পৃষ্ঠা:শ্ৰীমদ্ভগৱত্‌‌‌‌গীতা বা কৃষ্ণগীতা.djvu/২৩৭

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২৭
শ্ৰীমদ্ভগৱদ্‌গীতা

যিমতে অজ্ঞানে থাকি সংসাৰ তৰয়॥
তাহাৰ প্ৰপঞ্চ কহিলোহো সমুদায়॥৯৯৯
আৰো আনন্দত যেনমতে পাৱৈ মোক।
দুয়োটা প্ৰকাৰ কহো তাক শুনিয়োক॥
সংসাৰত যত আছে স্থাৱৰ জঙ্গম।
ঈশ্বৰ বুদ্ধিয়ে সবাহাতো হৈবে সম॥১০০০
যিটো দেখে আত্মৰূপে সবাহাতো স্থিত।
জানি ভূত দ্ৰোহ নকৰিবা কদাচিত॥
পৰে দুখ পাইলে দুখ মানে আপোনাক।
সেহিজন মুক্ত হোৱে জানিবা সাক্ষাত॥১০•১
আৰ সংসাৰত প্ৰাণী যতেক আছয়।
প্ৰলয় কালত প্ৰকৃতিত হোৱে লয়॥
সৃষ্টিকালে প্ৰকৃতিত হোৱয় বিস্তৰ।
এহিখানি জানি ব্ৰহ্মভাৱ লভে নৰ॥১০০২
যদি বোলা ধৰ্ম্ম কৰে গুণ অনুক্ৰন।
বিষয়ত থাকি কিমতে হৈবে সম॥
প্ৰকৃতিৰ কাৰ্য জানিবাহা তিনি গুণ।
বিষয়ক প্ৰৱৰ্ত্তয় ইন্দ্ৰি লৈয়া পুন॥১০০৩
আত্মাক অকৰ্ত্তা বুলি জানে যিটো নৰ।
সেহিসে সবাত সম হোৱে মোক্ষপৰ॥
প্ৰকৃতিত আদি কৰি কাৰণ যতেক।
ব্ৰহ্মভাৱ কৰিয়া সবাতে দেখে এক॥১০০৪