পৃষ্ঠা:শ্ৰীমদ্ভগৱত্‌‌‌‌গীতা বা কৃষ্ণগীতা.djvu/২৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮৯
শ্ৰীমদ্ভগৱদ্‌গীতা

ইহাৰ তামস কৰ্ম্ম জানা ধনঞ্জয়।
কৰ্ত্তাৰ ত্ৰিবিধ কহো শুনিয়ো নিৰ্ণয়॥
গৰ্ব্ব অহঙ্কাৰ যত কৰিব বৰ্জ্জিত।
ধৈৰ্য্য অৱলম্বী হৈ উৎসাহ হৃদিত॥১২৯০
কৰ্ম্মফল সিদ্ধি হৈলে নকৰে আহ্লাদ।
যদিবা নোহয় সিদ্ধ নকৰে বিষাদ॥
সাত্ত্বিক কৰ্ত্তাৰ জানা কহিলো প্ৰমাণ।
এবে কহো ৰাক্ষস কৰ্ত্তাৰ যেন ঠান॥১২৯১
ৰজোগুণে কৰ্ত্তা যিটো ইষ্টদেৱ পূজে।
অল্প কৰ্ম্ম কৰি বহু বিভূতিক খোজে॥
পুত্ৰৰ ভাৰ্য্যাৰ ৰাত্ৰিদিনে চিন্তৈ হিত।
অপ্ৰাপ্য বস্তুক অভিলাষ কৰে নিত॥১২৯২
বাত পিত্তে পাকি পূত্ৰাদিৰো উঠে জ্বৰ।
তাৰ অৰ্থে পশু পক্ষী কাটয় বিস্তৰ॥
পূৰ্ব্বে কৰ্ম্মে দুখ ভুঞ্জি আপুনি এবায়।
বোলে যদি বলি নেদো পুত্ৰ মৰি যায়॥ ১২৯৩
যদি বলি দিলে মৰে নিজ আয়ুক্ষয়ে।
তাতো বোলে কিবা ছিদ্ৰে মাৰিলেক দেৱে॥
লাভত আনন্দ অলাভত অপমান।
ৰজোগুণে কৰ্ত্তাৰ জানিবা এই ঠান॥১২৯৪
যিগোট তামসী কৰ্ত্তা নাহি সাৱধান।
বচনে লোকক পীড়ি দেয় অপমান॥