পৃষ্ঠা:শ্ৰীমদ্ভগৱত্‌‌‌‌গীতা বা কৃষ্ণগীতা.djvu/২১৮

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০৮
শ্ৰীমদ্ভগৱদ্‌গীতা


ব্ৰহ্মাৰূপাক্ষৰ উপাসিবে যিটো লোক।
অভেদ ভাৱনা কৰি চিন্তি পাৱে মোক॥
জ্ঞানৰ ভক্তিৰ ফল নিষ্ফলে নাযায়।
নিষ্ঠে জানিবাহা দুয়ো পথে গতি পায় ॥৯০১
সুৰাসুৰ কীট পক্ষী সবাহাতে সম।
পৰম দুঃসাধ্য মন ইন্দ্ৰিয় নিয়ম॥
অচিন্ত্য অব্যক্ত ব্ৰহ্ম মন অগোচৰ।
অব্যক্ত চিন্তন জ্ঞান পথ দুখতৰ॥৯০২
অদৃশ্য চিন্তন জ্ঞান অতীব সঙ্কট।
দেহাভিমানীৰ জ্ঞান পৰম দুৰ্ঘট॥
পুৰুষৰ দেহ অভিমান নাহি যাৰ।
মোক ভক্তি কৰি সুখে তৰয় সংসাৰ ॥৯০৩
আনক নভজি হোৱে অনন্য শৰণ।
কায় বাক্য মনে ভজে মোহোৰ চৰণ॥
মোত অৰ্পি কৰ্ম্ম কৰে নজানয় আন।
ঘোৰৰূপ সংসাৰত মই কৰো ত্ৰাণ ॥৯০৪
আকে জানি ধনঞ্জয় নকৰিবা ভয়।
কোন ধৰ্ম্মাধৰ্ম্ম বহু লোকে নজানয়॥
ধৰ্ম্ম অধৰ্ম্মক জানে লৈয়া মোক ৰীতি।
অসঙ্গে নজানে তভো প্ৰবৃত্তি নিবৃত্তি ॥৯০৫
প্ৰবৃত্তি নিবৃত্তি যদি জানে কতো লোক।
কোটি কোটি সামান্য দেৱতা বোলে মোক॥