পৃষ্ঠা:শ্ৰীমদ্ভগৱত্‌‌‌‌গীতা বা কৃষ্ণগীতা.djvu/২০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯৮
শ্ৰীমদ্ভৱদ্‌গীতা

সবে মিলি যাই  হোৱে এক ঠাই
দেহ বুলি লোকে খ্যাত।
যদি তুমি অজ  অংশ ভাগে যাই
জীৱৰূপে হোৱে জাত॥৮৬১
ব্ৰহ্মা মহেশ্বৰ বায়ু পুৰন্দৰ
সোম সূৰ্য্য ভগৱান।
কুবেৰ বৰুণ  যম হুতাশন
তুমি বিনে নাহি আন॥
বিভু পূৰ্ণকাম  সদা আত্মাৰাম
বিকাৰ নাহিকে যাৰ।
সাধুক উদ্ধাৰা  দুষ্টক সংহাৰা
সিকাৰণে অৱতাৰ॥৮৬২
জন্ম কৰ্ম্ম যত  কোনে পাৱে অন্ত
সদা মুনিগণ গাৱে।
শ্ৰৱণ কীৰ্ত্তন   কৰে যিটোজন
অনায়াসে সিয়ো পাৱে।
এবে নাৰায়ণ সদা মোৰ মন
চৰণ নেৰো তোমাৰ।
শত সহস্ৰেক  অযুত নিষুত
কোটি কোটি নমস্কাৰ ॥৮৬৩
অগ্ৰত পৃষ্ঠত  হয়ে পাশে বন্দো
অধে উৰ্দ্ধে নমস্কাৰ।