পৃষ্ঠা:শ্ৰীমদ্ভগৱত্‌‌‌‌গীতা বা কৃষ্ণগীতা.djvu/৩১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০৯
শ্ৰীমদ্ভগৱদ্‌গীতা

পৰম আনন্দে পাঠ শুনি থাকো তাকে।
যেন মুখে অমৃত কলস নিয়া বাকে॥
কিছু পঢ়ি আৰ নপঢ়য় যিটো জন।
তবু এৰি যাইবাক মোৰ নাই মন॥১৩৮০
সেহি হেতু কৃতকৃত্য লাগে মনে তাৰ।
মই নযাওঁ বোলে গীতা পঢ়ে আৰোবাৰ॥
ঈশ্বৰত পৰে যেন দেৱ নাহি আৰ।
যত শাস্ত্ৰ আছে তুল্য নাহিকে গীতাৰ॥১৩৮১
মোৰ নাম গীতা আৰ জানা মহাভাগ।
নিষেধ বিধিয়ে দুইকো নপাৱয় লাগ॥
সংসাৰত তাক লাগি নাহিকে উপমা।
নপাৰো কহিতে মই তাহাৰ মহিমা॥১৩৮১
বিস্তৰ তৰিল অজামিল আদি কৰি।
আন কিছু নকৰিলা নাম মাত্ৰ স্মৰি॥
এবে কহো শুনিবাৰ ফল যেন হয়।
আনে পঢ়ে শ্ৰদ্ধা কৰি অন্যে যে শুনয়॥১৩৮৩
তাৰ যত পাতক সকল ভস্ম যায়।
যেন কাষ্ঠ পুৰি অগ্নি আপুনি নুমায়॥
অশ্বমেধ যজ্ঞ কৰি পাৱে সত্যলোক।
সিয়ো তাত বঞ্চি অনুক্ৰমে পাৱে মোক॥১৩৮৪
তাৰ এক শত যে পুৰুষ বাপ ভাই।
পাপক এৰাহুয়া স্বৰ্গপথে চলি যায়॥