পৃষ্ঠা:শ্ৰীমদ্ভগৱত্‌‌‌‌গীতা বা কৃষ্ণগীতা.djvu/২৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮৮
শ্ৰীমদ্ভগৱদ্‌গীতা

কৰ্ম্ম ত্ৰিবিধক কহো শুনা গুড়াকেশ।
কৰ্ম্ম কৰি সৰ্ব্বদা এৰিবে ৰাগ দ্বেষ॥১২৮৪
অপ্ৰাপ্য বস্তুক যিটো অভিলাষ কৰে।
পাইলে যত্নে ৰাখে যিটো ৰাগ নাম তাৰে॥
যেবে বস্তু নপাইলে তাতে কৰে ক্লেশ।
নিশ্চয়ে জানিবা সখি তাৰ নাম দ্বেষ॥১২৮৫
নিত্য নৈমিত্তিক কৰ্ম্ম কৰয় শ্ৰদ্ধায়।
মই কৰ্ম্ম কৰো বুলি অভিমান নাই॥
নিষ্কামে কৰয় কৰ্ম্ম ফল কৰি ত্যাগ।
সেহি কৰ্ম্ম সাত্ত্বিক জানিবা মহাভাগ॥১২৮৬
অহঙ্কাৰ ভাবে ৰজোগুণে কৰ্ম্ম কৰে।
নৈষ্ঠিক কুলীন জ্ঞাতা এহি গৰ্ব্বে মৰে॥
মইসে জানোহো কৰ্ম্মবিধি আনুষ্ঠান।
চতুৰ পণ্ডিত নাহি মোহোৰ সমান ॥১২৮৭
কৰ্ম্ম আৰম্ভতে যে সঙ্কল্প কৰে ঘোৰ।
ধন জন বিভৱ ঐশ্বৰ্য্য হোক মোৰ॥
কত অভিচাৰ কৰে শত্ৰুক্ষয় অৰ্থে।
বহু দুখ পায় ধনব্যয় কৰে ব্যৰ্থে॥ ১২৮৮
শোকত মোহোত থাকি কৰ্ম্ম আৰম্ভয়।
উত্তম পুৰুষ তাৰ আলস্য নোহয়॥
শুভাশুভ কিবা ফল হোৱয় কৰ্ম্মৰ।
তাক নচাৱয় পশু কাটয় মাতৰ ॥১২৮৯