হওঁতেই তেওঁ কবলৈ ধৰিলে—“বাপা, আমাৰ হৃদয়খনেই কুৰুক্ষেত্ৰ; কাম, ক্ৰোধ, লোভ, মোহ, হিংসা, মিছা, ব্যভিচাৰ অহঙ্কাৰ আদি গৌৰৱ আৰু সত্য, শৌচ, দয়া ক্ষমা, সৰলতা আদি পাণ্ডৱ৷ আমাৰ হৃদয়ত এই দুই শ্ৰেণী ভাৱৰ ভিতৰত অনবৰত ৰণ হৈয়ে আছে। আমাৰ জীৱনটোৱে অৰ্জ্জুন—ৰখৰ ৰথীৰ দৰে আমাৰ দেহ-ৰথৰ অধিপতি তেওঁ। ইন্দ্ৰিয়বোৰে তেওঁক চলায়। কুৰুক্ষেত্ৰ সমৰত অৰ্জ্জুনে শ্ৰীকৃষ্ণক সাৰথি লোৱাৰ দৰে জীৱে শুদ্ধ বুদ্ধিক আশ্ৰয় কৰিলে সংযত হব পাৰে আৰু জীৱে সংসাৰত জয়ী হব পাৰে। বাপা, আমি এই ভাবেহে গীতা পঢ়ো; ইয়াৰ অৰ্থ অতি গহন—অমি বহুত কথা বুজিব নোৱাৰো৷ তোমালোকৰ পূৰ্ব্বপুৰুষ গীতাৰ সেৱক; তুমি অৰ্থ বিচাৰিলে পাবা—দুৰৈত যাব নালাগে।” গীতাৰ আধ্যাত্মিক অৰ্থ এষাৰ হলেও পোনতে উক্ত ভকতৰ পৰাই ইয়াক শুনাৰ আমাৰ সৌভাগ্য ঘটিছিল।
আমাৰ দেশৰ বাঁহিৰাম ভকতৰ দৰে ভকতসকলে গীতাৰ অৰ্থ যিদৰে গ্ৰহণ কৰিছিল আৰু বৰ্ত্তমানেও কিছুমানে গ্ৰহণ কৰে—এনে অৰ্থকেই ভাৰতৰ বহুত উদাৰ নৈতিক পণ্ডিতে লয়। তেওঁলোকে কয় –“মোহ নষ্ট হোৱা অৰ্জ্জুনে পুনৰ কিৰূপে ৰণ চলাব? হিংসা বা প্ৰতিহিংসাৰ আশ্ৰয় লৈ আক্ৰমণ বা বধ কৰিব কিৰূপে? গীতাৰ শিক্ষা লৈ মানুহ দেৱভাৱাপন্ন নহৈ আসুৰী ভাৱ কিৰূপে লয়? মহাভাৰত এখন ধৰ্ম্মপুথি, গীতা তাৰ এটা বিশেষ অঙ্গ, গতিকে গীতাক ইতিহাস হিচাবে বিচাৰ কৰা যুক্তি বিৰুদ্ধ।
গীতা এখন উপনিষৎ-ইয়াত ব্ৰহ্মবিদ্যা বিষয়ৰ কৰ্ম্মৰোগ আলোচনা কৰিছে। ইয়াত পোনে পোনে ব্ৰহ্মৰ বিষয় প্ৰশ্ন নকৰি এখন ৰণৰ উপমাৰ আশ্ৰয় লৈ আৰম্ভ কৰিছে। শ্ৰীকৃষ্ণ-অৰ্জ্জুন সকলোৰে পৰিচিত আৰু কুৰুক্ষেত্ৰৰ সৰো সকলোৰে সুবিদিত; সে কাৰণে