এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ছ )
আমাৰ মনে হালধিবাৰীৰ গোস্বামীয়ে দিয়া বংশলতাই বেচি বিশ্বাসযোগ্য। কবিয়ে এই গীতা লিখোঁতে নানা টীকা-ভাষ্য পঢ়ি সেইবোৰৰ সমন্বয় কৰি নিজ ভাষাত প্ৰকাশ কৰিলে; যেনে-
শঙ্কৰী ভাষ্যৰ মতক আলোচি
টীকা চাই হনুমন্ত।
আনন্দগিৰিৰ টীকা যে স্বামীৰ
দুইৰো জিজ্ঞাসিয়া মত॥ ৩২
এইদৰে টীকা-ভাষ্যবোৰৰ সাৰ সংগ্ৰহ কৰি জনসাধাৰণে বুজিব পৰাকৈ লিখোঁতে ঠায়ে ঠায়ে বৰ্ণনা বহুল হব পাৰে বুলি কবিয়ে সন্দেহ কৰি লিখিছে:—
শ্লোক অৰ্থ চাই পদ বঢ়া পাই
দোষ নধৰিবা মোক।
দূষণ সিদ্ধান্তে শঙ্কা পদ কৈলো
সুগমে বুজোক লোক॥ ৩৫
দ্বাদশ অধ্যায়ত ভক্তৰ লক্ষণ এনে সহজ ভাৱে লিখিছে:—
প্ৰিয় ভৈলে তাহাতো নোহয় আনন্দিত।
অপ্ৰিয়ত দ্বেষ্য নকৰয় কদাচিত॥
শোক নকৰয় ধন পুত্ৰ ভৈলে নাশ।
নাপাইবাৰ বস্তুত নকৰে অভিলাষ॥
শুভাশুভ পাপ পুণ্য দুইকো ত্যাগ কৰে।
ঈশ্বৰ চৰণ মাত্ৰ কেৱলে সুমৰে॥