পৃষ্ঠা:শ্ৰীমদ্ভগৱত্‌‌‌‌গীতা বা কৃষ্ণগীতা.djvu/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩
শ্ৰীমদ্ভগৱদ্‌গীতা

শঙ্কৰে যে সদাচাৰ নষ্ট কৰৈ জ্ঞান।
পিতৃলোকে নপাইবেক জল-পিণ্ড দান॥
জাতি কুল বৰ্ণাশ্ৰম ধৰ্ম্ম হৈবে হত।
স্বৰ্গহন্তে পিতৃলোক পৰিবে অধত॥ ৩৭
যেন অৰণ্যত কুৰু বৃক্ষ আছে তাত।
দুয়ো বৃক্ষ ঘৰষণে অগ্নি হোৱে জাত॥
অগ্নি উঠি বনক দহিলা নিৰন্তৰ।
মই যেন অগ্নি ভৈলো কুৰু-পাণ্ডৱৰ॥ ৩৮
এবে স্বৰূপত মোৰ হেন লৱে মন।
মই যুদ্ধ নকৰিলে এৰিবেক ৰণ॥
অস্ত্ৰ-শস্ত্ৰ এৰিলাত যদি মোক মাৰে।
তথাপিতো সৰে ৰাজ্য বধিতে নাপাৰে॥ ৩৯
এহি বুলি অৰ্জ্জুনে এৰিলা ধনুশৰ।
বসিয়া ৰহিলা বীৰ ৰথৰ উপৰ॥
সঞ্জয় বদতি শুনা নৃপতি প্ৰধান।
প্ৰথম অধ্যায়ৰ কথা ভৈলা এহিমান॥ ৪০
কহয় গোবিন্দ মিশ্ৰ কলিৰ মহত।
প্ৰথমৰ আয়ুক্ষয় বাল্য যে কালত॥
কুমাৰৰ আয়ুক্ষয় ক্ৰীড়া বিদ্যাগুণে।
যুৰাৰ আয়ুক্ষয় ধন-ভাৰ্য্যাৰ চিন্তনে॥ ৪১
বুঢ়া ভৈলে শৰীৰৰ বল জুৰে যায়।
যেন শ্বানে অন্ন খায় নিদিলে নখায়॥