিয়ো আন কাম।
সমজ্যায়ে সঘনে ঘোষিয়ে ৰাম ৰাম॥
শুনি আছা ৰাম বিনে কৈত আছে ত্ৰাণ।
ৰামেসে হইছে মুল কহে শাস্ত্ৰগণ *॥৫৮৫
যত বেদ পুৰণাদি আনো শাস্ত্ৰগণ।
তথাপি সকলে কহে নামেসে প্ৰধান।
যিটোজনে গুৰু মানি নাম কৰে পান।
আপুনি ব্যাধি শৰীৰৰ হোৱয় নিৰ্যাণ॥৫৮৬
আপুনি লোৱয় নাম গুৰুক মানিয়া।
যমৰাজা ভয়ে থাকে মহত্ত্ব শুনিয়া॥
যিটোজনে দণ্ড দেই পাপী বুলি ধৰি।
গুৰু মানি যায় সিটো যমক বাহুৰি॥৫৮৭
ঋক্ যজু সাম অথৰ্ব্ব বেদ চাৰি।
তাহাৰ উপৰে জানা নামে অধিকাৰী॥
কি কহিবো সখি মই নামৰ মাহাত্মা।
মই বশীভূত হওঁ ভক্তৰ সঙ্গত॥৫৮৮


 *৫৮৫ পদৰপৰা ৬০৪ পদলৈ পুৰণা পুথিত পোৱা নহল। পদবোৰৰ ভাষাত আগৰ ভাষাৰ লগত নিমিলে।