পৃষ্ঠা:শ্ৰীমদ্ভগৱত্‌‌‌‌গীতা বা কৃষ্ণগীতা.djvu/৩১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০১
শ্ৰীমদ্ভগৱদ্‌গীতা

সেহিমত অঘট ঘটাবে মায়া তাৰ।
যাৰ আগে খানিকো নৰহে অহঙ্কাৰ॥
অহঙ্কাৰ এৰি আৱে তাহান চৰণে।
সৰ্ব্বদায়ে দৃঢ় বুদ্ধি লৈয়োক শৰণে॥১৩৪১
ভজিলে ভক্তৰ বশ্য হোন্ত তাত কাল।
যাৰ পৰে সংসাৰত নাহিকে কপাল॥
সেহি ঈশ্বৰক ভক্তি প্ৰসাদক পাই।
পৰম আনন্দ লভি সংসাৰ এৰায়॥১৩৪২
সমস্ত উপৰি সাৰ আদ্যন্ত গীতাৰ।
তোমাৰ আগত কহিলোহো তত্ত্ব সাৰ॥
তুমি মোৰ প্ৰিয়তম সবাহাতে চাই৷
মোত পৰে কাৰুণিক ত্ৰিভুৱনে নাই॥১৩৪৩
বেদশাস্ত্ৰ তন্ত্ৰ মন্ত্ৰ জ্ঞান অষ্টাঙ্গৰ।
ততোধিক গুহ্য কহিলোহো গুহ্যতৰ॥
সৰ্ব্বশাস্ত্ৰ মথি গীতা কহিলোহো মুখে।
তুমিয়ো শুনিলা তাক পৰম উৎসুকে॥ ১৩৪৪
সুহৃদ বুলিয়া যদি মোৰ বাক্য ধৰা।
এহি বিমৰিষি যেহি লাগে তাকে কৰা॥
বাক্য শুনি পাৰ্থে কিছু নেদিলা উত্তৰ।
অৰ্জ্জুনৰ মনক লক্ষিলা দামোদৰ॥১৩৪৫
পুনু কৃপা কৰি বোলে ভকতবৎসল।
গীতাৰ মাহাত্ম্য যত কহিবো সকল॥