পৃষ্ঠা:শ্ৰীমদ্ভগৱত্‌‌‌‌গীতা বা কৃষ্ণগীতা.djvu/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

শ্ৰীকৃষ্ণায় নমঃ

শ্ৰীমদ্ভগৱদ্‌গীতা

মঙ্গলাচৰণ

দুলড়ী

প্ৰথমে গুৰুক  নমস্কাৰ কৰো
  শিৰ দিয়া চৰণত।
যাৰ উপদেশে  জ্ঞানক প্ৰকাশে
  গুচিল অবিদ্যা যত॥
শুদ্ধ সত্ত্ব মতি  কৃষ্ণত ভকতি
  পাদপদ্মে নিষ্ঠা যাৰ।
ছদ্মবেশ ধৰি  মহাভাগৱত
  লোকক কৰা নিস্তাৰ॥ ১
কৃষ্ণ পাদপদ্ম  মকৰন্দ পানে
  ভক্তি-ভাৱে হৈয়া মত্ত।
বাসুদেৱ বুদ্ধি  সবাকে দেখয়
  জ্ঞানৰ বুলিয়া তত্ত্ব॥