অসমিয়া লৰাৰ মিত্ৰ

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
[  ]
অসমিয়া লৰাৰ মিত্ৰ-২ (page 1 crop).jpg

THE
FRIEND OF YOUNG ASSAM.
No 2




ASSAMESE INSTRUCTOR
BEING A SELECTION OF ARTICLES,
COMPILED AND TRANSLATED FROM THE ENGLISH
BY
A NATIVE OF ASSAM.


PART. II.


alcutta.


PRINTED BY RAJKISSEN BANERJEA,

AT THE SUMACHAR CHUNDRIKA PRESS,
NO. 10, BACHO CHATTERJEA'S STREET.

1849
Price 1. R. 4.As.

[  ]
অসমিয়া লৰাৰ মিত্ৰ-২ (page 2 crop).jpg

অসমিয়া লৰাৰ মিত্ৰ।
২ দ্বিতীয় কাণ্ড।

বালকোপদেশক।
অৰ্থাৎ

অসম দেশৰ লৰা বিলাকৰ উপকাৰলৈ নীতি, ধৰ্ম্ম আরু
নানা বিদ্যা বিষয়ক উপদেশ।



অসম দেশৰ লোক এজনাৰ দ্বাৰা
ইংৰাজী ভাষাৰ নানা পুস্তকৰ পৰা সংগ্ৰহ হৈ
অসমিয়া ভাষায় ভাবান্তৰ হল।



দ্বিতীয় ভাগ।
সহর কলিকাতা নগরর সমাচার চন্দ্ৰিকা যন্ত্ৰত মুদ্ৰিত হল।
শঁক ১৭৭১। খ্ৰীষ্টিয় শঁক ১৮৪৯।
পু বি মূল্য ১৷৹ পাঁচসিকি মাত্ৰ।

[  ] নিৰ্ঘন্ট। • .... .... .... ৫ .... b ১১ ১৩ .... .... ১৪ পত্ৰ পাঠকৰ প্ৰতি নিবেদন নানা বচন দানশীল তিৰোতাৰ আখ্যান দানশীল য়িহুদীৰ আখ্যান ভাল লৰাৰ কথা ভাল হবৰ উপয় পণ্ডিত আৰু বলী মানুহৰ কথা পণ্ডিত আৰু ৰজাৰ কোঁৱৰৰ কথা এক লৰা আৰু এক কুলি চৰাইৰ কথা উইৰ কথা ভাল হোৱা লৰাৰ কথা ও ভাল মানুহৰ সঙ্গ কৰাৰ গুণ ২১ দোৰাত্মকাৰী ৰজা আৰু যম দূতৰ কথা ২২ এক খেতিয়ক আৰু তাৰ পুতেক হঁতৰ কথা ২৪ ঈশ্বৰৰ প্ৰতি আমাৰ কৰ্তব্য কৰ্ম্ম .... ১৮ ১৮ ১৯ .... ২ .... .... .... ২৫ ২৬ জ্ঞান শিক্ষা ছাত্ৰৰ প্ৰতি উপদেশ .... ঈশ্বৰলৈ ভয় .... ২৭ ২৮ ২৯ .... ।। .... ৩০ ৩৪ 'চতুৰতা আৰু শ্ৰমৰ পুৰস্কাৰ। ধাৰ্মিক পুত্ৰৰ কথা পুত্ৰৰ পিতৃ মাতৃৰ প্ৰতি স্নেহ সদানন্দ হোৱাৰ সঙ্কেত সন্তান সকলৰ পিতৃ মাতৃৰ প্ৰতি কৰ্ত্তব্য কৰ্ম্ম পিতৃ মাতৃক অৱজ্ঞা কৰাৰ প্ৰতিফল ভায়েক ভনিয়েকৰ কথা ... ৩৫ .... ০ ০ ০ ... ৩৭ .... .... .... .... ৩৮ [  ] নিৰ্ঘন্ট। ৪১ .... ৪২ .... ৪ ৩ .... ... 87 ৪৯ ... পত্ৰ পঁক্তি। ছাত্ৰৰ অধ্যাপকৰ প্ৰতি কৰ্তব্য কৰ্ম্ম দানৰ পুৰস্কাৰ মৰমিয়াল বিচাৰ কৰ্তাৰ কথা চিপিও সেনাপতিৰ সচ্চৰিত্ৰৰ কথা ধন সোন ঐশ্বৰ্য্য একোৱে দোষীমনক সুখী কৰিব নোৱাৰে ৪৫ মিচা কথা আমি মিচা কথা কব নাপাও ৰলকৈও নাই হিত পৰামৰ্শ আৰু চোৰ কৰাৰ কথা কনা চোৱালিৰ কথা ক্ৰোধ বিষয়ক দুখিয়া মানুহৰ ধৰ্ম্ম সোনতকৈ শ্ৰম ভাল সন্তানৰ পিতৃ মাতৃ ভক্তি হিতেচ্ছ। দয়া মনৰ ধৈৰ্য্যতা পৰিশ্ৰম আস্পৰ্ধা। কেতিয়াও নই। মানুহৰ কথা .... ৫৪ ৬৮ ৬৯ ••• ৭০ ৭২ ... ৮০ ..... পৰিশ্ৰম ঈশ্বৰৰ ঢকু সকলো ঠাইতে অচে ইশ্বৰক ভয় কৰা তোমোলাক সকলোৱে ভ্ৰাতৃ পৰম্পৰ প্ৰীতি বা .... .... •••• •••• ••• .... হ যু [  ] নিৰ্ঘন্ট। J পত্ৰ পক্তি। লৰাহঁত, সকলো কথাতে তোমোলাকৰ পিতৃ মাতৃক মান্য ... ... ... .... ... .... ৯৭ .... ৯১ ... * ১০০ .... ১২ ১০৪ ১০৫ ১০৭ ... ১১১ যি মিচা কথা কয় সি তাৰ প্ৰতিফল পাব তুমি চুৰ নকৰিব। আনৰ নিন্দা কথা নকব। তোমোলাকৰ যি বস্তু আচে তাতে সন্তুষ্ট হব। শিষ্ট হোৱা পাপৰ বেতন মৃত্যু গোছব চাইৰচৰ সিদ্ধান্ত টুটচৰ আখ্যান আলডে ৰজাৰ কথা ৰোম দেশে পাচাহ তীতৰ কথা আলচিবীদিচিৰ আখ্যান নিত্য কৰ্মৰ ফল ধৰ্ম্ম জগত্ৰ সৰ্বশ্ৰেষ্ঠ শাসন কৰ্ত্তা ইশ্বৰ তেঁওৰ সকলো সৃষ্টিতকৈ গৌৰৱান্বিত ঈশ্বৰ সকলোৰে পিতৃ জ্ঞানৰ পুত্ৰ অৰ্থাৎ মনুষ্য ৰাতি সকলো বস্তুৰ ওপৰত ঈশ্বৰৰ ভাৱধাৰণ নান সম্বাদ সিংহব বিবৰণ মকৰ মাচৰ বিবৰণ হাতিৰ বিবৰণ ১১২ ১১২ ১১৪ ১১৭ ১১৯ .... • • • • .... .... ... .... ১২২ ১২৪ ১২৭ •••• ১৩৫ ১৩৯ ১৪৩ .... .... .... ••• .... [  ] • নিৰ্ঘন্ট। .... ১৪৮ .... ১৫৭ .... .... .... ১৭৪ পত্ৰ পক্তি। ইংও দেশৰ মানুহৰ পূৰ্বৰ অসভ্যতাৰ কথা ••• ১৪৫ লণ্ডন নগৰৰ বিবৰণ সভ্য আৰু অসভ্য মানুহৰ, আৰু দ্বিপকু, ইত্যাদিৰ কথা ১৫১ সূক্ষম দৰ্শন যন্ত্ৰ, দূৰ দৰ্শন যন্ত্ৰ, ইত্যাদিৰ বিবৰণ অগ্নিৰযন্ত্ৰ, আৰু জীৱন ৰক্ষক, ডুব মাৰ ঘন্টা ইত্যাদি বিবৰণ কলিকাতা নগৰৰ বিবৰণ ঢাকা নগৰৰ কথা ১৭৩ মুৰ্শিদাবাদ নগৰৰ কথা কাশী নগৰৰ কথা মক্কা আৰু মদিনা নগৰৰ কথা ভাৰতবৰ্ষৰ সংক্ষেপ বুৰঞ্জি অসম দেশৰ বিবৰণ

৮৬

অসম দেশৰ সংক্ষেপ বুৰঞ্জি ইংৰাজ কৰ্তৃক অসম দেশৰ ৰাজ্য শাসনৰ কথা ২০১ ইংল্পও দেশৰ ৰাজ্য শাসনৰ কথা। খ্ৰীষ্টীয়াণ ধৰ্ম্মৰ কথা মুষলমান ধৰ্মৰ কথা নানা বচন ২১২ ২১৭ .... ১৭৮ .... । ... ... .... .... ১৯১ .... ২৮ ২১১ .... ... ॥ ... গ্ৰন্থ সমাপ্তি .... ... ....

[  ]

PREFACE.

————

 The exertions of the British Government to introduce the study of English into Assam, and through that medium to instruct the natives in the liberal arts and sciences, have not hitherto met with any degree of success. Our country- men unable to appreciate the advantages of an English education, instead of exhibiting a grateful feeling towards the Government for the intended good, betrayed so un- favorable a disposition towards the project as almost led to its abandonment. Nor does it yet seem likely that they will soon display any promptitude to educate their youth in English.

 During the prosperity of the Ahom kings, the children of the respectable classes of people were instructed in Sanscrit ; but since the conquest of Assam by the English, owing to the want of sufficient encouragement, Sanscrit education has been entirely neglected, so that, at present the Assamese Youths have very little chance of enjoying to any consi- derable extent the blessings of education.

 The plan pursued in the vernacular Schools established by Government is not sufficient of itself to give the students a useful practical education, for, the books used in them are in the Bengali language, and consequently they are not strictly vernacular.

 The necessity of educational improvemeat in this country being very urgent, some attempt to raise the Assamese from [  ] their deep ignorance and to interest them in useful subjects may be naturally expected from every well-wisher of his country.

 It is much easier to acquire knowledge through the medium of a vernacular language than through a foreign; and it is with a view in some measure of supplying this deficiency, that the compilation of the present series has been undertaken.

 This work, suited to the comprehension of the youngest classes of learners, has been compiled and translated from the English. It contains not only narrative and didactic pieces, but it affords information on various other subjects, chiefly on Geography, History &c. Brief sketches of the Christian and Mahomedan Religions have been likewise inserted.

 It is intended that the series shall be continued, and a few more books be prepared, should we still receive the same encouragement which we have already experienced from our countrymen, and particularly from European Gentle- men.

Gowahatty,
1st June, 1849.

[  ]
 

ভূমিকা।

 এতদ্দেশত্ পূৰ্ব্বে সংস্কৃত বিদ্যাৰ অনুশীলন থকাত সেই ভাষা অধ্যয়ন কৰি সকলো ভদ্ৰ সন্তানে বহু বিধ শাস্ত্ৰজ্ঞ হৈ বিদ্যাৰ পৰা উৎপত্তি হোৱা সকলো লাভ আৰু সুখ ভোগ কৰি মনুষ্যৰ কৰ্ত্তব্যাকৰ্ত্তব্য কৰ্ম্ম সকল জানিচিল। কিন্তু অধুনা এতদ্দেশ ইংগ্লণ্ডীয়াধীন হোৱাত প্ৰায় সকলো বিশিষ্ট লোকেই সংস্কৃত কি অন্য কোনো ভাষাধ্যয়ন দ্বাৰা, নীতি ধৰ্ম্ম আরু অন্যান্য শাস্ত্ৰাদিত নিপুণ হবৰ পুরুষাৰ্থ নকৰি পূৰ্ব্ব পুৰুষ সকলৰ দৃষ্টান্তৰ বিপৰীতাচৰণ কৰা হে দৃষ্ট হয়। প্ৰায় সকুলো ভদ্ৰ সন্তান পঞ্চ কি ষষ্ঠ বৎসৰ বয়স প্ৰাপ্ত হলে সিবিলাকৰ পিতৃ মাতৃ সকলে অকল অক্ষৰ পৰিচয় আৰু সুন্দৰকৈ লেখিব পৰা কৰিবৰ মনস্থে সামান্য উপদেশ দি এই বিদ্যা দ্বয়ত কিঞ্চিৎ সক্ষম হলেই শাস্ত্ৰাদি শিক্ষা কৰিব নিদি ভবিষ্যৎ কাললৈ জীবনোপায়ৰ চিন্তা কৰিব দিয়ে। এই ৰূপে এতিয়া সকলো ভদ্ৰ সন্তানে বিদ্যা ৰত্নৰ অসীম উপকাৰৰ পৰা বঞ্চিত হৈ অন্ধৰ নিচিনা ধৰ্ম আরু পৰকাললৈ জোৱাৰ বাট নে দেখি ইহ কাল পৰ কাল উভয়কে নষ্ট কৰাৰ আগন্তুক কৰিছে। যদিবা কোন২ লোকে সিবিলাকৰ সন্তান সকলক সংস্কৃতাধ্যয়ন কৰায় কিন্তু তাৰ পৰাও বিশেষ উপকাৰ দৃষ্ট হোৱা নাই; কিয়নো কেৱে শাস্ত্ৰ সকল নিপুণ হবলৈ বাট নাচায় আৰু কিঞ্চিৎ ব্যুৎ [ ১০ ]

পত্তি হলেই পণ্ডিত হৈচোঁ হেন বুলি অধিককৈ অধ্যয়ন কৰাৰ পৰা পৰাঙ্মুখ হয়।

 প্ৰাজ্ঞ মহাশয় সকলে বিবেচনা কৰি চাওক, আমাৰ দেশৰ মনুষ্য সকলে বিদ্যাৰ প্ৰতি ইমান তাচ্ছিল্যতা প্ৰকাশ কৰি আপোনাৰ অহিত নি চিন্তিচে নে? আরু উত্তৰ কাললৈ বাঢ়ি, অহা সন্তান সকলৰ উন্নতি গুচুৱাৰ হেতু নহৈচে নে? গমি চাওক, বাল্যাবস্থাত যাৰ মন বিদ্যাৰ দীপ্তিৰ দ্বাৰা উজ্বল নহয় সি ডাঙ্গৰ হলে জ্ঞানী আৰু ধাৰ্ম্মিক কেনেকৈ হব? বিদ্যোপা ৰ্জ্জন ন কৰিলে প্ৰাজ্ঞ কেনেকৈ হব? আরু প্ৰাজ্ঞ নহলে পৰ মেশ্বৰক কেনেকৈ জানিব, আৰু তেঁওৰ বাট বা কেনেকৈ চিনিব? এতেকে সকলো পৰোপকাৰী আরু দেশ হিতৈষী মনুষ্যৰ এতদ্দেশত বৃদ্ধি হৈ অহা এই মহদ্দোষ দৃঢ়কৈ শিকা নৌ ধৰোঁতেই সমূলোৎপাটন কৰিবৰ উপায় চিন্তা কৰা সৰ্ব্বতোভাবে কৰ্ত্তব্য। এই দেশৰ নিকটবৰ্ত্তি যে বঙ্গ দেশ তন্নিবাসি লোক সকলৰ মধ্যতে এই ৰূপে বিদ্যাৰ আলোচনা হ্ৰাস হৈচিল, কিন্তু এতিয়া আমাৰ পৰম হিতৈষী শাসন কৰ্ত্তা সকলে বিদ্যাৰ প্ৰতি অতি উৎসাহ প্ৰদান কৰি বঙ্গ ভূমিত নানা বিদ্যালয় স্থাপন কৰি দেশীয় আৰু ইংগ্লণ্ডীয় ভাষাৰ দ্বাৰা বিদ্যা বিতৰণ কৰাত ভালেমান লোক সুশিক্ষিত আৰু পণ্ডিত হৈছে; আরু আমি ভৰষা কৰোঁ যে বঙ্গ দেশত কিচু কালৰ মধ্যত প্ৰায় সকলো ভদ্ৰ সন্তানেই পণ্ডিত হব। এই দেশতো প্ৰথমে স্থানে২ দেশীয় আরু ইংগ্ল [ ১১ ]

ণ্ডীয় ভাষা শিক্ষাৰ্থে বিদ্যালয় স্থাপন হৈচিল আরু উত্তৰ কাললৈ তাৰ সংখ্যা বৃদ্ধিও হল হঁতন, কিন্তু আমাৰ দেশৰ লোক সকলে বিদ্যাৰ প্ৰতি অতিশয় অনাদৰ প্ৰকাশ কৰাত সেই বিদ্যালয় বোৰ হ্ৰাস হৈ গৈচে, অৱশেষত, এতিয়া পূৰ্ব্বে যে সংস্কৃত ভাষা আচিল তাৰ ব্যৱহাৰো গুচিল আরু ইংগ্লণ্ডীয় ভাষাও ঘৃণ্য হল সুতৰাং বিদ্যা একে বেলিয়ে লোপ হবৰ উপক্ৰম হৈচে।

 সংস্কৃত ভাষা অতি সুকঠিন, সম্প্ৰতি এই দেশত যি ৰূপে অধ্যয়ন হয় সেই ৰূপে পঢ়িলে ব্যাকৰণাদি পাঠ্‌ কৰি ভাষাৰ বোধ হওঁতেই প্ৰায় চয় সাত বৎসৰাধিক কাল লাগে, তৎপৰে সেই ভাষাৰে লিখিত ন্যায় অলঙ্কাৰ আরু অন্যান্য ধৰ্ম আৰু নীতি শাস্ত্ৰাদিত যৎসামান্য ব্যুৎপত্তি ও বহুকালৰ শ্ৰম নহলে হব নোৱাৰে; কিন্তু এই দেশৰ লোকৰ সম্প্ৰতি বিদ্যাৰ প্ৰতি যি অনাদৰ তাৰ নিমিত্তে যে ইমান শ্ৰম কৰি সংস্কৃত শাস্ত্ৰ সকল অধ্যয়ন কৰিব সিও অসম্ভব। ইংগ্লণ্ডীয় ভাষাৰে লিখিত অনেক শাস্ত্ৰ আচে আরু এই ভাষাত নানা বিদ্যাৰ যিমান শাস্ত্ৰ সংস্কৃতত তিমান নাই। কিন্তু সি ভিন্ন দেশীয় ভাষা হেতুকে তাত প্ৰথমে বোধ হওঁতেই ভালেমান পুরুষাৰ্থ আরু কাল ব্যয় লাগে, পিচে তাৰ নানা শাস্ত্ৰ সকলত নিপুণ হোৱা এই দেশীয় লোকৰ ইদানিকৰ অলসতাৰ নিমিত্তে অসাধ্য। এই সকল প্ৰতিবন্ধক গুচাই বিদ্যা আরু জ্ঞানৰ কীৰণৰ দ্বাৰা অসম দেশ উত্ত লাম্বিত কৰিবৰ নিমিত্তে প্ৰধান২ বিদা সকল লোকসমুহৰ [ ১২ ] বোধ গম্য ভাষায় লিখিত হোৱা আৱশ্যক, কিয়নো সংস্কৃত বা ইংৰাজি ভাষা বুজিব পৰা হবলৈকে যি শ্ৰম আরু কাল লাগে বোধ গম্য ভাষাত সেই শ্ৰম নালাগে প্ৰথমেই সক লোৱে নানা বিদ্যা বিষয়ক পুস্তক সকল পাঠ্ কৰিবলৈ আশু ক্ষম হয়, সুতৰাং ন্যুন পৰিশ্ৰমাবশ্যকতায় লোক সকলৰ সেই বোধগম্য ভাষাৰে লিখিত পুস্তক পঢ়ি বলৈ প্ৰবৃত্তি জন্মিব। কিন্তু এনেকুৱা পুস্তক কত আচে? অনেক গুণবান আরু সক্ষম মহাশয় সকল আছে কিন্তু অদ্যাপিও কেৱে অসম দেশৰ উপকাৰলৈ এনে কোনো পুস্তক ৰচনা ন কৰি লে সেই নিমিত্তে মুঠে্ নোহোৱাতকৈ এক প্ৰকাৰ হোৱা ভাল, এই সকল বিবেচনা কৰি নানা বিদ্যা আরু নীতি বিষ য়ক “অসামিয়া লৰাৰ মিত্ৰ নামে" কেত বিলাক পুথি ৰচনাত প্ৰবৃত্ত হৈচোঁ; আৰু সম্প্ৰতি ভালেমান পুরুষাৰ্থেৰে ইংৰাজী ভাষাৰে লিখিত নানা নীতি ধৰ্ম্মশাস্ত্ৰ সকলৰ পৰা উদ্ধৃত কৰি অসম দেশীয় বালক গণৰ শিক্ষাৰ্থে এই পুস্তক ভাষান্ত ৰীত কৈ ৰচনা কৰিলোঁ তাত অনেক অশুদ্ধ আচে আৰু এনে কৰ্ম্ম আমাতকৈ নিপুণ লোকে কৰি বৰ হে যোগ্য, কেৱে নকৰাত এই কৰ্ম্মত প্ৰবৰ্ত্ত হবলৈ সাহস কৰিলোঁ; পৰন্তু বিজ্ঞ মহাশয়সকলে অশুদ্ধাদি ক্ষমা কৰিব, কিয়নো যশস্যা পোৱা আমাৰ অভিপ্ৰায় নহয়, কেনেকৈ দেশোপকাৰ হব এই হে প্ৰধান ইচ্ছা।

অসম গুৱাহাটী।
শঁক ১৭৭১ তারিখ ২ জ্যৈষ্ঠ।

[ ১৩ ]


ADDRESS TO THE READER.

পাঠকৰ প্ৰতি নিবেদন।

 হে প্ৰিয় লৰা বিলাক, ভালেমান পুরুষাৰ্থ কৰি তোমালাকৰ উপকাৰৰ নিমিত্তে আমি এই পুথি প্ৰস্তুত কৰিলোঁ। তোমোলাকে বিদ্যা শিকি কেনেকৈ জ্ঞানী হবা তাত বাজে আমাৰ আন একো অভিপ্ৰায় নাই, এই হেতুকে তোমোলাকে এই পুস্তকত থকা কথা বিলাক ভালকৈ মন দি পঢ়িলে আমি হৰ্ষ পাম আৰু তোমোলাকৰো ভাল হব, কিন্তু যদি পুথিৰ পাত লুটিয়াই পেলাই থোৱা তেন্তে তাত কৈ আন একো কথাতে আমি অধিক বিষম নাপাম। পাঠাৰম্ভৰ আদিতে কেইটিমান উপদেশ দিওঁ অৱহেলা নকৰি গ্ৰহণ কৰিবা।

 তোমোৰ চিত্তে সৈতে সকলো সাধ্যেৰে বিদ্যা শিকিবলৈ পুরুষাৰ্থ কৰা।

 এই উপদেশ শুনি তোমোলাকে বিদ্যা শিকাৰ গুণ কি যদি সোধা তেন্তে কওঁ শুনা। [ ১৪ ]


 বিদ্যা সকলো সদ্গুণৰে মূল, তাৰ পৰা মনুষ্যৰ ইহ কালত আরু পৰ কালতো অসীম উপকাৰ হয়, বিদ্যাৱন্ত মানুহ নিৰ্ধনী হলেও তেঁওক সকলোৱে মান সৎকাৰ কৰে, কিন্তু ধনৱন্ত মূৰ্খে জ্ঞানিৰ সমাজলৈ গলে তাক কেৱে নুসুধি পণ্ডিত -কহে আদৰ কৰিব। বিদ্যাৰ দ্বাৰা মনুষ্যৰ মন পোহৰ হয়, কিয়নো নানা শাস্ত্ৰ পঢ়িলে নানা কথা জনা জায়, বিদ্যা জানিলে এই পৃথিবী কেনে ইয়াত কিং আচে আরু আকাশ নক্ষত্ৰ প্ৰভৃতি নৌ কেনে এই সকল সুন্দৰে জানি, কিন্তু যাৰ বিদ্যা নাই সি এই সকল একোকে নেজানে আরু তাৰ মন গোটেই এন্ধাৰ হৈ থাকে। বিদ্যা জানিলে সময় ব্যয় কৰি বলৈ সুন্দৰ উপায় ওলায়, আরু পণ্ডিতে সময় দিঘল হবলৈ অভিলাষ কৰে, কিন্তু মূৰ্খে সময় চুটি হয় মানে ভাল পায়; কিয়নো সি সময় যাপন কৰিবলৈ একো উপায় না পায়। বিদ্যাৰ পৰা অৰ্থ লাভ, যশস্যা ইত্যাদি হয়, বিদ্যাক ভগন কৰিলে বাঢ়ে, আরু একোৰে গুচাব নোৱাৰে; কিন্তু এই সকল গুণত কৈ ও বঢ়া গুণ আচে।

 এই পৃথিবীত জিয়াই থাকি আমি যি কৰ্ম্ম কৰোঁ তাৰ ফল মৰিলে পাম, অৰ্থাৎ সুকৰ্ম্ম কৰিলে পৰ কালত পুৰস্কাৰ পাম, কিন্তু অকৰ্ম্ম কৰিলে দণ্ডনীয় হম। এতিয়া তোমোলাকে দণ্ডনীয় হবলৈ ভাল পোৱা নে পুৰস্কাৰ পাবলৈ ভাল পোৱা; যদি পুৰস্কাৰ পাবলৈহে অভিলাষ কৰা তেন্তে বিদ্যাক সাৰথি কৰি লোৱা, বিদ্যাই ঘাই উপায়; যদি বোলা বিদ্যায় [ ১৫ ] কেনেকৈ পৰ কালত সুখী কৰিব তেন্তে ভাঙ্গি কঁও শুনা। বিদ্যা শিকিলে জ্ঞান হয়, আরু জ্ঞান হলে ঈশ্বৰক জনা জায় আরু কি ভাল, কি বেয়া, কি কৰ্ত্তব্য, কি অকৰ্ত্তব্য, তাৰো বোধ হয়। এই দৰে মনে কুকৰ্ম কৰিবলৈ জাব ধৰিলে জ্ঞানে অঙ্কুশৰ নিচিনা হৈ মনক আকৰ্ষণ কৰি ৰাখে, আরু এই ৰূপে অজ্ঞানী মানুহে জ্ঞান নথকাৰ নিমিত্তে যিবোৰ অকৰ্ম্ম কৰিলে হঁতন বিদ্যাৱন্তে জ্ঞান থকাৰ নিমিত্তে সেই বিলাক অকৰ্ম্মৰ পৰা ৰক্ষা পায়। সেই দেখি অকৰ্ম্ম নকৰাকৈ যদি থাকিল আরু মনুষ্যৰ কৰিব লগা কৰ্ম্মকে যদি জানি কৰিলে, তেন্তে বিদ্যাক সাৰথি কৰি সি নিশ্চয়কৈ পৰ কালৰ দণ্ডৰ পৰা সাৰি অনন্ত সুখ পাব। হে লৰা বিলাক ইয়াতকৈ অধিক আরুকি উপ্‌কাৰ লাগে? ধৰ্ম্ম আরু পুণ্যৰ সমান কি হব পাৰে? এতেকে যি বস্তুৰ পৰা ইহ কাল আরু পৰ কাল তো সুখ পাবা সেই বস্তুক পাবলৈ তোমোলাকে সাধ্য থাকে মানে পুরুষাৰ্থ কৰিব নোপোৱানে?

 তোমোলাকৰ ভিতৰৰ অনেকে প্ৰবৰ্ত্তিবৰ উপায়লৈ আরু ধন আৰ্জিবলৈ হে বিদ্যা শিকিব লাগে বুলি ভাবিব পাৰা কিন্তু সেইটো ভ্ৰমহে; কিয়নো বিদ্যাৰ যি সকল গুণৰ কথা কলোঁ তাৰ আগত ধন কি? আরু কোনো২ লৰাই এনেও বুলিব পাৰে বোলে বিদ্যা শিকিলে নো কি হব? মোৰ ধন আচে বিদ্যা নহলেও সুখে খাই লৈ থাকিব পাৰিম। হে মোৰ প্ৰিয় মিত্ৰ সকল, ময় মিনতি কৰি কওঁ এনে ভাবনা [ ১৬ ] কেতিয়াও তোমোলাকৰ মনত স্থিতি হব নিদিবা, এনেকে ভাবি অনেক ধনৱন্ত লৰা নষ্ট হৈচে। পৃথিবীৰ ধনেৰে পৰকালত কি কৰিবা?

 হে লৰা বিলাক, তোমোলাক যদি অতি ধনৱন্তেই হোৱা তেও বিদ্যাক হেলা নকৰিবা, ধনৱন্ত হৈ বিদ্যাৱন্ত হব পাৰিলে অধিক সুখৰ হে কথা, কিন্তু ধন থাকি বিদ্যা না থাকিলে তাৰ সমান বিষম পাব লগা কথা আরু নাই।

 এতিয়া যদি বিদ্যা উপাৰ্জ্জন কৰিবৰ কি উপায় সোধা তেন্তে শুনা শ্ৰম আরু মনোযোগ এই দুয়েই ঘাই উপায়; মন দি শ্ৰম কৰিলে নিশ্চয়কৈ বিদ্যা হয়, আৰু এই কথাৰ কেতিয়াও অন্যথা নহয়। অনেক লৰাই ভাবে বোলে মোৰ কপালত যদি বিদ্যা হব লগা আছে তেন্তে হব, এই এটা নিচেই অবোধৰ কথা, এই ভাবনা কৰি শ্ৰম নকৰা মূৰ্খৰ হে চিন। শ্ৰম কৰিলে অতি বৰ দুঃসাধ্য কথা কো কৰিব পাৰি, এতেকে তুমি পাৰমানে শ্ৰম কৰা, তোমাৰ অৱশ্যে বিদ্যা হব, কেতিয়াও নৈৰাশ নহবা। কোনো২ লৰা আনত কৈ বুদ্ধিমন্ত হয়, কিন্তু তুমি শ্ৰম কৰিলে তোমাৰো বিদ্যা নহৈ নেথাকে। লৰা কালেই বিদ্যা শিকিবৰ ভাল সময়, কিয়োনো ডাঙ্গৰ হলে মানুহৰ প্ৰবৰ্ত্তিবৰ উপায় চিন্তোতেই দিন জায়, এতেকে সেই কাল এনেই নেখেদিবা; কিন্তু যদি শিশু কালৰে পৰা বিদ্যা নিশিকা ডাঙ্গৰ হলেও শিকিবা, আরু বিদ্যা শিকিবৰ কাল গল নুবুলি পুরুষাৰ্থ হে কৰিবা। আদিতে [ ১৭ ] বিদ্যা শিকিবলৈ টান দেখি ভাল নাপাব পাৰা কিন্তু কিছু মান শ্ৰম কৰি বিদ্যাৰ অলপ্ স্বাদ বুজিৱ পাৰিলে, পিচে তোমাৰ পঢ়িবলৈ আপুনি অভিলাষ হব। অজ্ঞানে এই শ্ৰমকে সহিব নোৱাৰি অৱশেষত মূৰ্খ হয়।

 কিন্তু হে প্ৰিয় লৰা সকল, বিদ্যাৰ দ্বাৰা তোমোলাকে যিবোৰ উপদেশ পোৱা সেই উপদেশ সকল শুনিলেই নহয়, কিন্তু যেনে শুনা তেনেকৈ চলিবও লাগে। লৰা কালত তোমালাকৰ মন গোটেই কোমল, যি পিনে নিয়া সেই পিনেই জাব, আরু তেতিয়াই যদি সজ্‌বাটে নিয়া ডাঙ্গৰলৈ সৎ হবা কিন্তু অসজ বাটে নিলে ডাঙ্গৰলৈকো অসৎ হবা; এতেকে সৰুৰে পৰা সদাই ভাল কথা মনত সাঁচি থবা।


SELECT SENTENCES.

নানা বচন।

 ঈশ্বৰক সকলো চিত্তে সৈতে প্ৰেম কৰিবা, আরু আনকো আপোনাৰ নিচিনা দেখিবা।

 তোমাৰ পিতৃ মাতৃক মান্য কৰিবা আরু সকলো কথাতে সিবিলাকৰ আজ্ঞা মানিবা।

 তুমি কেতিয়াও মিচা কথা নকবা, কিয়নো যি মিচা কয় সি তাৰ প্ৰতিফল পাব।

 আনৰ ভাল বস্তু দেখি লোভ ন কৰিবা, আরু তাক চুৰ কৰিবলৈ হাত নে মেলিবা। [ ১৮ ]  তোমাৰ অধ্যাপকক প্ৰেম কৰিবা, আৰু তেঁও হুকিয়ালে বা মাৰিলে বিষম নাপাবা।

 ধেমালিতকৈ তোমাৰ পুথিক অধি ককৈ ভাল পাবা।

 তোমোলাকৰ ভিতৰত কেতিয়াও দন্দ্ বা মৰা মৰি ন কৰিবা, কিয়নো তোমোলাক ভাই ককাই।

 নি শিকিলে আৰু শ্ৰম নকৰিলে একো বিদ্যাই নহয়।

 পাপৰ পৰা যদি ৰক্ষা পাব খোজা তেন্তে লোভ এৰা।

 মানুহৰ মনত এনে কথা নোসোঁৱৰাবা যাৰ পৰা সি অস- ন্তোষ পায় আৰু পাপ কৰিৱলৈ প্ৰবৰ্ত্ত হয়।

 তোমাৰ জীবন ফুলৰ নিচিনা, ফুল যেনেকৈ ফুটে আৰু শুকায় সিও তেনে।

 একো বেয়া কথা নামাতিবা, কিয়নো যাৰ লাজ নাই তাৰ জ্ঞানো নাই।

 তোমাৰ সৰহ ধন দেখি বৰ হেন নেপাবা, এনে জাৰ ভাব সি গোটেই ক্ষুদ্ৰ৷

 অহঙ্কাৰী নহবা কিয়নো অহঙ্কাৰক মনুষ্য আৰু ঈশ্বৰেও ঘৃণা কৰে৷

 দুখেৰে ধেমালি নকৰিবা, অতি সৰু জন্তুকো পীড়া নিদিবা।

 কোনো লৰাক তোমাতকৈ পাৰ্গৎ দেখি কেতিয়া ও হিংসা নকৰিৱা, কিন্তু শ্ৰম কৰি তোমাৰ আপোন গুণেৰে তাক জিকিবলৈ হে পরুষাৰ্থ কৰিবা। [ ১৯ ]  কোনো মানহৰ সুখ দেখি হিংসা নকৰিবা, কিয়নো তাৰ মনত বা কি দুখ আচে তাক তুমি নেজানা।

 বিদ্যা উপাৰ্জ্জন কৰিবলৈ শ্ৰম কৰিলে তোমাৰ সম্ভ্ৰম হব।

 ঈশ্বৰক ভয় কৰা, কিয়নো তেঁও সকলোৰে সৃষ্টি কৰ্ত্তা আরু ৰক্ষক।

 দুখিয়া মানুহক অপমান নকৰিবা কিয়নো তাৰ দুখ দেখি আমি মৰম হে কৰিব পাঁও।

 তুমি এডাঁৰৰ ভিতৰত কি হয় নাজানা, এতেকে এক মুহূ ৰ্ত্তক কালো এনেই নে খেদাৱা।

 কাল কালৈ কো বাট চাই না থাকে।

 তুমি সোনকালে মৰিবা, এতেকে যি কেই দিন জীয়াই থাকা সেই কেই দিন সৎকৰ্ম্ম কৰিবা।

 তোমাৰ বনক হে তুমি ঠেলিবা, কিন্তু বনে তোমাক ঠেলিব নিদিবা।

 তুমি যদি নিৰ্ব্বিঘ্নে থাকিব খোজা তেন্তে কাৰো নিন্দা কথা নকবা।

 তোমাৰ মিত্ৰক প্ৰশংসা কৰিবা,কিন্তু আপোনাক নকৰিৱা।

 বেয়া মানুহে সৈতে সঙ্গ কৰাতকৈ অকলে থকাই ভাল।

 পৰা পক্ষত তুমি কাকো বেজাৰ নি দিবা।

 তোমাৰ সময় সদ্‌কৰ্ম্মত লগোৱা, কিয়নো কাল এবেলি

গলে আৰু উভতি নাহে।

[ ২০ ]  সকলোকে প্ৰেম কৰা, কেত বোৰক মৰম কৰা, কিন্তু কাকে ঘৃণা ন কৰিবা।

 মনে২ থাকিবা, নাইবা ভাল কথা কবা।

 যি কৰ্ম্ম, এৱেলিত বাজে দুবেলি কৰিব নোৱৰা তাক কৰোঁতে ভালকৈ গমি চাবা।

 সরু থাকোঁতে, সাঁচিবা, ডাঙ্গৰ হলে ব্যয় কৰিবা।

 আনৰ গুণক বিচাৰিবা, কিন্তু আপোনাৰ দোষ বিচাৰিবা।

 সকলো কৰ্ম্মকে একে বেলিয়ে এনেকৈ কৰিবা যে তাক যেন দুবেলি কৰিব নালাগে।

 আলাহ সকলো দোষৰে মূল।

 এক আখাৰ মিচাক সঁচা কৰিবৰ নিমিত্তে আরু একুৰি মিচা কব লাগে।

 আনৰ দোষ দেখি জ্ঞানি মানুহে আপোনাৰ দোষ গুচাই।

 সকলো দোষকে শ্ৰম আৰু পুৰুষাৰ্থেৰে গুচাব পাৰি।

 ঈশ্বৰক কেতিয়াও নাপাহৰিবা আরু সদাই আৰাধনা কৰিবা।

ANECDOTE OF A CHARITABLE WOMAN.

দানশীল তিৰোতাৰ আখ্যান।

 কোনো সময়ত্‌ এক ৰজাই তেঁওৰ ৰাজ্যৰ প্ৰজা সকলক এই আজ্ঞা দিলে বোলে তঁহতৰ ভিতৰৰ যোনে মগনিয়াৰক ভিক্ষা দিয় তাৰ হাত ময় নিশ্চয়কৈ কাটিম, এই নিমিত্তে [ ২১ ] সকলোৰে ভিক্ষা দিবলৈ এৰি কেৱে মগনিয়াৰক নসুধিচিল এদিন এটা মগনিয়াৰ বৰ ক্ষুধাতুৰ হৈ এজনি তিৰোতাৰ তলৈ আহি ভিক্ষা মাগিলত তাই কলে বোলে ময় তোক কেনেকৈ ভিক্ষা দিম, ৰজাই মোৰ হাত কাটিব , কিন্তু মগনিয়াৰে ঈশ্বৰৰ নাম ধৰি শপথ দিয়াত তাইৰ বৰ মৰম লাগি দুখন পিঠা মগনিয়াৰ টক দিলে পিচে ৰজাই এই কথা শুনি তাইক ধৰাই অনাই তাইৰ হাত দুখন কটালে।

 কেই দিন মানৰ মুৰত ৰজাই মাকৰ আগত্ কলে বোলে মোৰ বিয়া কৰাবৰ মন গৈচে এতেকে ৰূপৱতী তিৰোতা এজনিয়ে সৈতে বিয়া দিয়া; ৰাজ মাৰে ৰজাৰ এই কথা শুনি কলে বোলে আমাৰ লিগিৰী হতৰ ভিতৰত এজনি বৰ ৰূপৱতী আছে, কিন্তু তাইৰ এটা বৰ দুগুণ আচে, তাইৰ দুইও খন হাত কটা। পিচে ৰজাই তাইক অনাই দেখিলে যে যি জনি তিৰোতাৰ হাত তেও মগনিয়াৰক পিঠা দিয়াৰ সলনি কাটিচিল তায়েই তেও এই দোষক এফলিয়া কৰি থৈ তেঁও তাইক বিয়া কৰালে, কিন্তু তাইৰ লগৰ লিগিৰী বোৰে হিংসা কৰি ৰজাৰ তত মিচাকৈ তাইৰ কথা লগালত তেও তাইক অৰণ্যলৈ খেদি থবৰ আজ্ঞা ৰাজমাবক দিলে।

 ৰাজমাৱে ৰজাৰ আজ্ঞানুসাৰে তাইক কেচুৱা লৰাই সৈতে হাবিত থোৱালে, তাতে তাই বৰ বিলাপ কৈ কান্দিব ধৰিলে আৰূ কান্দোতে২ বৰ ভাগৰি পিয়াহ লাগি লৰাটি কোলাত লৈ পানি বিচাৰিগৈ২ এখন ণৈ পালেগৈ [ ২২ ] তাতে পানি খাবৰ মনেৰে চাপৰোঁতে লৰাটিও কোলাৰ পৰা নৈত পৰিল। এই দুৰ্ঘটনাত তাই লৰাৰ সলনি অতি ব্যাকূল হৈ কান্দিব ধৰিলে, এনেতে, অকস্মাৎ তাইৰ সমী- পত দুটা মানুহ থিয় দি কলে বোলে আই কিয় কান্দিচা? তাতে তাই উত্তৰ দিলে বোলে, দেও সকল, পানি খাবলৈ চাপৰোঁতে কোলাৰ পৰালৰাটি এই নৈতে পরিল। সিবি লাকে এই কথাত কলে বোলে লৰাটি তোমাৰ তলৈ আকৌ আনি দিবলৈ বাঞ্ছা কৰাণে? তাতে তিৰোতা জনিয়ে আতি হৰ্ষ হৈ লৰাটি পাবলৈ প্ৰাৰ্থনা কৰিলত সিবিলাকে ঈশ্বৰক আৰাধনা কৰিলে,পিচে লৰাটি আগৰদৰে হৈ তাইৰ কোলা- লৈ আহিল। সিবিলাকে আকৌ সুধিলে বোলে ঈশ্বৰে তোমাৰ হাত দুখন আগৈ যেনে আচিল তেনে কৰি দিলে তুমি ভাল পোৱানে? এই কথাতো তাই পৰমানন্দ হৈ প্ৰাৰ্থনা কৰি- লত সিবিলাকে ঈশ্বৰক আৰাধনা কৰিলে, তাতে তাইৰ হাত দুখনো আগৰ নিছিনা হল; শেষত তেওঁবিলাকে আমি কোন চিনানে বুলি সোধাত তাই কলে বোলে ঈশ্বৰেহে জানে, পিচে এই বুলি চিনাকিদিলে বোলে যি পিঠা দুখন তুমি মগনিয়াক দিচিল আৰু যাৰ সলনি তোমাৰ হাত কটা গৈ চিল সেই পিঠা দুখনেই আমি দুই, এতেকে তোমাৰ হাত অরু লৰা পোৱাৰ সনলি ঈশ্বৰৰ ধন্যবাদ কৰা এই অদ্ভুত কথা দেখি তাই অতি আচৰিত হৈ ঈশ্বৰৰ অসীমগুণ আরু মহিমা বৰ্ণন কৰিলে। [ ২৩ ]

ANECDOTE OF A CHARITABLE ISRAELITE.

দানশীল য়িহুদীৰ আখ্যান।

 য়িহুদী সকলৰ মধ্যত এটা ধাৰ্ম্মিক মানুহ আচিল, তাৰ ঘৰৰ তিৰোতা বোৰে সূতা কাটি দিচিল সি সেই সূতা বেচি নিতৌ কপাহ কিনি যি লাভ পাইচিল তাৰে সেই দিনৰ খাদ্য দ্ৰব্য কিনি তাকে খাই লৰা তিৰোতাই সৈতে এই দৰে প্ৰবৰ্ত্তি আচিল।

 এদিন সি সূতা বেচি আহিব লাগিচে এনেতে বাটত এক মগনিয়াই ভিক্ষা মগিলত সূতা বেচি পোৱা এটাই খানি ধনকে তাক দি সুদা হাতে ঘৰলৈ উভতি আহিল; ঘৰত লৰা তিৰোতা বোৰে কপাহ আরু খাবৰ দ্ৰব্য খোজাত মগণিয়াৰক দিয়া কথা কলে,তাতে সিহঁতে কলে আমি পিচে কিখান? বেচিবলৈকো একোনাই সিহঁতৰ এটা ভগা কাঠৰ চৰিয়া আরু এটা মাটিৰ থালি আচিল তাকে সি বেচিবলৈ নিলে, কিন্তু তাক কেৱে নিনিলে; পিচে বজাৰত থাকোঁতে এটামানুহে এটা গোধোয়া গেলা মাচ লৈ তাৰো মাচ কেৱে নিকিনিলে দেখি সেই য়িহুদীক কলে বোলে মোৰ মাচ টোৰ সলনি তোমাৰ চৰিয়া আৰ থালিটো দিবানে? এই কথাত মানতি হৈসি কাঠৰ থালি আরু চৰিয়া সলাই মাচটো ঘৰলৈ নিলে।

 তাৰ লৰা তিৰোতাই এই মাচটোৰে কি কৰিম বুলি সুধিলত সি কলে বোলে ঈশ্বৰে আমাক আন একোখাবৰ দ্ৰব্য [ ২৪ ] নিদিয়ে মানে ইয়াকে সিজাই খামহঁক পিচে সিহঁতে মাচৰ পেটটো ফালি এটা মুক্তা পাই গণকক দেখুৱালত সিকলে বোলে মুক্তাটো বিন্ধুৱানে চাঁ‌চোন,চিন্ধোৱা হলেসি কোনোবা মানুহৰ, তেনে নহলে ঈশ্বৰে তোমোলাকলৈ কৃপা কৰি দিচে এই কথাত চাই দেখিলে যে বিন্ধুৱা নহয়, পিচে ৰাতি পুৱালত য়িহুদী জোয়াহিৰীয়াৰ তলৈ গৈ সেই মুক্তা দেখু- ৱালত সি কলে বোলে তুমি এই মুক্তাটো কত পালা। ইএহে- জাৰ টকাৰ, ময় তিমান বেচ দিব পাৰোঁ; কিন্তু অমূকৰ তলৈ লৈ জোৱা তেও মোতকৈ ধনৱন্তুও আৰু অধিক পাৰ্গৎ। এই কথাত সেই য়িহুদী সেই মানুহৰ তলৈ গৈ মুক্ত। দেখুৱালত সি তাক চাৰি কুৰি হেজাৰ টকা বেচ দিলে, পিচে ইমান ধন পাই অতি হৰ্ষ হৈ সি টকা বোৰ ভাৰি ধৰি ঘৰৰ দুৱাৰ মুখলৈ নিয়ালে এনেতে এটা মগণিয়াৰ আহি তাত কলে বোলে ঈশ্বৰে তোমাক যি দিচে তাক মোক দিয়া; মগনিয়াৰৰ এই কথাত সি এই সমিধান দিলে বোলে কালি আমিও তোমাৰ নিচিনা আচিলোঁ; তেও এই ধনৰ আদ খিনি নিয়া, এই বুলি ধনক দুইও দুভাগ কৰি নিলত মগনিয়াই কলে বোলে ধন খনি ৰাখা ঈশ্বৰে তোমাৰ মঙ্গল কৰক, ময় ঈশ্বৰৰ দূত, তেঁও মোক তোমাক পৰীক্ষা কৰি- বলৈ পাচিচে। য়িহুদীয়ে ঈশ্বৰক ধন্যবাদ কৰি নমৰে মান. লৈকে সখে কাল যাপন কৰিলে। [ ২৫ ]


THE GOOD BOY.

.ভাল লৰা কথা।

 ভাল লৰাই তেঁওৰ পাঠৰ প্ৰতি সদাই মনোযোগী আরু ভালকৈ পঢ়িবলৈ সদাই পুরুষাৰ্থ কৰে; কিন্তু বেয়া লৰাৰ অকল উমলিবৰ হে মন, আৰু সেই নিমিত্তে সি নমৰে মানলৈকে মূৰ্খ হৈ থাকে।

 ভাল লৰাই তেঁওৰ পিতৃ মাতৃক বৰকৈ চেনেহ কৰে,তেঁওবিলাকৰ কথা সদাই শুনে আরু সিবিলাকক সন্তোষ দিবলৈ সদাই যত্ন কৰে।

 তেঁওক পিতৃ মাতৃয়ে যি কৰিব দিয়ে তাক কৰে, আৰু যি২ কৰিব নিদিয়ে তাক কেতিয়াও নকৰে; সিবিলাকে তেঁওক কোনো বস্তু নিদিলে তেঁও খঙ্গ নকৰে, কিন্তু ভাবে যে মোতকৈ পিতৃ মাতৃ জ্ঞানী এতেকে মোলৈ যি ভাল তাক ময় যিমান জানো তাতকৈ সিবিলাকে অধিক জানে।

 তেঁও তেঁওৰ অধ্যাপকক আরু যোনে তেঁওৰ হিত কথা কয় তাক বৰকৈ প্ৰীতি কৰে।

 তেঁও নিতৌ ন২ কথা শিকিবলৈ ইচ্ছা কৰে আৰু আশা কৰে যে ময় ডাঙ্গৰ হলে ভালেমান কথা জানি জ্ঞানী আরু ধাৰ্ম্মিক হম।

 তেও ভায়েক ভনিয়েক আরু লগরিয়ার প্ৰতি বৰ মৰমি য়াল তেঁও কেতিয়াও সিবিলাকে সৈতে দ্বন্দ বা মৰামৰি [ ২৬ ] নকৰে আরু সিহঁতক অকৰ্ম্ম কৰা দেখিলে বিষম পায় আরু সৎ হবলৈ শিকায়।

 তেঁও কাকো কটু ভাষা নকয়, কোনো খোড়া ভেঙুৰা বা বুঢ়াক দেখিলে তাঁহাতক বিগতি নকৰি উপকাৰ কৰিবলৈহে পুরুষাৰ্থ কৰে। অমাত জন্তুকো তেঁও মৰম কৰে, কিয়নো জানে যে সিহঁতে মাতিব নোৱাৰে হয় কিন্তু আমাৰ নিচিনা দুখ পায়।

 যি সকল বস্তু তেঁওর নহয় তাক তেঁও নোচোবেও আরু নিনিয়েও; তেঁও কেতিয়াও মিচা কথা নকয়, আরু অকৰ্ম্ম কৰিলে মিচা নামাতি সই কাঢ়ি এই কথা কয় বোলে ময় এই কুকৰ্ম্মৰ নিমিত্তে বৰ অসন্তোষ পাইছো, আরু আগ- নৈকো এনে কৰ্ম্ম নকৰোঁ; এই নিমিত্তে তেঁওক কেৱে খঙ্গ নকৰে।

How TO BE GOOD.

ভাল হবৰ উপায়।

 ঈশ্বৰক ভয় কৰা,তেঁওক রুষ্ট নকৰিবা;ঈশ্বৰে সকলো ভাল লৰা ছোৱালিক প্ৰীতি কৰে, আরু বেয়া বোৰক ঘৃণা কৰে তুমি যদি কুপথে জাবলৈ প্ৰীতি নকৰা তেন্তে ঈশ্বৰে তো- মাক আশীৰ্ব্বাদ কৰিব। [ ২৭ ]  ভাল লৰা চোৱালীক সকলো ৱে চেনেহ কৰে, কিন্তু বেয়াক কেৱে ভাল নেপাই আরু বেথাও নকৰে। আলাহিয়া বা অসৎ লৰাই সৈতে সঙ্গ ন কৰিবা, কিয়নো তেনে লৰাই সৈতে ফুৰিলে ভালেমান দুগুণ হয়।

 খাওতে সোঁওতে সকলো কৰ্ম্মতে ঈশ্বৰক চিন্তিবা আৰু প্ৰাৰ্থনা কৰিবা, ঈশ্বৰক ভয় কৰিবা, আৰু তেঁওৰ আজ্ঞা পালন কৰিবা; যোনে তঁওক ভয় কৰে তাক তেঁও মৰম কৰে আরু তাৰ ভাল কৰে, কিন্তু যোনে তেঁওক ভয় নকৰে তাক মৰম নকৰে আরু সেই দেখি সি বিপদত পৰে সকলো জ্ঞানী মানুহে ঈশ্বৰক ভয় কৰে।

 ঈশ্বৰ আতি জ্ঞানী আৰু ন্যাহ্য, তেঁওৰ বাট সু, আরু যি তেওৰ বাটেৰে যায় সিও সুহব। সকলো মানুহ নিশ্চয়কৈ এবেলি মৰিব, সেই দেখি যি কেই দিন জীয়াই থাকা সেই কেই দিন সৎ হৈ থাকিবা, আরু তোমাৰ প্ৰভু পৰ- মেশ্বৰক এটাই চিত্ত আৰু মনেৰে প্ৰেম কৰা। তাৰ পৰা যেন তুমি মৰিলেও তেঁও তোমাক সুখ আরু শান্তি দিয়ে।

 ধেমালিত কৈ তোমাৰ পুথিক ভাল পাবা,কিয়নো যি লৰাই পথিক ভাল পাই ভালকৈ পঢ়িবলৈ পুরুষাৰ্থ কৰে সি শেষত জ্ঞানী হব। কিন্তু যি ধেমালিক হে বৰ ভাল পাই সি নমৰে মানলৈকে দুখিয়া হৈ থাকিব।

 যি ভাল লৰা হয় সি সদাই ধেমালি নকৰি পুথিৰ প্ৰতি মনদিয়ে; সি ঈশ্বৰক আরু সকলো ভাল মানুহক প্ৰেম [ ২৮ ] কৰে, আরু তাৰ মুখৰপৰা কেতিয়াও এটিও বেয়া কথা নোলাই।

 তোমাৰ সময় সৎকৰ্ম্মত ব্যয় কৰিবা। সময় এতিয়া আছে কিন্তু বতাহৰ নিচিনা উৰি শীঘ্ৰে জাবগৈ। সময় যদি এবেলি গল সি আকৌ উভতি নাহে আৰু এক তিলাৰ্দ্ধ সময়ো সোনৰ ভঁৰাল উবুৰিয়াই দিও কিনিব নোৱাৰি।

 বেয়া মানুহ আৰু বেয়া লৰাৰ বাট এৰি সৎকৰ্ম্ম কৰা, তোমাক কুবাটৰ পৰা ৰক্ষা কৰিবলৈ ঈশ্বৰক প্ৰাৰ্থনা কৰা ঈশ্বৰে তোমাৰ কথা শুনিব। যোনে সৈতে ওমলা তাকা বেজাৰ নিদিবা, কিন্তু মৰম কৰিবা; ধেমালি কৰাৰ সময়ত অসজ্‌ কথা নকবা, তেহে ঈশ্বৰে আরু সৎ লোকে তোমাক চেনেহ কৰিব।

 আন মানুহে তোমাক যেনে কৰিলে তুমি ভাল পাবা তুমিও তেনেকৈ তাহাঁতৰ প্ৰতি কৰিবা, অৰ্থাৎ আন মানুহে তোমাক গালি পাৰিলে তুমি ভাল পাবানে? মৰম কৰিলেহে ভাল পাবা; তেনেকৈ তুমিও ভাবিবা যে মোকগালি পাৰিলে ময় যেনে ভাল নেপাও সিহঁতেও ময় গালি পাৰিলে ভাল নেপাই, এতেকে মোৰ নিচিনা মৰম কৰিলহে ভাল পাব। এই কথা অনুসাৰে, যদি তুমি চলা। তেহে তুমি সুবাটে গৈচা বুলি জানিব।

 এই সংসাৰত তুমি যি কৰ্ম্ম কৰা তারেহে ঈশ্বৰে তোমাৰ সোধ সুধিব; অৰ্থাৎ তুমি যদি পৃথিবীত সৎকৰ্ম্ম কৰা [ ২৯ ] পৰকালতো তাৰপুৰস্কাৰ পাবা, কিন্তু যদি ইয়াত অসৎ কৰ্ম্ম কৰা তত তাৰ প্ৰতিফল পাবা।

 যি বোৰ লৰা চোৱালীয়ে পুথিত মন দিয়ে সিহঁতে সক- লোৰে প্ৰশংসা পাব, কিন্তু যাৰ মন পুথিত নাই সি চেকনিহে পাব। জ্ঞানি লৰাই পঢ়িবলৈ ভাল পায়, কিন্তু অজ্ঞানৰ ধৈমালিতহে মন থাকে, আৰু সেই নিমিত্তে মাৰ খায়। ময় তোমাক ডবিয়ালে আরু তোমাৰ দোষৰ কথা কলে মোক নিৰ্ম্মৰমিয়াল হেন নেভাবি আগলৈ ভাল হবৰ পূরুষাৰ্থ কৰিবা।

 আলাহিয়া হৈ তোমাৰ সময় নষ্ট নকৰিবা, কিয়নো তেনে হলে তোমাৰ বৰ অপকাৰ হব এতেকে এলাহক গাৰ বলেৰে খেদি পঠো্‌ৱা।

 মিচা কথা কেতিয়াও নকবা, চোৰ নকৰিবা, আরু অকাৰণত শপথ নেখাবা, কিয়নো এই বোৰ কথা ঈশ্বৰে ভাল নেপায়।

 ঈশ্বৰৰ আজ্ঞা পালন কৰিবলৈ অতি পুরুষাৰ্থ কৰা, তোমাৰ মনে সৈতে ঈশ্বৰক ভয় কৰা কিয়নো তেঁওৰ বিধি বোৰ ন্যায় আৰু আন একো বিধি তেঁওৰ বোৰৰ সমান নহয়। যি বোৰে পাপক ভাল পাই, তাহাঁতৰ খোজত ভৰি নিদিবা, এতেকে ঈশ্বৰে তোমাক মৰম কৰিব, সকলো দোষৰ পৰা ৰক্ষা কৰিব, আৰু তোমাক অনন্ত সুখ দিব। [ ৩০ ]

THE WISE AND THE STRONG MAN.

পণ্ডিত আরু বলি মানুহর কথা।

 এটা পণ্ডিত আরু এটা বলৱন্ত মানুহ দুইও ভিন্ন দেশলৈ গৈ তাৰ ৰজাত কলে বলে আমি বিদেশী জীবিকা পাবৰ আশায় ইয়ালৈ আহিচোঁ,এতেকে মহাৰাজে দয়াকৈ ৰাখিলে থাকিব পাৰোঁ। এই কথা শুনি ৰজাই কলে বোলে যোনে এই গঢ় ডালৰ সুকান ঠানিটো ভাঙ্গিব পাৰে তাকে বিষয় দিম, তাতে সেই বলী মানুহে গপ কৈ গৈ ঠানিৰ গুৰিত ধৰি ভাঙ্গিব খুজি নোৱাৰিলে; পিচে পণ্ডিতে ঠানিৰ আগত ধৰি বল দিয়াত ভাগিল, তাতে ৰজাই পণ্ডিতক সেনাপতি পাতিলে।

 তাৎপৰ্য্য; বিদ্যা নহলে অকল বলেৰে কোনো কৰ্ম্ম সিদ্ধি হব নোৱাৰে, এতেকে বলতকৈ বিদ্যা হে প্ৰসন্ত।

THE WISE MAN AND THE PRINCE.

পণ্ডিত আরু ৰজাৰ কোঁৱৰৰ কথা।

 এক ৰজাৰ কোঁৱৰ আৰু এক পণ্ডিত দুইও এক ভিন্ন দেশৰ ৰজাৰ নগৰৰ কোখৰত ৰলগৈ এনেতে তাৰ ৰজাই তেঁওৰ তামুলিক এদিন অসময়ত আনিবলৈ দূত পঠালে, তাতে সেই তামুলিয়ে কিবা জগৰ লাগিচে বুলি বৰ ভয় পোৱা দেখি সেই পণ্ডিতে দূতসোধাত সি কলে বোলে ৰজাই তামোল চোবাই আচিল পিচে তাক মুখৰ পৰা উলিয়াই পেলাই মোক [ ৩১ ] পাঁচিচে, পণ্ডিতে এই কথা শুনি তামুলিক কলে বোলে তোমাৰ পেটত যিমান তেল ধৰে তিমান খাই জোৱা; এই কথাত তামুলিয়ে পাৰে মানে তেল খাই ৰজাৰ আগলৈগলত ৰজাই তাক চুন খূৱবৰ আজ্ঞা দিলে। দূত সকলে তাক ভালেমান চুন খূৱালে কিন্তু তেলৰ গুণত সি নমৰিল, পাচ দিনা সি ৰজাৰ আগলৈ গলত তেঁও সুধিলে বোলে তয় চুন খাই কেনেকৈ জিলি? তাতে তামুলয়ে নিবেদন করি জনালে বোলে স্বৰ্গদেৱে যেতিয়া বন্দিক আনিবলৈ পাঁচিচিল তেতিয়া কে নোৱা দেশৰ পণ্ডিত এজনাই মোক চুন খাব দিচিল সেই দেখি ময় জিলোঁ। ৰজাই এই কথা শুনি পণ্ডিতক অনাই বৰ সমাদৰ কৰিলে কিন্তু ৰজাৰ কোঁৱৰে সেই নগৰৰ মানুহত চিনাকি দিলত সেই ৰজাই শুনি মোৰ দেশ লবৰ মনে ই আহিছে বুলি তাক বন্দি সালত বন্দি কৰি থলে।

 তাৎপৰ্য—বিদ্যাৎ বাজে আন কোনো বস্তুৰ পৰা সকলো ঠাইতে মান্য পোৱা নেজায়, এতেকে সদাই বিদ্যাভ্যাস কৰাহে ভাল; ধনৰ পৰা কেতিয়াবা আপদত পৰা যায় কিন্তু বিদ্যাৰ দ্বাৰা সদাই সুখ হয়।

THE BoY AND THE Cuckoo.

এক লৰা আরু এক কুলি চৰাইৰ কথা।

 এটা বৰ কটূ ভাষী লৰা আচিল, আন লৰাই সৈতে ৰঙ্গ কৰোঁতে অলপতে গালি পাৰিচিল সিএদিন বাপেকে সৈতে [ ৩২ ] চৰাই বিকা ঠা্‌ইলৈ গৈ দেখিলে যে এটা সজাত কুলি এটা আৰু এটাত কাঠ্‌ ঠো্কো‌ৰা এটা বেচিবলৈ আনিচে সেই দুই ওটা চৰাইয়েই মাজে২ মাতিচিল তাকে শুনি মানুহে কুলীটক হে কিনিলে কিন্তু সিটো চৰাইৰ মাত বেয়া দেখি কেৱে নিকি- নিলে; ইয়াক দেখি সেই লৰাৰ বাপেকে কলে বোলে চোৱা কটুভাষী হোৱাৰ এই দুৰ্গুণ; এই উপদেশ পাই সেই লৰাই তেতিয়াৰে পৰা অতি ভাল হল৷

 তাৎপৰ্য্য-কটুভাষীক কেৱে আদৰ নকৰে মিষ্টভাষীক সকলোৱে ভাল পায়।

THE WHITE ANT.

উঁইৰ কথা।

 এক লৰাই নানা বিধৰ পুথি দেখি বিদ্যা শকিবলৈ বৰ ভয় কৰি ভাবিলে বোলে ময় ইমান পুথি কেনেকৈ পঢ়িম আৰু নপঢ়িলেই বা কেনেকৈ বিদ্যা হব, ইয়াকে ভাবি২ গাঁৱৰ মুৰলৈ গৈ উঁইৰ এদম মাটি তোলা দেখি সুধিলে বোলে তোৰ গা দেখোঁ কোমল আরু সরু, তয়নো ইমান মাটীৰ দম কেনেকৈ কৰিলি তাতে উঁইয়ে উত্তৰদিলে বোলে ময় এটা সজ লৰাক পঢ়িব দেখি ইয়াকে শিকিচোঁযি মানুহে আলাহ নকৰি যত্ন কৰে সি সরু হলেও ডাঙ্গৰ কৰ্ম্ম কৰিব পাৰে। [ ৩৩ ]

THE REFORMED BOY.

ভাল হোবা লৰাৰ কথা।

 এক লৰাই এখন ওখ পৰ্ব্বতত উঠি এটা পরুৱাক পৰ্বতৰ পৰা নমা দেখি পরুৱাত সুধিনে বোলে তুমি কর পৰা আহিচা পরুৱাই কলে বোলে ময় পৰ্ব্বতৰ সি ফালৰ পৰা আহিচো; তাতে সেই লৰাই সুধিলে বলে তুমি ইমান সৰু পৰুৱা হৈ পৰ্ব্বৎ কেনেকৈ ডেলা? পরৱাই কলে বোলে ময় গুৰিৰে পৰা পুরুষাৰ্থ কৰিছোঁ, সেই দেখি বৰ টান কথা হৈ মোৰ মনতবৰ কথা হেন নহল পরুৱাৰ এই উপদেশত সেই লৰা উদ্যমী হল,আৰু শ্ৰম কৰি কেই বচৰ মানৰ মুৰত পণ্ডিত হল।

তাৎপৰ্যআলাহ এৰি সদাই পুরুষাৰ্থ কৰিলে সরু মানুহে ও ডাঙ্গৰ কৰ্ম্ম কৰিব পাৰে আরু অল্প বুদ্ধিয়কেও পণ্ডিত হব পাৰে।

⸻⸻

THE ADVANTAGES OF GOOD COMPANY.

ভাল মানুহৰ সঙ্গ কৰা গুণ।

 এক লৰা পাঢ়শালিলৈ জাবলৈ বৰ আলাহ কৰিছিল, আরু এই ভাবিচিল বোলে তালৈ গলে অধ্যাপকে পঢ়াৰ কথা সুধিব আরু ভালেমান পৰ বন্দিয়াৰৰ নিচিনা হৈ থাকিব লাগিব। পিচে এদিন সি পঢ়াশালিৰ পৰা পলাই এখন কমাৰ সালত সোমাই কমাৰে ওৰে ঘঁহি কটাৰিৰ মুখ পাতল কৰা দেখি সধিলে বেলে তয় এনে চিকোন লো ডোখৰ কিয় ঘঁহি বেয়া [ ৩৪ ] কৰ? তাতে, কমাৰে হাঁহিঁ কলে বোলে যেনে নিশিকিলে বিদ্যা নহয় তেনে ইয়াকো নঘহিঁলে ধাৰ নুঠে; এই কথা শুনি সেই লৰাই অধ্যাপকৰ তলৈ সদাই গৈ শাস্ত্ৰৰ কথা কোৱা কুই কৰি শেষত অতি বিদ্যাৱন্ত হয়৷

 তাৎপৰ্য—সদাই পণ্ডিতে সৈতে থাকিলে বুদ্ধি হয়, আরু শাস্ত্ৰৰ কথা শুনি অল্প কালতে বিদ্যাও হয়৷


A TYRANNICAL KING AND THE ANGEL OF DEATH

দৌৰাত্মকাৰী রজা আরু জম দূতৰ কথা।

 এদিন এক বৰ দুষ্ট ৰজা সিংহাসনও বহি আচিল এনেতে অতি ভয়ঙ্কৰ মূৰ্ত্তিৰে এটা মানুহক তেঁওৰ ঘৰৰ দুৱাৰেৰে সোমাই অহা দেখিলে। কিছু মান পৰৰ মুৰত সি আহি সিংহাসনৰ ওচৰত থিয় দিলত ৰজাই বৰ ভয় পাই আসনৰ পৰা নামি সুধিলে, বোলে “হেৰ মানুহ, তোক মোৰ ঘৰলৈ এনে উখামুখাকৈ আহিব কোনে দিলে? দুতেকলে এই ঘৰৰ গৰাকিয়ে মোক আহিব দিচে! মোক কেৱে বাহিৰ কৰিব নোৱাৰে ৰজাৰ তলৈ আহিবলৈ কাৰো আজ্ঞা মোক নেলাগে, ময় ৰজাকো আরু তাহাঁতক বেৰি থকা ৰক্ষক বিলাককো ভয় নকৰোঁ, মোক কোনো দুষ্ট ৰজাই গুচাব নোৱাৰে, আরু মোৰ হাতৰ পৰা কেৱে সাৰিব নোৱাৰে, ময় মনুষ্যক সখ আরু বন্ধু বৰ্গৰ পৰা বঞ্চিত কৰোঁ; ৰজাই [ ৩৫ ] এই কথা শুনি কঁপি মুচ্‌কচ্‌ গল, পিচে অলপ স্বস্ত হৈ সুধিলে বোলে তুমি জম দূতনে? সি উত্তৰ দিলে বোলে হয়, তাতে ৰজাই আকৌ কলে বোলে হে দেও, মোক এদিনলৈ আহৰি দিয়া ময় মোৰ, পাপ ক্ষমা কৰিবলৈ ঈশ্বৰক স্তুতি কৰিম, আৰু যিবোৰ ডকাদি অনা ধন মোৰ ভঁৰালত আচে তাকো ওভোতাই দিম, তেনে কৰিলেহে যেন ময় শাস্তিৰ পৰা ৰক্ষা পাম কিন্তু জমদূতে কলে বোলে তয় যি ইচ্ছা কৰিচ তাক কেকিয়াও সম্পূৰ্ণ কৰিব নোৱাৰ, যেতিয়াই তোৰ জীমনৰ মুৰ পৰিচে ময় তোক কেনেকৈ আহৰি দিম? তাতে ৰজাই কলে বোলে মোক এডাঁৰ বেলিতো অবকাশ দিয়া; জম দূতে কলে বোলে সেই ডাঁৰ বেলি তয় অসাবধান হৈ থাকোতেই গৈচে, যিমান উষাহ কাঢ়িব লাগে তিমান উষাহ তয় সৈচ অকল একেটা হে লবলৈ আচে। এই কথাত ৰজাই সুধিলে বোলে ময় মৰিলে মোৰ লগত কোন জাব? দূতে কলে বোলে পৃথিবীত যি কৰ্ম্ম কৰিচ তাত বাজে তোৰ লগত আন কেৱে নেজাই; ৰজাৰ মনত আরু অধিক সোক লাগি কলে বোলে ময় একো কৰ্ম্ম কৰা নাই; এনেতে জমদূতে তেন্তে তোৰ অনন্ত অগ্নিত হে ঠাই হৰ বুলি তাৰ জীৱক ধৰি লৈ গলত শটো সিংহাসনৰ পৰা বাগৰি মাটিত পৰিল। সেই ৰজাৰ প্ৰজাবোৰৰ মাজত বৰ কন্দা কটি লাগিল আৰু সি গৈ যি মন্ত্ৰণা সহিলে তাল ভু পোৱা হলে সিহঁতৰ বিলাপ অধিক হল হতন। [ ৩৬ ]


THE FARMER AND HIS SONS.

এক খেতিয়ক আরু তাৰ পুতেক হঁতৰ কথা।

 এক খেতিয়ক মৰিবৰ সময়ত আপুনি যেনে ধাৰ্ম্মিক হৈ চলিচিল, পুতেক হঁতকো তেনেকৈ চলাবৰ মনে তাৰ দুই পুতেকক বিচনাৰ ওচৰলৈ মাতি নি কলে বোলে হে মোৰ প্ৰিয় লৰাহঁত তহঁতলৈ এৰি জাবৰ মোৰ আন একো নাই অকল মোৰ খেতিৰ মাটি বাৰি খনিহে আচে তাৰে ওপৰত তহঁত দুইকো অধিকাৰ পাতিলোঁ আরু মোৰ এই বাঞ্ছা যে ময় মৰিলে তহঁতে মোৰ কথাত মান্য কৰি ময় যি এৰি জাঁও তাক তহঁতে কেতিয়াও এৰি নিদিবি। মোৰ জি খনি ধন তাক মোৰ বাৰিৰ এঠাইত এহাতে মাটিৰ তলত পুতি থৈচোঁ, ময় উঠিব পৰা হলে গায়ে গৈ দেখুৱালোঁ হঁতন, এতেকে হে লৰাহঁত তহঁত থাক, সকলো কৰ্ম্মতে ন্যাহ্য হৈ দুই ও মিলে প্ৰীতয়ে থাকিবি কিন্তু বাৰি আরু মাটিৰ কথা যি কলোঁ তাক নে পহেৰিবি।

 পিচে সেই খেতিয়ক মৰিলত পুতেক হঁতে পুতি থোৱা ধন বিচাৰি বলৈ ধৰিলে আরু এই ভাবিচিল বোলে আমি এই ধন পালে ৰজাৰ কোঁৱৰৰ নিচিনা হৈ খাই থাকিব পাৰিম। পিচে সিহঁতে গোটেই খন বাৰিকে খানি ধন নেপালে হয় কিন্তু খনাত বাৰি চাহ হৈ তাতে ভালেমান সহ ধৰিলে আরু তাকে বেচি সিহঁতে শেষত ধনকো পালে। ইয়াকে দেখি সিহঁতে খেতি কৰিলে কি লাভ হয় তাকে জানি [ ৩৭ ] তেতিয়াৰে পৰা সোৰোপা গুচি বৰ শ্ৰমি হৈ সিহঁতৰ বাপে কৰ নিচিনাকৈ খেতি কৰি সুখকৈ প্ৰবৰ্ত্তি থাকিল।


OF OUR DUTY TO GOD.
ঈশ্বৰৰ প্ৰতি আমাৰ কৰ্ত্তব্য কৰ্ম্ম।

 যি মহৎ ঈশ্বৰে স্বৰ্গ আরু পৃথিবী সৃষ্টি কৰিচে তেঁৱেই মোকো কৰিচে; তেঁও ৰাতিয়ে দিনে মোক আপদৰ পৰা ৰক্ষা কৰে আরু সদাই মোৰ হিত চিন্তে, এতেকে ময় তেওক জানিবলৈ আৰ তুষ্ট কৰিবলৈ সকলো প্ৰকাৰে চেষ্টা কৰিৰ পাঁও।

 এই মহৎ ঈশ্বৰক সন্তোষ কৰিবলৈ ময় তেঁওৰ প্ৰতি আরু মনুষ্যেৰ প্ৰতি মোৰ যি কৰ্ত্তব্য কৰ্ম্ম তাকে কৰিব পাঁও।

 ঈশ্বৰৰ প্ৰতি মোৰ এই কৰ্ত্তব্য় কৰ্ম্ম অৰ্থাৎ তেঁওক আৰাধনা কৰা, ভয় কৰা, প্ৰেম কৰা, মান্য কৰা আরু তেঁওৰ গুণানুবাদ কৰা ইত্যাদি।

 মনুষ্যেৰ প্ৰতিও ময় এই কৰ্ম্ম কৰিব পাও। অৰ্থাৎ পিতৃ মাত্ৰিক মান্য কৰা, সদাই সঁচা কথা কোৱা আরু সৎহোৱা, আরু সকলোকে দয়া কৰা ইত্যাদি। ময় যদি এই বোৰ কৰোঁ তেন্তে ঈশ্বৰ মোৰ পিতৃ আৰু হিতৈষী চিৰকাললৈকে হব, কিন্তু ময় ঈশ্বৰক ভয় বা প্ৰেম নকৰিলে মোক পাপী আরু দুষ্ট বুলি ক্ৰোধ কৰিব।

 ময় ঈশ্বৰৰ ক্ৰোধক অতি ভয় কৰোঁ কিয়নো তেও মোৰ দেহ নষ্ট কৰিব পাৰে। আরু মোৰ জীবাত্মাকো নৰকত [ ৩৮ ] পেলাব পাৰে। ময় সদাই ঈশ্বৰৰ আজ্ঞা পেলাই পাপ কৰিছোঁ। আরু সেই নিমিত্তে তেঁওৰ ভয়ানক ক্ৰোধৰ তলতিয়া হৈচোঁ। ঈশ্বৰে আমাক যি কৰিবলৈ হাক দিচে তাক কৰিলে আরু যি২ কৰিবলৈ আজ্ঞা দিচে তাক নকৰাকে পাপ বোলে। ঈশ্বৰৰ ক্ৰোধৰ পৰা ৰক্ষা পাবলৈ মোৰ পাপৰ নিমিত্তে অসন্তোষ কৰিব লাগে। ময় ঈশ্বৰক মোৰ পাপ ক্ষমা কৰি বলৈ প্ৰাৰ্থনা কৰিব পাঁও আৰু পাপ কৰ্ম্মৰ সলণি অসন্তোষ কৰি আশ্বলৈ ঈশ্বৰক সন্তোষ কৰিবলৈ পুরুষাৰ্থ কৰিব পাঁও। ময় যদি ইয়াকে কৰোঁ। তেন্তে মোক ঈশ্বৰে ক্ষমা কৰিব।


LEARNING WISDOM.
জ্ঞানশিক্ষা।

 হে প্ৰিয় লরা তোমাৰ আপোনাব ভাললৈ জ্ঞানি হোয়া আরু তোমাৰ মিত্ৰ সকলে ষি কয় তাক মনত সাঁচি থোৱা।

 এই পথিৱীত আরু পৰকালতো যেন তোমাৰ সুখ আরু শান্তি হয় সেই নিমিত্তে তুমি কুকৰ্ম্মৰ পৰা পলোৱা, পাপক ঘৃণ কৰা, আরু ঈশ্বৰক সকলো শক্তিয়ে সৈতে প্ৰেম কৰা? কিন্তু তুমি এই বোৰ কৰ্ম্ম ঈশ্বৰৰ সহায় নোহোৱাকৈ কৰিব নোৱৰা এতেকে তেঁওক প্ৰাৰ্থনা কৰা।

তুমি অতি নীচ আরু ক্ষুদ্ৰ মানুহৰ নিচিনা হৈ পৃথিবীৰ মিচা ঐস্বৰ্য্যত চিত নিদিবা, কিয়নো সেই বোৰ স্বপ্নৰ নিচিনা আরু শীঘ্ৰে গুচিব। এতিয়া তুমি যিবোৰ বুজৰ বস্তু [ ৩৯ ] দেখা সেই বোৰে মৰিবৰ কালত আলিৰ ধূলিতকৈ বৰ বস্তু নহব।

 এতেকে ধনৱন্ত মানুহৰ ঐশ্বয্য দেখি অসন্তোষ ন কৰিবা আরু তোমাৰো তাৰ নিচিনা ধন নোহোৱাত চিন্তা ন কৰিবা কিয়নো সকলো ধনৱন্ত, মানুহেই, সুখী নহয় আরু সুন্দৰ বস্তুৰ পৰা শৰীৰৰ আৰোগ্যতা আরু শান্তি পোৱা নেজাই।

ADVISE TO THE SCHOLOR.

ছাত্ৰৰ প্ৰতি উপদেশ।

 হে মোৰ প্ৰিয় লৰা তুমি লৰা কালতে যিসকল কথাৰ পৰা ডাঙ্গৰ লৈ উপকাৰ হব তাকে শিকা, আরু তুমি শিকিবলৈ দুখ কৰিব পোৱা কিয়নো তাৰ পৰা তুমি জীয়াই থাকা মানে ভাল হব।

 তুমি এতিয়া পঢ়াশালিলৈ গৈ যদি ভাল কথা শিকা তেন্তে তাৰ দ্বাৰা ডাঙ্গৰ হলে তুমি ধন সুনাম অৰু শান্তি পাবা।

 তুমি যদি যুবা কাল এনেই খেদোৱা তোমালৈ সেই কাল অরু উভতি নাহে, এতেকে তুমি সেই সময় সৎ কৰ্ম্মত ক্ষেপন কৰিবা।

 তুমি বদি কাল হেরুউৱা তেন্তে ধনো হেরৱা বুলি জানিবা। পড়াশালিলৈ গৈ তুমি এনেনুবুলিবা বোলেময় এডাঁৰ পৰ ওমলোঁ পিচে পড়িম গৈ, তুমি এডাঁৰ বেলিক অলপ্‌ হেন দেখিব পাৰা কিন্তু পড়িবৰ সময়ত সেই এডাঁৰকে নো কিয় [ ৪০ ] অকাৰনত নষ্ট কৰা? তোমাৰ ধেমালি কৰাৰপ্ৰস্তাৱ আছে এতেকে ময় যে তোমাক কলোঁ বোলোঁ তোমাৰ সময় নষ্ট কৰা বেয়া তাকে তুমি সদাই মনত ৰাখিবা।

FEAR OF GOD.
ঈশ্বৰলৈ ভয়।

 মনুষ্যে অকল মঙহৰ্ হে ক্ষতি কৰিব পাৰে কিন্তু জীৱা- তমাৰ একো কৰিব নোৱোৰে, এতেকেক তাক ভয় নকৰিবা কিন্তু মহৎ ঈশ্বৰক সদাই ভয় কৰিবা, কিয়নো তেঁও আমাৰ শৰীৰকো নষ্ট কৰিব পাৰে আরু জীবাত্মাকো নৰ কত পেলাব পাৰে। আমি নিশ্চয় জানো যে সকলোৱে এক সময়ত মৰিব আরু সকলো মনুষ্যকে ঈশ্বৰে যি ধুলিৰ পৰা সৃষ্টি কৰিছে তালৈকে আকৌ পঠাৱ।

 এই সংসাৰত ধন নেসাঁঢিবা কিয়নো ধনক মামৰে আরু পোকে নষ্ট কৰিব পাৰে আরু চোৰ সোমাই নিব পাৰে, কিন্তু স্বৰ্গলৈ ধন সাঁচা তাত মামৰেও একো কৰিব নোৱাৰে আরু চোৰেও চোৰ কৰিবলৈ ওচৰ চাপিব নোৱাৰে, এই নিমিত্তে যত তোমাৰ ধন আছে তাতে তোমাৰ চিত্তো থাকিব।

 যি আহিব লাগিচে তালৈ বৰ আশা নকৰিবা, কিয়নো এদিনতেনো কি হয় তাক তুমি নেজানা। হে প্ৰভু আমাক [ ৪১ ] তোমাৰ বাট দেখুৱা আৰু তোমাৰ আজ্ঞা পালন কৰিবলৈ শিকোৱা।

————

মাতৃ ভক্তি।
FILIAL DUTY.

 ৰোম দেশৰ এক বিচাৰ কৰ্ত্তাই এজনি ভাল মানুহৰ তিৰোতাক বৰ দোষৰ নিমিত্তে বধ কৰিবলৈ চাওড়াঙ্গক আজ্ঞা দিলে।

 চাওড়াঙ্গে তাই ভাল মানুহৰ তিৰোতা দেখি তেতিয়াই নেমাৰি বন্দিশালত এই মনেৰে থলে বোলে এই মানুহৰ আগত অসম্ভ্ৰমকৈ মৰাতকৈ বন্দিশালত খাব নিদিলে আপুনি মৰিব; কিন্তু সি তাইক চাবলৈ তাইৰ জিয়েক- ক সদাই জাব দি সোমাওঁতে মাকলৈ কিবা খাবৰ বস্তু নিয়ে বুলি ভালকৈ গা বিচাৰি হে ভিতৰলৈ জাব দিচিল।

 জিয়েক ভালেমান দিনলৈকে এনেকৈ গৈ আছিল আরু অনেক দিন এনেকৈ গল তেও সেই তিৰোতা জনি নমৰিলত সেই চাওড়াঙ্গে ভাবিলে বলে, ইমান দিন খাবলৈ নেপাইও এই কিয় নমৰে? এই কথা গুনি চাই সি জিয়েক মাকৰ তলৈ জাওঁতে মনে২ চালত দেখিলে যে নিলৈতৌ জিয়েক, আহি মাকক তাইৰ পিয়াহ খুৱাই ইমান দিনলৈকে

নমৰাকৈ, ৰাখিচে।

[ ৪২ ]

 এই আচৰিত কথা বিচাৰ কৰ্ত্তা সকলত জনোৱা হলত তেঁও বিলাকে মাকক ক্ষমা কৰিলে আৰু এনে ধাৰ্ম্মিক কন্যাক অকল মাকৰ প্ৰাণ দান দিলে এনে নহয় কিন্তু নমৰে মানলৈকে তাঁহাতক প্ৰবৰ্ত্তিবৰ উপায় দি যি ঠাইত এই আচৰিত কথা হৈচিল তাতে বন্দিসাল ভাঙ্গি মাতৃ ভক্তিৰ উদ্দেশে মন্দিৰ নিৰ্ম্মাণ কৰিলে।

———

INGENUITY AND INDUSTRY REWARDED.

চতুৰতা আরু শ্ৰমৰ পুৰস্কাৰ।

 এক ধনৱন্ত খেতিয়কৰ, দুটি লৰা আচিল সরুটি ডাঙ্গৰ টিত কৈ এবচৰে সরু৷ সরুটি লৰা উপজিবৰ দিনা তেঁও আপোনাৰ বাৰিৰ দুৱাৰ মুখত দুটি একে সমানৰ আমৰ পূলি রুলে।

 সেই পূলি দুটিক একে দৰে পতি কৰিলত এনে সমান হৈ উঠিল যে তাৰ ভিতৰত কেৱে ভিন্ ভাৱ নে দেখিচিল; পিচে খেতিয়কে দুই পুতেকৰ নাম পুলি দুটিকো দিলে।

 কালক্ৰমে তেঁওৰ পুতেক হঁত ডাঙ্গৰ হৈ বাৰিত কোৰ ধৰিব আরু আন২ বন কৰিব পৰা হলত এদিন তেঁও দুইকো লগত লৈ সেই পুলি চাবলৈ গল। পিচে তেওঁবিলাকে পুলি দুটিৰ ডাঙ্গৰ দিঘল আরু ফল ইত্যাদি প্ৰশংসা কৰিলত বাপেকে কলে বোলে, হে মোৰ প্ৰিয় লৰাহঁত, ময় তোমো- লাকক এই গচ দুডালি দিলোঁ, সি বৰ সুন্দৰে আচে, তোমো [ ৪৩ ] লাকে বিমান পতিকৰা তিমান বাঢ়িব আরু যিমান হেল কৰা তিমান হাস হব আৰু তোমোলাকে তাৰ হৈ যি শ্ৰম কৰা তাৰ ফল পাবা।

 কৃষ্ণৰাম নামে সরু লৰাটি বৰ শ্ৰমী আচিল; সিতাৰ গচক বৰকৈ পতি কৰি গচৰ পোক এরুৱাই নে হালিবলৈ ঠেকা দি আরু ৰদ নিয়ৰ লাগিবলৈ গুৰি খালি দি চিল। সংক্ষেপ কৰি কব লাগিলৈ সরু কালত তাক মাকে যেনেকৈ প্ৰতিপাল কৰিচিল সি তাৰ আমগচক তাত কৈ ও অধিক কৈ পাতি কৰিলে।

 কিন্তু তাৰ ককাইএক মুক্তাৰাম ভায়েকৰ নিচিনা নহৈ ওৰে দিনটো পৰ্ব্বতত উঠি্‌ বাটরুৱাক দলিয়াই আচিল, আরু গাৱঁৰ লৰা বোৰে সৈতে মৰামৰি কৰি থাকোঁতে এদিন জুজ কৰোঁতে লাথিত ভৰিও ভাগি, এনেকৈ সি তাৰ গচক গোটেই হেলা কৰি শেষত তাৰ কথা কেতিয়াও নভবা হল; কিন্তু বাৰিখা এদিন অকস্মাৎ তাৰ ভায়েকৰ গচ ডাল আমৰ ভৰ ওলমি পৰা দেখি বৰ আচৰিত হল আরু তাৰ ডালো তেনেকৈ লাগিচে বুলি চাবলৈ গৈ দেখে যে গচ ডালত কেইটা মান শুকান পাতত বাজে আন একো নাই।

 ইয়াকে দেখি খঙ্গে আৰু হিংসাত জলি উঠি্ বাপেকৰ তলৈ গৈ কলে বোলে পিতা মোক তুমি কেনে গচ দিচিলা? ময় তাত দহোটা আমো নেপাম, কৃষ্ণৰামক তুমি ভাল ডাল [ ৪৪ ] দিচা এতেকে তাৰ আমৰ ভাগোতো মোক দিব দিয়া।

 তাতে বাপেকে কলে বোলে কি তোৰ ভাগ দিব? শ্ৰমী মানুহে তেন্তে সোৰোপাক খুৱাবলৈহে শ্ৰম কৰিবনে? তোৰ বাখনাত যি পাইচ তাতে সন্তোষ হৈথাক্, আলাহিয়া হোৱাৰ প্ৰতিফল এই, এতিয়া ভায়েৰৰ কপাল দেখী মোক অন্যায় কৰা নুবলিবি। ভায়েৰৰ গচ যেনে আচিল তোৰো ডাল তেনেই আচিল আরু দুই ওৰো ডাল একে ঠাইতে হৈচিল। তাৰ ডাল সি পোকৰ পৰা পতি কৰি ৰাখিছে কিন্তু তোৰ তয় কলিতে পোকক খাবলৈ দিচিলি, যি সকল বস্তু মোক ঈশ্বৰে দিচে তাক এনেই নষ্ট হবলৈ ময় দিব নোৱাৰোঁ এতেকে এই গচ ডাল তোৰ তৰ পৰা ময় নিলোঁ আরু আজিৰ পৰা তোৰ নামেও তাক নেমাতোঁ। তাক ভাল কৰি- বলৈ ভায়েৰৰ হাতত দিম আরু আজিৰে পৰা গছ আরু তাত যি আম লাগে সি সকলো ভায়েৰৰ বস্তু হব। তোক লাগে যদি আন এটা পুলি লৈ প্ৰতিপাল কৰ গৈ কিন্তু তাকো এনেকৈ গুচালে তোৰ ভায়েৰক দিম।

 মুক্তাৰামে বাপে কৰ এই ক বা ন্যায় হেন জানি বাৰিলৈ গৈ এটা ভাল চাই আতলচৰ পুলি বা চললে, আরু ভায়েকে তাক প্ৰতিপাল কৰিবলৈ বুদ্ধি দিলত সি সেই বুব্ধিৰে চলি সেই বেলি শ্ৰম কৰি ভালেমান আম পালে আৰু আগৰোও দুৰ্স্বভাৱ এৰি ভালো হল, পিচে বাপেকেও তাৰ সু প্ৰকৃতি [ ৪৫ ] দেখি অতি হৰ্ষ হৈ পিচবচৰত তাৰ বাৰি খল দুই পুতেকৰ মাজত ভগাই দিলে।

———

THE PIOUS SONS.
ধাৰ্ম্মিক পুত্ৰৰ কথা।

 চিচিলি নামেৰে উপদ্বীপৰ এটেনা পৰ্ব্বত বিদিৰ্ণ হলত তাৰ চাৰিও ফালৰ গাঁও বোৰত বৰ উপদ্ৰৱ হৈচিল।

 পৰ্ব্বতৰ চাৰিও ফালে আগ্নেয় দ্ৰব্য সকল পমি পৰিচিল, তাৰে পৰাৰক্ষা পাবৰ নিমিত্তে সেই২ গাঁৱৰ মানুহ বোৰ নিলগলৈ আঁতৰ হল। সকলোৱে বয় বস্তুলৈ পলাব লাগিচে এই হুল স্থুলত আনাপিয়চ আরু এম্ফিনোমচ্ নামে দুই ভায়েক তাঁহাতৰ ধন সোন আঁতৰ কৰিবলৈ বৰ উদ্বিগ্ন হৈ আচিল, এনেতে তাহাঁতৰ অকস্মাৎ এই কথা মনত পৰিল বোলে, আমাৰ আই বোপাই দুইও বুঢ়া তেঁও- বিলাক লৰি সাৰিৰ নোৱাৰে।

 পিতৃ মাতৃৰ প্ৰতি ভক্তিয়ে আন সকলো কথাকে পাহৰালে পিচে সিহঁতে কলে বোলে আমাক যি বিলাকে, জন্ম দিচে আৰু উপজীবৰে পৰা প্ৰতিপাল কৰিচে সিবিলাকত কৈ বৰ বন কি আচে?

 এই বুলি সিহঁতৰ এটাই বাপেকক আৰু এটাই মাকক কান্ধত লৈ অগ্নিৰ মাজেৰে গল; যি২ মানুহে এই ধাৰ্ম্মিক কৰ্ম্ম দেখিলে সিহঁতে বৰ আচৰিত হল আরু যি বাটেৰে [ ৪৬ ] সেই দুই ভায়েক মাক বাপেকক লৈ গল তাক সকলোৱে “ধাৰ্ম্মিকৰ পথাৰ” নাম থলে, আরু সিহঁতৰ সন্তান সন্ততিলৈকে সেই নামেই থাকিল।

———

FILIAL SENSIBILITY.

পুত্ৰৰ পিতৃ মাতৃৰ প্ৰতি স্নেহ।

 পেৰিচ্ নগৰৰ এক পঢ়াশালিত এটা লৰাই সুকান রুটি আরু পানিত বাজে আন একোকে নেখাই চিল।

 সেই পঢাশালিৰ অধক্ষে সেই ছাত্ৰে ধৰ্ম্মলৈ এনে কৰিছে হেন ভাবি তাক ভালেমান তিৰস্কাৰ কৰি তাৰ সেই প্ৰতিজ্ঞা ভাঙ্গিবলৈ ইচ্ছা কৰিলে, কিন্তু তেঁওৰ তিৰস্কাৰত একো গুণ নধৰিব দেখি এদিন তাক মতাই নিয়াই কলে বোলে পড়া শালিৰ ৰীতিয়েৰে নচলা বৰ বিষম, আরু তয়লো কিয় এনেকৈ খা তাক ক; কিন্তু তেও সেই লৰাই একো কথা নে ভাঙ্গিলত অধ্যক্ষে তাক পঢ়াশালিৰ পৰা মাক বাপেকৰ তলৈ খেদি পঠাম বুলিলত সি ভয় পাই কলে বোলে হে দেও, মোৰ বোপাইৰ ঘৰত এফেৰামান কলা রুটিত বাজে আন একো খাবলৈ পোৱা নাচিলোঁ কিন্তু ইয়াত ময় ভাল জোল আরু চিকন বগা রুটি খাবলৈ পাঁও আরু ইচ্ছা কৰিলে ভালকৈ খাবলৈ পাৰোঁ কিন্তু মোৰ পিতৃ মাতৃ যি অৱস্থাৎ আছে তাৰ কথা মনত পৰি ময় আন একোকে খাব নোৱাৰোঁ। [ ৪৭ ]


 সেই অধ্যক্ষে মাক বাপেকলৈ পুতেকৰ ইমান চেনেহ দেখি বৰ অসন্তোষ কৰি চকুৰ পানি নেপেলোৱাকৈ থাকিব নোৱাৰিলে আৰু কলে বোলে তোমাৰ পিতা ৰণুয়া আচিল তেওৰ মাহিলি বেতন নাইনে? ছাত্ৰে কলে বোলে নাই, তেঁও পাবলৈ প্ৰাৰ্থনা কৰিচিল কিন্তু ধন নোহোৱাতে থাকি এৰি দিচে আরু নগৰত ধাৰ কৰাত কৈ দুখত পৰিও গাৱত আচে।

 ইয়াতে অধ্যক্ষে উত্তৰ দিলে বোলে তুমি কোৱা কথা যদি স্বৰূপ হয় তেন্তে ময় তোমাৰ পিতালৈ পাঁচ শ টকা বচৰি বেতন লগাই দিম, আরু তোমাৰ পিতৃ মাতৃ ইমান দুখত পৰিচে দেখি এই তিন টকা তুমি ভাঙ্গি খাবলৈ নিয়া আরু তোমাৰ পিতালৈ ময় চ মাহৰ বেতন আগামিকৈ পঠা্ই‌ দিয়াম তাতে ছাত্ৰে কলে বোলে হে দেও তুমি অনু গ্ৰহ কৰি মোৰ পিতালৈ যদি ধন পঠাব ইচ্ছা কৰিচা তেন্তে এই তিন টকাও তাৰ লগত দিবা কিয়নো তাৰ পৰা মোৰ পিতাৰ সিবোৰ লৰা প্ৰতিপাল হব পাৰিব।

———

THE SECRET OF BEING ALWAYS SATISFIED.

সদানন্দ হোৱাৰ সঙ্কেত।

 ইটালী দৈশৰ এক গোঁসাইৰ আনন্দ আরু সন্তোষি স্বভাৱ আচিল। তেঁও উপজিবৰে পৰা ভালে মান দুখত পৰিচিল কিন্তু তেও কেতিয়াও অসন্তোষীন হৈচিল। [ ৪৮ ]


 তেঁওৰ এই সুস্বভাব দেখি তেওঁৰ মিত্ৰ এজনে বৰ আচ ৰিত হৈ এদিন তেঁওত সুধিলে বোলে হে মিত্ৰ তুমি মোক সদানন্দ হযৰ সঙ্কেত সিকাৱ পাৰানে।

 তাতে সেই বুঢ়া মহাজনে উত্তৰ দিলে বোলে ময় আতি সহজে মোৰ সঙ্কেত সিকাব পাৰোঁ অৰ্থাৎ মোৰ চকুৰ ব্যৱহাৰৰ দ্বাৰা ময় সদানন্দ হৈ থাকোঁ কিন্তু তেঁওৰ মিত্ৰে এই কথা নুবুজিলত তেঁও এই বুলি ভাঙ্গি কলে বোলে।

 ময় যি কি অৱস্থাতে থাকোঁ আৰ্গে ময় স্বৰ্গলৈ চকু তুলি চাঁও আরু ভাবোঁ যে তলৈ জোৱা হে মোৰ ইয়াত ঘাই বন, পিচে ময় তলত পথিবীলৈ চাঁও আরু ভাবোঁ যে ময় মৰিলে ইয়াত মোক অল্প ঠাই হে লাগিব, পিচে ময় পৃথি বীৰ চাৰিও ফালে চাই ভাবোঁ যে ইয়াত মোতকৈও অনেক দুখিয়া আছে এনেকৈ যথাৰ্থ সুখ যত, আরু যত আমাৰ সকলো দুখ আরু ভাবনা সমাপ্তি হব তাকে জানো এতেকে অসন্তোষ কৰিব লগা নাই।

DUTIES OF CHILDREN TO THEIR PARENTS.

সন্তান সকলৰ পিতৃ মাতৃৰ প্ৰতি কৰ্ত্তব্য কৰ্ম্ম।

 তোমাৰ পিতৃ মাতৃক মৰম্ কৰা, কিয়নো সিবিলাকে তোমাক বৰ চেনেহ কৰে আরু উপজিবৰে পৰা তোমাক প্ৰতিপালন কৰিচে। [ ৪৯ ]


 যেতিয়া তুমি অতি কেচুৱা আচিলা আরু মাতিব বা ফুৰিব নোৱাৰি কান্দি সিবিলাকক বেজাৰ দিচিলা তেতিয়াও তেঁও বিলাকেহে প্ৰতিপালন কৰিচিল। তোমাৰ প্ৰতি পিতৃ মাতৃ যেনে মৰমিয়াল তেনে আরু কোন আচে? তোমাক সিকাবলৈ তেনে দুখ কোনে সহিচে? তুমি জিবোৰ কথা জানা তাক কোনে সিকাইচে? তোমাক খাবলৈ আরু সুবরু বিচনা কোনে দিচিল? তোমাৰ আনন্দত কোনে ৰঙ্গপায় আরু তোমাৰ দুখত কোনে দুখ পায়? তুমি নৰিয়া পৰিলে কোনে মৰম কৰে আৰু প্ৰতিপালন কৰে? কোনে তোমাৰ ভাললৈ ঈশ্বৰক প্ৰাৰ্থনা কৰে?

 তোমাৰ পিতৃ মাতৃক মান্য কৰা। তোমালৈ জি ভাল তাক তেঁওবিলাকে তোমাতৈক অধিক জানে আরু সিবি লাকে সদাই তুমি জ্ঞানী আরু সুখি হবৰ বাঞ্ছা কৰে।

 তোমাৰ পিতৃ মাতৃ নৰিয়া বা দুখত পৰিলে সিবিলাকক সুখি কৰিবলৈ তুমি পুৰুষাৰ্থ কৰিবা আরু সিবিলাক দখিয়া হলে প্ৰতিপাল কৰিবা। তোমাৰ হৈ সিবিলাকে যি মান কৰিচে আরু যি দুখ সহিচে তাক কেতিয়াও নেপাহৰিবা।

DISOBEDIENCE WILL BE PUNISHED.

পিতৃ মাতৃক অৱজ্ঞা কৰাৰ প্ৰতিফল।

লৰাই পিতৃ মাতৃৰ কথাক মান্য কৰিব পাই, কিন্তু সিবি [ ৫০ ] লাকৰ বচন নেমানি অনেকে প্ৰাণ হেৰাইচে আরু কেত বোৰ খোৰা কোঙ্গাও হৈচে।

 এটা সরু লৰাই মাক বাপেকৰ হাক নেমানি পিঠা আরু মিঠই বুটলি ফুৰিচিল পিচে এদিন তেনেকৈ বোটলাত এন্দু ৰৰ ফাঁদত হাত পৰি বৰকৈ কাটিলে।

 এঠা্ই‌ত কেতবোৰ লৰা গোটই এটা নাদৰ পাৰত ধেমালি কৰিব লাগিচিল; মাক বাপেকে নাদৰ ওচৰলৈ জাবলৈ সিহঁতক হাক দিচিল কিন্তু তেও এটা লৰাই কোখ- ৰলৈ গৈ নাদত ভুমুকি দি চাঁওতে পৰিব ধৰিলত এজনি তিৰোতা লৰিগৈ তাৰ কাপৰত ধৰিলে কিন্তু লৰৰ বেগত থিতাপি হব নোৱৰাত লৰাৰ পিচত তাইও পৰিল।

 নাদ টোত পানি বৰ দ নাচিল দেখি তাই অলপ সুৰ্ত্তি পাই লৰাটো কোলাত লৈ থিয় দিলে পিচে সিহঁতৰ এটাহ শুনি মানুহে জখলা লগাই সিহঁতক জিয়াই তুলিলে, কিন্তু তেও গাত বৰ কৈ ঘা লাগিচিল। নাদ বোৰ নেঢাকি থোৱা বৰ বেয়া, কিন্তু সেই দেখি যে লৰাই মাক বাপেকৰ যে আজ্ঞা নুশুনিব এনে নহয়।

BROTHERS AND SISTERS.

ভয়েক ভনিয়েকৰ কথা।

 তোমাৰ ভাই আরু ভগিনীক মৰম কৰা, তেঁও বিলাকক [ ৫১ ] বেজাৰ নকৰিবা আরু গালি নেপাৰিবা আরু সিবিলাকক মাৰিবলৈ মোৰ হাত নেদাঙ্গিবা।

 তুমি ভাল পোৱা কিবা বস্তু সিবিলাকৰ তৎ থাকিলে তাক নেপাই তুমি খঙ্গ নকঁৰিবা আৰু কাঢ়িও নিনিবা কিন্তু সিবিলাকে ভাল পোৱা কোনো দ্ৰব্য যদি তোমাৰ তত থাকে তেন্তে তুমি সিবিলাকে সৈতে তাক ভগাই লবা।

 তোমাৰ পিতৃ মাতৃয়ে তোমোলাকক দ্বন্দ কৰা দেখিলে বৰ বিষম পায় সিবিলাকে তোমাক যেনে কৈ মৰম কৰে তেনেকৈ তোমোলাকেও মিলি থাকি পৰস্পৰ চেনে্হ‌ বেথা কৰিলে সিবিলাকে ভাল পায়।

 তোমাৰ পিতৃ মাতৃ ভাই ভনিক মৰম নকৰিলে তোমাক কেৱে ভাল নেপাব আরু সকলোৱে নিন্দা কৰিব। মানুহে কব বোলে মাক বাপেকে ইমান উপকাৰ কৰিচে সিবিলাকক প্ৰেম নকৰি কাক নো কৰিব? আরু ভায়েক ভনিএকে পিতৃ মাতৃৰে পৰা উপজিচে, একে ঘৰতে ডাঙ্গৰ দিখল হৈচে, এতেকে তেঁওবিলাককে মৰম নকৰিব যে কৰিবই নোকাক?

ON THE DUTY OF A PUPIL TO HIS INSTRUCTOR.

ছাত্ৰৰ অধ্যাপকৰ প্ৰতি কৰ্ত্তব্য কৰ্ম্ম।

 ছাত্ৰে সকলো প্ৰকাৰে তেঁওৰ অধ্যাপকক সন্তোষ কৰিবলৈ

পুরুষাৰ্থ কৰিব পাই কিয়নো তেঁও যিকয় সি তাৰ ভাললৈহে।

[ ৫২ ]  যেতিয়া অধ্যাপকে দোষ পাই ছাত্ৰক মাৰে তেতিয়া তেঁওক নিৰ্দয় বোলা বৰ বেয়া জিটো অধ্যাপকে ছাত্ৰে দোষ কৰিলে তাক চেকনিৰে নোকোবাই সেই অধ্যাপকৰ প্ৰতি ছাত্ৰেই চেকনি হব।

 কেতবোৰ লৰাই দোষৰ হৈ মাৰ খালে অধ্যাপকক খঙ্গ কৰে কিন্তু তুমি এনে কথা কেতিয়াও নকৰিবা, তোমাৰ অধ্যাপকৰ অনুগ্ৰহ আকৌ পাবলৈহে পুরুষাৰ্থ কৰিবা; তোমাক শিকাবলৈ তেওঁবিলাকে যিমান শ্ৰম কৰিচে তাকে মাথোন ভাবি চোৱা। মৰমিয়াল মানুহে শিকাবলৈ ভাল পায়, কিন্তু তেও সিবিলাকৰ কেতিয়াবা২ খঙ্গ উঠে্‌।

 হে লৰাহঁত তোমোলাকৰ শিক্ষকক অতি মান্য কৰা আরু তোমোলাকক তেঁও খঙ্গ করিলে তেঁওক নিৰ্ম্মৰমিয়াল বুলি নেভাবিবা,আপোনাতে ভাবি চোৱা মাথোন; তোমাৰ কেতি য়াও খঙ্গনুঠে্নে‌? উমলিবৰ সময়ত তুমি তোমাৰ লগৰিয়াক খঙ্গ নকৰানে? এতেকে তোমাক পঢ়াওঁতে বেজাৰ পাই তোমাৰ অধ্যাপকে অলপ খঙ্গ কৰিলে তুমি বেয়া নেপাবা। বিদ্যা কেনে মূল্যবান তাকে মাথোন ভাবা বিদ্যা অমূল্য ৰতন। এতেকে তোমাক এনে ৰতন যোনে দিচে তাৰ প্ৰতি কেনে কৃতজ্ঞ আৰু চেনেহিয়াল হব পোৱা। [ ৫৩ ]

BENEFICIENCE ITS OWN REWARD.

দানৰ পুৰস্কাৰ।

 এক বৰ মৰমিয়াল সুতাৰ এদিন এক নগৰৰ পৰা আন এক নগৰলৈ জাবৰ ইচ্ছাকরি বাৰে টকা ৰূপ বাটত ভাঙ্গি খাবলৈ ললে।

 কিন্তু যাত্ৰা কৰিবৰ অল্প আগে সি এটা মানুহক বৰ অসন্তোষকৈ জোৱা দেখি তাৰ ওচৰলৈ গৈ সুধিলে বোলে তোমাক দুখৰ পৰা আমি উব্ধাৰ কৰিব পাৰোঁনে? তাতে সেই মানুহে তাৰ দয়া দেখি তাৰ দুখৰ কথা সকলোকে এই বুলি ভাঙ্গি কলে বোলে দহ টকা ৰূপ দিব নোৱৰাত আজি মোক লৰা তিৰোতাৰ তৰ পৰা বন্দি সাললৈ নিব।

 তাতে সেই মৰমিয়াল সুতাৰে সুধিলে বোলে তোমাক তাতকৈ অধিক নেলাগে নে? ময়েসৈতে আহাঁ মোৰ পেৰাত ১২ টকা ৰূপ আচে সেই খনি এটাই তোমাৰ; এই বুলি সি তাক বাৰ টকা ৰূপ দিলে।

 পাচ দিনা তেঁওৰ এক মিত্ৰে সুধিলে বোলে তুমি এটা মানুহক তাৰ লৰা তিৰোতাই সৈতে মহা দুখৰ পৰা উদ্ধাৰ কৰিচা বোলে হয়নে? তাতে সুতাৰে কলে বোলে হে মিত্ৰ ময় কালি এবাহ পৰিয়ালে সৈতে কেনে সুখেৰে ভোজন কৰিচোঁ সিহঁতে চকুৰ পানিৰে মোৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি গৰাহে২ মোক আশীৰ্বাদ কৰিচিল। [ ৫৪ ]

THE COMPASSIONATE JUDGE.

মৰমিয়াল বিচাৰকৰ্ত্তাৰ কথা।

 ফ্ৰান্স দেশত এণ্টনি দোমাত নামে এক প্ৰধান বিচাৰ কৰ্ত্তা আচিল। এদিন এজনি দুখিয়া বাৰি তিৰোতা তেঁওৰ চৰালৈ গৈ এক চৌধাৰিৰ নামে তাইৰ মাটি কাড়ি নিচে বুলি গোচৰ কৰিলে।

 বিচাৰ পতিয়ে গোচৰ শুনি এই প্ৰমাণ পালে যে সেই তিৰোতাই নাজানি মাটিৰ পটাৰ কৰাল নামানিলত চৌধা- ৰীয়ে তাইক খেদাইচে। ইয়াকে জানি তেঁও চৌধাৰিক দুখিয়া বাৰিক দয়া কৰিব দিলে, কিন্তু সি বৰ নিৰ্মৰমিয়াল আচিল দেখি তেঁও বাৰীক মাটিৰ পৰা খেদিবৰ আরু গোচৰৰ খৰচও দিবৰ আজ্ঞা দিলে, এই আজ্ঞা দিওঁতে দোমাতৰ মৰম্ লাগি চকু মচিলত গিৰ২ কৈ চকুৰ পানি পৰিব ধৰিলে।

 পিচে যেতিয়া তাইক বন্দি কৰি ধন সাধিবৰ আজ্ঞা হল তেতিয়া তাই আটাহ পাৰি কলে বোলে হে ন্যায় ঈশ্বৰ তুমি এজনি দুখিয়া তিৰোৱা আরু তাইৰ অনাথ পুত্ৰৰ পিতৃ হোৱানে? এই বুলি তাই মুচ্কচ্ গল।

 তাতে সেই বিচাৰকৰ্ত্তাই তাইক ওলি তাইৰ স্বভাৱ প্ৰকৃ- তিৰ কথা সুধি গোচৰৰ খৰচ ৰূপ ১০০ দি চৌধাৰিক সেই খনি ধনতে মানতি কৰাই বাৰীক মাটি খনিও দিয়ালে। [ ৫৫ ]


 বাৰীয়ে তাইৰ উপকাৰকৰোঁতাৰ কৃপা দেখি সুধিলে বোলে হে দেও আপোনাক এই ধন কেতিয়া দিব লাগিব কলে ময় সাঁচি থব পাৰোঁ। দোমাতে কলে বোলে মোৰ চিত্তে যেতিয়া কব বোলে তয় এইটো কুকৰ্ম্ম কৰিচ তেতিয়া ময় তোমাত ধন সাধিম।

THE NOBLE BEHAVIOUR OF SCIPIO.

সিপিও সেনাপতিৰ সচ্চৰিত্ৰৰ কথা।

 ৰোমাণ ৰাইজে সিপিওক ২৪ বচৰ বয়সত্ স্পানিয়া দেশে সৈতে ৰণ কৰিবলৈ সেনাপতি পাতিলে।

 কাৰথেজ্ নগৰ জয় কৰাৰ পিচত তেঁওৰ ধৰ্ম্ম আরু সুচৰি- এৰ পৰীক্ষা তলত লিখা দৰে হল, আরু পূৰ্ব্বৰ আৰু এতিয়াৰ পুৰাবৃত্ত লিখক সকলে এই কথা বৰ প্ৰশংসা কৰিচে৷

 স্পানিয়া হঁতৰ ৰণ জিকি তেঁও চাউনিলৈ আহিল তেঁওৰ তলতিয়া বিষয়া সকলে তেঁওৰ তলৈ এজনি এনে ৰূপৱতী কন্যা আনিলে যে তাইৰ রূপ দেখি সভাৰ সকলোৱে মোহিত হল, সিপিওও তেঁওৰ স্বভাবিক ধৈৰ্য্যতা এরি বৰ অস্থিৰ হৈ তেঁওৰ আসনৰ পৰা উঠিল, পিচে স্থিৰ হৈ সেই ৰূপৱতী বন্দিয়াৰৰ ঘৰ, থকা ঠাই, আরু বংশ ইত্যাদিৰ কথা অতি আদৰকৈ সুধি ৰজাৰ কোঁৱৰ এটাই তাইক বিয়া কৰাবলৈ খুজিচে মুলি শুনি সেই কোঁৱৰক আৰু কন্যাৰ মাক

বাপেকক আনিবৰ আজ্ঞা দিলে।

[ ৫৬ ]  পিচে সেই স্পানিয়া দেশৰ কোঁৱৰ তেঁওৰ তলৈ অন হলত তেঁও তাক একোখৰকৈ মাতি নি সি সেই কন্যাৰ নিমিত্তে যে ভাবিচিল সেই ভাৱনা দূৰ কৰিবৰ নিমিত্তে এই বুলি কলে বোলে তুমি আরু ময় দুইও ডেকা সেই দেখি এফেৰিও আসঙ্কা নৰখাকৈ কঁও যিবিলাকে মোৰ তলৈ তোমাৰ খোজা বঢ়া কন্যা আনিচিল সিহঁতে তাইক তুমি অতি মৰম কৰা বুলিও কৈচিল আরু তাইৰ ৰূপ গুণ দেখি সেই কথাত ময় সঁজাত কৰিচোঁ, কিন্তু ময় ভাবিচীলোঁ বোলোঁ তোমাৰ নিচিনা অৱস্থাত পৰা হলে ময়ো অনুগ্ৰহ বাঞ্ছা কৰিলোঁ হঁতন এতেকে ময় তোমাক এটি উপকাৰ কৰিব খোজো যুদ্ধৰ দ্বাৰা ময় তোমাৰ অধিকাৰ হৈচোঁ হয় কিন্তু ময় তোমাৰ মিত্ৰ হব খোজোঁ; এইয়া তোমাৰ তিৰোতা লৈ জোৱা, আৰু সন্তোষ হবা। তুমি নিশ্চয় জানিবা যে তাই মাক বাপেকৰ ঘৰত যেনেকৈ থাকিল হঁতন আমাৰ ইয়াতো তেনেকৈ আচে, যি সুখৰ পৰা সৎ মানুহৰ ধৰ্ম্ম সুখ আরু মৰ্য্যাদা নষ্ট হয় তেনে সুখ ময় চিপিওৱে ভোগ কৰিৱ নোখোজোঁ, মোৰ আরু তোমাৰ যোগ্য দান কৰিবলৈ ময় তাইক ৰাখিচিলোঁ এতেকে এই অমূল্য দানৰ সলনি তুমি মোৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি ৰোম দেশীয়ৰ মিত্ৰ হোৱা।

 সেই কোঁৱৰে এই কথাত একে সমিধান দিব নোৱাৰি সেনাপতিৰ ভৰিত পৰি বৰকৈ কান্দিব ধৰিলে আরু সেই [ ৫৭ ] কন্যাও সেই দৰে পৰিল, পিচে সেই কোঁৱৰৰ বূঢ়া বাপেকে অতি হৰ্ষ হৈ এই কলে বোলে হে মহৎ সিপিও ঈশ্বৰে তোক মনুষ্যত কৈ অধিক ধৰ্ম্ম দিচে, হে মহিমাৱন্ত সেনা পতি তুমি এতিয়া এই কৃতজ্ঞ কন্যাৰ আশীৰ্ব্বাদ শুনি যি সন্তোষ পাইচা তাৰ সমান সুখ কি হব পাৰে।

 চিপিও এনে আচিল,তেঁওৰ সদ্গুণ পুৰস্কৃত নোহোৱাকৈ না থাকিল সেই স্পানিয়া ৰজাৰ কোঁৱৰে এনে মহততা, দয়া, আরু শীলতা দেখি অতি আচৰিত হৈ স্বদেশলৈ গৈ সেই মহৎ সেনাপতিৰ সদ্গুণ সকলো ঠাইতে এই বুলি প্ৰকাশ কৰিলে বোলে স্পানিয়া দেশলৈ এজনা এনেহে বিৰ আহিচে যে তেঁও সকলোকে আপোনাৰ দয়া আরু ধৰ্ম্মৰ প্ৰভাৱত যিমান কৈ জিকে বাহুবলৰ দ্বাৰা তিমান নকৰে।

NO BANK OR POSSESSION CAN MAKE A GUILTY

MIND HAPPY.

ধন সোন ঐশ্বৰ্য্য একোৱে দোষী মনক সুখী

কৰিব নোৱাৰে।

 দাইওনিচিচ নামে চিচিলি উপদ্বীপৰ এক ৰজা অতি ধন ৱন্ত আচিল আরু ঐশ্বৰ্য্যৰ পৰা উৎপত্তি হোৱা সকলো সুখ ভোগ কৰিচিল কিন্তু তেও সুখী নাচিল।

 দেমকণ্টস নামে তেঁওৰ এটা খাটনিয়াৰ তেঁওৰ ঐশ্বৰ্য্য দেখি মোহিত হৈ এদিন তেঁওৰ পৰাক্ৰম আরু ধন প্ৰশংসা [ ৫৮ ] কৰি কলে বোলে দাইও নিচিচত কৈ ধনৱন্ত আরু মুখা ৰজা কেতিয়াও নাচিল।

 তাতে ৰজাই কলে বোলে দেমকণ্টচ তুমি এই সুখৰ স্বাদ বুজিব খোজানে আরু যি সুখ তুমি ইমান বৰ বুলি ভাবিচা তাক জানিব খোজানে? এই কথাত দিমকণ্টচ অতি হৰ্ষ হৈ সেই সুখ অভিলাষ কৰাত ৰজাই ৰাজ ভোগ প্ৰস্তুত কৰিবলৈ আরু তাক বহিবৰ সোনৰ বন কৰা আসন দিবলৈ আজ্ঞা কৰিলে।

 পিচে এখোটালি সোন ৰূপৰ বাচন দমকৈ চ ৰিও ফালে সজালে, অতি সুৱনি আলধৰা বোৰ তাৰ আল ধৰিবলৈ থিয় দিলে, আৰু নানাবিধৰ সুগন্ধি দ্ৰব্য তিয়াৰ কৰি সকলো বিধৰ ভাল২ খাবৰ দ্ৰব্য আনিলো দিমকণ্টচ সুখত উন্মত্ত হৈ আপোনা আপুনি দেৱতা হেন বুলি ভাবিলে।

 এই আনন্দৰ মধ্যত পৰি থাকি ওপৰলৈ চাই দেখে যে ঘৰৰ চালত এখন চোকা তৰোৱাল তাৰ মুৰৰ ওপৰত একে ডাল চুলিৰে আৰি থৈচে।

 তৰোৰাল পৰি তাক নাশ কৰিবৰ ভয়ে তাৰ সকলো সুখকে গুচালে, সোন ৰূপৰ জিলিকনি আরু বাজনা ইত্যাদিৰ পৰা সি সুখ নোপোৱা হল, সি খাবলৈ হাত বঢ়াবলৈকো ভয় কৰিব ধৰিলে, আরু ফুলৰ মালা বোৰ দলিয়াই পেলালে আরু সেই ভয়ানক ঠাইৰ পৰা নিলগ হবলৈ বাঞ্ছা কৰি এনে ভয়েৰে সুখ ভোগ কৰিবৰ আরু অভিলাষ নাই বুলি ৰজাক [ ৫৯ ] আকৌ পুৰ্ব্বৰ অৱস্থালৈ জাবৰ অনুমতি পাবৰ প্ৰাৰ্থনা কৰিলে।

 এই বুধিৰে ডাইওনিচিচ ৰজাই ধন সোনৰ মাজত থাকি ও আরু ৰজাই ভোগ কৰা সুখ ভোগ কৰিও যে সদাই অসুখী আচিল তাকে হিমকণ্টচক জনালে।


LYING .

মিচা কথা।

 মিচা কথা কোৱা সদাই নীচ মনৰ হে চিন, মিচলিয়া নামা যি মানুহে পায় সি সকলোৰে আগত যি লাজ পায় তাৰ কথা ময় নকঁৱেই, মিচলিয়া যি সি লৰাই হক বা চোৱালিয়েই হক ধনৱন্তেই হক বা দুখিয়াই হক আরু মুনিহেই হক বা তিৰোতাই হক সকলো সমান; মিচলিয়াক যোনে চিনে সেয়েই ঘৃণা কৰে আরু তাৰ কথা সঁচা হলেও কেবে নপতি য়াই, সি কোনো সময়ত মানুহৰ সহায় খুজিলে তাৰ কথা মিচা বুলি কেবে নুশুনে।

 সকলো বিধৰ মিচা কথাই বেয়া যি মিচা কথাৰে তুমি কাৰো দন্য কৰা সি তত বেয়াই, কিন্তু যি মিচা কথাৰ পৰা কাৰো দন্য নহয় সিও বেয়া।

 কোনো ভাল কৰ্ম্ম কৰিচা হেন বুলি যদি তুমি মিচাকৈ দৰ্প কৰা তেন্তে তাৰ দ্বাৰা মানুহক চলা আরু যদি কোনো কুকৰ্ম্ম লু কাবলৈ মিচা কোৱা তেন্তে তাৰ দ্বাৰা দোষৰ ওপ[ ৬০ ] ৰত দোষ কৰা বুলি জানিবা। অপৰাধ লুকাৰৰ নিমিত্তে মিচা কলে দোষ নাই বুলি কেতিয়াও না ভাবিবা কিয়নো মিচা যি সি মিচা, যি নিমিত্তেই কোৱা, আরু ভাল হবলৈ অকৰ্ম্ম কৰিব নোপোৱা।

 কিন্তু ময় সঁচা কব দিচোঁ বুলি তুমি আপোনা আপুনি কাৰো দোষৰ কথা নকবা, কিন্তু যেতিয়া তোমাক কেৱে সোধে বোলে অমুকে কি কৰিচে, তেতিয়া তুমি স্বৰূপ কথা কবা বা একোকে নকবা, মিচা হলে কেতিয়াও নকবা।

 আরু তুমি জানিবা যে ঠাৰেৰেও আরু কথাৰেও মিচা কব পৰে, আরু তুমি সঁচা কইও মিচা কব পাৰা। অৰ্থাৎ ময় তোমাক কোনো এটা কৰ্ম্ম কৰিব দি যদি তোমাত সোধোঁ বোলোঁ সেই কৰ্ম্ম কৰিলানে? পিচে তুমি যদি কোৱা যে সেই কৰ্ম্ম কৰিবৰ এডাৰ পৰ হৈচে কিন্তু স্বৰূপত তুমি কৰা নাই আনেহে কৰিছে তেন্তে এনে কথাকো মিচা বোলে।

 এতেকে হে প্ৰিয়লৰা সকল মিচাৰ পৰা পলাবলৈ সাৱধান হোৱা আৰু পৰকালত মিচলিয়াৰ কি গতি হব তাকে মাথোন কেতিয়াও নে পাহৰিবা। ঈশ্বৰৰ তলৈ কোন জাব? অকল তেঁৱে জাব যোনে চিত্তে সৈতে সত্য। ঈশ্বৰে মিচা মুখক ঘৃণা কৰে কিন্তু সত্যবাদিক প্ৰেমকৰে। [ ৬১ ]

WE MUST NOT TELL LIES NO NOT IN SPORT.

আমি মিচা কথা কব নাপাঁও ৰঙ্গকৈ ও নাপাই।

 এটা লৰা এখন পথাৰত গরু ৰখিবলৈ সদাই গৈচিল, সি ৰঙ্গ কৰিবলৈ বৰ ভাল পাইচিল দেখি বাঘ নাহিলেও মিচাকৈ কেতিয়াবা২ বাঘ বাঘ বাঘ ঔ বাঘ বুলি আটাহ পাৰিচিল।

 বাঘে গরু খায় দেখি তেনেকৈ আটাহ পাৰিলে ওচৰৰ পথাৰৰ বনুৱই বোৰে বন এৰি বাঘ খেদাবলৈ আহিব হেন বুলি ভাবি তেনেকৈ বাঘ২ বুলি বনুৱইক বনৰ পৰা মাতি নি পিচে ৰঙ্গ কৰিচোঁ বুলি কৈচিল।

 পিচে এদিন সঁচা সঁচিকৈ বাঘ আহিলত সি লৰ মাৰি বনুৱই হঁতক বাঘ আহিছে বুলি কলেগৈ, কিন্তু সিহঁতে তাৰ কথা নুশুনি কলে বোলে বুপাই আমি তোক চিনিচোঁ, তয় যি ক সকলে মিচা।

 অকাৰণে সি আটহ পাৰিলে, কেৱে তাৰ গরু ৰাখিবলৈ নগল, পিচে বাঘে কেতবোৰ গৰু মাৰিলে, কেতবোৰ কামুৰি এৰিগল।

 এতিয়া তুমি চোয়াচোঁ মিচা কথা কোৱা কেনে অকৰ্ম্ম, এতেকে সদাই সঁচা কথা কবা তেনে নহলে সঁচা কলেও তোমাক কেৱে নপতিয়াব। [ ৬২ ]

USEFUL ADVICE.

হিতপৰামৰ্শ।

 কেতিয়াও মিচা কথা নকবা—তুমি দেখা বা শুনা কোনো কথাৰ বিবৰণ যেতিয়া কোৱা তেতিয়া যেনে দেখিচিল তেনেকৈ কবা, কোনো কথা ন কৈ সাজি তোমাৰ বিবৰণ শুনিবলৈ ভাল কৰি বৰ চেষ্টা ন কৰিবা, কোনো কথা পাহৰিলে পাহৰিচোঁ বুলি কবা।

 কোনো অঙ্গীকাৰ কৰিবৰ পূৰ্ব্বে গুনি চাবা; তুমি কোনো কৰ্ম্ম কৰোঁ বুলি পিচে ন কৰিলে আপুনি তুমি মিচলিয়া হবা আরু তেনে হলে তোমাক কোনে পতিয়াব আরু সঁজাত কৰিব? যি যিলাকে সঁচা কথা কয় আরু অঙ্গীকাৰ ৰাখে সিবিলাকৎ বাজে আন কাতো কেৱে সঁজাত নকৰে।

 তুমি কোনো কুকৰ্ম্ম কৰিলে শান্তি পাবৰ ভয় কৰি মিচা নামাতিবা। কুকৰ্ম্ম কৰিলে যদি তুমি অসন্তোষ কৰি আগ লৈ তেনে নকৰিবৰ পুরুষাৰ্থ কৰা তেন্তে তোমাক মানুহে কদাচ খঙ্গ কৰিব আরু শাস্তি দিব। সকলো মানুহে তোমাক সঁচা কথা কোৱাৰ সলনি মৰম কৰিব, সিবিলাকে ভাবিব বোলে ই দোষ ঢাকিবৰ নিমিত্তে আরু শাস্তি নাপাবলৈকো মিচা কথা নকয়, এতেকে ই যি কয় সি সঁচা।

AGAINST STEALING.

চোৰ কৰাৰ কথা।

 চুৰ কৰা পাপ যি চুৰ কৰে সি ঈশ্বৰৰ আজ্ঞা অৱজ্ঞা কৰে [ ৬৩ ] যি বস্তু আমাৰ নহয় তাক নিয়া মহাপাপ আরু যোনে এনে কুকৰ্ম্ম কৰে সি তাৰ প্ৰতিফল পায়।

 এটা লৰা আচিল সি এদিন যি পঢ়াশালিত পঢ়িচিল তাৰ পৰা এখন পুথি চুৰ কৰি ঘৰলৈ নি মাকৰ আগত কলত তাই তাক শাস্তি নকৰি মুঠো্‌ হাঁহিঁ কলে বোলে এনে কৰা ভাল ন হয়।

 পিচে সি আশয় পাই লাহে২ যি বস্তুকে ভাল দেখিচিল তাকে চুৰ কৰিবলৈ ধৰিলে শেষত চোৰ ধৰ পৰিলত ফাঁসীত দিবৰ আজ্ঞা হল।

 ফাসীৰ চাঙ্গত উঠি সি মাকে সৈতে কথা কবলৈ ইচ্ছা কৰাত তাই কথা শুনিবৰ নিমিত্তে চাঙ্গত উঠিল পিচে যি কথা কবৰ চলে তাইৰ কানলৈ মুখ নি কান খন কামুৰি চিঙ্গি কলে বোলে ময় সরু থাকোঁতে যে ভয় হেলা কৰি চিলি তাৰ প্ৰতিফল পা, তয় হে মোৰ মৰণৰ কাৰণ, কিয়নো ময় যেতিয়া পঢ়াশালিৰ পৰা পুথি চুৰ কৰিচিলোঁ তেতিয়া যদি মোক মাৰিলি হঁতন তেন্তে ময় এই দুখ আরু লাজত নপৰিলোঁ হঁতন।

 লৰাক সরুৰে পৰা যেনে হবলৈ সি কোৱা যায় ডাঙ্গৰ হলেও তেনে হয়, এতেকে সরুতে সজ্ হবলৈ শিকাব লাগে। এই চোৰটক প্ৰথমে পুথি চুৰ কৰোঁতেই ভালকৈ মৰা

হলে এনেকৈ কেতিয়াও নমৰিলে হঁতন।

[ ৬৪ ]

THE KIND GIRL.

কনা চোবা্লি‌ৰ কথা।

 নাৰায়ণী নামেৰে এজনি চোৱালী আচিল তাই একো কৰ্ম্ম মন লগাই নকৰি পঢ়িবলৈ পাঠ দিলে বৰ টান বুলি কান্দি নোৱাৰোঁ বুলি পেলাই থৈ সাধু কথা পঢ়িবলৈ ভাল পাই চিল আরু লাহে২ নিশিকি সকলোকে একে লগে শিকি বৰ ইচ্ছায় আটাই কৰ্ম্মকে হেলা কৰি পিচে অজ্ঞান হবৰ উপক্ৰম কৰিলে।

 এদিন তাই লগৰিয়া এজনিয়ে সৈতে ফুৰিবলৈ জাওঁতে বাটত বৰখুনে পালত আলিৰ কোখৰৰ পজা এটাত্ লৰি সোমাল গৈ; পজাৰ ভিতৰত্ আন কেৱে নাচিল অকল এজনি বাৰ বচৰিয়া কনা চোৱালি নাম গাই২ কাপৰ সিব লাগিচিল।

 ইয়াকে নাৰায়ণীয়ে দেখি বৰ আচৰিত হৈ সুধিলে বোলে তুমি কনা হবৰ আগৈ সিবলৈ শিকিচানে? তাতে সেই কনা চোৱালিয়ে কলে বোলে ময় কনা হৈ উপজিচোঁ; ইয়াকে শুনি নাৰায়ণী আগতকৈও আচৰিত হৈ কলে, তুমি নো কেনেকৈ ববলৈ শিকিলা? ভালেমান দুখ আরু বেজাৰ পাইচিলা হেন পাঁও।

 কনা চোৱালিয়ে কলে বোলে আইটী হয় ময় প্ৰথমে বেজাৰ পাইচিলোঁ, কিন্তু মনদি শিকিলত বেজাৰ গুচিল আরু ময় এতিয়া দুখিয়া আই বোপাইৰ হৈ বৰকৈ শ্ৰম কৰোঁ। [ ৬৫ ]

 ময় কনা হলোঁ দেখি মোৰ পিতৃ মাতৃয়ে বৰ অসন্তোষ কৰিচিল, কিন্তু সিবিলাক বনলৈ জোৱাত আমাৰ ওচৰ চুবুৰিয়াই মৰম্ কৰি মোক প্ৰতিপাল কৰিচিল; পিচে মোৰ সাত বছৰ মান বয়স্ হলত এজনি বুঢ়িয়ে এদিন মোত কলে বোলে নাৰায়ণী তয় কনা হয় কিন্তু এনেই বহি থকা ভাল ন হয়, খোড়া আরু কোঙাই ও বন কৰি খাইচে এতেকে আপি তয় যদি ভাল পা তেন্তে ময় তোক মোজা ববলৈ শিকাব পাৰোঁ, কিন্তু শিকিবলৈ বেজাৰ বুলি ভয় নকৰিবি, প্ৰথমে শিক বৰ ঢিল ন হয়।

 এই কথাত ময় বৰ হৰ্ষ পাই পিতৃ মাতৃক প্ৰবৰ্ত্তাবলৈ উপায় কৰিব পাৰিম হেন বুলি সেই দিনাৰে পৰা মোজা বোৱা বেজিলৈ মোজা ববলৈ শিকিব ধৰিলোঁ।

 ভালে মান দিললৈকে ময় অতি লাহে২ শিকিলোঁ আরু কেতিয়াবা পাৰিম হেন বুলি ভবা নাচিলোঁ, কিন্তু সেই বুঢ়িয়ে ভাল মনেৰে শিকিব দিলত ময় শেষত মোজা বন্ধা জৰি এজোৰ বলোঁ, পিচে মোজা ববলৈকো শিকিলোঁ; এতিয়া ওৰে দিনটো বলেও বেজাৰ নালাগে আরু মানুহেও কনা চোৱালিয়ে বোৱা মোজা কিনিবলৈ ভাল পাই।

 নাৰায়ণীয়ে এই সকল কথা শুনি আপোনাৰ চৰিত্ৰ বেয়া বুলি জানি ভাবিলে বোলে কনা চোৱালিয়েই যদি ববলৈ শিকিলে ময় চকু থকাত শিকিবলৈ আরু ঢিলাহে।

 পাচ দিনাৰে পৰা তাই ভাল মনেৰে পাঠ পঢ়িবলৈ ধৰি [ ৬৬ ] পাঠ টিলা পালে, আরু আগৈ সাত দিনত যিমান শিকিচিল সেই দিনা একে দিনে তিমান শিকিলে; শেষত তাই সদাই ভাল মনেৰে পঢ়ি শিকিবলৈ ৰঙ্গ পাই বিদ্যাৱতী আরু জানৱতীহৈ সকলোৰে মনত ভাল হল।

ON ANGER.

ক্ৰোধ বিষয়ক।

 কোনো কথাত তোমাৰ খঙ্গ উঠিলে খঙ্গ উঠাৰ আগে খঙ্গ নুঠিবৰ উপায় কৰিবা। খঙ্গ উঠাৰ পৰা তুমি আনৰ দোষৰ সলনি আপুনিহে শান্তি ভোগা।

 তোমাৰ কোনো মিত্ৰৰ কথাত খঙ্গ উঠিলে তেতিয়াই সেই কথাৰ উত্তৰ একো নিদিবা; কিয়নো তুমি শান্ত হলে খঙ্গৰ চিনো না থাকিব।

 খঙ্গৰ পৰা খঙ্গ অধিককৈ হে উঠে্‌, এতেকে যেতিয়া খঙ্গ উঠে তেতিয়া এক আখাৰ কথাও নকবা।

 প্ৰতিহিংসা কৰিবলৈ কেতিয়াও ইচ্ছা নকৰিবা। কোনো মানুহে তোমাক অপমান কৰিলে সেই অপমানক ঘৃণা কৰাৰ সমান প্ৰতিহিংসা নাই, অপমানকঘৃণা কৰিলে অপমান কৰোঁতাই আপোনাৰ দাষ জানি বৰ দুঃখ পাব।

 যি সকলে তোমাক অপমান কৰে সিহঁতে তোমাক বেজাৰ পোৱা দেখিলে আকৌ তোমাক অপমান কৰিবৰ ইচ্ছা [ ৬৭ ] কৰিব; কিন্তু তুমি সিহঁতৰ অপমানক ঘৃণা কৰিলে সিহঁতে লাজ পাব।

VIRTUE IN HUMBLE LIFE.

দুখিয়া মানুহৰ ধৰ্ম্ম।

 পেৰিণৰ মাত নৌ ওলাওঁ তেই বাপেক মাক দুইও মৰিল, সেই দেখি পঢ়িবলৈ এটা ধন দিব নলগা পঢ়াশালিলৈ গল।

 পিচে পোন্ধেৰে বচৰ বয়স হলত এক খেতিয়কে তাক মেৰ চাগ ৰখিয়াকৈ ৰাখিলে। সি জি ঠাইত মেৰ চাগ ৰখিচিল তাতে লুচেতা নামেৰে এজনি আপিয়ে তাইৰ বাপে কৰ মেৰ ৰখিচিল। সিহঁত দুইৰো সদাই দেখা দেখি হৈ চিল পিচে পাঁচ বচৰৰ চিনাকিৰ মুৰত এদিন পেৰিণে কল বোলে লুচেতা আমি দুইও বিয়া সোমাবলৈ তোমাৰ পিতা ৰাক সুধিমনে? লুচেতাই লাজ কৰিলে, কিন্তু মান্ তি হল।

 পাচ দিনা তাই নগৰলৈ কিবা কাৰণে গলত সেই সময়কে ভাল হেন জানি পেৰীনে লুচেতাক বিয়া কৰাবলৈ তাইৰ বাপেকক খুজিলে, তাতে সেই বুঢ়াই কলে বোলে তয় মোৰ চোৱালিক বিয়া কৰাব খোজ, তাইক থবলৈ তোৰ ঘৰ আচেনে? আরু প্ৰতিপাল কৰিবলৈ ধন আচেনে? লুচেতাৰ [ ৬৮ ] কপালেৰে দুইও কেনেকৈ প্ৰতিপাল জাবি? এতেকে সি কথা ন হয় পে বীনসি কথা নহয়।

 এই কথাত পেৰীণে কলে, মোৰ বন কৰিবৰ হাত আছে, সদ্যহ কুৰি টাকা আচে তাৰে বিয়াৰ খৰচ হব আরু অধিক শ্ৰম কৰি ধনো সাচিম কিন্তু বুঢ়াই কলে বোলে তয় এতি- ও সরুএ আচে, অলপ বাট চা, ধনৱন্ত হ, মোৰ চোৱালি তোলৈকে থাকিল।

 পোৰণে গধুলি লুচেতা নহা মানলৈকে বাট চালে পিচে তাই আহি সুধিলে বোলে মোৰ পিতাই মানতি ন হলনে? পেৰিণে উত্তৰ দিলে যে দুখিয়া হোৱাৰ নিমিত্তে মোৰ কেনে দুৰ্ভাগ্য, কিন্তু ময় গোটেই নৈৰাশ হোৱা নাই, কি জানি ময় ধনবন্ত হঁৱেই।

 সিহঁতে এনেকৈ কোৱা কুই কৰোঁতে ৰাতি হলত আন্ধাৰ হল, পিচে পেৰিনে উজটি খাই মাটিত পৰি এখন গধুৰ মোনা পালত ওচৰৰ পৰা এটা চাকি আনি দেখে যে মোনা খন সোনেৰে ভৰা।

 পেৰিণে অতি হৰ্ষ হৈ কলে বোলে ময় ঈশ্বৰক আমাৰ কামনা পূৰ্ণ কৰার নিমিত্তে ধন্যবাদ কৰোঁ। ইয়াকে দেখি তোমাৰ পিতাৰাও সন্তোষ হব আরু আমিও সুখী হম।

 কিন্তু বাটতে তাৰ এটা কথা মনত পৰিল বোলে এই ধন আমাৰ নহয় আন কাৰোবাৰ কি জানি সিএতিয়া এই ধনৰ [ ৬৯ ] সলনি বিলাপকে কৰিচে। আমি পুৰোহিতৰ তলৈ গৈ পৰামৰ্শ সোধোঁগৈ বলা, তেঁও আমাক মৰম্ কৰে।

 এই বুলি গৈ সি ধনৰ মোনা খন পুৰোহিতৰ হাতত দি কলে বলে পূৰ্ব্বে ময় ঈশ্বৰে আমাক বিয়া কৰাবৰ নিমিত্তে দিচে বুলি ভাবিচিলোঁ কিন্তু এতিয়া গমি চাঁও যে ইয়াক নিয়া অবিধি।

 পুৰোহিতে সিহঁত দুইকো মন দি চাই তাহঁতৰ সততা প্ৰশংসা কৰি কলে বোলে পেৰিণ এনে ভাৱ মাথন সদাই মনত ৰাখিবা, ঈশ্বৰে তোমাক কৃপা কৰিব, এই ধনৰ অধি কাৰক উলিয়াবলৈ আমি পুরুষাৰ্থ কৰিম, সি তোমাক অৱশ্যে তোমাৰ সততাৰ পুৰস্কাৰ দিব ময় ও জি পাৰোঁ দিম, তুমি লুচেতাক পাবা।

 সেই মোনাৰ কথা সম্বাদ পত্ৰত লিখা গল আরু ওচৰৰ গাঁও বোৰতে কোৱা গল, কিন্তু তেও ভালেমান দিনৰ মুৰতো তাৰ গৰাকি নোলালত পুৰোহিতে পেৰিণৰ তলৈ ধন লৈ গৈ কলে বোলে এই বাৰ হেজাৰ টকাৰ পৰা একো লাভ নাই তুমি তাৰ লাভ খনিতো খাব পোৱা এতেকে তুমি তাক এনেকৈ থোৱা যে গৰাকি কেতিয়া আহিলেও মুল ধন খনি যেন দিব পাৰা।

 এই কথা অনুসাৰে এডোখৰ মাটি কিনা গল, আরু লুচে তাৰ বাপেকেও বিয়া দিবলৈ মানতি হল; পেৰিণে খেতি কয়ি [ ৭০ ] লুচেতাই ঘৰৰ বন কৰি দুইও আনন্দে খাই লই থাকিল আরু লৰা দুটি হৈ সিহঁতৰ সুখ আরু বৃদ্ধি কৰিলে।

 পিচে পেৰিণে এদিন গধুলি বনৰ পৰা ঘৰলৈ আহোঁতে দুটা ভাল মানুহক ৰথ এখনত উভতি পৰা দেখি লৰিগৈ সিবিলাকক ধৰি তাৰ ঘৰলৈ নি অনেক আদৰ কৰি শক্তি অনু সাৰে সুশ্ৰসা কৰিলে। তাতে ভালমানুহ এটাই কলে বোলে এই ঠাই ডোখৰ মোলৈ বৰ সাংঘাতিক; দহ বচৰ হৈচে ময় ইয়াতে বাৰ হেজাৰ সোন হেরুৱাইচোঁ।

 পেৰিণে এই কথা বৰ মন দি শুনি সুধিলে বোলে তুমি তাৰ হৈ কিবা বিচাৰ কৰি চিলানে? তেঁও কলে যে ময় এটাইলৈ জাবলৈ ওলাইচিলোঁ জাহাজ মেলিব বুলি লৰা লৰি কৰি জাওঁতে একো বিচাৰ কৰিব নোৱাৰিলোঁ।

 পাচ দিনা ৰাতি পুৱা পেৰিণে যি টি মানুহৰ সোন হেৰাই চিল তেঁওকে তাৰ ঘৰ বাৰি গরু ইত্যাদি দেখুৱাই কলে বোলে এই বোৰ সকলো তোমাৰ বস্তু, সেই ধন মোৰ হাতত পৰিচিল তাৰে ময় এই মাটি কিনিচোঁ আরু এই মাটি ও তোমাৰ; পুৰোহিতৰ তত এখন কাকত আচে তাৰ দ্বাৰা ময় মৰিলেও এই মাটি পালা হঁতন।

 সেই ভাল মানুহে কাকত খন বৰ আচৰিত হৈ পঢ়ি পেৰিণ লুচেতা আরু লৰা দুটি ক চাই কলে বোলে ময় কত আচোঁ? কি শুনু? এনে দুখিয়া মানুহৰ ইমান ধৰ্ম্ম? এই মাটিত বাজে তোমাৰ আন মাটি আচেনে? পেৰিণে কলে [ ৭১ ] বোলে নাই, কিন্তু তোমাক ৰাইয়ত লাগিব, এতেকে মোক ইয়াতে থাকিব দিবা।

 তাতে সোনৰ গৰাকিয়ে উত্তৰ দিলে বোলে নহয়, তোমাৰ সততাৰ নিমিত্তে ইয়াতকৈ বঢ়া পুৰষ্কাৰ পাব পোৱা; মোৰ বাণিজ্যত ভালেমান লাভ হৈচে আৰু মোৰ যি সোন হেৰা ইচিল তাক পাহৰিলোঁৱেই। তুমি এই মাটি পাব পোৱা, এতেকে তুমি তাক আপোনাৰ বুলি ৰাখা, তোমাতকৈ অধিক মহৎ কৰ্ম্ম পৃথিবীত কোনে কৰিলে হেঁতেন?

 পেৰিণ আরু লুচেতা দুইও অত হৰ্ষ হল, পেৰিণে কলে বোলে হে মোৰ প্ৰিয় লৰাহঁত, তহঁতৰ উপকাৰ কৰ হাতত চুমাখা, লুচেতা এই মাটি এতিয়া আমাৰ হল আমি এতিয়া শুদ্ধ মনেৰে ভোগ কৰিম।

 এনেকৈ সততা পুৰষ্কৃত হল; সেই দেখি যোনে পুৰষ্কাৰ পাব খোজে সি সেই ধৰ্ম্ম কৰক

INDUSTRY BETTER THAN GOLD.

সোনতকৈ শ্ৰম ভাল।

 যেতিয়া দক্ষিণামেৰিকা দেশলৈ সোন পাবৰ আশায় অনেক মানুহ গৈচিল তেতিয়া পিজাৰো নামেৰে এটা স্পানিয়া দেশৰ মানুহেও আনৰ নিচিনাকৈ কপালৰ মাহাত্ম্য বুজিবৰ মন কৰিলে; কিন্তু তাৰ এটা ডাঙ্গৰ ভায়েকক বৰ মৰম কৰিচিল দেখি সি তাৰ তলৈ গৈ তার অভিলাষ জনাই [ ৭২ ] লগত জাব লৈ প্ৰাৰ্থনা কৰি কলে বোলে আমি যি খনি সোন পাঁও তাৰ আদ খিনি তুমি নিবা।

 পিজাৰোৰ ককায়েক্‌ আলঞ্জোৰ বৰ সন্তোষী স্বভাব আচিল আরু বৰ বিবেচক আচিল, তেঁও এই অভিলাষ ভাল নেপাই নানা বিপদৰ কথা আরু সোন পোৱা নোপোৱাৰ অনিশ্চয়ৰ কথা কৈ ভায়েকক নে জাবলৈ পৰামৰ্শ দিলে।

 কিন্তু তেঁওৰ পৰামৰ্শ পিজাৰোৱে নুশুনা দেখি তেঁও - তাৰ লগত জাবলৈ মানতি হল, কিন্তু এই কথা কলে বোলে মোক সোনৰ ভাগো নেলাগে, আরু আন একোকে নালাগে অকল মোৰ বয় বস্তু খনি তোমাৰ জাহাজত নিবলৈ দিবা।

 পিচে পিজাৰোৱে তাৰ যি আচিল সকলোকে বেচি এখন জাহাজ কিনি আরু আন২ কেতবোৰ সোন পাবলৈ আশা কৰা মানুহে সৈতে যাত্ৰা কৰিলে, কিন্তু এলঞ্জোৱে হলে অকল নাঙ্গল, কোৰ, কুঠা্ৰ‌, ধানৰ বিধান, আরু নানা বিধৰ সাকৰ গুটি ইত্যাদি খেতিৰ সামগ্ৰিত বাজে আন একোকে নললে। সিজাৰোৱে এই বোৰ বস্তু প্ৰবাসলৈ নিব নলগা বুলি পেটে ককায়েকৰ কথাত হাহিঁ তেঁওক মুখে একো নুবুলিলে।

 বৰ সুন্দৰ বতাহ পাই সিহঁত কিচু দিন গৈ সোন পোৱা ঠাইৰ ওচৰত ঠাইত জাহাজ লগালে গৈ।

 তাৰে পৰা যি সোন পাবলৈ আশা কৰিচিল তাকে জানি [ ৭৩ ] বলৈ আরু আউটিবলৈ নানা বিষৰ অস্ত্ৰ শস্ত্ৰ ললে, আরু কেতবোৰ মানুহ কুলি ধৰিলে; কিন্তু এলঞ্জোৱে কেইটা মান মেৰ চাগ, চাৰিটা বলধ আরু তাঁহাতক বাটত খুৱাবলৈ দ্ৰব্যহে কিনি ললে।

 এই বোৰ লৈ জাহাজ মেলি সিবিলাকে নিৰ্ব্বিঘ্নে আমে ৰিকা দেশ পালে গৈ। তাতে এলঞ্জোৱে ভায়েকক কলে কোলে ময় তোমাৰ উপকাৰ কৰিবলৈহে লগলই আহিচোঁ এতেকে ময় তীৰৰ কোখৰত গরু মানুহ লৈ থাকোঁ, তুমি সোন বিচাৰাগৈ; আরু তোমাৰ যিমান আশা তিমান পালে আকৌ তুমিয়ে সৈতে স্পানিয়ালৈ জাম।

 পিজাৰো এই কথাত সোন বিচাৰিবলৈ ওলাল, কিন্তু ভায়েকৰ কথাত ঘৃণা কৰি তাৰ লগৰিয়া বোৰক কল বোলে ময় ভাবিচিলোঁ যে মোৰ ককাই জ্ঞানৱন্ত, স্পানিয়া দেশতো সকলে তেমে হেন ভাবিচিল, কিন্তু এতিয়া দেখো তাৰ বিপ ৰীত হল। ইয়াত আহি তেঁও বলধ্ গরুৰে ৰঙ্গ কৰিব খুজিচে, তেঁও যেন আপোনাৰ ঘৰতহে থাকি আন একো নকৰাকৈ খেতি কৰিৰ। কিন্তু আমি আমাৰ সময়েৰে কি কৰিব লাগে জানো, এতেকে লৰাহঁত বলা, আমাৰ যদি সুকপাল হয় তেন্তে জিয়াই থকা কেই দিন ধনৱন্ত হৈ খাব পাৰিম।

 এই কথাত সকলোৱে প্ৰশংসা কৰি তেঁও জলৈকে নিয়ে তালৈকে জাবৰ প্ৰতিজ্ঞা কৰিলে, কিন্তু স্পানিয়া দেশৰ এটা [ ৭৪ ] বুঢ়া মানুহে মুৰ জোকাৰি কলে বোলে তুমি তোমাৰ ককাই এৰাক যেনে অজ্ঞান পাতিচা তেনে হব না পাই।

 পিচে সিহঁত হাবিয়ে বনে বাটে অবাটে পৰ্ব্বত নৈ চেৰাই ৰদে বৰ খুনে ভালেমান ঠাই ফুৰিলে, কিন্তু এই বোৰ দুখকো দুখ নুবুলি সোন চাই২ এঠাইত কিচু সোন পালে।

 এই সৌভাগ্যত বৰ উৎসাহ পাই যি ঠাইত সোন পালে তাতে খানিব ধৰিলে কিন্তু তাতে সিবিলাকৰ খাদ্য দ্ৰব্য গোটেই ঢুকাল। সিবিলাকে ভালেমান সোন পালে হয় কিন্তু ভোকত অতি কষ্ট পালে তেও শ্ৰম কৰি হে আচিল আরু ফল মূল খাই প্ৰাণ ধাৰণ কৰিয়াচিল।

 কিন্তু শেষত তাকো নোপাৱা হলত আরু সিবিলাকৰ ভিতৰৰ কেইটা মানৰ দুখত প্ৰাণ নাশ হলত যি কেইটা ৰল সিহঁতে যি সোনৰ পৰা ইমান দুখ পাইচিল তাকে লৈ এলঞ্জোক যত এৰি আহিচিল তালৈকে পেট পেলাই২ চুঁচৰী জাব পাৰিলে মাথোন।

 ইহঁত ইফালে সোন বিচাৰিব লাগিচিল সিফালে এল ঞ্জোৱে কি হব তাক আগেই জানি এডোখৰ ভাল চাই মাটি বিচাৰি লৈ লগত অনা গরু আরু মানুহেৰে হাল বাই চাহ কৰিলে। পিচে সি তাতে লগত অনা গুটি আরু আলু ইত্যাদি বই অনেক সহ পালে। মেৰ চাগ বোৰ যে আনি চিল তাক সাগৰৰ তীৰৰ এখন পথাৰত চৰোৱাত গায়ে পতি দুটাকৈ পোৱালী হল; ইয়াত বাজে পিজাৰো উভতি অহা [ ৭৫ ] লকৈ অনেক পুরুষাৰ্থ কৰি ভালেমান খাদ্য দ্ৰব্য গোটাই থলে।

 পিজাৰো উভতি আহিলত ককাইয়েকে অতি আদৰকৈ আনি কাৰ্য্য কেনেকৈ সিদ্ধি করিলে তাৰে কথা সুধিলে, তাতে সি কলে বোলে আনি ভালেমান সোন পাইচোঁ কিন্তু আমাৰ লগৰ অনেক মানুহ মরিচে আরু যি কেইটা আচোঁ সিও খাবলৈ নেপাই মৰিব লগা হৈচোঁ, আজি দু দিনৰ পৰা গচৰ চাল আরু ফল মূলত বাজে আন একো খোৱা নাই এতেকে মোক শীঘ্ৰে খাবলৈ দিয়া।

 এলঞ্জোৱে অতি নম্ৰ হৈ কলে বোলে আমি যেতিয়া আহোঁ তেতিয়া কাতো কেৱে একো নোখোজোঁ বুলিচিলোঁ, তুমি শ্ৰম কৰি যি সোন পোৱা তাকো ময় খোজা নাচিলোঁ এতিয়া ময় শ্ৰম করি উপাৰ্জ্জন কৰা বস্তু যে তুমি খোজা ই বৰ আচৰিত; কিন্তু তুমি মোৰ খাবৰ দ্ৰব্যে সৈতে যদি তোমাৰ সোন সলোৱা তেন্তে ময় তোমাক খাবলৈ দিব পাৰিব পাৰোঁ।

 পিজাৰোৱ এই কথা বৰ নিৰ্ম্মৰমিয়াল হেন ভাবিও ভোকত সেই কথাতে মানতি হল কিন্তু খাবর দ্ৰব্যৰ সলনি এলেঞ্জোৱে ইমান সোন নিলে যে অলপ দিনৰ মুৰতে তাৰ এটাই খনি সোনেই ঢুকাল।

 পিচে এলেঞ্জোৱে যি জাহাজত আহিচিল তাতে আকৌ উভতি জাবলৈ কলত পিজাৰোৱে বৰ খঙ্গকে কলে বোলে [ ৭৬ ] তুমি যেতিয়াই ময় শ্ৰমকৈ যি আনিচিলোঁ তাৰ আটাই খনিকে নি এনে নিৰ্ম্মৰমিয়াল হলা তোতিয়াই তুমি নোহাৱা কৈ জাম, আরু তোমাৰ নিচিনা এনে নিৰ্দয় ভাইয়ে সৈতে জোৱাত কৈ এই বনত সুকাই মৰাই ভাল।

 এলেঞ্জোৱে এই কথাত খঙ্গন কৰি ভায়েকক অতি আদ ৰকৈ সাপট মাৰি এই কলে বোল হে মোৰ প্ৰিয় পিজাৰো তুমি ইমান আপদত পৰি ইমান শ্ৰমকৈ অনা বস্তু ময় স্বৰূপ কৈ নিম বুলি পতিয়াই চানে? মোৰ প্ৰিয় ভাইৰ প্ৰতি এনে নিৰ্ম্মৰমিয়াল হোৱাত কৈ পৃথিবীৰ এটাই সোনেই যদি গুচে তেও ভাল। কিন্তু তোমার ধনলৈ ইমান লোভ দেখি সেই দোষ সংশোধন কৰি তোমাৰ উপকাৰ করিবলৈ ইচ্ছা কৰিচিলোঁ, তুমি এতিয়া শিকিলা যে যি শ্ৰম আরু ভবিষ্যদ্বিবেচনা তুমি ঘৃণা কৰিচিলা সেয়েই নহলে তোমাক সুকাই মৰাৰ পৰা যি সোন আনিচা সি ৰাখিৰ নোৱাৰিলে হঁতন, এতেকে তোমাৰ ধন লৈ জোৱা, আগলৈ তাক যি ৰূপে ব্যৱহাৰ করিব পাই তাকো জানিলা।

 পিজাৰোৱেও ককায়েকৰ মৰমত বৰ আচৰিত হৈ দেখি শিকি জানিলে যে সোনতকৈ শ্ৰম ভাল।

 পিচে সিবিলাকে স্পানিয়া দেশ আকৌ নিৰ্ব্বিঘ্নে পালেগৈ, বাটত পিজাৰোৱে ককায়েকক্ সদাই তাৰ আদখিনি ধন দিব খুজিচিল কিন্তু তেঁও এই সমিধান দিচিল বোলে ময়

সোন নোহোৱাকৈ মোৰ আহাৰ মিলাব পাৰিম।

[ ৭৭ ]

FILIAL PIETY.

সন্তানৰ পিতৃ মাতৃ ভক্তি।

 ঈশ্বৰৰ সৃষ্টিৰ পৰা মনুয্যে জ্ঞান শিকক, আরু তাৰ পৰা যি উপদেশ পাই সেই অনুসাৰে চলক।

 হে পুত্ৰ, বনলৈ জোৱা, তাৰে সাৰস চৰাইক চোৱাগৈ, তাক তোমাৰ মণক উপদেশ কৰিব দিয়া; সি তাৰ বুঢ়া বাপেকক পাখিতকৈ নি নিৰ্ব্বিঘ্ন ঠাইত থৈ আহাৰ জোগায়।

 তোমাৰ পিতৃ মাতৃৰ প্ৰতি কৃতজ্ঞ হোৱা কিয়নো তোমাৰ পিতৃয়ে জীবন দিচে আরু মাতৃয়ে প্ৰতিপাল কৰিছে।

 সিবিলাকৰ কথা মান্য কৰা কিয়লো সি তোমাৰ ভাললৈহে সিবিলাকৰ ভৎৰ্সনাৰ প্ৰতি কান দিয়া কিয়ন সিবিলাকে তোমাক মৰম কৰিহে ভৎৰ্সনা কৰে।

 তোমাৰ পিতৃয়ে তোমাৰ সুখ চিন্তিচে এতেকে তেঁওৰ বয় সক মান্য কৰা আরু তেঁওৰ পকা চুলিক অমান্য নকৰিবা।

 তোমাৰ অনাথ শিশু অৱস্থাৰ কথা সোঁৱৰা আরু যুবা কালত যি অবাধ্য আচিলা তাকো নে পাহৰিব।

 তোমাৰ পিতৃ মাতৃ যেতিয়া বুঢ়া হৈ অতি দুৰ্ব্বল হয় তেতিয়া সিবিলাকক সহায় কৰিবা আরু সিবিলাকৰ জীবন্‌ হাসৰ সময়ত প্ৰতিপালন কৰা।

 এনে কৰিলে তেঁওবিলাক সুখে মৰিব আরু তোমাৰ [ ৭৮ ] সন্তন সন্ততিয়েও তোমাৰ উপমা দেখি তোমাকে তেনেকৈ মান্য কৰিব।


BENEVOLENCE.

হিতেচ্ছা।

 যেতিয়া তুমি তোমাৰ অভাব আরু দোষব কথা বিবেচনা কৰা তেতিয়া হে মনুষ্য জি জনাই তোমাক জ্ঞান দিচে কথা কবৰ শক্তি দিচে আরু পৰস্পৰ সহায় কৰিবলৈ মনুষ্য সভাতে থৈচে তেঁওৰ কৃপা স্বীকাৰ কৰা।

 তোমাৰ আহাৰ, তোমাৰ বস্ত্ৰ, তোমাৰ ঘৰ, তোমাৰ আপদৰ পৰা ৰক্ষা, তোমাৰ জীবনৰ মুখ ভোগ, এই বোৰ সকলোকে তুমি মনুষ্য সমূহৰ সহায় তাৰ পৰা হে পাইচা; এতেকে তুমি মনুষ্য সমূহৰ হিতৈষী হব পোৱা, কিয়নো, মনুষ্য তোমাৰ মিত্ৰ হলে তোমাৰ উপকাৰ হয়।

 যেনেকৈ সুগন্ধি পুষ্পৰ পৰা স্বাভাবিক সুঘ্ৰান ওলাই তেনেকৈ পৰোপকাৰিৰ পৰা সৎ কৰ্ম্ম ওলাই; পৰৰ হিতৈষী মানুহে আপোনাৰ চিত্তত সুখ ভোগ কৰে আৰু চুবুৰিয়াৰ উন্নতিত হৰ্ষ কৰে।

 তেঁও মানুহক অপৱাদ দিয়া কথাত কান নিদিয়ে আরু মানুহৰ দোষ দেখিলে তেওৰ চিত্তে বিষম পায়, তেঁওৰ সদাই ভাল কৰিবৰ হে ইচ্ছা আরু তালৈকে অৱকাশ বিচাৰে, অন্যৰ দুখ গুচালে তেঁও আপোনার দুঃখ গুচা হেন [ ৭৯ ] পায়। তেঁওৰ বৃহৎ মনে সদাই সকলো মানুহৰ সুখ চিন্তে আরু তেঁওৰ উদাৰ চিত্তে সেই সুখ বঢ়াবৰ পুরুষাৰ্থ কৰে।


PITY.

দয়া।

 বসন্ত কালৰ হাতে জেনেকৈ পৃথিবীক নানা বিধৰ ফুল আরু কলিৰে ঢাকে আৰু গ্ৰীষ্ম কালৰ দয়াত যেনেকৈ অনেক সশ্য উৎপন্ন হয়, তেনেকৈ দয়াৰ হাস্যে দুখৰ সন্তান সকলৰ ওপৰত দান ঢালে।

 যি মানুহে আনক দয়া কৰে তাকো আনে দয়া কৰিব, কিন্তু যাৰ দয়া নাই তাক কেৱে দয়া ন কৰে।

 কসাই য়ে যেনেকৈ চাগলি পোৱালিৰ কান্দনত মৰম নকৰি বধ হে কৰে তেনেকৈ নিষ্ঠুৰ মানুহৰ হদয়তো মানুহৰ দুখ দেখি মৰম নেলাগে।

 গোলাপ ফুলৰ পৰা নিয়ৰৰ টোপ মাটিত পৰিলে যেনে দেখিবলৈ সুন্দৰ মৰমিয়াল মনুহৰ চকুৰ পানি তাতকৈও সুন্দৰ।

 দুখিয়াৰ কান্দনরু প্ৰতি কলা নহবা, আরু নিৰ্দ্দোষীৰ দুখৰ প্ৰতি তোমাৰ চিত্ত টান নকৰিবা।

 যেতিয়া পিতৃ মাতৃ হীন তোমাৰ তলৈ আহে, যেতিয়া অনাথ বিধবাই চকুৰ পানিৰে তোমাৰ সহায় যাচ্ঞা কৰে, তেতিয়া হে দয়ালু মনুষ্য তাইৰ দুখ দেখি কৃপা কৰিব আরু [ ৮০ ] যাৰ সহায় নাই তাক কক্ষা কৰিবলৈ তোমাৰ বাহু মেলিবা।

 যেতিয়া তুমি কোনো মানুহক বস্ত্ৰ হীন আরু গৃহ হীন হৈ জাবত কঁপি বাটেৰে জোৱা দেখা, তেতিয়া তোমাৰ চিত্তক দান শাল কৰ আর দান শীলতাৰ পাখিৰে তাক মৃত্যুৰ পৰা ৰক্ষা কৰা, তাৰে পৰা তোমাৰ আত্মাও যেন জিয়ে।

FORTITUDE.

মনৰ ধেৰ্য্যতা।

 বিপদ, অসৌভাগ্য, অভাব, দুখ আরু ক্ষতি এই বোৰ পৃথিবীব সকলো মনুষ্যৰ ভাগ্যতে অল্প বা অধিক আচে।

 এতেকে হে দখৰ সন্তান মনুষ্যৰ জীবদ্দশাত যি দুখ হয় তাকে সহিবলৈ তোমাৰ মনক সাহ আরু সহিষ্ণুতাৰে ধৈৰ্য্য কৰিব পোৱা।

 ভটে যেনেকৈ ভোক আরু পিয়াহ আরু ৰদ সই তপত বালিৰে যাইও মুচ্ কচ্ নাজাই তেনেকৈ মনুষ্যেও মনৰ ধৈৰ্য্যতাৰ দ্বাৰা সকলো বিপদ সহিব পৰে।

 মহৎ মন বিশিষ্ট মানুহে লক্ষ্মীৰ নিগ্ৰহক ঘৃণা কৰে আরু তেঁওৰ মহৎ আত্মা একোতে বিমৰ্ষ নহয়।

 লক্ষীৰ কৃপাৰ দ্বাৰা তেঁওৰ সুখ নহয় আরু তেঁওৰ ক্ৰোধ তো তেঁও নৈৰাশ নহয়।

 সমুদ্ৰৰ মাজৰ পৰ্ব্বতৰ নিচিনা তেঁও স্থিৰহৈ থাকে আরু ঢ়ৌৰ ইন্দোলে তেঁওক ব্যাকুল কৰিব নোৱাৰে। [ ৮১ ]  পৰ্ব্বতৰ ওপৰৰ দুৰ্গৰ নিচিনা তেঁও মুৰ তোলে আরু লক্ষ্মীৰ কাৰ বোৰ তেঁওৰ ভৰিত পৰে।

 বিপদৰ সময়ত তেঁওক, তেঁওৰ মনৰ ধৈৰ্য্যতা আরু চিওৰ সাহে ৰক্ষা কৰে তেঁও জীবনৰ দুস্থে সৈতে বনুবাৰ নিচিনা হৈ সাক্ষাৎ কৰি জীকি আহে।

 দুখত পৰিলে তেঁওৰ সুস্থিৰ মনে সেই দুখক ন্যূন কৰে আরু তেঁওৰ ধৈৰ্য্যতাই দুখক পৰাভূত কৰে।

 কিন্তু ভয়াতুৰ মানুহে ক্ষুদ্ৰ মনৰ নিমিত্তে লাজ হে পায় অল্প বতাহতে যেনেকৈ বন হালি পৰে তেনেকৈ সিও দুখৰ চাঁ দেখিয়েই ভয়ত কম্পমান হয়; বিপদৰ সময়ত সি থৰবৰিয়া হয় আরু দুখত পৰিলে তাৰ আত্মা নৈৰাশ হয়।

APPLICATION.

পরিশ্ৰম।

 যি বোৰ দিন গৈছে সি চিৰকাললৈকে গৈছে, আরু যি বোৰ আহিব লগা সি বোৰ কিবা তোমালৈ নাহেই এতেকে, হে মনুষ্য যি কাল গৈচে তালৈ চিন্তা নকৰি আরু যি কাল আহিব তাতে আসা নকৰি যি সময় এতিয়া তোমাৰ হাতত আচে তাৰে মাথোন সদ্ব্যৱহাৰ কৰা।

 এই মুহূৰ্ত্তক মাখোন তোমাৰ আহিব লগা মুহূৰ্ত্তক ভবিসৎ কালৰ গৰ্ভত, সি কি ওপজাই তাক তুমি নাজানা। [ ৮২ ]  যি কৰ্ম্ম তুমি কৰিবলৈ ইচ্ছা কৰা তাক শীঘ্ৰে কৰা; যি কৰ্ম্ম ৰাতি পুৱা কৰিব পাৰি তাক গধুলিলৈ নথবা।

 আলাহ, দখ, আরু অভাবৰ কাৰণ, কিন্তু ধৰ্ম্ম কৰ্ম্মত শ্ৰম কৰিলে সুখ পোৱা যায় শ্ৰমী মানুহৰ হাতে অভাবক নষ্ট কৰে; সৌভাগ্য শ্ৰমীৰ সঙ্গী।

 কোনে ধন ঘটিচে শক্তিৱন্ত হইচে আরু মান সৎকাৰ পাইচে? কাৰ নাম নগৰত সকলোৱে প্ৰসংশা কৰি কয়? কোনে ৰাজ সভাৰ আগত বহে? যি মানুহে তেঁওৰ ঘৰৰ পৰা আলহীক খেদে আরু কয় বোলে তয় মোৰ বৈৰী তেঁৱেই।

 এনে মানুহে অতি সোনকালে উঠে আরু পলমকৈ সোৱে; তেঁও মনক চিন্তাৰে আরু শৰীৰক শ্ৰমেৰে ভালে ৰাখে আরু উন্নতি কৰায়।

 কিন্তু সোৰোপা মানুহ আপুনি আপোনাৰ ভাৰ সময় বোৰ তাৰ মুৰত গধুৰ হৈ থাকে, সি আলাহিয়া হৈ ফুৰি কি কৰিব তাকো নজনা হয়। মেঘৰ চাঁ যেনেকৈ একো চিন্ এৰি নেজাই, তেনেকৈ তেঁওৰ দিন বোৰো একো চিন নথকাকৈ যায়।

EMULATION.

আস্পৰ্দ্ধা।

 তোমাৰ আত্মাই যদি মান্য পাবলৈ ইচ্ছা কৰে, আরু [ ৮৩ ] তোমাৰ কানে যদি প্ৰশংসা শুনি ৰঙ্গ পায়, তেন্তে যি ধুলিৰে তোমাক সাজিচে তাৰ পৰা উঠি প্ৰশংসনীয় কোনো কৰ্ম্ম কৰিবলৈ পুরুষাৰ্থ কৰা।

 যি কৰ্ম্মতে ধৰা তাত প্ৰথম হবলৈ যত্ন কৰা, আরু সৎ কৰ্ম্মত তুমি কাতোকৈ না ঘাটিবা; কিন্তু আনৰ সজ গুণ দেখি কেতিয়াও হিংসা নকৰি তোমাৰ আপোনাৰ গুণ বঢ়োৱা।

 একে কৰ্ম্মতে যদি তোমোলাক দুটাই লাগা তেন্তে তোমাৰ সেই সম কৰ্ম্মাভিলাষীক কোনো অসজ উপায়েৰে ঘটুৱাবৰ ইচ্ছা নকৰিবা, কিন্তু তাক গুণেৰে জিকি হে তাত কৈ ডাঙ্গৰ হবৰ পুৰষাৰ্থ কৰিব কিয়নো তেনে কৰিলে যদি কৰ্ম্ম সিদ্ধি কে কৰিব নোৱাৰা তেও সম্মান পাবা।

 সজউপায়েৰে আনতকৈ ডাঙ্গৰ হবলৈ খুজিলে মনুষ্যৰ মন মহৎ হয় আরু সুনাম পাবলৈ ইচ্ছা কৰি কামনা সিন্ধি হলে অতি হৰ্ষ হয়।

 এনে মানুহে সকলো প্ৰতিবন্ধককে এফলিয়াকৈ থৈ নাৰি কল গছৰ নিচিনা ওখ হয়, আৰু চৰাইৰ নিচিনা হৈ আকা শলৈ উৰি সূৰ্য্যৰ মহিমাত চকু স্থিৰ কৰে।

 ৰাতিও তেঁও বৰ লোকৰ উপমা সমাজিকত দেখে আরু দিনত সিবিলাকৰ উপমাৰে ঢলা তেঁওৰ মহৎ সুখ তেঁও মহৎ কথা ভাবে আরু তাক সিদ্ধি কৰিব পাৰিলে বৰ হৰ্ষ হয় আরু তেঁওৰ নাম গোটেই পৃথিবীকে ব্যাপে।

 কিন্তু হিংসক মানুহৰ চিত্ত গোটেই বিষে ভৰা, তাৰ [ ৮৪ ] জিবাই বিষ পেলাই আরু তাৰ চুবুৰিয়াৰ সুখ দেখিলে তাৰ টোপনি ভাঙ্গে সি তাৰ ঘৰত অসন্তোষকৈ বহি থাকে, আরু আনৰ ভাল হলে তালৈ বেয়া হয়। ঘৃণা আৰু হিংসা সদাই তাৰ চিত্তত থাকে আৰু তাৰ বিশ্ৰাম কেতিয়াও নহয়, সি সদাই পৰৰ অহিত চিন্তে, কিন্তু সকলো মানুহৰ ঘণাই তাক খেদে আৰু সি মকৰাৰ নিচিনা আপোনাৰ জলতে মৰে।

THE MAN WHO NEVER LAUGHED.

কেতিয়াও নহঁহাঁ মানুহৰ কথা।

 ধন সোন গোলাম বান্দি ইত্যাদি ঐশ্বৰ্য্যেৰ ধনবন্ত এটা মানুহ এটি সরু লৰা এৰি মৰিল পিচে সেই লৰাটি ডাঙ্গ ৰহৈ নানা ৰঙ্গ তামোচাত বিলাই বাপেকে এৰি জোৰা আটাই ধনকে নষ্ট কৰি শেষত এনেহে দুখিয়া হল যে পেট পুহিবৰ নিমিত্তে হজুৱাৰ লগত বন কৰিব ধৰিলে।

 এই অৱস্থাতে সি কেই বচৰ মান থাকিল, এনেতে এদিন কেৱে বনলৈ মাতে বুলি সি এখন বেৰৰ গুৰিত বহি আচিল, পিচে এটা সুৱলি মানুহ বৰ সুন্দৰকৈ পিন্ধি উৰি তাৰ ওচৰলৈ গলত সি সুধিলে বোলে ককাই তুমি মোক আগৈ চিনানে? তাতে সেই মানুহে উত্তৰ দিলে বোলে বুপাই ময় তোমাক আগৈ মুঠ নিচিনো, কিন্তু তুমি এই অৱস্থাত আচা হয় তেও তোমাত ধনৰ চিন পাওঁ হজুৱাইলেক [ ৮৫ ] বোলে ককাই কি সোধা মোৰ বাখনাত যি লেখিচিল সেয়েই হৈচে, মোক লগাৰ লগ। তোমাৰ কিবা বন আছে নে? সেই মানুহে সমিধান দিলে বোলে ময় তোমাক এটা সুখিয়া বনত লগাব খোজো; আমি একে লগে দহোটা সন্যাসী থাকো আমাৰ বন কৰিবলৈ কেৱে নাই। আমি তোমাক গাত কাপৰ আরু পেটত ভাত দিম তুমি আমাৰ বন কৰিবা আৰু আমি ধনৰ ভাগ দিম কি জানি আমাৰ দ্বাৰা ঈশ্বৰে তোমাক আগৰ নিচিনা ধনৱন্তেই কৰে।

 এই কথাত অতি হৰ্ষ হৈ সেই হজুয়াই মানতি হল, পিচে সেই মানুহে কলে বোলে তুমিয়ে সৈতে এটা কথা বান্ধিব লগা আছে অৰ্থাৎ আমি যি কৰোঁ তাক কাতো না ভাঙ্গিবা আরু যেতিয়া তুমি আমাক কান্দিব দেখা তেতিয়া আমি কিয় কান্দো তাৰ কথা নুসুধিবা, এই কথাতে সি মানতি হলত সেই মানুহে তাক লগত লৈ এখন গাধোৱা ঠাই লৈ গৈ তাতে তাৰ গধুৱাই আৰু ন কাপৰ পিন্ধাই তাৰ ঘৰলৈ আৰু লগৰ সন্ন্যাসী হতৰ তলৈনিলে।

 সেই বনুৱাই ঘৰ সোমাই এটা বৰ ডাঙ্গৰ আৰু মনোৰম অট্টালিকা পালে, তাৰ চাৰিও ফালে মনোহৰ ফুলবাৰি এখন তাৰ মাজেৰে এটা নিজৰ বইচিল আৰু চাৰিও ফালে চৰাই বোৰে সুললিত ৰাও কৰি আচিল। পিচে এই ঘৰৰ এখোটালিলৈকে তাক সেই সন্ন্যাসীয়ে নিলত সি দেখিলে যে সেই খোঁটালি নানা বৰ্ণিয়া সিলেৰে বন্ধোৱা, তাৰ [ ৮৬ ] গল খন বিচক্ষণ সোনৰ, আরু মজিয়াত পাটৰ দলিচা পাৰিথৈচিল; পিচে তাতে মুখামুখি ই অসন্তোষৰ কাপৰ পিন্ধি দহোটা সন্ন্যাসী বহি থকা দেখিলে। ইয়াতে বৰ আচৰিত হৈ যি সন্ন্যাসীয়ে তাক আনিচিল তাতে এই কথা সুধিবৰ মন কৰিলে, এমেতে পূৰ্ব্বৰ কথা বন্ধা মনত পৰি তাৰ জিবা টানি ৰাখিলে।

 তাৰ পিচৎ তাক অনা সন্ন্যাসীয়ে ডেৰ কুৰি হেজাৰ সোন থকা এটা পেৰা আনি তাৰ হাতত দি কলে বোলে বুপাই এই পেৰাৰ সোন যেনেকৈ ভাল বুজা তেনেকৈ আমাৰ আৰু তোৰ হৈ ব্যয় কৰিবা, কিন্তু যি তোমাৰ তত খলোঁ তাত স্বৰূপ হবা। এই কথাত সেই ডেক মানুহে (হজুয়াই) শুনিলোঁ আৰু মান্‌তি হলোঁ বুলিলে।

 সি সেই ধন ভালেমান দিনলৈকে ব্যয় কৰিলে, পিচে সিহঁতৰ মাজৰ সন্ন্যাসী এটা মৰিলত তাৰ লগৰিয়া বোৰে তাৰ শধুৱাই ঘৰৰ পিচৰ বাৰিত গোৰ দিলে; এনেকৈ এটা২ কৈ কেঔটা সন্ন্যাসী মৰিল অকল যিটো মানুহে তাক আনিচিল সি হে থাকিল; কিন্তু সিও কিছু কাল থাকি নৰিয়া পৰিলত আৰ সি জিবৰ ভাৰস নথকাত সেই ডেকা মানুহে বৰ অসন্তোষ কৈ কলে বোলে।

 দদাই ময় বাৰে বচৰলৈকে স্বৰূপহৈ শক্তি অনুসাৰে এডাঁৰ পৰ খতি নোহাৱাকৈ তোমাৰ সেৱা কৰিছোঁ; এইকথাত সন্ন্যাসীয়ে উত্তৰ দিলে হয় বুপাই; সকলো বোৰ [ ৮৭ ] সন্ন্যাসী ঈশ্বৰৰ ঠাই লৈ নোজোৱা লৈকে তুমি আল পাচন ধৰিচা হয়, আরু আমিও নিশ্চয়কৈ মৰিম। পিচে সেই ডেকাই সুধিলে বোলে হে দেও তোমাৰ মৰিবৰ সময় চাপিলহি এতেকে তোমোলাকৰ সদাই শোক কৰাৰ আরু কান্দাৰ কাৰণ কি কোৱা, সন্ন্যাসী য়ে কলে, বুপাই তোমাৰ সেই কথা শুনিবৰ সকাম আচে ময় সদাই ঈশ্বৰক এই প্ৰাৰ্থনা কৰি আছোঁ যে তেঁও যেন কাকো আমাৰ নিচিনা শোকিয়া নকৰে; এতেকে আমি যি দুখত পৰিচো তাৰে পৰা যদি তুমি নিৰ্ব্বিঘেন থাকিব খোজা তেন্তে সেই দুৱাৰ খন নেমেলিব (এইবুলি তেঁও এখন দুবাৰ আঙুলিৰে দেখুৱালে। তেও যদি তোমাৰ আমাৰ নিচিনা হবৰ ইচ্ছা যায় তেন্তে মেলিবা আৰু আমাৰ অসন্তোষৰ কাৰণ বুজি পাবা, কিন্তু মেলিবা হে হয় তাৰ পৰা বৰ সোকহে পাবা আরু পিচে অসন্তোষ কৰিলেও একো নহব।

 পিচে সন্ন্যাসীটোৰ নৰিয়া টান হৈমৰিলত ডেকা সানুহ টে তাৰ শধুৱাই লগৰিয়া হঁতৰ গুৰিত গোৰ দি সেই ঠাইতে থাকি- ল, কিন্তু সেই সন্ন্যাসী বোৰৰ কথা দেখি. সদাই বৰ অস্থিৰ হৈ আচিল, এনেতে এদিন দুৱাৰ মেলিব নিদিয়া কথা তাৰ মনত পৰি ভাবিলে বোলে ময় দুৱাৰ খন চালে একো দাই নাই; এই ভাবি সি গৈ ওপৰত মকৰাৰ জাল বন্ধা এখন সুন্দৰ দুৱাৰ চাৰিটা লোৰ তালাৰে মাৰি থোৱা দেখিলে, কিন্তু সন্ন্যাসীয়ে কোৱা কথা মনত পৰি উভতি আহিল। [ ৮৮ ] তেতিয়াৰে পৰা তাৰ মনে সই দুৱাৰ মেলিবৰ হে ইচ্ছা কৰিলে, তেও সাত দিনলৈকে নেমেলাকৈ থাকিল, কিন্তু আঠ দিনৰ দিনা মন সামৰিব নোৱাৰি আপোনা আপুনি ভাবিলে বোলে ময় দুৱাৰ অৱশ্যে মেলিম পিচে নো কি হয় চাও; বাখনাত যি লেখিচে সি অৱশ্যে হব আৰু ঈশ্বৰৰ আজ্ঞা খণ্ডাৰ কোনে পাৰে? এই বুলি সিদুৱাৰ খনৰ তালা ভাঙ্গি মেলি সোমাই এটা ঠে্ক‌ বাট পালে, সেই বাটে সি চডাৰ মান পৰ গৈ এখন বৰ নৈৰ পাৰ পালেগৈ, তাতে সি বৰ আচৰিত হৈ সোঁও ফাল বাঁও ফাল চাই নৈৰ পাৰে২ জাৰ ধৰিলে এনেতে এটা বৰ উৎক্ৰোশ চৰাই আকাশৰ পৰা নামি আহি তাকলৈ আকাশ পৃথিবীৰ মাজে উৰাউকৰি তাক সমুদ্ৰৰ মাজৰ এখন উপদ্বীপত থৈগুচিগল।

( ৭৫ )তাতে সি বৰ উদ্বিগ্ন হৈ কলৈ জাম কি কৰিম বুলি ভাবি বহি থাকোঁতে স্বৰ্গৰ তৰাৰ নিচিনা সাগৰত এখন জাহাজৰ পাল দেখিলে, তাতে উঠি্‌ জাব পাৰিম হেন বুলি সেই জাহাজ তাৰ গুৰিলৈ নহা মানলৈকে একেঠৰে চাই আচিল, পিচে কোখৰ পালত দেখে যে জাহাজ খন হাঁতি দাতৰ, ওপৰত সোনৰ হালপতা মৰা আৰু বঠা্‌ বোৰ চন্দন কাঠ্‌ৰ। সেইজাহাজত চন্দ্ৰৰ নিচিনা দহজনি কুমাৰি আচিল, সিহঁতে জাহাজৰ পৰা নামি আহি তাক ভালে মান আদৰকৈ ৰজা আৰু দৰা বুলিলে; পিচে সূৰ্য হেন এজনি কুমাৰীয়ে পাটৰ কাপৰ এখনত ৰাজ সাজ এটা আরু হিৰা পানা খতোৱা [ ৮৯ ] মটুক এটা হাতত লৈ তাৰ কোখৰলৈ আহি তাকে পিন্ধালে, পিচে সিহঁতে তাক সেই আচৰিত জাহাজত তুলি আকৌ পাল তৰি সাগৰেৰ জাব ধৰিলে।

( ৭৫ )এই বোৰ কথাত সেই ডেকা মানুহে এই কলে বোলে ময় স্বৰূপকৈ ইয়াক সমাজিক বুলি ভাবিচিলোঁ। আৰু সিহঁতে নো মোক কলৈ নিয়ে তাৰো ভু নাপালোঁ, পিচে আমি সাগৰৰ তীৰ দেখা পালত দেখিলোঁ যে পাৰত ৰনুৱা বোৰ ৰণৰ সাজ কাচি আছে; কিন্তু সিহঁত কিমান তাক ঈশ্বৰে হে জানে। আমি তীৰ পালত সিহঁতে মোৰ তলৈ হিৰা পান মুক্তাৰ বন কৰা তলচাই সৈতে চাৰিটা ঘোৰা আনিলে তাৰা এটাত ময় উঠি্লোঁ‌, ই কেইটা লগে২ গল। মোৰ মুৰত দণ্ড চত্ৰ ধৰিলে, আগত ঢোল খোল বজালে আৰু ৰণুৱা বোৰ সোঁও ফালে আৰু বাও ফালে দুসাৰি হৈ আগে২ গল ময় পিচে গলোঁ; এনেতে ময় ভাবিলোঁ বোললা ময় সাৰেই আছোঁ নে টোপনিতেই আচোঁ। কিন্তু সমাজিক দেখিচোঁ বুলি স্বৰূপ হেন ভাবি গৈ পিচে এখন বৰ পথাৰ পালোঁগৈ, তাতে ৰজাৰ নগৰ এখন আরু ফুলৰ বাৰী নানা বিধৰ বৃক্ষ আরু নৈ দেখিলোঁ। আরু চৰাই বোৰে ঈশ্বৰৰ গুণানুবাদ কৰা শুনিলোঁ। এনেতে সেই নগৰৰ পৰা ঢল অহাৰ নিচিনাকৈ পথাৰ খন ভৰি সৈন্য ওলাল, পিচে সিহঁতৰ মাজৰ পৰা এজনা ৰজা কেইটামান পাত্ৰ মন্ত্ৰিয়ে সৈতে ঘোৰাত উঠি্‌ মোৰ গুৰিলৈ আহিল। [ ৯০ ] ৰজাই পিচে ঘোৰাৰ পৰা নামিলত সিও নামিল আৰু দুইও সেৱা কৰা কৰি, আকৌ ঘোৰাত উঠিলত ৰাজাই কলে বদলে আমাৰ লগত বলা কিয়নো তুমি আমাৰ আলহি, এই কথাত আগত সৈন্য বোৰ পিচত সিবিলাক দুইও কথা কোৱা কুই কৈ গৈ নগৰ পালত সকলোৱে তাত সোমাল; ৰজাই নামি সিয়েসৈতে হাতত ধৰা ধৰি কৈ গৈ তাক আপোনাৰ ওচৰতে এখন সোণৰ সিংহাসনত বহুৱালে, পিচে ৰজাই মুখৰ কাপৰ গুচাত দেখিলে যে তেঁও ৰজা নহয় কিন্তু সূৰ্য্য যেন কন্যা এটি৷

 সেই ডেকা মানুহে ধন সোন ঐশ্বৰ্ষ বিভুতি আৰু কন্যাৰ ৰূপ দেখি বৰ আচৰিত হোৱা দেখি কন্যায় মাত লগালে বোলে হে ৰজা ময় এইঠাইৰ কুঁৱৰি, আৰু যি বোৰ সৈন দেখিচা সেই বোৰ সকলোৱে তিৰোতা তাহাঁতৰ মাজত এটাও মুনিহ নাই; আমাৰ ইয়াত মুনিহ বোৰে খেতি কৰে ঘৰ বান্ধে আৰু আনৰ বন কৰে কিন্তু তিৰোতা হে পাত্ৰ মন্ত্ৰি আরু ৰণুয়া

 এই কথা শুনি সি বৰ আচৰিত হল আৰু সিবিলাকে কোৱা কুই কৰোঁতে ৰাজমন্ত্ৰি কেবোৰ মানুহে সৈতে আহিল, তাইও পকি মুৰি বুঢ়ি আচিল। কুঁৱৰিয়ে তাইত কলে বোলে পুৰোহিতক আনা, তাতে তাই সেই আজ্ঞা পালিবলৈ গলত তেঁও সেই ডেকা মানুহত বৰ আদৰকৈ কলে বোলে ময় তোমাৰ ভাৰ্য্যা হলে সন্তোষ পোবানে [ ৯১ ] এই কথাত সি মাটিত দওৱত হৈ কলে বোলে আই কুঁৱৰি দেও বন্দি আপোনাৰ গোলামৰ যোগ্যও নহঁও; কুঁৱৰিয়ে উত্তৰ দিলে তুমি মোৰ গোলাম বান্দি ধন সোন ইত্যাদি নে দেখানে? তুমি আপেনি ইচ্ছাৰে সকলোকে কৰিব পাৰিবা আৰু দিবা থবাও আরু সকলোকে কৰিবা, কিন্তু সেই দুৱাৰ খন মাথোন নে মেলিবা ( এই বুলি এখন বন্ধ দুৱাৰ দেখুৱালে) যদি হে মেলা তেন্তে শোক পাবা আৰু পিচে শোক কৰিলেও একো নহব। এই কথা কঁওতেই ৰাজ মন্ত্ৰিয়ে পুৰহিত লৈ সোমালহি, কুঁৱৰিয়ে বিয়াৰ ক্ৰিয়া সকল কৰিব দিলত সিহঁতে তেঁওক সেই ডেকা মানুহে সৈতে বিয়া দি সকলোকে খুৱাই বুধাই সমাপন কৰিলে আৰু সেই মানুহটো কুঁৱৰিয়ে সৈতে সাৎবচৰ পৰম সুখে থাকিল।

 কিন্তু এদিন সি এই ভাবিলে বোলে ময় যি বোৰ ধন সোন দেখিচোঁ তাতকৈ সৰহ এই দুৱাৰৰ ভিতৰত আচে এতেকে হে কুঁৱৰিয়ে মোক দুৱাৰ মেলিবলৈ হাক দিচে কিন্তু ময় দুৱাৰ মেলিম; এই বুলি তেতিয়াই উঠিসি দুৱাৰ খন মেলি যিটো চৰাইয়ে তাক নৈৰ কোখৰৰ পৰা উপদ্বীপত, পেলাইচিল তাকেই দেখিলে। পিচে তাক দেখি চৰাইয়ে কলে বোলে কেতিয়াও সন্তোষ নোপোৱা ঠা্ই‌লৈ লৈ জাঁও বলা, এই কথা শুনি সি পলাব খুজিলে কিন্তু চৰাইটোৱে পিচে গৈ তাক লৈ আকাশ পৃথিবীৰ মাজেৰে উৰাও কৰি যৰপৰা তাক পুৰ্ব্বে আনিচিল তাতে থৈ গল [ ৯২ ] সি তাতে বহি তত পাই যি সৈন্য তাৰ আগত গৈছিল আৰু যি বোৰ ধন সম্পত্তি দেখিচিল সেই বোৰ মনত কৰি সি বৰ বিলাপ কৈ কান্দিলে। সি সেই বৰ নৈৰ তীৰতে ঘৈনিয়েকৰ তলৈ আকৌ উভতি জাব পাৰিব বুলি দুমাহ বাট চাই থাকিল, কিন্তু এদিন নিখা সাৰ পাই বৰকৈ কান্দি লত এটা মানুহৰ কথা হে শুনিলে কিন্তু তাক নেদেখিলে সেই মাতে এই বুলিলে বোলে কেনে সুখ ভোগ কৰিচিলি, যি এৰি আহিলি ভালৈ আকৌ জোৱা নিলগত থাওক আৰু হুমুনিয়াহ কাঢ়। এইকথা শুনিলত সি কুঁৱৰিৰ তলৈ উভতি জাবৰ অশাৰ পৰা নৈৰাশ হৈ সন্ন্যাসী থকা ঘৰলৈ সোমাল আরু তেতিয়াহে জানিলে যে যিবোৰ২ সি কৰিছে আৰু দেখিচে সিহঁতো সেই গতিত পৰিচিল আরু সিহঁতৰ কন্দাৰ সকামো বুজিলে। শোকে অসন্তোষে তাক চাৰিও ফালৰ পৰা বেৰি ধৰিলে, সি তাৰ থকা খোটালি সোমাই সদাই কান্দি২ ভাত পানি এৰি আৰু কেতিয়াও নাহাঁহি মৰিল আরু সিবোৰ সন্ন্যাসীৰ লগত গোৰ গল।

MODESTY.

লজ্জা।

 হে মোৰ প্ৰিয় লৰা, ময় তোমাক সদাই বৰ লাজুয়া বুলি কৈ আচাঁ; সকলো সদ্গুণ অতি অধিক হোবা দোষ। তুমি সমাজলৈ জাবলৈ লাজ কৰা আরু কেৱে কোনা [ ৯৩ ] কথা সুধিলে অতিশয় উদ্বিগ্ন নোহোৱাকৈ তাৰ উত্তৰ দিব নোৱৰা; এনেহোৱা তোমালৈ আরু আনলৈকো বৰ বিষম এতেকে তুমি সমাজত ইমনে লাজ এৰি অধিককৈ সাহক ৰিবৰ পুরুষাৰ্থ কৰিবা, তেমন হলে তোমাৰ ৰীতি মৃদু আৰু নিৰ্ভয় হব।

রুএনে হবৰ উপায় এই অৰ্থাৎ তুমি তোমাৰ কথা বা কৰ্ম্মৰ দ্বাৰা কেতিয়াও এনে কৰ্ম্ম নকৰিবা যাৰ পৰা তুমি লাজ পাবা।

রুকিন্তু নিলাজ হোৱাতকৈ বৰ লাজুকা হোৱাই ভাল, ময় তোমাক কৈচোঁ বোলোঁ যেতিয়া বাৰে তেৰে বচৰিয়ালৰ এটাই সমাজলৈ আহি ৰাজ সভাত থকা মানুহৰ নিচিনাকৈ বৰ নিৰ্ভয় কৈ সকলোৱে সৈতে অতি চতুৰ হৈ কথা কয় তেতিয়া ময় এনে লৰাক বৰ বেয়া পাও।

রুলৰাৰ স্বাভাৱিক এবিধ লাজ আচে সেই লাজ হলে বৰ আদৰণীয়, যি লৰাৰ মুঠে্ই‌ লাজ নাই তাক ভাল বুলিব লোৱাৰি কিন্তু যি লৰা অতি লাজুকাও নহয় আৰ নিলাজো নহয় অথচ লাজো আচে তাক সকলোৰে চেলে হকৰে।

INDUSTRY.

পৰিশ্ৰম।

রুপৰিশ্ৰম সকলো সদ্গুণৰ মূল, মহৎ গুণ সকলো আলোচনা নকৰিলে গুচে। [ ৯৪ ]  কোনো মানুহ বৰ বুদ্ধিমত্ত হৈ ও পজাৰ নিমিত্তে যে কোনো বিদ্যাত বৰ পাৰ্গৎ হয়এনে বুলি ভবা মিচা, যেতিয়া তুমি কোনো পাৰ্গৎ মানুহক দেখা তেতিয়া তুমি তেঁও নো কেনেকৈ কাল ব্যয় কৰিচে তাকে সুধিবা পিচে তুমি অৱশ্যে জানিব যে তেঁওৰ জীবন প্ৰায় শ্ৰমতে গৈচে।

 আমাক সকলোকে ঈশ্বৰে সমান বুদ্ধি দিয়া নাই হয়; কেতবোৰ আনতকৈ অধিক বুদ্ধিমন্ত হৈ ওপজে কিম্বা যদি উপজিবৰ পৰা নহয় তেও কেনেবাকৈ বুদ্ধিমন্ত হয়, কিন্তু তুমি নিশ্চয় জানিবা যে ঈশ্বৰে যে নে বুদ্ধি দিয়ক নিদিয়ক শ্ৰম নকৰিলে তাৰ পৰা একো গুণ সহয়।

 এতেকে কোনো প্ৰংশসনীয় কৰ্ম্মৰ নিমিত্তে সদাই পৰিশ্ৰম কৰিবা, পৰিশ্ৰমকৰিলে সিদ্ধি নোহোৱা কৰ্ম্ম নাই; প্ৰথমে যিটো কৰ্ম্ম অসাধ্য হেন ভবা সিও পৰিশ্ৰমৰ দ্বাৰা সিদ্ধি হয়। শ্ৰম কৰিলে যে অসাধ্য কৰ্ম্মও হয় আৰু স্বভাৱিক দোষকে শোধন কৰিব পাৰি তাৰ এক আচৰিত দৃষ্টান্ত তলত লিখা গল, সেই বিবৰণ সঁচা আৰু পূৰাবৃত্ত ইতিহাস সকলৰ পৰা উদ্ধত কৰা গৈচে।

 দুহেজাৰ মান বচৰ হল দীমন্তেণীস্‌ নামে এজন সদ্বক্তা গ্ৰীক দেশৰ এথেন্স নগৰত আচিল; পূৰ্ব্ব কানৰ সদ্বক্তা সকলৰ মধ্যত এওঁক অতি প্ৰধান বুলি গণ্য কৰা যায়।

 তেঁও সেই নগৰত কালিস্ৰাতচ নামে এজন সদ্বক্তাৰ বক্তৃতা শক্তিৰ দ্বাৰা মানুহ সকলৰ মাজত যি কৰ্তৃত্ব আরু [ ৯৫ ] মান সৎকাৰ হৈচিল তাকে দেখি তেঁও সদ্বক্তা হবলৈ বৰ উৎসাহ পালে; সেই নিমিত্তে সকলো সুখকে এৰি পুরুষাৰ্থ কৰিব ধৰিলে আৰু কালি স্ত্ৰেতচ্‌যিমান দিন এথেন্স নগৰত আচিল তিমান দিন তেঁওৰ লগনেৰি তেঁওৰ উপদে শৰ পৰা যিমান পাৰে তিমান শিকিলে।

 প্ৰথমেই তেঁও লৰ থাকোঁতে তেঁওৰ সম্পত্তি ৰক্ষকৰ বিপক্ষে এক বক্তৃতা কৰি সম্পত্তি ও ভোইললে, ইয়াতে উৎসাহ পাই তেঁও পিচে লোক সকলৰ আগত বক্তৃতা কৰিলে কিন্তু তাততেঁওৰ অসম্ভ্ৰম হে হল।

 তেঁওৰ মাত বৰ সৰু আৰু বেয়া আচিল দেখি সভাৰ সকলোৱে তেঁওৰ কথা শুনি উপহাস কৰি হাতত চাপৰি বজাই নিন্দা কৰিলে তাতে তেঁও বৰ লাজ পাই তললৈ মুখ কৰি ঘৰলৈ জাঁওতে চেটাইৰচ্‌ নামে এজন সদ্বক্তা তেঁওৰ মিত্ৰে বাটত লগ পাই দিমন্তিণীচ্‌ৰ বিমৰ্ষ হোৱাৰ কাৰণ শুনি কলে বোলে মিত্ৰ এই বোৰ দোষ গুচাবৰ উপায় আচে পিচে তেঁও এক কাব্যৰ শ্লোক মাতিব দিলত দিন স্তিণীচে গালে তাৰ পিচৎ চেটাইৰচে্‌ এনেহে মাত আৰু ভঙ্গিৰে গালে যে দিমস্তিনিচেই কলে বে'লে ময়মতা শ্লোক ইন হয় তেতিয়াই দিসস্তনীচে আপোনাৰ দোষ জানি সেই দোষ বোৰ গুচাবৰ নিমিত্তে বৰকৈ পুরুষাৰ্থ কৰিব ধৰিলে।

 তেঁওৰ সাতৰ স্বাভাৱিক ষি দোষ আচিল তাকে গুচাবৰ [ ৯৬ ] নিমিত্তে, আরু উচ্চাৰণ ভাল কৰিৰ নিমিত্তে যি শ্ৰম কৰি চিল তাক পতিয়াৰ নলগাই প্ৰায়; তাৰে পৰা আমি জানো যে স্থিৰ প্ৰতিজ্ঞ হৈশ্ৰম কৰিলে সকলে। দোষকে গুচাব পাৰি।

 তেঁও এনেহে খোনা আচিল যে কেতবোৰ আখৰকে উচ্চাৰণ কৰিব নোৱাৰিচিল, এই দোষ গুচাবলৈ তেঁও সৰু২ শিল গুটি মুখতলৈ পঢ়িচিল তেঁওৰ উসা নিচেই চুটি আচিল এই দোষ গুচাবলৈ তেঁও নথম কাকৈ সেলাক সাতি বৰ ওখ পৰ্ব্বতলৈ উঠিচিল আৰু সমাজত মানুহৰ হাইতো তেঁওৰ মতে শুনিব পৰা কৰিবৰ নিমিত্তে সাগৰৰ তীৰলৈ গৈপাণিৰ ৰৌৰৌৱিত বক্তৃতা কৰিচিল।

 দিমস্তিণীচে মাত ভাল কৰিবলৈ যিমান যত্ন কৰিলে মুদ্ৰা দিবলৈকো তাত কৈ অল্প পুরুসাৰ্থ কৰা নাচিল তেঁওৰ ষৰত এখন আৰ্চি আচিল তাকে আগতথৈ মুদ্ৰা দিবলৈ শিকিচিল আৰু যি কথা সভাৰ আগত কব লাগে তাক তেঁও আগৈ আৰ্চি আগতথৈ কেই বেলি মান ঘৰতে আওৰাই পিচে হে সভাত কে চিল তেঁও বক্তৃতা কৰাৰ সময়ত কান্ধ নচুৱাইচিল এই দোষ শোধন কৰিবৰ নিমিত্তে যত থিয়হৈ বক্তৃতা শিকিচিল তাৰ ওপৰত এখন তৰোৱাল ওলমাইথৈ চিল, পিচে তাৰে তলত থিয় দি বক্তৃতা কৰোঁতে কান্ধ নচুৱালে তৰোৱালৰ আগ লাগিচিল; এনেকৈ কান্ধ নচুৱা স্বভাৱো গুচিল।

 তেঁও বিদ্যা শিকিবলৈ যেনে শ্ৰম কৰিচিল সিও সরু আচ [ ৯৭ ] ৰিত নহয়, মানুহৰ মাজত থাকিলে হাইত বিদ্যা শিক্ষা নহব বুলি ভয় কৰি তেঁও মাটিৰ তলত এটা ঘৰ কৰি তাতে (এটা চাকি লগাই পঢ়িচিল আরু কেতিয়াবা২ দুমাহ তিনি মাহলৈকে তাতে সোমাই আচিল সেই গতত চাকিৰ পোহৰত তেঁও যি বক্তৃতা ৰচনা কৰিচিল তাক তেঁওক হিংসা কৰা বোৰে তেল২ গোন্ধাই বুলি কৈচিল।

 তেঁও নিতৌ অতি সোন কালে উঠিচিল আরু আন কোনো বনুৱা তেঁওতকৈ আগৈ উঠিলে বৰ অসন্তোষ পাইচিল তেঁও বিদ্যাত নিপুণ হবলৈ যি অসম্ভব শ্ৰম কৰিচিল তাৰ প্ৰমাণ এই এটা; তেঁও গ্ৰীক দেশেৰ প্ৰধান পুৰাবৃত্ত বিবৰ ণৰ পুঁথি আপোন হাতেৰে আঠ্ বেলি লেখিচিল, এই অতি প্ৰায় কৰি যে তেনেকৈ লেখিলে সেই গ্ৰন্থৰ ভাষা তেঁওৰ মনত থাকিব।

 এনে আচৰিত শ্ৰম কৰি দিমস্তিনিচ্ শেষত এনেহে সদ্বক্তা হল যে তেঁও বক্তৃতা কৰিব ধৰিলে তাকে শুনিবলৈ গ্ৰীক দেশৰ সকলো ঠাইৰ পৰা মানুহবোরু জুম বান্ধি২ এথেন্স নগৰলৈ আহিছিল।

“THE EYES OF THE LORD ARE IN EVERY PLACE.’’

“ঈশ্বৰৰ চকু সকলো ঠাইতে আচে”।

 এই কথাটো বৰ আচৰিত হয় কিন্তু অতি সঁচা আরু দিনৰ প্ৰতি মুহূৰ্ত্তকে সি তোমোলাকৰ মনত থাকিৰ পাই, [ ৯৮ ] আরু নিশ্চয়কৈ জানিবা যে এই কথা মনত থাকিলে আমি অনেক অকৰ্ম্মৰ পৰা ৰক্ষা পাও; কিয়নো তোমোলাকে কেতিয়াবা২ পিতৃ মাতৃ বা আন কোনো মান্য জনৰ চকু তোমোলাকত পড়িব বুলি ভয় ন কৰানে? আরু তোমোলাক অকলে থাকিলে যি অকৰ্ম্ম কৰিলা হঁতন সেই কৰ্ম্ম তোমো লাকৰ পিতৃ মাতৃৰ চকুৰ আগত থাকিলে কৰিবলৈ লেবানে?।

 হে প্ৰিয় লৰা সকল; ময় এটি কথা কঁও মন দি শুনিবা আরু সদাই মনত ৰাখিবা তোমোলাক কেতিয়াও অকলে নাথাকা এই কথা মনতকৈ আপোনা আপুনি সদাই ভাবিবা হেনে এতিয়া মোক ঈশ্বৰে দেখি আচে; আরু যেতিয়া তুমি এঠাইৰ পৰা আন এঠাইলৈ জোৱা তেতিয়াও কৰা হেনে ঈশ্বৰে মোক লৰাও চাই আচে, ঈশ্বৰে তোমোলাকক ৰাতিয়ে দিনে দেখি আচে; যিমান দূৰলৈকে জো ৱা ঈশ্বৰৰ চকু তোমোলাকৰ পিচে২ জাব; অতি এন্ধাৰ ঠাইলৈকে যদি জোৱা তেও ঈশ্বৰে তোমোলাকক ভালকৈ দেখিব, পৃথি বীত এনে এডুখৰিও ঠাই নাই যে তেঁও নেদেখে আৰু সেই ঠাই ইয়ে সিয়ে যিমান অন্তৰ হক নহক তেঁও একে বেলিয়ে দেখে, এই মুহূৰ্ত্তকত তেঁও কোন ঠাইত কি হৈচে তাকো জানে, এতেকে তোমোলাকে এতিয়া জানিলা যে তোমো লাক এক মুহূৰ্ত্তকো অকলে নাথাকা, কিন্তু এই কথা কেতিয়াবা ভাবানে? ন ভবা হেন পাঁও? [ ৯৯ ]  হে প্ৰিয় লৰা হঁত, এতিয়া এই কথা ঈশ্বৰে তোমোলাকৰ মনত যেন ভালকৈ থয় আরু তোমোলাকেও যেন কোনো অকৰ্ম্ম কৰিব খুজিলে ঈশ্বৰে দেখি আছে বুলি তাৰ পৰা পৰাঙমুখ হোৱা ঈশ্বৰে সকলো বিধৰ কুকৰ্ম্মকে বেয়া পাই বুলি তোমোলাকে জানা আরু তেঁও কোনো কথা কেতিয়াও নে পাহৰে, এতিয়া ঈশ্বৰক যদি তোমোলাকৰ আগতে দেখিলা হঁতল তেন্তে কোনো বৰ সাহিয়াল লৰাই ও তেঁওৰ আগত অকৰ্ম্ম কৰিবলৈ সাহন কৰিলে হঁতন, কেৱে বেয়া কথা নকলে হঁতন কাৰো চিত্তত অসজ কথা নাথাকিল হঁতল, আৰু সকলোৱে সেই মহৎ বস্তুক ভয় কৰি কলে হঁতন বোলে ময় কেনেকৈ ঈশ্বৰৰ আজ্ঞা নামানি এই কুকৰ্ম্ম কৰিম? কিন্তু লৰাহঁত নিশ্চয়কৈ তুমি যতে আচা তাতে ঈশ্বৰো আছে আরু তুমি যি২ কৰা সকলোকে দেখি আচে, যদি কোনো সোৰোপা লৰাই বাটে২ ৰঙ্গকৈ ফুৰে, ঈশ্বৰৰ চকু সি যি বাটে ফুৰে তাতে আচে; কিম্বা কোনো সরু লৰাই ওচৰত কাকো নে দেখি পৰৰ ধেমালি, কৰা বস্তু আনিবলৈ হাত মেলিলে এজনাৰ চকু তাত পৰি থাকে আরু সেই চকুৱেই ঈশ্বৰৰ।

 হে, প্ৰিয় লৰা সকল, ঈশ্বৰে তোমোলাকক চাই আচে বুলি ভাবিবলৈ ভাল পাব পোৱা আরু যি বোৰ লৰাই আপোনাৰ মনক দমি ঈশ্বৰে সন্তোষ পোৱা কৰ্ম্ম কৰে সেই বোৰেহে এনে ভাবনাক ভাল পাই; সিবিলাকে ভাবে [ ১০০ ] বোলে আমাৰ সকলোৰে পিতৃ যে আমাত সন্তুষ্ট হৈছে, তেঁও মোৰ দুখকো দেখে আরু দুখ সান্ত্বনা কৰিব, তেঁও মোৰ অভাবকো জানে আরু তাক গুচাব, ময় নৰিয়া পৰিলে বা পিতৃ মাতৃ হীন হলে তেঁও দেখি থাকে, আরু ময় জানো যে সময়ৰ মুৰত তেঁও মোলৈ সান্ত্বনা পঠিযাব, তেঁও যেন পৰম বন্ধু মোৰ অভাব দেখিবলৈ আঁতৰত নাই, সেই দেখি মোৰ দুখৰ সলনি ভাবনা কৰিব নাপাঁও, কিয়নো তেঁও দেখি আচে আরু মোক ৰক্ষা কৰিবলৈ তেঁওৰ হাত অৱশ্যে মেলিব।

 এই সকল অতি সুন্দৰ চিন্তা, এতেকে নিশ্চয় জানিবা যে ঈশ্বৰে তোমোলাকক সদাই দেখি থাকে আরু সেই নিমিত্তে সুকৰ্ম্ম কৰা নে অকৰ্ম্ম কৰা তাকে দেখে, এই সকল কথা গুলি সদাই চলিবা আৰ যিহৰ পৰা ঈশ্বৰ ওচৰত আছে বুলি জানিলে অসন্তোষ ন হৈ হৰ্ষ হয় তাকে কৰিবা।


“FEAR GOD."

“ঈশ্বৰক ভয়কৰা”

 হে প্ৰিয় লৰা সকল আমি তোমোলাকও বিনয় কৰি কও ঈশ্বৰক ভয় কৰা; ঈশ্বৰ কেনে জ্ঞানী আরু মহিমাবন্ত আরু তোমোলাক কেনে সরু তাকে মনত ৰাখিবলৈ সদাই পুরুষাৰ্থ কৰা, আমাৰ মহৎ ৰক্ষক যে ঈশ্বৰ তেঁও তোমো- লাকক নৰখা হলে তোমোলাকৰ শৰীৰ আরু আতমা এক [ ১০১ ] মুহূৰ্ত্তকো আপদৰ পৰা ৰক্ষা নপৰিল হঁতন। তোমোলাকে ঈশ্বৰৰ আজ্ঞা নামানি আপোন ইচ্ছাৰে, অকৰ্ম্ম কৰিলে তেঁও কিমান শাস্তি কৰিব পাৰে তাক ভাবা, আরু এই কথা ও না পাহৰিবা যে যি অকৃতজ্ঞ হৈ ঈশ্বৰে যি সজ বাটে জাব দিচে তাৰে নেজায় তাক তেঁও অৱশ্যে দণ্ড কৰিব।

 লৰাহঁত তেঁও কেনে মৰমিয়াল চোৱা, আমি তেঁওক বেলিয়ে২ পাহৰিচোঁ আমাৰ যেনে স্বভাৱ তেঁও হব দিয়া নাই সি হৈচে আরু যি কথা আমাক কবলৈ হাক দিচে তাকো কৈচোঁ; তেও. তেঁও আমাক মৰম হে কৰে আরু সদাই আমাৰ উপকাৰহে কৰিচে। এতেকে আমাক সকলোকে ঈশ্বৰে পৰকাললৈ নৌ নিওঁতেই তোমোলাক সকলোৱে চিত্ত সলাই তেঁওৰ আজ্ঞা পালক হোৱা। যি ঈশ্বৰক পাহৰিচে আৰু কুকৰ্ম্মক প্ৰীতি কৰিচে তালৈ পৰকাল বৰ ভয়ানক হব, কিয়নো তাত পাপী বোৰে নভবা নুশুনা যাতনা পাব।

 হে প্ৰিয় লৰা সকল, ঈশ্বৰক ভয় কৰা, তেঁও তোমাক চিৰকাললৈকে প্ৰীতি কৰিব। ঈশ্বৰক নেপাহৰি চুৰ কৰা মিচা কথা কোৱা ইত্যাদি পাপক ভয় কৰাকে (নাইতে ঈশ্বৰে ক্ৰোধ কৰিব) ঈশ্বৰক ভয় কৰা বৰলে। যি বোৰ লৰাই ঈশ্বৰক অসন্তুষ্ট কৰিবৰ ভয় কৰে সিবিলাকে আন একোকে ভয় কৰিব নালাগে, কিয়নো যোনে তেঁওক

[ ১০২ ] এনেকৈ ভয় কৰে তাৰ ওপৰত তেঁও কৃপাৰ ওপৰত কৃপা

দমাই আরু তাৰ মৰমিয়াল পিতৃহৈ চেনেহ কৰে৷

" ALL YE ARE BRETHREN."

“তোমোলাক সকলোৰে ভাতৃ”।

 তোমোলাক যি সকল এই পঢ়াশালিলৈ আহি বৰ হৰ্ষ মনে একে লগে বহি হাতত ধৰা ধৰিকৈ আচা সকলোৱে ভাই ককাই আরু একে পিতৃৰে সন্তান, কিয়নো একে জনা দয়া ময় পিতৃয়ে তোমোলাক সকলোকে স্ৰজিচে, সক লোকে প্ৰেম কৰে আরু ৰক্ষা কৰে। তোমোলাকৰ এটাক যেনেকৈ ৰাখিচে তেনেকৈ সকলোকে একে জনাই ৰাখিচে। তেঁও তোমোলাকক সুখী দেখিলে হৰ্ষ পায় আরু তমো লাকক খাবলৈ আরু লবলৈ দিয়ে; তোমোলাকে পৰস্পৰ প্ৰীতি কৰিলেও তেঁও আনন্দিত হয়।

 এতিয়া তোমোলাক একে বংশৰে লৰা হৈ কেনেকৈ থাকিব পোৱা? তোমোলাকে পৰস্পৰ এনেহে প্ৰীতি আরু মৰম কৰিবা যে যোনে দেখে সেইয়ে তোমোলাকক যেন ভাই ককাই বুলি ভাবে! তোমোলাকে কেতিয়াও মৰা মৰি আরু দন্দ নকৰিবা কোনো বস্তু লৈ কঢ়া কঢ়ি ও নকৰিবা, হিংসা ও নকৰিবা সংক্ষেপ কৈ কব লাগিলে তোমোলাকৰ ভাই ককাইক যেনেকৈ ব্যৱহাৰ কৰা তেনেকৈ আনকো

কৰিবা; তাৰ দ্বাৰা সকলোৱে সুখী হৈ থাকিব পাৰিবা। [ ১০৩ ]
 

“LOVE ONE ANOTHER.’’

পৰস্পৰ প্ৰীতি কৰা”।

 পৃথিবীৰ মধ্যত সকলো বস্তুত কৈ প্ৰেম মিঠা ঈশ্বৰ প্ৰেম স্বৰূপ আরু ঈশ্বৰে যি সকল কৰিচে তাক দেখিলে এই কথা আমি স্বৰূপ বুলি জানো--ঈশ্বৰ সদাই দয়াময় আরু তেওৰ সৃষ্টিৰ সকলোকে দয়া কৰে।

 হে প্ৰিয় লৰা সকল, তোমোলাকেও ঈশ্বৰৰ দৃষ্টান্ত দেখি চলিব নোখোজানে? যদি বাঞ্ছা কৰা তেন্তে ঈশ্বৰে তোমোলাকৰ চিত্তত এই গুণ দিব আরু আমি পৰসপৰ যিমান প্ৰীতি কৰোঁ তিমান সুখীও হম। যি মানুহে খঙ্গ কৰে আরু আনক ভাল নাপাই সি কেতিয়াও সুখী হব নোৱাৰে, সি সদাই খঙ্গ মুৱাহৈ অসন্তোষ কৈ থাকে; কিন্তু যাৰ চিত্তত প্ৰীতি থাকে সি হৰ্ষ আরু নম্ৰহৈ থাকি আপুনি যিমান সুখ ভোগ কৰে আনকো তিমান সুখী কৰিবলৈ পুরুষাৰ্থ কৰে।

 পৰস্পৰ প্ৰীতি কৰা অৰ্থাৎ সকলোৰে প্ৰতি মৰমিয়াল হোৱা। তোমাৰ চিত্তত এই সদগুণ দিবলৈ আগৈ ঈশ্বৰক প্ৰাৰ্থনা কৰা পিচে তোমাৰ সকলো কথাতে আরু কৰ্ম্মতে এই গুণ প্ৰকাশ কৰিবা আরু যি বস্তু দেখা (কিট পতঙ্গাদিও) তাক মৰম কৰিবা। মৰমিয়াল লৰাই মাখিকো নোজো কাই; যেতিয়া লৰাহঁত তোমোলাক সকলোৱে দন্দ খৰি য়াল ন কৰি মিলে প্ৰীতি যে উমলি থাকা আরু ভাল বস্তু [ ১০৪ ] পালে সকলোৱে ভগাই নিয়া তেতিয়াহে তোমোলাকৰ চিত্তত আনলৈ প্ৰীতি থকা বুলি জানিম, কিন্তু যি লৰা গোমোঠা্‌ মুৱাহৈ আনক মাৰিবলৈ হাত দাঙ্গে আরু পৰৰ বস্তু কাঢ়ি নিয়ে তাৰ চিত্তত প্ৰীতি নাই। তাৰ মন খঙ্গেৰেই ভৰা, সি আপোনাক হে প্ৰীতি কৰে আন কাকো নাজা- নে হে প্ৰিয় লৰা বিলাক, তোমোলাকে এনে কথা কেতি- য়াও ন কৰিবা।

 আকৌ যেতিয়া কোনো লৰাই আনৰ নাৱে কুকৰ্ম্মৰ সলনি গোচৰ দিয়ে তেতিয়াও তাৰ চিত্তত প্ৰীতি নথকা বুলি জানি, কিয়নো তোমাৰ কোনো কুকৰ্ম্মৰ কথা আনে কলেতুমি ভাল পাবানে? প্ৰিয় লৰা সকল, তোমোলাকে মিলে প্ৰীতিয়ে নেথাকিলে আরু আপোনাকহে মৰম কৰি আনক ভাল নাপালে আমি বৰ বিষম পাঁওঁ; কিন্তু দন্দ হাই নকৰি সক লোৱে সকলক প্ৰীতি আরু সহায় কৰি থাকিলে বৰ সন্তোষ পাওঁ। তোমোলাকে আমাক বিসাদ দিব খোজানে? তেনে ইচ্ছা ন কৰিব পোৱা তেন্তে আমি হৰ্ষ কৰিলে ভাল পোৱা যদি সকলোতকৈ আগেই ঈশ্বৰক অসন্তুষ্ট ন কৰিবলৈ পুরু ষাৰ্থ কৰা আৰু তোমোলাকৰ মনত খঙ্গ উঠিলে এক মুহূৰ্ত্তক মনে থাকি আপোনা আপুনি কবা বোলে হে ঈশ্বৰ মোৰ মনৰ পৰা এই বৈৰীক গুচুৱা; তেঁও অৱশ্যে তোমোলাকৰ কথা শুনি মনক নম্ৰ কৰিব আরু সদাই ভাবিবা হেনে ঈশ্বৰ

সকলো ঠাইতে আচে আরু সুকৰ্ম্ম কুকৰ্ম্ম দেখি আচে! [ ১০৫ ]
 

“CHILDREN, OBEY YOUR PARENTS IN ALL THINGS."

“লৰাহঁত, সকলো কথাতে তোমোলাকৰ পিতৃ মাতৃক মান্য কৰা”।

 এই পৃথিবীত আমাৰ যি সকল মিত্ৰ আচে সকলোতকৈ পিতৃ মাতৃ মৰমিয়াল। ওমি উপজিবৰে পৰা সিবিলাকে তোমাৰ যি২ উপকাৰ কৰিচে আৰু আজিলৈকে কৰিব লাগিচে তাক তোমোলাকে কি জানি ভবাই নাই। এতেকে সিবিলাকৰ উপ্কা‌ৰৰ কথা অলপ কওঁ শুনা।

 যেতিয়া ওমি এই পৃথিবীত প্ৰথমে জন্ম ললা তেতিয়া ওমি গোটেই দুৰ্ব্বল আচিলা, সহায় নোহোৱাকৈ থিয় দিব বা আন একোকে কৰিব নোৱাৰিচিলা; কিন্তু তোমাৰ মাতৃয়ে ওৰে দিনটো তোমাক কোলাত লৈ ফুৰিচিল আরু ঘৰৰ আন বন কৰি ভাগৰিলেও তোমাক প্ৰতিপাল কৰিবলৈ তেঁওৰ কেতিয়াও ভাগৰ নেলাগিচিল আরু তোমাক কোলাত লৈ থাকোঁতে তেঁওৰ হাতৰ বিষ ধৰি- লেও কোলাৰ পৰা ন থইচিল। তেঁও বুকুত লৈ তোমাক খুৱাই চিল, আরু ৰাতি তেঁওৰ ভাগৰ ধৰি টোপনি আহি- লেও তুমি কান্দিলে নিচুকাইচিল আরু এই বোৰ দুখ সহিও তেঁও এফেৰিও বেজাৰ নাপাইচিল আরু তোমাক আদৰকৈ চুমা খাই তোমাক ডাঙ্গৰ কৰিবলৈ নানা দৰে প্ৰতিপাল কৰিছিল। [ ১০৬ ]  তোমাৰ পিতৃয়ে তোমাৰ হৈ কি কৰিচে তাৰ কথা কঁওঁ শুনা—তোমাৰ পিতৃয়ে ৰাতি পুৱাৰ পৰা গধুলিলৈকে বন কৰি তোমোলাকক প্ৰবৰ্ত্তাবলৈ ধন আনে; বৰখুন আনিলে বা ভাগৰ লাগিলেও ঘৰত নাথাকে আরু তিতিম বা ভাগৰ লাগিচে বুলি ঘৰত থাকোঁ নোবোলে কিয়নো তেনে কৰিলে খাবলৈ কত পালাহঁতন তেঁও, অতি চেনেহ্‌ কৈ ভাবে বোলে মোৰ লৰা লুৰি হঁতে কি খাব? এতেকে ময় বন কৰোঁ গৈ, এই বুলি ৰদেই হক বা বৰখুনেই হক, দুখেই হক বা সুখেই হক, সকলোকে এফলিয়া কৰি থৈ বনলৈ হে জায়। তোমাৰ হৈ ইমান দুখ কৰাৰ সলনি ত্তমি তোমাৰ পিতৃক কেনে চেনেহ কৰিব পোৱা?

 হে মোৰ প্ৰিয় লৰা বিলাক, তোমোলাকৰ পিতৃ মাতৃয়ে ইমান মৰম কৰাৰ সলনি সিবিলাকৰ নিমিত্তে আজিলৈকে তোমোলাকে কি কৰিচা? এতিয়ালৈকে তোমোলাকে সিবি লাকৰ একো উপ্কা‌ৰ কৰিব পৰা হোৱা নাই হয়, কিন্তু সিবিলাকক সন্তোষ কৰিবলৈ সকলোৱে এটি কৰ্ম্ম কৰিব পাৰা অৰ্থাৎ ভাল সন্তান হবলৈ প্ৰাৰ্থনা আরু পুরুষাৰ্থ কৰা আরু সকলো কথাতে পিতৃ মাতৃক মান্য কৰা।

 ইয়াকে তোমোলাক জিয়াই থাকা মানে প্ৰতি দিনে কৰিব পোৱা, কিয়নো কাৰো মাক বাপেকে কুকৰ্ম্ম কৰিবলৈ নিশিকায়; কিন্তু সাস্ত্ৰৰ বিপৰীত কোনো কৰ্ম্ম কৰিব দিলে হে সিবিলাকৰ কথাত কৈ ঈশ্বৰৰ অ জ্ঞা মানিব পাই। [ ১০৭ ] সকলো পিতৃ মাতৃয়ে সন্তান হঁতক সুকৰ্ম্ম কৰিব হে দিয়ে সেই নিমিত্তে সিবিলাকৰ কথা অৰশ্যে শুনিব পাই। যেতিয়া সিবিলাকে “তালৈ জোৱা, ইয়ালৈ আহাঁ, ইয়াকে কৰা ইত্যাদি কোনো আজ্ঞা লৰাক কৰে তেতিয়া সি পৰম হিতৈষী পিতৃ মাতৃৰ আজ্ঞা বুলি সেই আজ্ঞা তেতিয়াই পালিব পাই; কিন্তু তললৈ মুৰকৈ খঙ্গ কৰি তিনি চাৰি বেলি নোবোলে মানে নকৰি থাকিব নাপাই। পিতৃ মাতৃয়ে লৰাই ভাল নোপোৱা কোনো কথা কৰিব দিলেও সেই কথা অৱশ্যে কৰিব, কিয়নো সিবিলাকে তাতকৈ অধিক জানে।

 তোমালোকৰ পিতৃ মাতৃয়ে কেতিয়াবা খঙ্গ কৰিলে বা ডবিয়ালে, তোমোলাকে বেজাৰ নাপাই সিবিলাকক শীঘ্ৰে আজ্ঞা পালন কৰি সন্তোষ কৰিবলৈ হে যতন কৰিবা? কিয়নো ত্তমি নজনা অনেক কথাত সিবিলাকে বেজাৰ পাই এতেকে হে প্ৰিয় লৰা সকল, এই বোৰ কথা মনত সাঁচি থৈ পিতৃ মাতৃৰ আজ্ঞা মানিবলৈ তোমোলকক মতি দিবৰ নিমিত্তে ঈশ্বৰক প্ৰাৰ্থনা কৰা।

“HE THAT SPEAKETH LIES SHALL PERISH."

“যি মিচা কথা কয় সি তাৰ পুতিফল পাব।

 হে প্ৰিয় লৰাহঁত তোমোলাকৰ ভিতৰৰ কেৱে যেন এই কুকৰ্ম্ম নকৰা। তোমোলাকে সদাই মনত ৰাখিবা যে আমাৰ সৰ্ব্বজ্ঞ পিতৃ পৰমেশ্বৰ সদাই তোমোলাকৰ [ ১০৮ ]

 

“THOU SHALT NOT STEAL.”

“তুমি চুৰ ন কৰিবা।”

 সকলোরে আপনাৰ নিজা বস্তু ৰাখিবলৈ পাৰিবৰ নিমিত্তে শাস্ত্ৰে চুৰ কৰিবলৈ হাক দিচে। তোমোলাক সকলোরে চুৰ নকৰা কিহক বোলে জানা তাৰ অৰ্থ এই অৰ্থাৎ যি বস্তু তোমোলাকৰ নহয় সি অতি ক্ষুদ্ৰ হলেও নিনিবা।

 যদি তোমোলাকে স্বৰূপকৈ সৎ লৰা হৈ ঈশ্বৰৰ আজ্ঞা পালন কৰিব খোজা তেন্তে কি সরু কি ডাঙ্গৰ যি বস্তু তোমোলাকৰ ন হয় তাক চুবলৈকো মন নকৰিবা কেতি য়াবা তোমোলাকে মনত ভাবিব পৰা বোলে অমুক বস্তুটি কেনে চিকোন ময় তাক পালোঁহঁতন তেহে! কিন্তু লৰাহঁত কেতিয়াবা তোমোলাকৰ মনত এনে ইচ্ছা হলে পাপ নামে যে তোমোলাকৰ বৈৰী আচে সেয়েই এনে কুমতি দিচে বুলি মনত কৰিবা আরু সকলো চিত্তে সৈতে ঈশ্বৰক এই বুলি প্ৰাৰ্থনা কৰিবা বোলে হে প্ৰভু মোক অকৰ্ম্ম কৰি বলৈ মতি নি দিবা।

হে প্ৰিয় লৰা সকল তোমোলাকৰ মনত পৰৰ বস্তু আনি বলৈ ইচ্ছা হোৱা মাত্ৰেই সেই ইচ্ছা দমন কৰিবা কিয়নো তাৰ পৰা ত্তমি নিশ্চয়কৈ পাপৰ পৰা ৰক্ষা পৰিব পাৰিব আরু সদাই “ঈশ্বৰৰ চকু সকলো ঠাইতে আচে” বুলি [ ১০৯ ] জানিবা যি চুৰ কৰে সি ঈশ্বৰৰ ক্ৰোধৰ তলতিয়া হব আরু তাৰ প্ৰতিফলো পাব।

লৰাহঁত নিশ্চয় কৈ জানিবা যে সরুলৰা এটিয়ে লাটিম চুৰ, কৰিলে যিমান পাপ, চোৰ এটাই ৰাতি সিন্ধি খানি এটো পোলা সোন চুৰ কৰি বন্দি সালত যাতনা পাই মৰাও তাৰ সমানেই পাপ; আরু যি সৰুৰে পৰা বেজি চুৰ কৰে সি ডাঙ্গৰ হলেও লাহে২ বৰ অকৰ্ম্ম কৰি সেষত মহা দুৰ্গতিত পৰে। তোমোলাকে যি কৰ্ম্ম কৰা সকলোতে সৎ হব পোৱা।

এই সকল উপদেশ সদাই মনত ৰাখিবা আৰু ঘৰতো এই কথাকে কবা আরু তোমাৰ পিতৃ মাতৃকো তোমাৰ কৰ্ম্মৰ দ্বাৰা সৎবুলি দেখুৱাবা। তুমি যদি পঢ়াশালিত পৰৰ কিবা বস্তু পোৱা তেন্তে তেতিয়'ই তোমাৰ অধ্যাপকক সোধাই দিবা; কোনো সরু লৰাক ভুরুকিয়াই তাৰ কোনো বস্তু নিবলৈ ইচ্ছা নকৰিবা; সিলৰা মানুহ একো নেজানে দেখি ভুরুকিয়াব নোপোৱা কোনো মানুহে বাটত কিবা বস্তু পেলাই জোৱা দেখিলে তুমি তেতিয়াই সেই বস্তু তাৰ গৃহ- স্থক সোধাই দিবাগৈ, কিয়নো ঈশ্বৰৰ আজ্ঞা নানিবৰ নিমিত্তে তোমাৰ প্ৰতি আনে যেনে কৰিলে তুমি ভাল পোৱা তুমিও তাৰ প্ৰতি তেনে কৰিবা।

 হে প্ৰিয় লৰা সকল ঈশ্বৰে তোমালাকক আশীৰ্ব্বাদ কৰক, আৰু ৰাতিয়ে দিনে তোমোলাকৰ কথা কৰ্ম্ম আরু [ ১১০ ] ভাৱনাত তেঁওৰ পবিত্ৰ নামলৈ ভয় আরু প্ৰেম কৰিবৰ মতি দিয়ক, তাৰে পৰা তোমোলাক ইহকাল পৰকালত সুখী হবা৷

“Spark not evil one of another.’’

“ আনৰ নিন্দা কথা নকবা।”

 তোমোলাক সকলোৱে অকাৰণে পৰৰ কুকৰ্ম্মৰ কথা নকৈ ঈশ্বৰৰ গুণানুবাদ আরু সৎ কথা কলে ময় বৰ সন্তোষ পাঁও কোনো লৰাই কাৰো দোষৰ কথা কব নাপাই, কিন্তু পৰস্পৰ এনেহে প্ৰীতি কৰিব পোৱা যে তোমোলাকৰ লগৰিয়াই দোষ কৰিলে অসন্তোষ কৰি আনকো তাৰ কথা কব নিদিবা; কিয়নো তুমি কুকৰ্ম্ম কৰিলে আন কোনো দুষ্ট লৰাই তোমাৰ কথা এটাইৰে আগতকৈ ফুৰিলে ভাল পোৱা নে? কেৱে এই পঢ়াশালিত বা আন কোনো ঠা্ই‌ত অকৰ্ম্ম কৰিলে তোমোলাকৰ ভিতৰৰ অনেকে সেই কথা কবলৈ ভাল পোৱা, কিন্তু এনেকৈ কেতিয়াও কাৰো কথা নকবা। কোনো লৰাই তোমাক জোকালে বা গালি পাৰি- লে তুমি সহিহে থাকিবা আরু তাক ক্ষমা কৰিবা, কিন্তু অধ্যাপক গোচৰ দিওঁ গৈ নুবুলিবা, কিয়নো তোমো- লাক সকলোৱে একে জন পিতৃৰে পৰা হৈচা আৰু সক লোৱে ভাই ককাই হোৱা; এতেকে ভাই ককাইৰ প্ৰতি এনে কৰা বেয়া। [ ১১১ ]  তোমোলাকে কি নিমিত্তে পৰৰ দোষৰ কথা কবলৈ ভাল পোৱা ময় কঁও শুনা। ঘাই হেতু গৰ্ব্ব-তুমি আপোনা আপুনি আন লৰাতকৈ ভাল হব খোজা আরু তুমি অধ্যা- পকক জনাব খোজা যে আনে যি অকৰ্ম্ম কৰিচে তাক তুমি কেতিয়া ও নকৰা; কিন্তু ইশ্বৰে এনে অহঙ্কাৰক ঘৃণা কৰে এতেকে তুমি এনে কুমতিৰ পৰা ৰক্ষা পাবলৈ প্ৰাৰ্থনা কৰা তেনে নকৰিলে তুমি বৰ পাপ আৰু দুখত পৰিবা। আরু এটা হেতু এই, লৰা বোৰে সৰহকৈ কথা কবলৈ ভাল পায়। যি অনেক কথা কয় সি তেতিয়াই পৰৰ দোষৰ কথাও কয় আৰু এই দৰে ভালেমান কুকৰ্ম্মও কৰে!

 প্ৰিয় লৰা সকল, ময় তোমোলাকক যে এই সকল কথা কলোঁ তাক মনত ৰাখি পৰৰ নিন্দা কৰা যে এটা দুৰ্স্বভাৱ তাক এৰা, সকলোকে মৰম কৰিবা আরু কাৰো দোষ দেখিলে ক্ষমা কৰিবা। আৰু যেতিয়া তোমোলাকৰ কাৰো নিন্দা কৰিবৰ মতি হয় তেতিয়া এই উপদেশ সকল মনত কৰিবা।

“ BE CONTENT WITH SUCH THINGS AS YE HAVE."

“তোমোলাকৰ যি বস্তু আচে তাতে সন্তুষ্ট হবা।”

 তোমোলাক সকলোৱে সন্তুষ্ট হোৱা কি হক বোলে [ ১১২ ] জানা; কিন্তু অকল বুজিলেই বা শুনিলেই নহয় যেনে শুনা আরু বুজা তেনে চলিবও লাগে। আনৰ বস্তু লৈ ইচ্ছা কৰা বৰ বেয়া আরু এনে দুৰ্মতি কোনো লৰাৰ মনত থাকিব না পাই, তোমাৰ যদি এনে মতি হয় তেন্তে তাক তোমাৰ তৰ পৰা নিবলৈ ঈশ্বৰক প্ৰাৰ্থনা কৰা অকল পাপ যে এটা বস্তু আচে তাতে মাথোন সন্তুষ্ট নহবা ( আমাত যি পাপ থাকে তাক যিমান সোনকালে পাৰোঁতিমান সোনকালে এৰাবৰ যত্ন কৰিব পাঁও কিন্তু তোমাৰ আন কোনো বস্তু থাকিলে তাত সন্তুষ্ট হবা, কি যনো ঈশ্বৰে তোমালৈ যি ভাল আরু উপযুক্ত তাকে হে দিচে।

 তুমি কোনো লৰাৰ হাতত এটি বৰ চিকোন পুতলা বা আন কোনো বস্তু দেখি “সেই বস্তুটি মোৰ হলহঁতন” তেহে এনে বুলি নাভাবি কবা বোলে লৰাই যি বস্তু পায় তাতে সন্তুষ্ট হব পাই আরু ঈশ্বৰে মোক যি সকল দিচে তাৰো ময় যোগ্য নহওঁ তুমি যেতিয়া পৰলিয়া চাউলৰ ভাত খোৱা, কিন্তু তোমাৰ চুবুৰিয়া কেৱে পায়সকে আদি কৰি নানা ভাল দ্ৰব্য খায়, তেতিয়া তুমি এনেকৈ নুবুলিবা বোলে মোৰ খোৱা বস্তু বেয়া ময় ইয়াতকৈ ভালকৈ খাব খোজোঁ আরু অমুকে মোতকৈ ভাল বস্তু খায় কিন্তু তুমি যিহকে পোৱা তাকে খাই সন্তুষ্ট হবা।

 যি বস্তু পাবলৈ তুমি ইচ্ছা কৰা তাকে চাই বহি নে থাকিবা আরু যি মানুহৰ সেই বস্তু তাৰো গুৰিত সদাই না থাকিবা, [ ১১৩ ] কিয়নো তেনে কৰিলে তোমাৰ অভিলাষ আৰু অধিকহে হব। তুমি এনে বস্তুত চকু দিবা যাৰ পৰা তোমাৰ মনৰ সেই অভি লাষ গুচে। যি বস্তু আমাৰ নহয় তালৈ বৰকৈ চাই থকা মিচা সময় ব্যয় মাথোন; আরু তেনে কৰিলে লাহে২ সেই বস্তু পাবলৈ অভিলাষ হয়; বিশেষ শাস্ত্ৰতো যি বস্তু আমাৰ নহয় তালৈ ইচ্ছা কৰিব হাক দিচে।

 কোনো অজ্ঞান লৰাই বাটেৰে জঁওতে বজাৰৰ ভাল বস্তু দেখি তাকে চাবলৈ থমকি “কেনে সুন্দৰ বস্তু বুলি অভিলাষ কৰিলে ময় বৰ বিষম পাওঁ; কিয়নো এনেকৈ সি যি বস্তু তাৰ নহয় তালৈ ইচ্ছা কৰি২ শেষত সদাই অস- স্তোষ কৰি ঈশ্বৰে দিয়া বস্তুতে সন্তোষ ন হয়।

 হে প্ৰিয়, লৰা বিলাক, পৰৰ বস্তুত লোভ নকৰিবা; তোমোলাকৰ যি আছে তাতে সন্তোষ হৈ থাকিব। এই উপদেশ পুথিৰ পাতত লেখা তোমোলাকে দেখিচা কিন্তু তাক তোমোলাকৰ চিত্তত লেখাই থোৱা।

“ BE COURTEOUS."

“শিষ্ট হোৱা।”

 আমি সকলোৰে প্ৰতি শিষ্ট হব পাও, কিন্তু গৰ্ব্ব কৰা অতি বেয়া আরু সকলো বিধৰ অশিষ্ট ব্যৱহাৰ আরু অমান্য কৰাক এৰিব পাঁও কিন্তু লৰা বোৰে এই উপদেশ পাহৰি সদাই সিবিলাকতকৈ ডাঙ্গৰ জনক মান সৎকাৰ নকৰে, [ ১১৪ ] কিন্তু তোমোলাকে এই কথা নিতৌ মনত ৰাখিব আরু যেতিয়া আলিৰে জোৱা আৰু ভাল মানুহৰ সমাজত থাকা তেতিয়া অশিষ্ট লৰাৰ নিচিনাকৈ কৰ্ম্ম নকৰিবা।

 যি লৰা শিষ্ট হয় সি কোনো ভাল মানুহক অহা দেখিলে অতি নম্ৰ আৰু নত হৈ তেঁওক বাট এৰি দিয়ে, অসজু লৰাৰ নিচিনা হজুৱাৰ দৰে গকৈ গাত ঠেলা মাৰি নেজায় যি লৰাৰ এনেকুৱা চৰিত্ৰ তাক শাস্তি দিব লাগে।

 যেতিয়া তুমি কোনো ভাল মানুহে সৈতে কথা কোৱা যেতিয়া অতি নম্ৰ হৈ কথাৰ উত্তৰ প্ৰত্যুত্তৰ দিব। সদাই আপুনি, দেও, আপোনা বা দেৱৰ অনুগ্ৰহ অনুগ্ৰহকৈ ইত্যাদি মিঠা্ কথা কবা। কেৱে সৈতে কোনো কথাৰ বিবাদ লাগিলে এক আখাৰো কটু কথা ন কব, কিন্তু সকলো কথাতে নম্ৰ হবা। তুমি যদি বৰ ধনৱন্তেই হোৱা তেও শিষ্টাচাৰী নহলে তোমাক কেৱে ভাল নাপাব; যি সক- লোকে সমাদৰ কৰে তাক আটাইয়ে প্ৰীতি কৰে, কিন্তু যি গৰ্ব্ব কৰি থাকে তাক কেৱে ভাল না না পাই ঘৃণা হে কৰে।

 মান্য জন আহিলে তুমি আগ বাঢ়ি আনিবাৰ্গৈ আৰু বিদায় দিওঁতেও আগবঢ়াই থৈ আহিবা, এই সকলকে শিষ্ট হোৱা বোলে। হে প্ৰিয় লৰা বিলাক, এই বোৰ উপদেশ তোমোলাকে মনত সঁচাৰ মাৰিথৈ দিনৰ প্ৰতি মুহৰ্ত্তকে সেই উপদেশেৰে চলিলে নিশ্চয়কৈ তোমলাকক সকলোৱে প্ৰেম কৰিব। [ ১১৫ ]

THE WAGES OF SIN IS DEATH.”
পাপৰ বেতন মৃত্যু।

 এই বচন তোমোলাকে ভালকৈ বুজা নাই হেন পাঁও, এতেকে ময় বুজাই কওঁ শুনা। তোমোলাকে বেতন (অৰ্থাৎ দৰমাহা) বুলি অনেক বেলি শুনিব পোৱা, কিয়নো তোমোলাকৰ পিতৃয়ে কোনোবা মানুহৰ ঘৰত বন কৰি বনৰ বেচ ধন অনা দেখিচা; সেই যে ধন তাকে বেতন বোলে! সিবিলাকে যি গৃহস্থৰ বন কৰে তাৰ তৰ পৰা ধন পাব পাই আৰু সেই ধনকে বেতন বোলে কিয়নো সি ন্যায় কৈ আৰ্জা।

 কিন্তু জানিবা, যে ধনত বাজে আন বেতনো আচে আরু তোমোলাকৰ পিতৃ মাতৃ সকলে পৃথিবীৰ যি গৃহস্থৰ বন কৰে তাত বাজে আরু আন গৃহস্থো আচে; এটা গৃহস্থ আছে তাৰ নাম পাপ, (এই নাম শুনিব পোৱা) সেই পাপ নামে গৃহস্থে তোমোলাক সকলোকে চাকৰ ৰাখিব খোজে আরু সি তাৰ চাকৰ হঁতক যি বন কৰিব দিয়ে তাৰে নাম পাপ, অৰ্থাৎ সকলো বিধৰে দুষ্টামি দুৰ্ভাৱনা আৰু কুকৰ্ম ইত্যা- দি। সিও তাৰ চাকৰ বোৰ তাৰ বন কৰাৰ সলনি বেতন দিয়ে কিন্তু ময় নিশ্চয় জানো যে সি যি বেতন দিয়ে সি অতি বেয়া আরু তাৰ দৰমহা খাবলৈ ময় তোমোলাকক বৰকৈ হাক দিওঁ কিয়নো সি তাৰ চাকৰ বোৰক বেতন মৃত্যু দিয়ে; সেই মৃত্যু শৰীৰৰ নহয়, কিন্তু জীবাত্মাৰ মৃত্যু, অৰ্থাৎ জীব

আ নৰকত যি যাতনা পায়।

[ ১১৬ ]  যি বোৰ মানুহ আরু লৰা তিৰোতাই পাপৰ চাকৰ হৈ তাৰ বন কৰে সিহঁতক তাৰ সলনি পাপে এই বোৰ বেতন দিয়ে “ পাপৰ বেতন মৃত্যু” যি মানুহে তাৰ অসৎ আজ্ঞা মানিচে সি এই বেতন পাৰ পাই, এতেকে হে প্ৰিয় লৰা সকল, পাপ কৰ্ম্মৰ প্ৰতিফল যে কলোঁ এই কথা মনত ৰাখি এতিয়াৰে পৰা পাপক বৰকৈ ভয় কৰিবলৈ শিকা আরু সদাই তাৰ পৰা পলাবলৈ প্ৰতিজ্ঞাকৰা।

THE LAWSUIT.”

গোচর।

 এক খেতিয়ক দুই পুতেকক এৰি মৰিল; সিহঁত দুই বাপেকে এৰি জোৱা সমপত্তিৰে প্ৰবৰ্ত্তি ভালকৈ খাই লই সুখকৈ থাকিব পাৰিলে হঁতন কিন্তু সিহঁতৰ বাপেকে এৰি জোৱা বৃত্তিৰ মধ্যত এখন আম কঠাল ইত্যাদিৰ বৰ সুন্দৰ বাৰি আছিল আৰু তাৰ পৰা বঢৰি ভালেমান লাভ পোৱা গৈচিল।

 সেই বাৰী খন সিহতৰ বাপেক মৰিবৰ কালত ভগাই দিয়া নহলে সেই নিমিত্তে দুইও ভায়েকে তাক পাবলৈ দন্দ কৰিব ধৰিলে শেষত সিহঁতৰ কাকো কেৱে নম হল আর পৰস্পৰ বৰ বৈৰতা হল এক ভায়েকে কলে বোলে তয় মোৰ বস্তু নিব খোজ এতেকে তয় ভাল মানুহ নহ আর

[ ১১৭ ]

তয় এনে বাৰীৰ অধিকাৰ হবৰ যোগ্যও নহ, পিচে সিহঁতৰ গাঁৱৰ পুৰোহিতে বিবাদ শুনি সিহঁতক মিলাই ৰাখিবৰ ইচ্ছা কৰি কলে বোলে মিত্ৰ সকল তোমোলাকে কি কৰা, সুখে থাকি ভাগৰ লাগিলনে? এই বাৰী খনেই তোমোলা কৰ মিল প্ৰীতি ভাঙ্গিবৰ হেতু হলনে? দুইও গোট খাই তাক চাহ কৰা পিচে সহ হলে ভগাই নিবা এই কথাত এক ভায়েকে কলে বোলে ময় এনে ইচ্ছা নকৰোঁ গোটেই খন ময় পাওঁ, সি ভায়েকে কলে বোলে বারু বুজা জাব ময় হে পাম; সিহঁতৰ এই সকল কথাত সেই পুৰোহিতে কলে তেন্তে দুইৰ এটাই এটাৰ তৰ পৰা ধনলৈ ভাগ এৰি দিয়া তাতে সিহঁতে দুই ওএকে বেলিয়ে কলে বোলে মোৰ ভাইয়ে এৰি দিয়ক পিচে পুৰোহিতে সিহঁতক একো পিনে মিলাই ৰাখিব নোৱাৰি কলে বোলে তহঁতে ইয়াৰ প্ৰতিফল পাবি।

 ভায়েক হঁতে এই কথাত মন নিদি দুই দুই উকিল ধৰি গোচৰ আৰম্ভ কৰিলে আন গোচৰৰ নিচিনা সিহঁতৰ গোচৰৰ পৰি থাকিল, সেই সময়তে বাৰীৰ গচ সকল কেৱে পতি নকৰাত গোটেই নষ্ট হল, শেষত পাঁচ ৰচৰৰ মুৰত গোচৰৰ সিদ্ধান্ত হল কিন্তু যি জিকিলে সি গোচৰর খৰচ দিবলৈ সেই বাৰি খন আর তাৰ লগতে আন বৃত্তিকো

বেচিলে।

[ ১১৮ ]  এই বোৰ দুৰ্ঘটনা হলত দুইও ভায়েকে বৰ উদ্বিগ্ন হল, পিচে এটাই কলে বোলে আমাৰ এনে হবই পায় এই বোৰ আমি এৰাব পাৰিলে হঁতন, আমাৰ মাটি বাৰী আরু ধন এটাই থাকিল হঁতন আরুইমান দুখ নাপাই সকলোৱে সুখ কৈ খাই লই থাকি সকলোৰে মনত ভাল হলো হঁতন তাতে সি ভায়েকে মাত লগালে বোলে এই সকল সুখ আমাৰ দোষতহে গুচিচে সকলো কথা আকৌ পূৰ্ব্বৰ দৰে হল হঁতন যদি তেহে এই কথাত ডাঙ্গৰ ভায়েকে কলে বোলে যি গল সি আৰু উভতি নাহে এতেকে আগলৈ জনা হওঁ হক এই বুলি দুইও সাপটা সাপটি কৈ কলে আমি জীয়াই থাকো মানে কাৰো কেৱে শত্ৰু নহওঁ পিচে দুই ও কান্দিলে আরু সেই দিনৰে পৰা দুইৰো বৰ প্ৰীতি হল।

THE DECISION OF CYRUS.
চাইৰচৰ সিদ্ধান্ত।”

 নাৰায়ন। তুমি সেই চিনতঁকাৰ মাৰিব পাৰানে? মোৰ পিতাই মোক এজোৰ কাৰ ধেনু দিচে তাৰেই মাৰো হঁক বলা।

 গোপাল। বারু মোক আগৈ মাৰি বলৈ দিয়া।

 না। অল্প ৰবা, আগৈ তোমাতকৈ ডাঙ্গৰ বোৰে মাৰক, মোৰ মৰা হলে পিচে তোমাক দিম কিন্তু মোৰ চোলাটো বৰ টান হাত দাঙ্গিবকে নোৱাৰোঁ তোমাৰ গালৈ ভাল

হৰ তোমাৰ টো বৰ ডাঙ্গৰ এতেকে সলনি কৰোঁ দিয়া।

[ ১১৯ ]  গো। ময় তেনে কথা নকৰোঁ, মোৰ চোলাটো ডাঙ্গৰ হয় কিন্তু তোমাৰ টো তকৈ মোৰ টোৰ ভাল বৰণ এতেকে ময়তাক ৰাখিম।

 না। তুমি যদি ভাল কথাত নিদিয়া তেন্তে বলকৈ সলাম। তোমাৰ গালৈ মোৰ টো ভাল হব এতেকে সলালে দুইৰো ভাল হব।

 এই কথা কৈ সিহঁতে দুইও জোটা পোটি কৰিব ধৰিলে, এনে সময়তে চাইৰচ আহি দেখি সুধিলে বোলে লৰা হঁত কি হইচে? কি হৰ সলনি দন্দ কৰিচা হঁক।

 গো। মোৰ বল নাই দেখি ই মোৰ চোলা টো কাঢ়ি নিব খোজে।

 না। ময় আমাৰ দন্দ সুধিবলৈ চাই ৰচক মানিলোঁ তুমি তেঁওৰ সিদ্ধান্তত মানতি হবানে।

 গো। বারু হম।

 চা। কি কথা কোৱা তেহে তোমোলাকৰ দলৰ কথা ভু পাম।

 চা। মোৰ চোলাটো মোৰ গালৈ সরু কিন্তু তাৰটোও তাৰ গালৈ ডাঙ্গৰ প্ৰায় মাটিত পৰে এতেকে দুইও চোলা সলনি কৰিব খোজোঁ।

 চা। তেন্তে মোৰ এই সিদ্ধান্ত ডাঙ্গৰ টো লৰাই ডাঙ্গৰ টো চোলা আরু সরু টো লৰাই সরু টো নিব পাই।

 সিহঁত দুইও এই সিদ্ধান্ত পাই চোলা সলনি কৰিব [ ১২০ ] ধৰিলে এনেতে অধ্যাপক সোমাই তাকে দেখি সুধিলে বোলে কিয় কাপৰ সলাইচ হঁক।

 চা। হয় সিহঁতে চোলাৰ হৈ দন্দ কৰি মোৰ তলৈ সোধ সোধাবলৈ আহিচিল আরু ময় সিদ্ধান্ত দিচোঁ বোলোঁ যালৈ যিটো চোলা ভাল সেষেই তাক পাব।

 অধ্যাপক। তুমি কি বুজি এনে সিদ্ধান্ত দিলা।

 চা। যালৈ যিটো ভাল তাকে সেইটো দিয়াইচোঁ।

 অ। কিন্তু যাৰ বস্তু সি মানতি নোহোৱাকৈ কি ব্যবস্থাৰে তাৰ বস্তু তুমি নিয়ালা।

 চা। ময় জানিলোঁ যে এনেকৈ সলালে তাৰ লাভ হব।

 অ। আনে কিহত সুখী হয় তাক জানিবৰ তোমাৰ শক্তি নাই, সুবিচাৰৰ নিমিত্তে ডাঙ্গৰ চোলাটো তাৰ অধিকাৰক দিব পাই। তোমাৰ সিদ্ধান্ত অন্যায় হৈছে, তুমি সুবিচাৰহে কৰিব পোৱা কালৈ কি ভাল তাক সুধিব নোপোৱা।

 ন্যায্যতাৰ মূৰ্ত্তি সদাই চকুত কাপৰ বন্ধা, আরু হাতত তৰ্জূ এখনেৰে কৰে, তাৰ অৰ্থ এই যে তেঁওৰ কাতো ভিন ভাৱ নাই কিন্তু সকলো মানুহকে পাবলগা খনি বেচি কমি নকৰাকৈ দিয়ে।

ট্ৰটচৰ আখ্যান।

 রুম ৰাজ্য পূৰ্ব্বে ৰজাৰ দ্বাৰা শাসিত হৈচিল, পিচে এক ৰজাই প্ৰজা সকলক বৰকৈ যাতনা দিয়াত সকলোৱে তাক [ ১২১ ] খেদি দেশ শাসন কৰিবলৈ বচৰি কন্সল নামে দুটা শাসন কৰ্ত্তা পাতিলে আরু কেতিয়াও ৰজা নাপাতোঁ বুলি শপত কাঢ়িলে। ব্ৰটচ নামে এজন মানুহে ৰজাক খেদিবলৈ অগ্ৰ গণ্য হৈচিল আরু প্ৰথমে তেঁও আরু কলেটাইনচ নামে এজন দুইও কন্সল হল।

 সেই ভগা ৰজাই আকৌ ৰজা হবৰ মনে আন চলকৈ নগৰলৈ কটকি পাঁচিলত কেতবোৰ মান দুষ্ট মানুহে আকৌ তেঁওক ৰজা পাতিবলৈ গোট খাই ভিতৰি মেল কৰিব ধৰিলে, পিচে দৈবাৎ সেই ৰাজ দ্ৰোহী বোৰে মেল কৰাৰ কথা প্ৰকাশ হল। এদিন সিহঁত সকলোৱে ৰাতি মেল কৰাত এটা গোলামে লুকাই থাকি সিহঁতৰ মেলৰ আটাই কথাকে শুনি কন্সল হঁতৰ আগত কই দিলে।

 তেতিয়াই সেই ৰাজ কুমন্ত্ৰি বোৰক ধৰিবলৈ আজ্ঞা দিলে পিচে সিহঁতৰ মাজত ব্ৰটচৰ পুতেকো আচিল। সিহঁত সকলোকে সোধৰ ঠাইলৈ অনাহলত আপোনাৰ কুকৰ্ম্মৰ সলনি একো উত্তৰ দিব নোৱাৰি মনে কি দণ্ড কৰে তালৈকে বাট চাই থাকিল। সেই দেশত যি ৰজা পাতি বলৈ মন্ত্ৰণা কৰে তাক প্ৰাণ দণ্ড কৰিচিল, তাতে ব্ৰটচৰ পুতেককো দেখি সিবোৰ বিচাৰপতিয়ে নকান্দাকৈ থাকিব নোৱাৰিলে কিন্তু ব্ৰুটচেহে এফেৰিও অসন্তোষ নকৰি বৰ খঙ্গ মুৱা কৈ পুতেক হঁতক কুকৰ্ম্মৰ সলনি কিবা উত্তৰ আচে বুলি তিনি বেলি সুধিলে, কিন্তু একো উত্তৰ নাপাই [ ১২২ ] চাওডাঙ্গ তৰ্ক কলে বলে এতিয়া তহঁতৰহে বন কৰিব লগা আচে, এই বুলি তেঁও বহিল কিন্তু একোৱে তেঁওৰ প্ৰতিজ্ঞা ভাঙ্গিব নোৱাৰিলে পিচে আগত থাকি পুতেক হঁতক কটালে।

OF ALFRED THE GTEAT.

আলফ্ৰেড ৰজাৰ কথা।

 এহেজাৰ মান বচৰ হৈচে ইংলণ্ড দেশৰ আলফ্ৰেড নামে এক ৰজা আচিল, তেঁও ইংগণ্ডৰ ৰজা সকলৰ ভিতৰত অতি জ্ঞানবন্ত আচিল। তেঁওৰ জীবনৰ প্ৰতি ঘড়ীৰে বন নিৰূপণ আচিল আরু তেঁও দিন আরু ৰাতিক আঠ ঘড়ীকে তিনি ভাগ কৰিছিল। তেঁও অতি নৰিয়া থাকিও সোৱা খোৱা আৰু ভ্ৰমণৰ নিমিত্তে আঠ ঘড়ী হে থৈচিল আৰু আধরুৱা সোলে ঘড়ীৰ আদখিনি পুথি পঢ়ি আরু লেখি আৰু ঈশ্বৰক আৰাধনা কৰি ক্ষেপণ কৰিচিল সি আদখিনিত ৰাজ কৰ্ম্ম কৰিচিল। তেওৰ দিনত ঘড়ি নাচিল দেখি তেও এনে বাতি কৰিচিল যে সি ঠিক আঠঘণ্টাহে জ্বলি চিল।

TITUS EMPEROR OF ROME.

ৰোম দেশের পাত্ সাহ তীতচ।

 বেচ পেচীয়নৰ পুতেক তীতচ পাত চাহক কেৱে গালি পাৰিলে সেই কথা তেঁওৰ আগত কাকে কব নিদিচিল [ ১২৩ ] গালি পৰা কথা কলে তেঁও এই সমিধান দিচিল বোলে তাহাঁতে যদি অকাৰণে মোৰ স্বভাৱত কলঙ্ক দিয়ে তেন্তে তাৰ সলনি দণ্ড নকৰি দয়াহে কৰিব লাগে কিন্তু কেৱে যদি মোক সকাৰণে অপৱাদ দিয়ে তেন্তে তাক ও কৰা অন্যায় কিয়নো সিহঁতে মোৰ সঁচা কথাহে কইচে।

ALCIBIADES A LESSON TO PRIDE.

আলচী বিদিচিৰ আখ্যান।

 আলচি বীদিচ্ নামে এজন ধনৱন্ত মানুহ গ্ৰীক দেশত আচিল তেঁও আপোনাৰ ধন সম্পত্তি আরু মাটিৰ কথা কই অহঙ্কাৰ কৰোঁতে তেঁওৰ গুরু সক্ৰেতীচ্ তেঁওক পৃথি বিৰ মূৰ্ত্তি এখন দেখুৱাই আটিকা দেশ (অৰ্থাৎ যি দেশত এথেন্সন নগৰ আচে। আরু সেই নগৰতে তেঁওৰ বৃত্তি বিচাৰি উলিয়াব দিলে সেই দেশ অতি ক্ষুদ্ৰ আচিল দেখি তেঁওৰ চক্ষু গোচৰ নহল, পিচে অনেক শ্ৰম কৰি দেখিলত সক্ৰেতীচে আকৌ আটিকা দেশত তেঁওৰ মাটি উলিয়াব দিলত তেঁও কলে বোলে সি অতি ক্ষুদ্ৰ হেতুকে নেদেখি তাতে গুরুৱে কলে বোলে চোৱাচোন এই অদৃশ্য এক বিন্দু ঠাইতে তুমি কিমান অহঙ্কাৰ কৰিব লাগিচা।

FORCE OF HABIT.

নিত্য কৰ্ম্মৰ ফল।

 চীন দেশৰ এক পাত চাই প্ৰথমে সিংহাসনত উপবিষ্ট [ ১২৪ ] হৈ পূৰ্ব্বৰ ৰজা সকলৰ দিনত যিবোৰ বন্দিয়াৰক অন্যায়কৈ বন্দি কৰিচিল সিহঁতক এৰি দিবৰ আজ্ঞা দিলে।

 পিচে মুক্ত, হোৱা বন্দিয়াৰ বোৰে ৰজাক আশীৰ্ব্বাদ কৰি বলৈ আহিল তাৰে মাজত বৰ বুঢ়া এটা ৰজাৰ ভৰিত পৰি কলে বোলে, হে চীন দেশৰ মহাপিতৃ চোৱা ময় এটা চাৰি কুৰি বচৰিয়া বুঢ়া, মোক বাইচ্ বচৰ বয়সতে বন্দি সালত দিচে কিন্তু ময় একো অপৰাধ কৰা নাচিলোঁ রু মোক কেৱে অপৰাধী বোলাও নাচিল ময় অকলে এন্ধাৰত আজি তিনি কুৰি বছৰ আচোঁ আরু দুখ সহি মোৰ সহজ হৈছে, যি সূৰ্য্যৰ দিপ্তিলৈ তুমি মোক এৰি দিচা ক মোৰ চকুৱে মনিব নোৱাৰে মোক সহায় কৰিবলৈ আরু মোৰ দুখ গুচাবলৈ কেৱে মোক মনত ৰাখিচে বুলি আলিত বিচাৰি ফুৰিলোঁ কিন্তু মোৰ বংশৰ কেৱে নাই কিয়া হল, মিত্ৰ বোৰো মৰি ঢুকাল আৰু সকলোৱে পাহৰিলে। এতেকে হে মহাৰাজ ময় যি কেইদিন জিওঁ সেই কেইদিন বন্দি শালতে থাকিব দিয়া, বন্দি শালৰ বেৰ মোৰ মনত বৰ ৰজা থকা ঘৰত কৈও ভাল, ময় আৰু মসহ দিন নিজিও এতেকে যি বন্দি শালত ময় ডেকা আরু লৰা কাল খেদালোঁ তাত যদি এহিয়া থাকিব নিদিয়া তেন্তে ময় দুখিয়া হম।

[ ১২৫ ]
 

“RELIGION"

“ধৰ্ম্ম।”

 একে জনা ঈশ্বৰ আছে; সংসাৰৰ সৃষ্টি কৰ্ত্তা আৰু শাসন কৰ্ত্তা, সৰ্ব্ব শক্তিমান, অনাদি অনন্ত আরু অজ্ঞেয়।

 যি জনা সৰ্ব্ব শ্ৰেষ্ঠ অতি জ্ঞানৱন্ত আরু দয়ালু, তেঁওক হে পূজা সেৱা স্তব স্তুতি আরু ধন্যবাদ কৰিবলাগে।

 তেঁৱেই হাতেৰে স্বৰ্গ নিৰ্ম্মাণ কৰিছে আরু আঙুলিৰে নক্ষত্ৰ সকলৰ ৰেখা নিৰ্ণয় কৰিচে তেঁৱেই সমুদ্ৰৰ সীমা নিশ্চয় কৰে আরু সেই সীমা চেৰাব নোৱাৰে, আরু ধুমু হাক আজ্ঞা কৰে বোলে নিজম দি থাক।

 তেঁৱেই পৃথিবীক লৰায় আরু সকলো দেশৰ মানুহে ভয়ত কঁপে তেঁৱেই সংসাৰক মুখৰ কথাৰে আনিব পাৰে আরু হাতেৰে প্ৰহাৰ কৰি সকলোকে সংহাৰ কৰে।

 “সৰ্ব্ব শক্তি মানৰ মহিমাক মান্য কৰা আরু নষ্ট হবলৈ ভয় কৰি তেঁওৰ ক্ৰোধ নুতুলিবা।

 ঈশ্বৰে তেঁওৰ সৃষ্টিৰ সকলোৰে তত্বাৱধাৰণ কৰে আরু অসীম জ্ঞানেৰে শাসন কৰে আরু চলায়। তেঁও সংসাৰ শাসন কৰি বৰ নিমিত্তে ব্যৱস্থা কৰিছে আরু অতি আচৰিত ৰূপে সৃষ্টিৰ নানা জীবৰ নিমিত্তে বিবিধ ব্যৱস্থা কৰিচে।

 তেঁওৰ গভীৰ মনত সকলো জ্ঞান আচে আরু ভবিষ্যৎ কালৰ সঙ্কেত সকল তেঁওৰ আগত মুকলি হৈ থাকে। তোমাৰ চিত্তৰ ভাবনা সকল তেঁওৰ দৃষ্টিৰ পৰা নুলুকায় [ ১২৬ ] আরু তুমি কোনো প্ৰতিজ্ঞা কৰাৰ পূৰ্বেই তেঁও জানে। তেঁও সকলে কৰ্ম্মতে আচৰিত তেঁওৰ অভিপ্ৰায় বুজিব নোৱাৰি আরু তেঁওৰ জ্ঞান তোমাৰ বোধ অগম্য।”

 এতেকে তেঁওৰ জ্ঞানক সকলো মান সৎকাৰ কৰা আরু অতি নম্ৰ আরু নত হৈ তেঁওৰ আজ্ঞা মানা।”

 ঈশ্বৰ অতি মৰমিয়াল আরু কৃপাবান, তেঁও এই সংসাৰ দয়া আরু প্ৰেমেৰে কৰিচে। তেঁওৰ সৃষ্টি সকলোতে তেঁওৰ কৃপা দেখি, তেঁও সকলো ভালৰে মূল আরু সকলো সম্পূৰ্ণ তাৰ মধ্য। তেঁওৰ সৃষ্টিৰ সকলো প্ৰাণিয়ে তেঁওৰ গুণ কয় আরু সিহঁতে যি সুখ ভোগ কৰে সিও তেঁওৰ প্ৰশংসা কয়।

 তেঁওৰ প্ৰাণিক তেঁও ৰূপ দিয়ে, আবৰণ আহাৰ দিয়ে আরু পুরুষানুক্ৰমে ৰক্ষাও কৰে।

 আমি স্বৰ্গলৈ চকু তুলি চালে তেঁওৰ মহিমা জলি থকা দেখোঁ, আরু তললৈ পৃথিবী লৈ চালেও তেঁওৰ কৃপা হে দেখোঁ; পৰ্ব্বত, গহবৰ, পথাৰ, আরু নদী এ হৰ্ষ হৈ তেঁওৰ গুণানুবাদ কৰে।

 কিন্তু হে মনুষ্য তেঁও তোমাক বিশেষকৈ অনুগ্ৰহ কৰি তেঁওৰ সৃষ্টিৰ সকলোতকৈ তোমাক ডাঙ্গৰ কৰিচে। সৃষ্টিৰ ওপৰত তোমাৰ ৰাজত্ব ৰাখিবৰ নিমিত্তে তেঁও তোমাক জ্ঞান দিচে, আরু সমাজৰ পৰা তোমাৰ উন্নতি হবলৈ কথা কবৰ শক্তি দিচে, আরু তেঁওৰ অনুপম গুণ সকল চিন্তা কৰিবৰ নিমিত্তে চিন্তা শক্তি দিচে। তোমাৰ জীৱন [ ১২৭ ] কি ৰূপে কি ৰূপে চলাব লাগে অনেকে তেঁও যি ব্যবস্থা কৰিচে সি তোমাৰ স্বভাৱৰ এনেহে গণ্য যে তেঁওৰ আজ্ঞা মানিলে তোমাৰ সুখ হয়।

 তেঁওৰ দয়াক ধন্যবাদ কৰা, আরু মনে২ তেঁওৰ আচ ৰিত প্ৰেমৰ চিন্তা কৰা। তোমাৰ চিত্ত কৃতজ্ঞতাৰে ভৰক, তোমাৰ মুখে গুণানুবাদ কৰক, আরু তোমাৰ জীৱনৰ কৰ্ম্ম সকলে তেঁওৰ ব্যৱস্থা সকললৈ তোমাৰ প্ৰীতি দেখুৱাক।

 ঈশ্বৰ অতি ন্যায্য আৰরু যথাৰ্থ আরু পৃথিবীৰ সোধ অতি ন্যায়কৈ কৰিব তেঁও ব্যৱস্থা সকল অতিদয়াকৈ কৰা নাইনে? আরু যোনে তেঁওৰ আজ্ঞা ভাঙ্গে তাক দণ্ড ন কৰিবনে।

 হে সাহিয়াল মনুষ্য তোমাৰ দণ্ড পলম হয় দেখি ঈশ্বৰৰ বাহু দুৰ্ব্বল বুলি না ভাবিবা, আরু তোমাৰ কৰ্ম্ম সকলত তেঁও চকু পচাৰে বুলি না জানিবা তেঁওৰ চকু সকলোৰ চিত্তৰ গোপন বস্তুতো বিন্ধি সোমাই, আরু সি চীৰকাললৈকে মনত থাকে আৰু তেঁও কোনো মানুহক মান্য নকৰে। বৰ, সরু, দুখিয়া, ধনবন্ত, জ্ঞানী আৰূ অজ্ঞানী, সকলোৰে আত্মা যেতিয়া মনুষ্য দেহৰ পৰা জায় তেতিয়া ঈশ্বৰৰ ন্যায্য আজ্ঞাৰ পৰা ন্যায় ৰূপে আপোনাৰ কৰ্ম্মৰ প্ৰতিফল পাব।

 তেতিয়া দুষ্ট বোৰে ভয়ত কঁপিব কিন্তু ধাৰ্ম্মিকৰ চিত্তে হৰ্ষ পাব।

 এতেকে হে মনুষ্য জীয়াই থাকা মানে ঈশ্বৰৰ ভয় কৰা আরু তেঁও যিবাট দেখুৱাইচে সেই বাটেৰে জোৱা। জ্ঞানে [ ১২৮ ] তোমাক উপদশ দিয়ক, ধৈৰ্য্যতায় কুমতিক দমন কৰক, ন্যায্যতায় তোমাৰ হাতক চলাওক, দয়াই তোমাৰ চিত্তক উৎসাহ দিয়ক, আরু পৰমেশ্বৰৰ প্ৰতি কৃতজ্ঞতাই তোমাক ধৰ্ম্ম নিষ্ঠা কৰক। এই বোৰে তোমাক ইহকালতো সুখ দিৰ আরু পৰকালতো ঈশ্বৰৰ ঠাইলৈ নিব, যত অনন্ত সুখ পাবা।

"THE SUPREME RULES OF THE WORLD."

“জগতৰ সৰ্ব্ব শ্ৰেষ্ঠ শাসন কৰ্ত্তা।”

 মনুষ্যেৰে ভৰি থাকা অনেক ৰাজ্য, দেশ, দ্বীপ, আরু উপদ্বীপেৰে এই পৃথিবী খন, তাৰ শাসন কৰ্ত্তা ঈশ্বৰ। হাঁফলুত যেনেকৈ গুৰী পরুৱা থাকে মনুষ্যেও তেনেকৈ পৃথিবীৰ ওপৰত একেলগে বাস কৰে।

 কেত বোৰ মানুহে বজাৰৰ পৰা ৰক্ষা পাবলৈ শৰীৰক পশুৰ চালেৰে আবৰণ কৰে, কেতবোৰে গ্ৰীষ্ম ঠা্ই‌ত ৰদ সহে কেতবোৰে দ্ৰাক্ষাৰস,কেতবোৰে বা নাৰিকলৰ ভিতৰৰ সোৱাদ গাখিৰ খায়, আৰু কেতোবোৰে নদীৰ পানি খাই পিয়াহ নিবাৰণ কৰে।

 সকলোৱে ঈশ্বৰৰ বংসৰ নিচিনা; গৰখিয়াই জেনকৈ তাৰ পালৰ গরু চিনে, তেনেকৈ ঈশ্বৰেও আমাক সক লোক চিনে মনুষ্য সকলে তেঁওক নানা ভাষাৰে আৰাধনা [ ১২৯ ] কৰে কিন্তু তেঁও সকলো ভাষাকে বুজে আরু শুনে আরু তেঁও সকলোকে ৰক্ষা কৰে; কেৱে ইমান ডাঙ্গৰ নহয় যে তেঁও ৰক্ষা নকৰিব।

 হে আফ্ৰিকা দেশৰ তিৰোতা তুমি বন্দি সালত থাকি বিলাপ কৰিচা, আরু তোমাৰ নৰিয়া সন্তানৰ ওপৰত পৰি শোক কৰিচা, তোমাক আনে যদিও নেদেখে তেও ঈশ্বৰে দেখে, আরু আন কেৱে যদি দয়া নকৰে তেও ঈশ্বৰে কৃপা কৰে দুখিয়া আরু অনাথ সকলোৱে আপোনাৰ দুখত পৰি তেঁওলৈ আটাহ পাৰি আশ্ৰয় প্ৰাৰ্থনা কৰা তেঁও আৱশ্যে তোক শুনিব।

 হে ৰজা শতে২ দেশৰ ওপৰত ৰাজত্ব কৰা হয়, তোমাৰ অঙ্গ মৃত্যুৰ নিচিনা ভয়ানক, তোমাৰ সৈন্যে দেশ জোৰে, তেও তোমাৰ ওপৰত কেৱে নাই বুলি দৰ্প নকৰিবা; কিয়নো ঈশ্বৰ তোমাৰ ওপৰত আচে, তেঁওৰ পৰাক্ৰমী বাহু তোমাৰ ওপৰত, আৰু তুমি কুকৰ্ম্ম কৰিলে তেঁও তোমাক নিশ্চয় দণ্ড কৰিব।

 হে পৃথিবীৰ নানা দেশীয় মানুহ সকল, ঈশ্বৰক ভয় কৰা; হে মনুষ্যৰ বংস সকল পৰম প্ৰভু পৰমেশ্বৰৰ নাম লোৱা। ঈশ্বৰে সৃষ্টি নকৰা যদি কেৱে আচে তেন্তে সেইয়ে মোন তেঁওক নভজক, তেঁও আশীৰ্ব্বাদ নকৰা যদি

কোনো আচে সি তেঁওৰ গুণানুবাদ নকৰক। [ ১৩০ ]

“GOD GLORIOUS ABOVE ALL HIS WORKS.”
“ঈশ্বৰ তেঁওৰ সকলো সৃষ্টিতকৈ গৌরবান্বিত।”

 আহাঁ ময় কি বস্তু সুন্দৰ তোমাক দেখুৱাওঁ। সম্পূৰ্ণ হৈ ফুটা গোলাপ ফুল অতি সুন্দৰ ফুলৰ কুঁয়ৰী হেন কেনেকৈ ঠানিত বহি আচে তাৰ পাত বোৰ জুইৰ নিচিনা জলে আরু তাৰ সুঘ্ৰাণত বায়ুও সুগন্ধী হইচে সকলোৱে তাক দেখি হৰ্ষ পায়।

 গোলাপ ফুল অতি সুন্দৰ হয় কিন্তু তাতকৈও সুন্দৰ আছে যি গোলাপক স্ৰজিচে তেঁও তাতকৈও সুন্দৰ, তেঁও প্ৰেম স্বৰূপ আরু সকলোৰে চিত্ত হৰ্ষ কাৰক।

 কি বস্তু বলৱন্ত দেখুৱাওঁ আহাঁ। সিংহ বলী, সি যেতিয়া গাঁতৰ পৰা উঠি, গালৰাই আরু যেতিয়া সি আটাহ পাৰে তেতিয়া পথাৰৰ পশু পলায় আরু বনৰ যন্তু বোৰ লুকায় কিয়নো সিংহ অতি ভয়ানক।

 সিংহ বলৱন্ত হয়, কিন্তু যি জনাই তাক স্ৰজিচে তেঁও তাতকৈও বলিষ্ঠ্ আরু তেঁওৰ ক্ৰোধ অতি ভয়ানক। তেঁও আমাক এক মূহুৰ্ত্তকে মাৰিব পাৰে তেঁওৰ হাতৰ পৰা আমাক কেৱে ৰাখিব নোৱাৰে।

 কি বস্তু মহিমাৱন্ত দেখুৱাওঁবলা, সূৰ্য্য গৌৰান্বিত; যেতিয়া তেতঁ আকাশত দিপ্তি কৰে আৰু স্বৰ্গৰ সিংহাসনত বহি পৃথিবীৰ চাৰিও ফালে চায় তেতিয়া তেঁওক পৃথিবীৰ মধ্যত সকলোতকৈ সুন্দৰ আরু মহিমাৱস্ত দেখি। [ ১৩১ ]  সূৰ্য্য মহিমাৱন্ত হয়, কিন্তু যি জনাই সূৰ্য্যক শ্ৰজিচে তেও তাতকৈও মহিমাৱন্ত। আমাৰ চকুৰে তেঁওক নেদেখো, কিয়নো তেঁওৰ দিপ্তীয়ে চকুত চাট মাৰে দেখি আমি সহিব নোৱাৰোঁ। ৰাতিয়ে দিনে তেঁও সকলো ঠাইকে দেখে আরু তেঁওৰ দিপ্তি সকলো সৃষ্টিৰ ওপৰত পৰে।

 তেঁও নো কোন? আরু তেঁওক নো কিবোলে? ময় তেঁওৰ গুণানুবাদ কৰিম। তেঁওৰ মহৎ নাম ঈশ্বৰ, তেঁও সকলোকে সৃষ্টি কৰিছে; কিন্তু তেঁও নিজে অতি সুন্দৰ। তেঁও সৃষ্টি কৰা বস্তুবোৰ সুন্দৰ, কিন্তু তেঁও সৌন্দৰ্য্য; সেই বোৰ বলিষ্ট, কিন্তু তেঁও বল; সি বোৰ সৰ্ব্ব গুণান্বিত, কিন্তু তেঁও সৰ্ব্ব গুণ।

"GOD IS THE PARENT OF ALL."

“ঈশ্বৰ সকলোৰে পিতৃ।”

 সেই মেৰ চাগ পালৰ ৰখিয়াক চোৱা। সি তাহাঁতক প্ৰতিপালকৰে ভাল নিজৰাত পানি খুৱাই আরু ন পথা ৰলৈ চৰাব নিয়ে। মেৰ চাগৰ পোৱালি বোৰৰ ভাগৰ লা গিলে সি কান্ধতকৈ নিয়ে আৰু সিহঁত অবাটে গলেও ও ভোতই আনে।

 কিন্তু মেৰ চাৰ্গ ৰখিয়াৰ নো ৰখিয়া কোন? কোণে তাক প্ৰতিপালন কৰে? যি বাটে জাব লাগে সেই বাটে নিয়ে আরু সি অবাটে গলে কোনে ওভোতাই আনিব। [ ১৩২ ]  ঈশ্বৰ মেৰ চাগ ৰখিয়াৰো ৰখিয়া, তেঁও সকলোৰে ওপৰত ৰক্ষক আরু সকলোকে প্ৰতিপাল কৰে, আমি সকলোৱে তেঁও ৰখা পাল আরু গচ পুলি ইত্যাদি সকলোকে আমালৈ হে কৰিচে।

 মাকে তেঁওৰ কেচুৱা লৰাক চেনেহ কৰে কোলাতলৈ খুৱাই ধুৱাই বৰ বেথাকৈ তোলে, সি শুলে তেঁও ৰখি থাকে, সদাই সজকথা শিকাই, এখকো না পাহৰে আরু নিতৌ ডাঙ্গৰ হয় মানে বৰ ৰঙ্গ পায়।

 কিন্তু মাকৰনো পিতৃ মাতৃ কোন? তেঁওকনো কোনে ভাল বস্তুৰে প্ৰতিপাল কৰে আরু অতি মৰমকৈ ৰাখে? কাৰ হন্তেনো তেঁও দুখৰ পৰা ৰক্ষাপায় আরু তেঁও নৰিয়া পৰি লেনো কোনে ভাল কৰে?।

 ঈশ্বৰ মাকৰো পিতৃ, মাতৃ কিয়নো তেঁও সকলোকে স্ৰজিচে; মুনিহ তিৰোতা আদি কৰি যি সকল এই পৃথিবীত জীয়াই আছে সকলো তেঁওৰ সন্তান, আরু তেঁও সকলোকে মৰম কৰে, ৰজাই তেঁওৰ প্ৰজা সকলক শাসনকৰে, তেঁওৰ মুৰত সোনৰ মুকুট আরু হাতত ৰাজদণ্ড আছে; সিংহাসনত বহি তেঁও চাৰিও ফালে আজ্ঞা পঠায়, প্ৰজা সকলে তেঁওক ভয় কৰে, তাহাঁতে সজ কৰ্ম্ম কৰিলে তেঁও ৰক্ষাকৰে আরু অসজ কথা কৰিলে দণ্ডকৰে।

 কিন্তু ৰজাৰ ওপৰতনো ৰজা কোন? আৰু কোনেনো তেঁও

[ ১৩৩ ]

যি কৰিব লাগে তাক আজ্ঞা কৰে, কাৰ হাত তেঁওক ৰক্ষা কৰি বলৈ মেলে? আরু তেঁও অসত্কৰ্ম্ম কৰিলেই বা কোনে দণ্ড কৰে ঈশ্বৰ ৰজাৰ ওপৰতো ৰজা; তেঁওৰ মুকুট ৰশ্মিৰ, তেঁওৰ সিংহাসন তৰা বোৰৰ ওপৰত, তেঁও ৰজা সকলৰ ৰজা, প্ৰভুৰ প্ৰভু তেঁও আমাক জীবলৈ আজ্ঞা দিলে জীওঁ, আরু মৰিব দিলে মৰোঁ, গোটেই পৃথিবীতে তেঁওৰ ৰাজত্ব আরু সকলো সৃষ্টিতে তেঁওৰ চকু।

 ঈশ্বৰ আমাৰ ৰখিয়া হেতুকে তেঁওৰ পিচে২ জাম, তেঁও আমাৰ পিতৃ, এতেকে আমি প্ৰীতি কৰিম, ঈশ্বৰ আমাৰ ৰজা এতেকে তেওক মাণ্য কৰিম।

CHILD OF REASON

জ্ঞানৰ পুত্ৰ অৰ্থাৎ মনুষ্য।

 হে জ্ঞানৰ পুত্ৰ কৰ পৰা আহিলা? তোমাৰ চকুৱে কি দে খিলে আৰু তোমাৰ ভৰি কোন পিন লৈ গৈছিল।

 ময় পথাৰৰ মাজে২ ফুৰিচিলোঁ, জন্তু বোৰ মোৰ চাৰিও ফালে ফুৰিচিল, আৰু কেত্‌বোৰ গছৰ তলত জিৰাই ছিল, ধান বোৰ গজি আহিব লাগিছিল, আৰু পথাৰ বোৰ শৰৎ কালত ৰূপে জিলিকিচিল।

 তুমি তাতকৈ আন একো নেদেখিলা নে? হে জ্ঞানৰ পুত্ৰ পালটা;কিয়নো এই বোৰতকৈও ডাঙ্গৰ বস্তু আছে; ঈশ্বৰ পথাৰতে আচিল, তুমি তেঁওক নে দেখিল নে? তেঁওৰ কান্তি [ ১৩৪ ] পথাৰতে অচিল, আরু তেঁওৰ হাঁহিঁত সূৰ্য্যৰ কীৰণ সজীব হইচিল।

 ময় হাবিয়ে২ ফুৰিছিলোঁ, গচত বতাহ্ লাগি হহ শব্দ হৈচিল বান্দৰ বোৰ ইঠানিৰ পৰা সিঠানিলৈ জঁপিয়াই ফুৰিচিল; চৰাই বোৰে ঠানিৰ পৰা সুললিত ধ্বনি কৰিচিল।

 তুমি নিজৰাৰ মাত আরু বতাহৰ হহহনিত বাজে আন একো নুশুনিলানে? হে জ্ঞানৰ পুত্ৰ পালটি আহাঁ, কিয়নো এই বোৰতকৈও ডাঙ্গৰ বস্তু আচে। ঈশ্বৰ গচৰ মাজত আচিল, পানিৰ মাততো তেঁওৰ মাত আচিল, গচৰ চাঁতো তেঁওৰ হে সুললিত ধনিয়ে শব্দ কৰিচিল; তুমি এই বোৰত মন নিদিলানে?।

 ময় চন্দ্ৰক সোনৰ জুই কুৰা হেনহৈ গচৰ আৰত উঠা দেখিলোঁ। তৰা বোৰ এটা এটাকৈ আকাশত উঠিল এনেতে মেঘ বোৰ কলাহৈ দক্ষিণ লৈ বাগৰি গল। বিজুলি চমক মাৰিলে আরু নিলগত মেঘে গাজি মোৰ ওচৰলৈ আহিলত ভয়ানক শব্দ শুনিবৰ ত্ৰাস পালোঁ।

 বজ্ৰত বাজে আন একোতে তোমাৰ চিত্তে ভয় নেখা লেনে? বিজুলিত আন একোৰে জিলিকনি নেদেখিলানে? আরু আন একোতে ভয় নাখালেনে?।

 হে জ্ঞানৰ পুত্ৰ পালটা, কিয়নো ইয়াতকৈও ডাঙ্গৰ বস্তু আচে। ঈশ্বৰ সেই ধূমুহাত আচিল, তুমি তেঁওক নেদেখি লানে? সকলো ঠাইতে তেঁওলৈ হে ভয়, আরু তোমাৰ [ ১৩৫ ] মনে তেনে হেন নাভাবিলেনে? ঈশ্বৰ সকলো ঠাইতে আচে, যি শব্দ আমি শুনো তাক তেঁৱেইহে কয়, আমাৰ চকুয়ে যি দেখে সকলোতে তেঁও আচে, হে জ্ঞানৰ পুত্ৰ ঈশ্বৰ নোহোৱা কৈ একো নাই, এতেকে সকলো ভাবনাতে তুমি ঈশ্বৰক ভাবিবা।

DIVINE PROVIDENCE OVER ALL THINGS DU-

RING NIGHT.

ৰাতি সকলো বস্তুৰ ওপৰত ঈশ্বৰৰ তত্ত্বাবধাৰণ।

 মহিমাৱন্ত সূৰ্য্য পশ্চিমে অস্ত হৈচে, ৰাতিৰ নিয়ৰ পৰিচে আরু বায়ু তপত গুচি শীতল হইছে।

 ফল বোৰ মুদগৈ ঠানিত ওলমি আচে, কুকুৰা পোৱালি বোৰ মাইকিৰ পাখিৰ তলত একেলগহৈ শুইচে, আরু মাইকীয়েও সুইচে।

 সরু২ চৰাইটিহঁতে মাতিবলৈ এৰি পিচ ফালে পাখিতমু ৰদি গচৰ ঠনিত শুইচে। মৌৰ বাহতো মৌৰ গুণ গুণি নুশুনি সিহঁতে বন কৰি মমৰ বহাত শুইচে।

 মেৰ চাগ বোৰো গাৰ লোম পাৰি শুইচে, আরু তাহাঁতৰ মাত পথাৰত নুশুনি। কাৰো শব্দ নাই, লৰাই ধেমালি কৰা মানুহে খোজ কঢ়া, বা ইফালৰ পৰা সিফাললৈ অহা জোৱা কৰা একোকে নুশুনি। [ ১৩৬ ]  কমাৰৰ নিয়ৰিত হাতুৰিৰ কোব নুশুনি, আরু সুতাৰৰ কৰতৰো শব্দ নাই। সকলো মানুহ বিচনাত নিজম দি পৰি আচে আরু লৰা বোৰ মাকৰ বুকুত শুই আছে।

 আকাশ পৃথিবী সকলো এন্ধাৰ, আটাই বোৰ চকুৱেই মুদ গৈচে, আরু সকলো হাতেই মনে২ আছে।

 যেতিয়া সকলোৱে নিদ্ৰাত থাকি আপোনা আপুনি ৰক্ষা কৰিব নোৱাৰে, আরু বিপদ হৈছেনে নাই তাকে নেদেখে, তেতিয়া সিহঁতক কোনে ৰক্ষা কৰে?।

 এটি চকু আচে যি কেতিয়াও নোশোৱে। এটি চকু আচে যি এন্ধাৰ ৰাতিতো যেনেকৈ দিনৰ পোহৰতো, তেনেকৈ দেখে। সূৰ্য্য বা চন্দ্ৰৰ পোহৰ নহলে ঘৰৰ ভিতৰত চাকি নাথাকিলে, আরু আকাশতো এটি তৰাও নহলে, সেই চকুৱে সকলো ঠাইতে দেখে আরু পৃথিবীৰ সকলোকে ৰাখে।

 যি চকুৱে কেতিয়াও নোশোৱে সেই চকুৱেই ঈশ্বৰৰ। আমাক ৰাখিবলৈ আমাৰ ওপৰত তেঁওৰ হাত সদাই মেলি থৈচে। আমাৰ ভাগৰ লাগিলে জিৰাবৰ নিমিত্তে ঈশ্বৰে টোপনি স্ৰজিচে আরু আমি শুবলৈ ৰাতি কৰিচে।

 বনুৱই ভাগৰ পাই আরু সরু২ লৰা আৰু কীট পতঙ্গ ইত্যাদি সকলোৱে নিৰ্ভয়ে শোৱে,কিয়নো ঈশ্বৰে সকলোকে ৰখে। [ ১৩৭ ]  তুমি শোৱা, কিয়নো তেঁও কেতিয়াও নোশোৱে, তুমি নিৰ্ব্বিঘ্নে চকু মুদা, কিয়নো তোমাক ৰক্ষা কৰিবলৈ তেঁও সদাই চকু মেলি আছে।

 যেতিয়া এন্ধাৰ গুচি ৰাতিপুৱা সূৰ্য্যৰ দিপ্তী তোমাৰ চকুত পৰে, তেতিয়া ঈশ্বৰৰ প্ৰশংসাৰে দিনটো আৰম্ভ কৰিবা। তুমি যেতিয়া শোৱা তেতিয়া তোমাৰ চিত্তে ঈশ্ব ৰৰ ধন্যবাদ কৰক, আৰু যেতিয়া উঠা তেতিয়া ও তোমাৰ মুখে তেঁওৰ গুণ গাওক।

⸻⸻

[ ১৩৮ ]

USEFUL KNOWLEDGE

নানা সম্বাদ।

 হে প্ৰিয়লৰা বিলাক, তোমোলাকে যি পৃথিবীত বাস কৰা সিনো কেনে, আরু তাতনো কি আছে, তোমলাকে অদ্যাপিও নাজানা; আরু জগতৰ নানা দেশৰ কথা ভুনাপাই আন দেশো আমাৰ দেশৰ নিচিনা বুলি ভাবিব পাৰা, কিন্তু পৃথিবীৰ সকলো ঠাইয়েই একে দৰৰ নহয়, এক দেশৰ মানুহে যি খায় পিন্ধে, যি ঘৰত থাকে, যি ভাষা কয়, যি ধৰ্ম্ম মানে আরু যি দৰে চলে আন দেশৰ মানুহে তেনেকৈ নচলে; এক দেশৰ মানুহ বোৰ অতি বগা, এক দেশৰ বা অতি কলা, আরু এক দেশৰ বা তামাবৰনিয়া, কোনো দেশক ৰজাই কোনো দেশক প্ৰজাই শাসন কৰে, কোনো দেশত বৰ জাৰ, আরু কোন২ দেশ বৰ গৰমি, আরু এঠাইত বা ঈশ্বৰক এক দৰে পূজা কৰে এঠাইত বা অনাদৰে পূজা কৰে; আরু ইয়াত বাজে নানা দেশত নানান বিধৰ গচ, বন, ফুল, পশু, চৰাই, কীট, পতঙ্গ, ধাতু ইত্যাদি বস্তু হয়; এই সকল কথা তোমোলাকে জানিবলৈ পুরুষাৰ্থ কৰিব পোৱা, কিয়নো তাৰ পৰা অনেক উপকাৰ হয় আরু তোমলাক জ্ঞানী হবও পাৰিবা, তাৰ সংক্ষেপ বিৰৰণ আমি লেখিলোঁ মন দি পঢ়ি না পাহৰিবলৈ যতন কৰিবা। [ ১৩৯ ]  এই পৃথিবী খন প্ৰায় ৰবাব টেঙ্গাৰ নিচিনা ঘুৰণিয়া, তাৰ পৰিধি * ২৫ হেজাৰ মাইল, অৰ্থাৎ তিমান ডাঁৰৰ বাট ২১৮৭৫ ক্ৰোশ, আরু ব্যাস†৮ হেজাৰ মাইল বা ৭০০০ সাত হেজাৰ ক্ৰোশ, পৃথিবীৰ ওপৰত জল আরু স্থল আছে; দুভাগ মান জল এভাগ স্থল, মনুষ্যে স্থলক চাৰি ভাগকৈ বিভক্ত কৰিচে, ইংৰাজী ভাষাত সেই খণ্ডক ইউৰোপ, আসিয়া, আফ্ৰিকা, আরু আমেৰিকা বোলে; ইউৰোপ দিঘলে ৩০০০ মাইল, পুতলে ২৪০০ মাইল, এই খণ্ড অতি ক্ষুদ্ৰ কিন্তু তাত বাস কৰা মনুষ্য সকল অতি সভ্য, তাৰ প্ৰধান দেশ ইংলণ্ড (অৰ্থাৎ ইংৰাজৰ দেশ) ফান্স দেশ, রুসিয়া, স্পানিয়া ইতালি ইত্যাদি। আসিয়া খণ্ড দিঘলে ৭৫০০ মাইল, পুতলে ৫২৫০ মাইল, তাত তুরুক, আৰব, পাৰস্য, কাবুল, চীন, রুসিয়া, আরু ভাৰতবৰ্ষ, (এই দেশতে অসম দেশ) ইত্যাদি দেশ আচে।

 আফ্ৰিকা খণ্ড দিঘলে ৫০০০ মাইল বা ৪২০০ ক্ৰোশ, পুতলে ৪৭০০ মাইল বা ৪০০০ ক্ৰোশ, তাত মিচৰ, খৱচ ইত্যাদি দেশ,


  • পৰিধি অৰ্থাৎ বেষ্ঠন, পৃধিবী ঘুরণিয়া তাক ঘুরাই এডাল জরিরে

জুখিলে সেই জরি ২১৮৭৫ ক্ৰোশ দিঘল হব।

† ব্যাস অৰ্থাৎ পথিবীৰ উত্তৰ কেন্দ্ৰৰ পরা দক্ষিণ কেন্দ্ৰলৈ ভিতরে রে এডাল জরি সুমালে সেই জরি ৭০০০ ক্ৰোশ হব। [ ১৪০ ] আমেৰিকা খণ্ড, দিঘলে ৭৫০০ পুতলে, ৯০০ এই খণ্ডৰ দুই ভাগ আছে উত্তৰ আমেৰিকা আরু দক্ষিণ আমেৰিকা।

 পৃথিবীৰ মধ্যত প্ৰায় সাৰেন ও অৰ্ব্বুদ, মান, মানুহ আছে, তাৰে ইউৰোপত কুৰি কোটি, আসিয়াত শাটি কোটি, আফ্ৰিকাত পাঁচ ছয় কোটি, আরু আমেৰিকাত চাৰি কোটিৰ অধিক, ভাৰত বৰ্ষত এক অৰ্ব্বূদ চাৰি কোটি, কিন্তু আসম দেশত মুটে বাৰেলক্ষ।

 পৃথিবীৰ সকলো ঠাইতে জাৰ আরু জহ সমান নহয়, পৃথিবীক পাঁচ খণ্ডকৈ ভাগ কৰা গৈছে, সেই খণ্ড বোৰকে কটিবন্ধ বোলে, মধ্যতে উষ্ণ কটিবন্ধ অৰ্থাৎ এই ভাগত বৰ গৰমি, তাতে আসিয়াৰ ব্ৰহমা দেশ, হিন্দুস্থান, আৰব, আরু আফ্ৰিকাৰ মাজ ডোখৰ, আরু আমেৰিকাৰ মধ্যখণ্ড পৰিচৱ। উষ্ণকটি বন্ধৰ উত্তৰ দক্ষিণে সম কটিবন্ধ দুই, তাত বৰ জাৰো নাই আৰু বৰ গৰমি ও নহয়, তাতে চীন, পাৰস্য, ইউৰোপ খণ্ড, আমেৰিকা আরু আফ্ৰিকা দক্ষিণ ইত্যাদি ঠাই।

 সম কটি বন্ধৰ উত্তৰে আরু দক্ষিণে উত্তৰ আরু দক্ষিণ কেন্দ্ৰ লৈকে শীত কটিবন্ধ,এই দুই খণ্ডত থকা ঠাই বোৰত বৰ জাৰ সদাই হিমনুগুচে আরু গোটেই উত্তৰ কেন্দ্ৰৰ ওচৰত থকা দেশত ঘাম কালি চাৰি মাহ মানলৈকে সুৰ্য্য মাৰ নাজায়; কিন্তু জাৰ কালি চাৰি মাহ মানলৈকে সূৰ্য্য [ ১৪১ ] পেলায় তাত সাগৰৰ পানি বোৰ বৰ খুনত পৰাসিলৰ নিচিনা সিল হয়।

 নানা দেশত নানা বিধৰ জন্তু আরু গচ ইত্যাদি হয় সেই বোৰ লেখা বৰ বাহুল্য আফ্ৰিকা খণ্ডত সিংহ পোৱা জায় আরু আসিয়াৰো ঠাইয়ে২ আছে। আসিয়াত হাতি, গঁৰ, বাঘ ভালুক উট, পহু, নানাবিধৰ বানৰ, বন মানুহ ইত্যাদি অনেক আচাৰিত জন্তু আচে, কিন্তু এই সকল ইউৰোপ বা আমে ৰিকাত নাই, তাৰ মানুহে এই সকল জন্তুক দেখি বৰ আচ ৰিত হয়। আফ্ৰিকা খণ্ডতো হাতি, উট, আরু নদীৰ ঘোৰা, নামে এক আচৰিত জন্তু ইত্যাদি আচে। ইউৰোপ খণ্ডত বগা ভালুক ইত্যাদি জন্তু আমেৰিকাতো এই ৰূপে নানা জন্তু আচে। উত্তৰ কেন্দ্ৰৰ ফালে সাগৰত হুৱেল নামে যে এবিধ মাচ আচে তাৰ সমান ডাঙ্গৰ জন্তু পৃথিবীত নাই।

 পৃথিবীৰ নানা দেশত নানা বৰনিয়া মানুহ আচে। ইউ ৰোপৰ আসিয়াৰ পশ্চিম খণ্ডৰ আরু আফ্ৰিকাৰ উত্তৰ খণ্ডৰ মানুহ বোৰৰ বৰণ অতি বগা, দেখিবলৈকো সুৱনি আসি য়াত বাস কৰা মনুষ্য বোৰৰ বৰণ হালধিয়া সেতা; আরু দেখিবলৈ গঢ়িত। আফ্ৰিকা খণ্ডৰ লোক সকল (উত্তৰ খণ্ডত বাজে) অতিশয় কলা, প্ৰায় আঙ্গাৰৰ নিচিনা সিহঁতৰ চুলি মেৰ চাগৰ নোমৰ নিচিনা কুটকুৰা আরু ওঠ বৰ ডাঙ্গৰ আমে বিকা খণ্ডত ইউৰোপৰ পৰাগৈ যি লোক বাস কৰিচে সিহঁত বগ। কিন্তু তাৰ আদিৰ লোক বিলাক তাম বৰনিয়া ৰঙ্গা। [ ১৪২ ]  সকলো দেশৰ মানুহৰ অৱস্থা একে নহয়, অৰ্থাৎ আমি যেনেকৈ থাকোঁ আন দেশৰ মানুহে ও তেনেকৈ নাথাকে এই দেশৰ মানুহে আরু গাৰো, মিকিৰ ইত্যাদি পৰ্ব্বতীয়া জাতীয়ে সমান নহয়, আমি সিহঁততকৈ সকলো কথাতে ভাল; তেনেকৈ পৃথিবীত সভ্য আৰু অসভ্য দুই প্ৰকাৰ মানুহ আচে। যি দেশ অসভ্য, তাৰ মানুহ যোৰে নানা দৰে পশু, চৰাই, মাছ ইত্যাদি ধৰি তাকে খাই জীৱন ধাৰণ কৰে। সিহঁতে খেতি কৰিব নাজানে, সিহঁতৰ ঘৰ বোৰ পজাৰ নিচিনা মাটি, বতাগচৰ চাল ইত্যাদিতে সাজে, থাকিবলৈ অতি অসুখ। সিহঁতৰ অনেকে লাঙ্গটহৈ ফুৰে, সুখকৈ থাকিব পৰাঘৰ সাজিবলৈ আরু লবলৈ কাপৰ ববৰ ও বুদ্ধি নাজানে, আৰু ৰান্ধিবলৈকো ভালকৈ ভু নাপায়। সিহঁতৰ পঢ়িবৰ পুথি নাই আরু সেই নিমিত্তে অজ্ঞান আরু দুষ্ট। পৃথিবীৰ ভালে মান ঠাইতে এই অসভ্য মানুহ বিলাক থাকে। উত্তৰ আমেৰিকাৰ পশ্চিম খণ্ড, দক্ষিণ আমেৰিকাৰ দক্ষিণ খণ্ড, আসিয়া আরু আফ্ৰিকাৰ অনেক উপদ্বীপ, আন্ত্ৰেলিয়া আরু পলিনিসিয়া, আফ্ৰিকাৰ মধ্য দক্ষিণ আরু পশ্চিম খণ্ড, আরু আসিয়াৰ ঠাইয়ে২ এই অসভ্য জাতি মনুষ্য বাস কৰে। এই বোৰ অসভ্য জাতিকে মৃগয়া কৰিথকা অসভ্য জাতি বোলে; কিন্তু আরু এবিধ আচে সিহঁতক ভ্ৰামক জাতি বোলে,অৰ্থাৎ সিহঁতৰ ঘৰচিয়া একো জাক পশু আছে; সেই বোৰকলৈ এঠাইৰ পৰা আন ঠাইলৈ ফুৰি থাকে,কোনো ঠাইত স্থিতি [ ১৪৩ ] হৈ থাকে। সিহঁতৰ ঘৰ বোৰ কাপৰৰ বা চালৰ আরু তাক লৰাই নিব পাৰি, সিহঁতে ৰান্ধিবলৈ আরু কাপৰ ববলৈকো জানে। আসিয়া খণ্ডৰ অনেক দেশৰ মানুহেই এনে অসভ্য অৱস্থাত আচ।

 আৰব দেশৰ কেত বোৰ তাতাৰ দেশ আরু তিৰ্ব্বত দেশৰ মানুহে এনেকৈ থাকে আরু আফ্ৰিকাতো আচে যিবোৰ মাহনগৰত থাকে ভাল ঘৰ সাজিবলৈ পাৰে আরু পিন্ধিবলৈ চিকোন কাপৰ বৰজানে ৰান্ধিবলৈ ভু পায় আরু পুথি লেখে আরু পঢ়ে সিহঁতকে সভ্য লোক বোলে। সভ্য দেশত মানুহে জাহাজত কৰি এক দেশৰ বস্তু আন দেশলৈ নিয়ে, ইয়াকে বাণিজ্য বোলে আরু সভ্য লোক বোৰ বৰ সুখী। গোটেই ইউৰোপ,আমেৰিকাৰ ভালে খিনি ঠাই, আরু আসি য়াৰ দক্ষিণ, আফ্ৰিকাৰ উত্তৰৰ মানুহ বোৰ সভ্য। কিন্তু সকলো দেশৰে সভ্যতা সমান নহয়। চীন আরু জাপান দেশৰ মানুহে ঘৰ সাজিব জানে আরু শিল্প বিদ্যাত বৰ পাৰ্গৎ; কিন্তু সিহঁত ইংৰাজ, ফৰাসিস বিলাকৰ দৰে বিদ্যা আরু বুদ্ধিত নহয়, আৰু জানিবা যে আদ্ খিনি সভ্য দেশো আচে। আমাৰ (অসম) দেশ ইংৰাজৰ দেশতকৈ সভ্যতাত ভালে মানে কমি, কিয়নো অসম দেশৰ মানুহে মনুষ্য আকা শলৈ উঠা আৰু ভাপেৰে জাহাজ চলোৱা কথা কৰিব নালাগে কেতিয়াবা সমাজিকতো দেখিচিলনে? [ ১৪৪ ] পৃথিবীৰ নানা দেশৰ লোকৰ বৃষ্টি কৰ্ত্তাৰ বিষয় একে মত নহয়, আরু নানা দেশৰ লোকে নানা দৰে তেঁওক আৰা ধনা কৰে। কোনো দেশৰ মানুহে অনেক তলতিয়া দেৱতা আছে বুলি জানে কিন্তু প্ৰায় সকলো দেশৰ মানুহেই সক- লোৰে ওপৰত এজনা ঈশ্বৰ আছে বুলি মানে। কোনো জাতিয়ে ঈশ্বৰক নিৰ্ব্বিকাৰ বোলে কিন্তু কেতবোৰে মনুষ্যৰ নিচিনা ঈশ্বৰতো পাপ পুণ্য আছে বুলি কয়, আরু অনেক জাতিয়ে ঈশ্বৰ বুলি মাটি, সিল, কাঠ ইত্যাদিৰে সাজা মূৰ্ত্তিক মানে, এই বোৰকে দেব দেবী পূজক বোলে। এই মতাব- লম্বী উত্তৰ আমেৰিকাৰ আদি লোক সকল আফ্ৰিকাৰ দক্ষিণ পশ্চিম আরু মধ্যৰ মানুহ বিলাক, আরু আসিয়াৰ ভাৰতবৰ্ষ চীন, ব্ৰহ্ মা ইত্যাদি দেশস্থ মনুষ্য সকল দেব দেবী পূজকৰ ধৰ্ম্মৰ নানা মত আছে; তাৰ প্ৰধান হিন্দুমত আরু বৌ দ্ধমত। বৌদ্ধ ধৰ্ম্ম ব্ৰহমা, চীন ইত্যাদি দেশত চলে। পৃথিবীৰ মধ্যত নানা দেব দেবী পূজক প্ৰায় ছয় অৰ্ব্বুদ মান আছে; তাৰে হিন্দ এক অৰ্ব্বুদ বৌদ্ধ ধৰ্মাৱলম্বী চাৰি অৰ্ব্বুদ।

 নানা দেব দেবী পূজকৰ মতত বাজে পৃথিবীত আরু তিনি ধৰ্ম্ম আচে, খীষ্টিয়ান ধৰ্ম্ম য়িহুদি ধৰ্ম্ম, আৰু মসলমান ধৰ্ম্ম।

 প্ৰথম খ্ৰীষ্টিয়ান ধৰ্ম্ম, পূৰ্ব্বে নাচিল কিন্তু ১৮৪৬ বচৰ হৈচে সেই ধৰ্ম্ম প্ৰকাশ হল। খ্ৰীষ্টিয়ান সকলে বাইবেল নামে ধৰ্ম্ম পুস্তকক মানে আরু য়িশুখ্ৰীষ্টক অৱতাৰ আরু [ ১৪৫ ] মনুষ্যৰ ত্ৰাণকৰ্ত্তা বোলে। এই ধৰ্ম্মাৱলম্বী তুরুক দেশত বাজে গোটেই ইউৰোপ খণ্ড আরু আমেরিকাত ইউৰোপৰ পৰাগৈ বাস কৰা মানুহ বোৰ খ্ৰীষ্টিয়ান। পৃথিবীত প্ৰায় দুই অৰ্ব্বুদ পঞ্চাশ কোটী মান খ্ৰীষ্টিয়ান আচে।

 য়িহুদি সকলেহে য়িহুদি ধৰ্ম্ম মানে, সিহঁতে য়িশু খ্ৰীষ্ট পিচে আহিব বুলি কয় আৰু খ্ৰীষ্টিয়ানৰ বাইবেলৰ আদি খণ্ড মানে, পৃথিবীত পঞ্চাশ লক্ষ য়িহুদি আচে। মসলমানৰ ধৰ্ম্ম ইং সঁক চশৰ পৰা মহম্মদ নামে এক মানুহে স্থাপন কৰিছে। এই ধৰ্ম্মক আৰব পাৰস্য তুরুক তাতাৰ মিচৰ ইত্যাদি দেশৰ মানুহে মানে এই ধৰ্ম্মাৱলম্বী মানুহ প্ৰায় এক অৰ্ব্বুদ মান হব।

 পৃথিবীৰ নানা দেশ নানা দৰে শাসিত হয় প্ৰধান দুবিধ ৰজা বা পাৎচাৰ শাসন, আরু প্ৰজা সমুহৰ শাসন যি দেশত ৰজাই আপোন ইচ্ছাৰে দেশ শাসন কৰে সেই দেশতে স্বাধীন ৰজাৰ শাসন বোলে। চীন, জাপান,পাৰস্য, তুরুক, ব্ৰহমা ইআছি দেশত এনে ৰাজত্ব আরু যি দেশত ৰজা থাকে কিন্তু তেঁও ব্যৱস্থাৰেহে চলিব পাৰে সেই দেশেতে পৰিমিত ৰাজত্ব বোলে, ইংলণ্ডাদি দেশত এনে ৰাজত্ব যি২ দেশত ৰজানাই কিন্তু প্ৰজা সমূহে হে দেশ শাসন কৰে তাকে প্ৰজা সমূহৰ শাসান বোলে। আমেৰিকা প্ৰায়, গোটেই খনতে আরু ইউৰোপৰ ঠাইয়া২ এনেকৈ শাসন কৰে। [ ১৪৬ ]  পৃথিবীৰ মধ্য অনেক ভাষা আচে তাক লেখা বাহুল্য প্ৰধান সংস্কৃত, আৰবি, লাটিন, গ্ৰীক ইত্যাদি।

———

THE LION.

সিংহৰ বিবৰণ।

 সিংহৰ মুৰ আরু গলধন বৰ ডাঙ্গৰ কিন্তু পিচ ভৰিৰ ফালে তাতকৈ সরু তাৰ ডিঙ্গিত ভালে মান চুলি আচে, আরু সৰী- বৰ গঠনেই বলী সিংহ ওখই তিনি হাত মান আরু দিঘলে নেগুৰে সৈতে আঠ নও হাত মানহব সি ডাঙ্গৰে দিঘলে বাঘ আরু পহুৰ মধ্য ভয়ানক।

 সিংহ অতি বলী তাৰ হাতোৱাৰে কোব মাৰি ঘোৰাৰ মুৰ ভাঙ্গিব পাৰে। ডাঙ্গৰ সিংহে ঘোৰা আরু বলধক লৈ জাব পাৰে; সি বলে নোৱৰা জন্তু প্ৰায়ে ইনাই, অকল হাতি বাঘ আরু গঁৰেহে সিয়ে সইতে জুজিব পাৰে। সিংহৰ বল আরু সাহৰ নিমিত্তে তাক জন্তুৰ ৰজা বোলে।

 সিংহৰ বৰণ হালধিয়া ৰঙ্গা গলধনৰ চুলিবোৰ ঘোৰ বৰণিয়া আরু কেতিয়াবা কলাও। তাৰ খঙ্গ উঠিলে দেখিবলৈ বৰ ভয়ানক, সি নেগুৰেৰে গাৰ দুইও ফাল কোবায়, ওঠ্ চেলেকে, দাঁত বোৰ উলিয়াই আরু চকুৰ পৰা জুই ও লোৱা হেন দেখি, সিংহে বনে২ ফুৰি মেঘে গৰ্জাৰ দৰে আটাহ পাৰে, যি হাবিলৈ মঁহ পহুই আদি [ ১৪৭ ] জন্তু চৰিবলৈ জাই সিংহেও তালৈকে জাই, কোনো জন্তুৰও চৰ পালে জাপ মাৰি ধৰি পিচে ডোখৰ২ কৈ চিঙ্গি মঙহ বোৰ আরু কেতিয়াবা ২হাৰকো খায়। সিংহে সদাই ৰাতিহে আহাৰ বিচাৰি ফুৰে আরু জন্তুক, ধৰোঁতে মেকুৰিৰ নিচিনা নিচ আরু ঢেঁট।

 আফ্ৰিকা দেশৰ প্ৰায়, ঠাইতেই আরু আসিয়াৰ দক্ষিণ ফালে সিংহ থাকে, কিন্তু আসিয়াতকৈ আফিকাত সৰহ আচে। যি ঠাই বৰ তপত তাৰ সিংহ বৰ ডাঙ্গৰ আরু ভয়ানক হয়। দক্ষিণ আমেৰিকাতো সিংহবোলা এক জন্তু আছে কিন্তু তাৰ যথাৰ্থ নাম পুমা নাইবা কুগা।

 কেতিয়াবা২ সিংহ ভালেমান দিনলৈকে জিয়াই থাকে;

 ইং ১৭৬০ শঁকত লণ্ডন নগৰত পম্পা নামে এটা সিংহ তিনি কুৰি দহ্ বচৰ বয়সত মৰিচিল।

 সিংহী সিংহতকৈ ভালে মানে ডাঙ্গৰ। তাইৰ গলধনত চুলি নাই আরু তাইৰ স্বভাৱ সিংহতকৈ ভয়ানক কিন্তু সিংহীৰ মৃদুতাৰ দৃষ্টান্ত ফ্ৰান্স দেশৰ মানুহ এজনে এই বুলি কৈছে। এবচৰৰ পূৰ্ব্বে মাচকাৰা নগৰলৈ এটি সিংহী আনা হৈচিল আরু তাইক থবলৈ এটি বহা নগৰৰ বাহিৰে কৰি দিচিল। তাই নগৰৰ আলিয়ে২ ফুৰিচিল লৰা বোৰে তাইয়ে সৈতে ধেমালি কৰি পিঠিত উঠি নেগুৰত ধৰি টানিছিল, কিন্তু এই বোৰ কৰাতো তাই একো নকৰি লৰা বোৰেসৈতে ধেমালি কৰি দুখ নোপোৱাকৈ কামুৰি চিল। [ ১৪৮ ] সিংহৰ সৰু২ পোৱালী বোৰ সৰু২ কুকুৰৰ মান হে ডাঙ্গৰ আৰু চাগলি পোৱালীৰ নিচিনাকৈ হুষ্কামি নকৰাকৈ ধেমালি কৰে।

 সিংহ ইউৰোপলৈকো পোহনিয়া কৰি নিচে আৰু ইংগ্লণ্ড দেশতো আচে। পূৰ্ব্বে ৰোম দেশৰ পাত্‌চা বোৰে জুজলগাই ৰঙ্গচাবলৈ অনেক সিংহ অনাহ থৈচিল আৰু চিজৰ নামে _ ৰজাৰ দিনত ৪০০ আৰু পম্পিৰ দিনত ৬০০ সিংহ এই নিমিত্তে আচিল।

 কোনো এক সময়ত সিংহ ৰখিয়া এটাই এফেৰিও ভয় নকৰাকৈ সিংহে সৈতে ধেমালি কৰি তাৰ জিবা আৰু দাঁত টানি উমলি থাকে। লণ্ডন নগৰৰ ওচৰৰ এক গাঁৱত সেই সিংহকলৈ তাৰ মুখ মেলি তাৰ ভিতৰত আপোন্মৰ মুৰ সুমাই কিছু মান পৰ থাকি কথা কই, ওচৰত থকা মানুহত সিংহে নেগুৰ লৰাই চেনে নাই বুলি সুধি নাই বুলি বলে কিছু মান পৰ থাকে কিন্তু লৰাইচে বুলি শুনিলে সিংহৰ খঙ্গ উঠা জেন জানি সি মুৰ বেগে উলিয়াই আনে; এই দৰেৰঙ্গ দেখুৱাই সেই মানুহে ভালেমান ধন পালে৷

 বৰচেল্‌ নামে এজন সাহাবে আফ্ৰিকাদেশ ভ্ৰমন কৰোঁতে সিংহৰ হাতত পৰাৰ এই কথা লিখিচে; আমি আদ ক্ৰোশ মান নদীৰ তীৰে২ আহি আচেঁ৷ চাৰিও ফালে হাৰি আচিল এনেতে আমাৰ লগৰ কুকুৰ বোৰে বৰকৈ ভুকিব ধৰিলে পিচে চাই দেখিলোঁ যে সিংহ এটা পিচে কুকুৰ বোৰক [ ১৪৯ ] ভুকিবলৈ উচটাই দিলত কলা চুলিৰে এহাল মতা আরু মাতি সিংহ দেখিলোঁ। মাতিটো আমাফ দেখি বনৰ আৰহৈ পলাল, কিন্তু মতাটো আগবাঢ়ি আহি আমাক চাব ধৰিলে; আমি, সকলোৱে, ভয় পাই হিলৈ খাঁজি যুগুতহৈ থাকিলোঁ, কিন্তু কুকুৰ বোৰে তাৰ গুৰিলৈগৈ ভুকিব ধৰিলত সিংহে আপোনাৰ বল জানি তালৈ মন নিদি আমাৰ ফালেহে চাই আচিল, কিন্তু কেইটা মান কুকুৰবৰ কোখৰলৈ গৈ ভুকাত হাত লৰাইয়েই দুটা মাৰিলে আরু সিহঁতক কেনেকৈ মাৰিলে আমি মনিবকে নোৱাৰিলোঁ। কুকুৰে ভুকাত আমি হিলৈৰে গুলিওৱাত সিংহৰ গাত লাগি তেজ বব ধৰিলে পিচে আমাক সি জাপ মাৰি ধৰিব বুলি আচিলোঁ কিন্তু লাহে২ আঁতৰ হৈহে গল। এই সিংহটো অতি ডাঙ্গৰ প্ৰায় বলধ এটাৰ নিচিনা আরু ইয়াকে কলা সিংহ বোলে।

 আফ্ৰিকাৰ দক্ষিণে যত হটেণ্টট নামে এক জাতি মানুহ আচে সিহঁতে সদাই সিংহৰ হাতত পৰে। এদিন গধুলি এটাই সিংহে তাক খেদি অহা দেখি পৰ্ব্বতৰ শৃঙ্গলৈ উঠি্‌ গৈ অলপ্‌ দত থিয় দি এডল লাখুটিৰ মুৰত তাৰ টুপি আরু চোলাদিলৰালত সিংহে তাকে মানুহ বুলি শৃঙ্গৰ পৰা জাপ মাৰোতে পৰ্ব্বতৰ জহৰত পৰিল, আরু এদিন এটা হটেণ্টট গরুক পানি খুৱাবলৈ নিব লাগিচিল এনেতে সিংহ এটাই তাক খেদাত সি লৰি গৈ এজোপা গচত উঠি্ল‌, কিন্তু সিংহে জাপ মাৰি তাক ঢূকি নেপাই গচৰ তলতে এদিন বহি থাকি [ ১৫০ ]

পিচে বৰ পিয়াহ লাগি পানি খাবলৈ জোৱাত সেই মানু হটো গচৰ পৰা নামি লৰি সাৰিল।

 যি মানুহে সিংহক খুৱায় তাক সি কেতিয়াও নেপাহৰে। এদিন এবাহ নাবিক এটা সিংহক চাবলৈ গৈচিল, সি কিবা খাই আচিল আৰু তাক কেৱে জোকাব নোৱাৰিচিল; কিন্তু সিহঁতৰ মাজৰ এটা নাবিকে এই বুলি সিংহৰ কোখৰলৈ গল, বোলে নিৰো, অ, নিৰো, মোক তয় নিচিননে? সিংহে এই কথা শুনি খাবলৈ এৰি তাৰ গুৰিলৈ গল, সি তাৰ মুৰত থপৰিয়াই মৰম কৰিলে সিংহেও মেকুৰিৰ নিচিনাকৈ তাৰ গাত গা ঘঁহিয়ালে। সকলোৱে এই কথা দেখি বৰ আচৰিত হলত নাবিকে কলে বোলে তিনি চাৰি বচৰ মান হল এই সিংহটো আমাৰ জাহাজত আচিল। আরু ময় তাক খুৱা ইচিলোঁ।

⸻⸻

THE WHALE.
মকৰ মাচৰ বিবৰণ।

 পৃথিবীৰ ভিতৰত আমি ভুপোৱা যি২ জন্তু আচে সক লোতকৈ মকৰ মাচ ডাঙ্গৰ। কেতবোৰ মকৰ মাচ দুকুৰি দহ হাত দিঘল আরু তাৰ মুৰ টোৱেই গাৰ তিনি ভাগৰ এভাগঃ তাৰ নেগুৰ ন হাত দিঘল আরু পাখি একুৰি চাৰি হাত বহল [ ১৫১ ] ডাঙ্গৰ গরুৰ চকুৰ নিচিনা তাৰ চকু আৰু এনে ঠাইত যে চকুৰে চাৰিও ফালে চাব পাৰে, মকৰীন দহ মাহ গৰ্ব্ভৱতীহৈ থাকে কিন্তু আন মাচৰ নিচিনা কনি নাপাৰি পশুৰ দৰে এটি পোৱালীহে ফুকায়; সেই পোৱালীক মাকে পিয়াহ খুৱাই, মকৰ মাচে সাগৰৰ এবিধ একাঙ্গুলী দিঘল কল। পোক আচে তাকে খায়।

 সমুদ্ৰৰ এই বৃহৎ জন্তুৰ অনেক অৰি আচে, ওকনিৰ নিচিনা এবিধ সরু পোক সাগৰত আচে সেই বোৰে মকৰ মাচৰ গাত সোমাই তাৰ তেল খায়। ককিলা মাচো তাৰ প্ৰধান শত্ৰু, সি সদাই মকৰৰ পিচে২ গৈ সিয়ে সৈতে যুদ্ধ কৰিব খোজে। এই সরু জন্তুক দেখিলে মকৰ মাচ ভয়ত কম্পমানহৈ পানিত উল্লম্ফন কৰি নিলগৰ পৰা পলাই আঁতৰ হয়, কিয়নো মকৰ মাচৰ আপোনক ৰক্ষা কৰিবলৈ নেগুৰত বাজে আন একো উপায় নাই; তাৰে সি শক্ৰক মাৰিবলৈ পুরুষাৰ্থ কৰে আৰু তাৰ কোব লাগিলে তৎক্ষণাৎ সি নষ্ট হয় কিন্তু কঁকিলা মাচ সহজে পলায় আরু জাঁপ মাৰি মকৰৰ ওপৰত পৰি তাৰ ধৰাল মুখেৰে তাৰ গা ফালি পেলায়, তাতে মকৰৰ গাৰ ঘাৰ তেজেৰে সমুদ্ৰৰ পানি ৰঙ্গা হয় আরু সেই মহা জন্তু তাৰ শত্ৰুক মাৰিবলৈ যতন কৰি সুদাই নেগুৰ পানিত আচাৰে তাতে প্ৰতি আচা ৰে বৰ তোপৰ শব্দতকৈও অধিক শব্দ হয়।

 কিন্তু এই বৃহৎ জন্তুৰ সকলো শক্ৰতকৈ মনুষ্য প্ৰধানবৈৰী, আন শক্ৰয়ে এশ বচৰৰ ভিতৰত যিমান নষ্ট কৰে মনুষ্যে একে বচৰতে তিমান নাশ কৰে। মকৰ মাচ দক্ষিণ আরু উত্তৰ [ ১৫২ ] কেন্দ্ৰৰ কোখৰত পোৱা জায়, পূৰ্ব্বে মকৰ মাচক কেৱে জো কোৱা নাচিল হেতুকে প্ৰথমে যেতিয়া মানুহে তাক ধৰিবলৈ উপক্ৰম কৰিলে তেতিয়া সিহঁত সমুদ্ৰৰ পৰা আহি খাঁৰিত সোমই থাকিচিল আরু তীৰৰ কোখৰত প্ৰায় মৰা গৈচিল, কিন্তু দেন্মাৰ্ক্ক, হলাণ্ড, আরু ইংগ্লণ্ড দেশৰ পৰা এই মাচ ধৰিবলৈ প্ৰতি বছৰে অনেক জাহাজ জোৱাত সেই মাচ অলপ্‌ হৈচে, আরু হিম মই বৰ দ পানিতহে এতিয়া সদাই থাকে।

 এই মকৰ মাচ ধাৰৰ বিবৰণ অতি আচৰিত আরু পৃথি বীৰ মধ্যত অসম্ভৱ কথা তাৰ বিবৰণ এই।

 এই মাচ ধৰিবৰ নিমিত্তে যি জাহাজ জায় তাৰ প্ৰতি জাহাজতে ছখন নাও থাকে, প্ৰতি নাওতে ছটা বাইচা আরু মাচ মাৰিবৰ নিমিত্তে জাঠিলৈ এটা মানুহ থাকে, জাহাজৰ পৰা অলপ দূৰৈত দুখন নাওগৈ বৰফৰ ওপৰত লগাই মাচলৈ পৰদি থাকে আরু চাৰি ঘড়ীৰ মুৰত সেই নাওৱৰ সলনি দিয়ে। মকৰ মাচ দেখিলেই এই নাও দুখন পিচে২ বেগাইগৈ মাচৰ ওচৰ পাই, সি তললৈ নগলে অস্ত্ৰ ধাৰীয়ে মাচৰ গাত টেটা মাৰে। মাচক টেঁটা মাৰিয়েই নাৱত এখন বঠা্‌ থিয় কৰি জাহাজৰ মানুহক মাচ পৰা বুলি বাৰ্ত্তা দিয়ে। তাতে জাহাজ ৰখিয়াই আনবোৰ নাওৱক আগৰ দুখনক সহায় কৰিবলৈ পঠাই দিয়ে।

 মকৰ মাচৰ গাত টেঁটা লাগিলে সি বৰ বেগে লৰি জায়। [ ১৫৩ ] যি জৰিত টেঁটা বন্ধা থাকে সি দুশ বেওঁ (চাৰি হাতে এক বেওঁ) দিঘল আৰু সুন্দৰে কত গাঁঠি নলগাকৈ জৰি এৰি দিবলৈ তাক ঘুৰণিয়াকৈ নাৱত মেৰাই থয়। প্ৰথমে মকৰ মাচ এনে বেগেৰে জায় যে টেটাঁৰ জৰি এৰি দিওঁতে নাৱত ঘহনি লাগি জুই উঠে বুলি জৰি পানিৰে তিয়ায়, কিন্তু মাচ ভাগৰিলে নাৱৰিয়া হঁতে আরু জৰি এৰি নিদি টানি ধৰে আরু সেই দুশ বেওঁ জৰি ঢুকালে আন নাৱৰ জৰি জোৰা দিয়ে। কেতিয়াবা এনেও হয় যে সেই চয়ো খন নাৱৰ এটাই বোৰ জৰি কে লাগে কিন্তু প্ৰায় তিনি খন নাৱৰ জৰিতকৈ অধিক নালাগে, এই মাচ সৰহ পৰ পানিৰ তলত থাকিব নোৱাৰে কিন্তু উসাহ লবলৈ পানিৰ ওপৰত উঠি ভাগৰ লাগি ওপঙ্গি থাকে। সেই সময়তে আন নাও- বোৰ তাৰ গুৰি চাপি গৈ আকৌ টেঁটা মাৰে, তাতে মকৰ মাচ আকৌ ডুব মাৰি তললৈ জায়; কিন্তু আগৰ নিচিনা বেগ গুচে, পিচে আকৌ দ্বিতীয় বেলি ওপঙ্গিলে উভতি তললৈ জাব নোৱাৰে তাতে জাঠি ইত্যাদিৰে নাৱ- ৰিয়া হঁতে বধ কৰে। পিচে যেতিয়া তাৰ মুখেৰে তেজে সৈতে মিহল। পানি ওলায় তেতিয়াহে তাৰ মৰিবৰ প্ৰস্তাৱ হল বুলি জানি।

 মকৰ মৰিলে তাক জাহাজে সৈতে এডাল ডাঙ্গৰ জৰিৰে বান্ধে আরু এফাল লুটিয়াই মুৰত এডাল আরু নেগুৰত এডাল দুডাল জৰিৰে বান্ধি তাৰ গাৰ পৰা পিচলি নপৰি[ ১৫৪ ] বলৈ তিনি চাৰিটা মানুহ ভৰিত লোৰ কাইট বান্ধি মাচৰ ওপৰত উঠি তাৰ গাৰ তেল বোৰ আঠ্ হাত দিঘল আরু তিনি হাত পুতলকৈ কাটি জাহাজত তোলে। তেল তোলা হলে তাৰ ওঠৰ লোম বোৰ কুঠাৰেৰে কাটি লয়। এটা মকৰ মাচৰ গাৰ পৰা চাৰি কুৰি পিপা তেল পোৱ জায় তাৰ মূল্য আড়াই হেজাৰ টকা। সভ্য লোকে তাৰ মঙহ নেখায় কিন্তু উত্তৰৰ অসভ্য জাতি বোৰে তাৰ মঙহ পালে বৰ হৰ্ষ পায় আরু তাৰ তেল বৰ মিঠা বুলি পান কৰে। সিহঁতে যত মৰা মৰ মাচ পাৱ তাতে লৰা তিৰোতাই সৈতে বাস কৰি নুঢুকাই মানে খায় থাকে, পিচে ঢুকালে তাৰ পৰা উঠি জায়। এই মাচ মাৰিববৈ প্ৰতি বচৰে ইংগ্লণ্ডৰ পৰা তিনি শ জাহাজ জায়, আৰু এই ব্যৱসা কৰা মানুহ বাৰ প্ৰায় সক লোৱে লাভ কৰি আহে।

————

“THE ELEPHANT.”

“হাতিৰ বিবরণ ।”

 পৃথিবীৰ স্থলত থকা সকলো জন্তুতকৈ হাতি ডাঙ্গৰ; তাৰ জন্ম স্থান আসিয়া আরু অফিকা খণ্ডত। কোন২ হাতি সাত আঠ হাত মান দিঘল, আৰু ছয় সাত হাত ওখ। সি কেতি য়াবা২ এশ ছকুৰি বচৰ জিয়ে। মাইকি বোৰে এটাকৈ পোৱালী জন্মায় পোৱালী ওপজোঁতে দুহাত মান ওখ আরু ১৪। ১৬ বচৰলৈকে বাঢ়ে। [ ১৫৫ ]  হাতি দেখিবলৈ অতি কদৰ্য্য, তাৰ চকু অতি সরু, কান বৰ বহল, আরু বৰণ টো কলা। তাৰ সকলো অঙ্গৰ ভিতৰত শুঁৰ ডাল বৰ আচৰিত; তাৰ ভিতৰত আঙ্গঠিৰ নিচিনাকৈ পকোৱা নলিৰ দৰে দুটা বাট আচে আরু শুঁৰৰ আগত এক প্ৰকাৰ আঙ্গুলি আচে তাৰেই অতি সরু বস্তুকে মাটিৰ পৰা তুলিব পাৰে আরু সকলো বস্তুকে তাৰেই তুলি মুখত ভৰায়, হাতিয়ে শুঁৰেৰেই সকলোকে কৰে, তাৰ বৰ বল আৰু হাবিত ফুৰোঁতে তাৰেই গচকো ভাঙ্গে।

 মতা হাতি বোৰৰ চাৰি পাঁচ মাহ মান বয়সত দুটা দাঁত ওলায়, এবচৰৰ মুৰত সেই দাঁত সৰি ন দাঁত ওলায় সেই দাঁত বৰ দিঘল হয় আৰু তাৰে মানুহে অনেক বস্তু সাজে,।

 হাতিয়ে কুঁহিয়াৰ খাবলৈ বৰ ভাল পায় দেখি কোনো মানুহে তাক মাৰিবৰ নিমিত্তে কুঁহিয়াৰ ফালি বৰবিহ সুমাই থয় পিচে সেই কুঁহিয়াৰ খায় হাতি মৰে।

 হাতিক নানা বুধিৰে ধৰা জায়, কোনো সময়ত বৰ খোঁক কৰি তাতে মুৰ সুমাই ধৰে কোনো২ ঠাইত বৰ গাত খানি ওপৰত গচৰ ঠানি, খেৰ ইত্যদি দি তাতে হাতক পেলাই জৰি লগাই ধৰে। হাতিৰ স্বভাৱ বৰ মৃদু আরু লগতে পোহ লয়; ঠায়ে২ বগা হাতিও পোৱা জায়, মান আরু শ্যাম দেশৰ ৰজা বিলাকে বগা হাতি পালে বৰ আনন্দহৈ সৰহ ধনদিও কিনে। সেই হাতিৰ ওপৰত কোনো মানুহ নুঠে কিন্তু ৰজাৰ দৰে সেই হাতিৰো বড়ুয়া ফুকন্ আদি অনেক বিষয়া আচে [ ১৫৬ ] আৰু সেই হাতি ওলালে তাৰ আগে পিচে অস্ত্ৰ সস্ত্ৰলৈ অনেক মানুহ ফুৰে, ওপৰত দণ্ড চত্ৰ ধৰে আরু সকলোৱে দেখি সেৱা কৰে সকলোজন্তুতকৈ হাতিৰ অতি আচৰিত বুধি আরু জ্ঞান।

 কেই বচৰ মান হল দিল্লী নগৰত এটা হাতি বাটত এক ঘৰৰ খিড়িকীৰ ওচৰত কেতবোৰ দৰ্জিক বন কৰা দেখি খিড়ি কীৰে তাৰ শুঁৰ সুমালত এটা দৰ্জিয়ে বেজি এটাৰে শুঁৰৰ আগত বিন্ধিলে, হাতিয়ে একো নুবুলি গৈ কেতৰোৰ ঘোলা পানি শুঁৰত ভৰাইলৈ যত্ দৰ্জিহঁতে বন কৰিচিল তালৈকে উভতিগৈ যি কাপৰ সিচিল তাৰে ওপৰত সেই বোকাবোৰ পেলাই দিলে।

 এক হাতিয়ে তাৰ মাউতক মাৰিলত তাৰ ঘৈনিয়েকে দেখি লৰা ছোৱালীয়ে সৈতে হাহিৰ ভৰিত পৰি কলে বোলে তয় যেতিয়াই মোৰ স্বামীক মাৰিলি মোক আরু মোৰ লৰা হঁতকো মাৰ, হাতিয়ে থমকি মৰমলগা হেনকৈ ডাঙ্গৰ লৰাটক শুঁৰেৰে ডিঙ্গিত তুলিলৈ মাউত কৰিললেআরু আন কাকো মাউত হব নিদিচিল

“OF THE BARBARISM AND MANNERS OE. . THE ANCIENT BRITOSI”

ইংলণ্ড দেশৰ মানুহৰ পূৰ্ব্ব কালৰ অসভ্যতাৰ কথা।”

দুহেজাৰ মান বচৰৰ পূৰ্ব্বে ইংগ্লণ্ড দেশৰ মানুহ [অৰ্থাৎ [ ১৫৭ ] ইংৰাজ বেৰ] গোটেই অসভ্য আচিল। সিহঁতে কাপৰ নিপিন্ধি নাঙটহৈ ফুৰিচিল, কেৱল দক্ষিণৰ লোক বিলাকেহে মাজে২ জন্তুৰ চালেৰে গা ঢাকিচিল; সিহঁতে শোভাৰ নিমিত্তে গাত গচ, ফুল, মাচ, পশু, আৰু চৰাই ইত্যাদি আকিচিল, আৰু সেই আঁক বোবত এবিধ এঠা দিচিল হেতুকে কেতিয়াও নেৰিচিল।

 ইংৰাজ হঁতৰ পূৰ্ব্ব পুরুষ সকলে সেই কালত হাবিত বাস কৰিচিল, আরু কাঠেৰে সরু ঘৰ কৰি গচৰ ঠানিৰে বা চালেৰে ঢাকিচিল। এনেকুৱা দুশ তিনিশ পজাৰে গাঁও একে খন হৈচিল, আৰু সেই গাঁৱৰ চাৰিও ফালে মাটিৰে গড় একোটা বান্ধুচিল; মৃগয়া কৰি সিহঁতে যি মঙহ পাই চিল তাকে খাইচিল, কিন্তু মাচ আরু চৰাই খোৱা সিহঁতৰ ধৰ্ম্মত নিষেধ আচিল।

 সেই কালত ইংগ্লণ্ডৰ লোক বিলাক অতি অজ্ঞ ন আচিল, অকল সিহঁতৰ পুৰোহিত বোৰেহে বিদ্যা, জানিচিল, আরু সিহঁতে শিষ্য বোৰক বৰকৈ বশীভূত কৰি ৰাখিচিল; সিহঁতে নানা বিধৰ দেৱতা পূজা কৰিচিল আৰু সেই দেৱতা রুষ্ট হলে শান্তিৰ নিমিত্তে এনেহে কুকৰ্ম কৰিছিল যে তাক শুনিবই নলগা৷ এক সময়ত সিহঁত ৰণত ঘাটি আমাৰ শনি দেৱতা রুষ্ট হৈছে বুলি শান্তি কৰিবৰ নিমিত্তে ভাল মানুহৰ ঘৰৰ তিনিশ লৰা বাচি আনি বৰ সাজ এখনত থৈজুইদি পুৰিলে। এতিয়াৰ ইংৰাজ বোৰ সেই সকল শোকৰে সন্তান। কিন্তু সিহঁ [ ১৫৮ ] তৰ ব্যৱহাৰে আরু এতিয়াৰ মনুহৰ ব্যৱহাৰে কিমান অন্তৰ চোৱা। এতিয়া যেনে কেতাবোৰ অসভ্য জাতি অচে ইংৰাজ হঁতো পূৰ্ব্বে তেনে কুব্যৱহাৰী আরু অসৎ আচিল, কিন্তু কাল ক্ৰমে এতিয়া সিহঁতজ্ঞানত সম্পন্নহৈচে, বানিজ্যত এটাইতকৈ প্ৰধান, শিল্প কৰ্ম্মত অদ্বিতীয়, আরু সকলো বিধৰ বিদ্যা আরু জ্ঞানত শ্ৰেষ্ঠ আৰু সিহঁতৰ বিদ্যাৰ অক্ষয় ভঁৰালৰ পৰা পৃথিবীৰ সকলো ঠাইলৈকে বিদ্যা আরু জ্ঞান পঠিয়াইচে। এতেকে এই দেশতো জ্ঞানোদয় হোৱা বৰ অসাধ্য নহয়, কিয়নো যি উপায়েৰে অতি অসভ্যতাৰ পৰা ইংৰাজ হঁত উঠি সভ্য হৈচে আন দেশৰো সেই উপায় আচে। যি বিদ্যাৰ দ্বাৰা ইউৰোপ খণ্ড সিকেই খণ্ডতকৈ সরু হৈও বৰ প্ৰখ্যাত হৈচে সেই বিদ্যাও সকলোৰে সাধ্যৰ ভিতৰত আচে। আমি ভৰসা কৰোঁ যে সেই বিদ্যা এই দে, শতো শীঘ্ৰ ব্যাপক, আরু কেতিয়াবা এনেও হব পাৰে যে এই দেশৰ লোক বিলাকো বিদ্যাত ইউৰোপৰ লোক সকলৰ তুল্য পাৰ্গত হয়।

 হে প্ৰিয় লৰা বিলাক ইংৰাজ হঁতৰ সত্যতা জানিবৰ নিমিত্তে তলত লণ্ডন নগৰৰ বিবৰণ আরু ইংগ্লণ্ড দেশৰ নানা আচৰিত যন্ত্ৰাদিৰ কথা লেখিলোঁ, মন লগাই পঢ়িবা, সেই সকল কথা অতি স্বৰূপ, তোমোলাকৰ মনত অদ্ভুত হেন বুলি মিচা নুবুলিব।। [ ১৫৯ ]

“OF THE CITY OF LONDON.”
“লণ্ডন নগৰৰ বিবৰণ।”

 ইংলণ্ড দেশৰ ৰাজধানী লণ্ডন নগৰ তেমস্ নদীৰ পাৰত ’ৰোমান বিলাকে যেতিয়া ইংলণ্ড জয়কৰি সিহঁতৰ অধীন কৰিলে তেতিয়াও এই নগৰৰ নাম লণ্ডন আচিল। এহেজাৰ বচৰ হৈচে ইংলণ্ডৰ মহাখ্যাত বৰ আলফ্ৰেড ৰজাই লণ্ডনক ৰাজধানী পাতিলে। জোৱা দুশ মান বচৰৰে পৰা এই নগৰ দুগুণে বাঢ়িচে। সি সমুদ্ৰৰ পৰা ত্ৰিশ ক্ৰোশ অন্তৰ আরু তাক তিনি ভাগ কৰা গৈছে, দুভাগ তেমস্ নদীৰ দক্ষিণে, এভাগ উত্তৰে। সি দিঘল চাৰি ক্ৰোশ, পুতলে সকলে ঠাইতে সমান নহয় কোনো ঠাইত তিনি ক্ৰোশ কোনো ঠাইত পাঁচ ক্ৰোশ॥

 লণ্ডন নগৰৰ ৰাজ-আলি বোৰ বৰ বহল আরু দিঘল, আরু পৃথিবীৰ সকলো নগৰৰ আলিতকৈ ভাল। তাৰ প্ৰতি আলিৰে তিনি২ ভাগ আচে, মাজ ডোখৰ বৰ২ শিলেৰে বন্ধোৱা, আরু তাত অকল ৰথ আরু ঘোৰা চলে, দুইও কোখৰ বৰ সুন্দৰ২ শিলেৰে বন্ধোৱা তাৰে অকল মানুহ অহা জোৱা কৰে। দুইও কোখৰৰ বাটৰ তলত বৰ২ খাৱই আচে তাৰে নগৰৰ মলি তেমস্ নৈত পৰেগৈ; একোটা ৰাজ আলিত ইমানহে গাৰি, বগি চলে যে একো আলিতে দিনত ৭০০ সাতশ গাৰি ইত্যাদি জোৱা অহা কৰে, লণ্ডন নগৰত প্ৰায় বাৰে হেজাৰ ৰাজ আলি আরু গলি (অৰ্থাৎ ঠেক বাট) [ ১৬০ ]

আছে;আরু কলিকতাৰ লালদিঘিৰ চাৰিও ফালে যেনেকুৱা বৰ সুন্দৰ২ ঘৰ আচে তেনে প্ৰায় এশ চাৰি কোনিয়া পল্পী আচে। তাত পকি ঘৰ দুই লক্ষ মান আছে, আরু এই দেশত যেনেকৈ নিলগৰ পৰা পানি আনিব লগে লণ্ডন নগৰত তেনে নহয়, নগৰৰ মাজেৰে যে তেমস্‌ নদী বৈচে তাৰে ওচৰত একোটা এনেহে কল কৰি থৈছে যে সেই কলেৰে নগৰৰ প্ৰতি ঘৰলৈকে সিহৰ নলিৰে পানি জায়॥

 লণ্ডন নগৰত কুৰি লক্ষ মানুহ আচে আরু এই লোক বিলাকে প্ৰতি বচৰে আহৰাদিৰ নিমিত্তে সাত অৰ্ব্বুদ টকা ব্যয় কৰে।

 এই নগৰত প্ৰায় সাত আঠশ গিৰিজা ঘৰ আছে আরু লৰা বিলাকক পঢ়াবলৈ পাঁচ ছয় হেজাৰ পঢ়া শালি আছে। মানুহৰ কুকৰ্ম নিবাৰণ কৰিবলৈ, আরু বিদ্যা বৃদ্ধিলৈ, বুচা আরু অসমৰ্থ প্ৰতিপাললৈ, দুখিয়া মানুহৰ নৰিয়া হলে বিনাধনে ঔষধ দিবলৈ অনেক সম্প্ৰদায় আছে। কনা খোৰাৰ উপকাৰলৈ, আরু গৰ্ভৱতী তিৰোতাৰ প্ৰসৱত সহ য়লৈ, আরু অন্য দয়ালু কৰ্ম্মলৈ এই নগৰত অসংখ্য সম্প্ৰ দায় আচে সৰ্ব্বমুঠ্ত‌ এনে উপকাৰক হেজাৰ ডেৰ হেজাৰ সম্প্ৰদায় হব।

 লণ্ডন নগৰ ৰাজধানী হেতুকে তাত চটা ৰাজ গৃহ আছে। মহা সোধৰ ঠাই নটা, আরু সরু ৪২ দুকুৰি দুটা আছে; তাতে নগৰৰ মানুহৰ সোধ সোধে। ব্যৱস্থা শিকিবলৈ চাইটা মহা [ ১৬১ ] ধৰ্ম শাস্ত্ৰালয় আছে। আরু ৮০০ উকিল সকলো সোধ ঠাইত তাচে। লণ্ডনত, ১৪ টা ফাটক আরু ৰজাই কৰা চাৰি ঠাইত চিত্ৰ কৰ্ম্ম ইত্যাদি হয় আরু ওঠেৰ টা পুস্তকালয় আচে তাতে সকলো ভাষাৰে পুথি থাকে আরু সকলোৱে তালৈ গৈ সেই পুথি পঢ়ি মনুবৃদ্ধি কৰে।

 লণ্ডন নগৰ পৃথিবীৰ সকলো ঠাইতকৈ ঘাই বাণিজ্য স্থান, এই নগৰৰে বচৰেকত এশ ক্ৰোৰ টকাৰ বস্তুৰ অহা জোৱা হয়। লণ্ডন নগৰৰ তেমস্ নদীত চাৰি খন মহা শাঁকো আচে, তাৰ ওপৰেৰে গাৰি আরু ঘোৰা সদাই জোৱা অহাকৰে আরু তলেৰে জাহাজ চলে। যিশাঁকো শেষত সাজিচে তাত ৮০ আশি লক্ষ টকা ব্যয় হৈছে।

 কিচু কাল হল এই নদীৰ পানিৰ তলেৰে মাটি খানি এটা বাট কৰিচে, তাৰে গাৰি ঘোৰা আৰু মানুহ অহাজোৱা কৰে। আরু সেই শাঁকোৰ ওপৰেৰে নাও চলে। লণ্ডনত চাৰি পাঁচ হেজাৰ পৰিয়া আচে। সিহঁতে ৰাতিয়ে দিনে ফুৰি নগৰ ৰক্ষা কৰে আৰু এই নগৰৰ প্ৰতি আলিতে চাকি জলে তাতে লোকে সুখে ৰাতি অহা জোৱা কৰিব পাৰে। পূৰ্ব্বে তেল ইত্যাদিৰেহে আলি পোহৰ হৈচিল, কিন্তু এতিয়া কেই বচৰ মানৰ পৰা গাচ নামেৰ এবিধ বস্তুৰে চাকি লগায় তাৰে পোৰ হয়। সেই গাচ কেনেকৈ কৰে কওঁ শুনা; নগৰৰ ঠাইয়ে২ গাচ্‌ কৰিবলৈ ঘৰ আছে, সেই ঘৰতে অনেক নাগ মাটি বা তেল পুৰি তাৰ ধোঁৱা লগকৰে। সেই ধোঁৱা [ ১৬২ ] সিহৰ নলিৰে চাৰি ও ফালে চলায় নিয়ে পিচে প্ৰতি ঘৰতে সেই নলিৰ পিতলৰ মুখেৰে ধোঁৱা ওলায়; সেই নলিত জুই লগালে অকস্মাৎ জলিউঠ আরু জিমান পৰ ইচ্ছা তীমান জলি থাকে নুমাব লাগিলে সেই নলিত এনেহে কল আচে যে তাক টিপিলে ধোঁৱা চলিবলৈ এৰে তাতে জুই আপুনি নুমায়। শৰীৰৰ শীৰেৰে যেনেকৈ তেজ চলে এই নগৰতো তেনেকৈ পানি আরু পোহৰ চলে।  এই নগৰ এতিয়া পৃথিবীৰ মধ্যত সকলো নগৰতকৈ ডাঙ্গৰ আরু সম্পত্তি বাণিজ্য আরু জ্ঞানতো বৰ। পূৰ্ব্বে এই মহানগৰ অৰণ্য আচিল কিন্তু কালক্ৰমে নানা উদ্যোগ আৰু সুবিচাৰৰ দ্বাৰা সি এতিয়া এনে বৰ হৈচে; কিন্তু ইয়া তো কেতিয়াবা অবিচাৰ হলে পৃথিবীৰ আন২ মহা নগৰব নিচিনা লোপ হব।

⸻⸻


SAVAGES AND CIVILIZED PEOPLE, SPECTA-
CLES AND CLOCKS AND THE BAROMETER
AND THERMOMETER.

সভ্য আৰু অসভ্য মানুহৰ কথা দ্বিপচকু, ঘড়ি,'
বায়ু ভাৰ মাপক যন্ত্ৰ আরু তাপ মাপক
যন্ত্ৰৰ বিৰৰণ।

পূৰ্ব্বে নথকা বস্তুৰ সৃষ্টিৰ পৰা আমাৰ সুখ কি ন [ ১৬৩ ] বাঢ়ে তাক তোমোলাকে নভবা হেন পাঁও, মসুষ্যৰ নো কি বস্তু অতি আবশ্যক? আহাৰ—সেই আহাৰ অসভ্য অৱস্থাত থাকিলে যি মৃগয়া কৰি পায়। পূৰ্ব্বৰ ইংৰাজহঁত চিকোন অসভ্য আচিল, সিহঁতে আহাৰৰ নিমিত্তে মৃগয়া কৰিচিল; কিন্তু সভ্য মানুহ বিলাকে মৃগয়া নকৰাকৈ আহাৰ মিলায়; সিহঁতে হাল বাই ধান রুই তাকে কাটি আনে আরু জন্তু বোৰক পোহনিয়া কৰে এতিয়া তোমোলাকে জানিলা যে বুদ্ধি ভৰিতকৈও বেগৱন্ত আরু হাততকৈও বলৱন্ত।

অসভ্য  সভ্য

 মনুষ্যক আরু কি বস্তু অতি আৱশ্যককৈ লাগে? কাপৰ— অসভ্য মানুহ বিলাকে নাঙটহৈ ফুৰে বা জন্তুৰ চাল পিন্ধে; কিন্তু সভ্য লোকে সুতা আরু নোম বই কাপৰ কৰে। অসভ্য বোৰে কাপৰ পালে চাল পিন্ধিব হেন পোৱানে নহয়,সিহঁতে কেতিয়াও তেনে নকৰে।

 ইয়াত বাজে মানুহক থাকিবলৈ ঘৰ লাগে। পূৰ্ব্বৰ ইংৰাজ হঁত পজাত বা গাঁতত বাস কৰিচিল কিন্তু সিহঁতে [ ১৬৪ ] ঘৰ সাজিব জনা হলে এনে নকৰিলে হঁতন তোমাৰ ঘৰত যি সকল দ্ৰব্য আচে তাক এদিন চাই ভাবি চাবা পিচে তুমি জানিবা যে তুমি অসভ্য দেশত জন্ম নধৰাৰ সলনি ঈশ্বৰৰ ধন্যবাদ কৰিব পোৱা, অসভ্য মানুহে দোডোখৰ কাঠ ঘহিঁ জুই তোলে, কিন্তু আমি চুম্‌কি সিল এডেখৰ তিখাত ঘহিঁ ততালিকে জুই তোলোঁ, আরু দিয়া সলাই ঘঁহিও পাৰোঁ। অসভ্য লোক বিলাকৰ বহিবলৈ দলিচা মাচিয়া বা সুবলৈ বিচন৷ নাই আরু খাবলৈ ৰান্ধিবলৈ বাচন আরু মম বাতি ইত্যাদি একো বস্তুৰ কথা ভু নাপায়। কিন্তু এই সকল নহলে আমি থাকিব নোৱাৰোঁ এতেকে তাৰ নিমিত্তে আমি ঈশ্বৰত কৃতজ্ঞ হব পঁ।ও।

তোমলাক এতিয়া সৰুয়ে আচা আরু ডাঙ্গৰ হলে যি কথা ভাবিবা তাক এতিয়া নেভাবা, মোৰ দ্বিপ চকুলৈ চোৱা, তাৰ পৰা তোমোলাকৰ একে৷ গুণ নহয় কিন্তু মোলৈ বৰ উপ কাৰক। মানুহ বিলাক বুঢ়া হলে লেখি থবৰ যোগ্য অনেক কথা জানে কিন্তু সিবিলাকৰ চকুৱে ভালকৈ নেদেখাত দ্বিপচকু নোহোৱাকৈ লেখিব নোৱাৰে। দ্বিপচকুৱে বুঢ়া মানুহক ডেকা চকু দিয়ে। দ্বিপচকু যেনেকৈ কৰে তেনে ভালকৈ দেখি৷

 ইংগ্লণ্ড দেশৰ পূৰ্ব্ব কালৰ লোক বিলাকে দ্বিপচকুৰ কথা ভূ নাপাইচিল আরু ময় আন যি সকল বস্তুৰ কথা কম তাকো নেজানিচিল। [ ১৬৫ ]  ঘৰি আরু বৰ ঘৰি কি হক বোলে তোমোলাকে জানিব পোৱা। এই যন্ত্ৰেৰে দিন আরু ৰাতিৰ ডাঁৰ পৰ জানি। ঘৰি বোৰ সরু আরু মোনাতকৈ লৈ ফুৰায়, বৰ ঘৰি হলে ডাঙ্গৰ আরু তাত ডাঁৰ পৰ বাজে; কিন্ত কোনো২ সরু ঘৰিও বাজে। বৰ ঘৰি বোৰ পৰিমাণেৰে বা জোখেৰে চলে; কিন্তু সরু ঘৰিৰ ঘিলা বোৰ হেচা মাৰিলে উঠি্‌ অহা গুণাত পৰ মেৰাই থয় সেই গুণা খহোঁতে লৰে। বৰ ঘৰি নথকাত ৰদৰ ঘৰি এবিধ ব্যৱহাৰ হৈচিল কিন্তু তাৰ পৰ৷ ৰদ নুঠিলে ডাঁৰ পৰ কব নোৱাৰিচিল, কিন্তু বৰ ঘৰি হোৱাত ৰাতিয়ে দিনে সময় ঠি ক কৰিব পাৰিচিল ৰাতি চাকি লগ।ই অঙ্কহে চাব লাগে। তাৰ পিচৎ ঘৰিক বজা কৰা গল, তাৰ পৰা বৰ জাৰ কালি অতি এন্ধ৷ৰ নিশাতো এক আঙ্গুণ নলৰাকৈ বিচনাতে থাকি ডাঁৰ পৰ জানি।

 ঘৰি প্ৰথমে কেতিয়া কোনে কৰিলে ময় তোমোলাকক নিশ্চয়কৈ কব নোৱাৰোঁ কিন্তু ইংলণ্ড দেশত ঘৰি চলতি হবৰ চাৰিশ কি পাঁচশ বচৰ হৈচে, ষ্ট্ৰাট্স্বৰ্গ, আৰলিয়ন্স নগৰত দুটা প্ৰখ্যাত, ঘৰি আচে, কিন্তু তাৰ বিবৰণ ভালে মান কথা, বৰ্চিলিচ নগৰৰ ৰাজ গৃহত এবেলি এটা ঘৰি আচিল সি বৰ আচৰিত তাত, ঘণ্টা বাজিবৰ পূৰ্ব্বে দুটা কুকুৰাই পাখি জোকাৰি মাতিচিল পিচে মূৰ্ত্তি বোৰে হাতত তাললৈ আহি তাক বৰ টাঙ্গনেৰে কোবাই চিল। [ ১৬৬ ]  ইংলণ্ড দেশৰ কোম্পানি বাহাদুৰে চীন দেশৰ পাতচাক ভেঁটিবলৈ দুটা বৰ ঘৰি কৰিচিল তাৰ বিবৰণ কবলৈ ময় পাহৰিব নাপাঁও। সেই ঘৰি দুটা ৰথ খনৰ দৰে কৰিচিল আরু তাতে এটি ৰূপৱতী বিবি বহি আচিল; সেই বিৰিৰ মূৰ্ত্তিৰ তলত আধলিত কৈ অলপ ডাঙ্গৰ ঘৰি এটা আচে, আরু সেই ঘৰি ঘুৰাই নিদিয়াকৈ আঠদিনলৈকে সুন্দৰে ডাঁৰ পৰ বাজি চলি থাকে। সেই বিবিৰ আঙ্গুলিত একাঙ্গুলৰ ১৬ ভাগৰ এভাগ মান ডাঙ্গৰ হিৰা আৰু মুক্তা খতোৱা এটি চৰাই আচে, সেই চৰাইটিয়ে ভিতৰত থকা কলৰ দ্বাৰা পাখি মেলি ভালে মান পৰ জোকাৰে। সেই বিবিৰ মুৰৰ ওপৰত এটা চাতি আচে আরু ভৰিত এটা সোনৰ কুকুৰ আচে।

 লণ্ডন নগৰৰ ডন্সটন নামে গিৰজাৰ এটা ঘৰি চাবলৈ অনেক মানুহ গৈচিল, তাৰ ডাঁৰ পৰ দুটা মানুহৰ মূৰ্ত্তিয়ে ডাঙ্গৰ টাঙ্গনেৰে বজাইচিল কিন্তু সেইটো ধৰি এতিয়া নাই।

 ঘৰত আরু দুটা বস্তু ঘৰিৰ নিচিনাকৈ ব্যৱহাৰ হয়, তাৰ এটাৰ নাম বায়ুৰ ভাৰ্‌ মাপক, এটাৰ নাম তাপ মাপক যন্ত্ৰ। [ ১৬৭ ]

বায়ুৰ ভাৰ মাপক যন্ত্ৰে বতৰ খৰ হয়নে চেঁচা হয় তাকে নিৰ্ণয় কৰে। এটা নলি কৰি ৰ পৰা বায়ু উলিয়াই মুখত সোপাদি এখন সাত ৰসথৈ তাতে সেই নলিটোদি এই যন্ত্ৰ কৰে; পিচে, বায়ু খৰ হলে ৰস বোৰ নলিৰে উজায় কিন্তু খৰ নহলে তেনেই থাকে। ইয়াৰ দ্বাৰা সেই নলিৰ গাত দিয়া অঙ্ক চাই সকলোৱে বৰখুন হবনে খৰ দিব জানিব পাৰে। এইটো বৰ আচৰিত ন হয়নে? তুমি পৰ্ব্বত উঠিলে এই যন্ত্ৰৰ দ্বাৰা কিমান ওখত আচা কব পাৰা, কিয়নো যিমান ওখলৈ উঠা্‌ তিমানকৈ বায়ুও পাতল হৈ পিৰাক ঠে্লি‌ নলিলৈ তোলাগুচে।

 তাপ মাপক যন্ত্ৰে কিমান জাৰ কিমান গৰমি তাকে নিৰ্ণয় কৰে, তাক বুজাই কঁও শুনা। ৰস তপতালে বিয়লি চেঁচাত যিমান ঠাই লাগে তপতত তাতকৈ। অধিক ঠাই ব্যাপে লারুৰ নিচিনা ঘুৰ নিয়া এটা সাজত ৰস ভৰাই তাতে এটি প্ৰায় সূতাৰ নিচিনা সরু নলি লগায়,

পিচে বায়ু চেঁচা হলে ৰস বোৰ সাজৰ মধ্যতে থাকে কিন্তু তপত হলে সেই নলিৰে ওপৰলৈ উঠে। এতিয়া তোমো [ ১৬৮ ]

লাকে-বায়ু ভাৰ মাপক আরু তাপ মাপক বস্ত্ৰ কি বুুজিলা; এই বোৰ পূৰ্ব্বৰ ইংগ্লণ্ডৰ মানুহ বোৰে নেজানিছিল॥

 ময় যি কঁও তাক মনত ৰাখিব পাৰিলে তুমি অনেক জানিবা, কিন্তু সেই নিমিত্তে গপ্‌ নকাৰিবা, যদি তুমি সদ্ব্যৱহাৰ কৰা তেন্তে যিমান শিকা তিমান ভাল, কিন্তু জ্ঞানীহৈ দুষ্ট হোৱাতকৈ হোজাহৈ ধাৰ্ম্মিক হোৱাই ভাল। ময় যিমান অধিক দিন জিও তিমান অধিককৈ পতিয়াম যে সুদ্ধ আৰু মৰমিয়াল চিত্ত বৰ বিদ্যা আরু গুণতকৈ ভাল, আরু পৃথি বীৰ গোটেই বোৰ বিদ্যাই মনুষ্যক যিমান সুখী কৰে ঈশ্ব ৰক ভয় কৰি তেঁওৰ আজ্ঞা পালন কৰিলে তাতকৈ অধিক সুখী কৰে॥

MICROSCOPE, TELESCOPE, STEAM ENGINE,
STEAM CARRIAGE, STEAM BOATS, BALLON,
AIRIAL SHIP, AND MARINER'S COMPASS

সুক্ষ্ম দৰ্শন যন্ত্ৰ, দূৰ দৰ্শন যন্ত্ৰ, বাষ্পীয় অৰ্থাৎ
ভাপৰ কাল, বাষ্পীয় গাৰি, বাষ্পীয় নাও,
বালুন অৰ্থাৎ আকাশলৈ উঠা্‌ যন্ত্ৰ, বায়ুৰ জাহাজ,
নাবিকৰ কম্পাচ অৰ্থাৎ দিগ্‌ নিৰূপন যন্ত্ৰ
ইত্যাদিৰ বিবৰণ।

 সূক্ষ্ম দৰ্শন যন্ত্ৰ নানা বিধৰ আৰ্চিৰে কৰে, সুদা চকুৰে কোনো বস্তু চালে যিমান ডাঙ্গৰ দেখি এই যন্ত্ৰেৰে চালে তাতকৈ ভালে মান ডাঙ্গৰ দেখি। [ ১৬৯ ]

দূৰ দৰ্শন যন্ত্ৰ অৰ্থাৎ দুৰ্ব্বীন, তাক আৰ্চিৰে কৰে আর তাৰ দ্বাৰা নিল গত থকা বস্তুকো বৰ সুন্দৰে দেখিৱৰ দুৰ্ব্বীনেৰে আকাশৰ নক্ষ ত্ৰাদি আৰু সরু বোৰেৰে নিলগত থকা জাহাজ পৰ্ব্বত ইত্যাদি বস্তু চায়, ময় এখন সূক্ষম দৰ্শন যন্ত্ৰ দেখিচোঁ তাৰে চালে গোটেই সরু পোকটিকো দহ আঠ্‌ হাত দিঘল দেখি আরু এটা দুৰ্ব্বীন দেখিচোঁ তাৰে চন্দ্ৰৰ ওপৰত ঘৰ আরু মানুহ থকা হেন দেখিলোঁ।

 এতিয়া ভাপৰ কলৰ কথা কওঁ শুনা, পূৰ্ব্বে ভাপৰ গুণ প্ৰকাশ পোৱা নাচিল পিচে যি মানুহে প্ৰথমে তাক প্ৰকাশ কৰিলে তেঁও খাবলৈ বহি তপত পানিৰ ভাপে যি সাজত পানিতপতাইচিল তাৰে সাঁফৰ টো ওপৰলৈ তোলা দেখি মনত ভাবিলে যে তপত পানিৰ ভাপ অনেক কৰ্ম্মত লগাব পাৰি; এই বুলি তেঁও শ্ৰম কৰিব ধৰিলে পিচে এই তুচ্ছ কথাৰ পৰা ভাপৰ কল প্ৰকাশ হল।

 ভাপৰ কলত তপত পানিৰ ভাপ এটা নলিত পেলায় আৰু সেই চুঙ্গাৰ এটা সাঁফৰ বা সোপা আছে। সেই সাঁফৰ ভাপে ঠেলিলে ওপৰলৈ উঠে আরু অল্প চেঁচা পানি পৰিলে পড়ে।

 ওয়াট নামে এক সাহাবে ভাপৰ কলক অনেক ভাল কৰিলে তেঁও সাঁফৰটো ওপৰত দি বিন্ধাই তাৰে এডাল [ ১৭০ ]

মাৰি সুমাই তললৈ আৰু ওপৰলৈ চলি থকা কৰিলে, আরু সেই মাৰিৰ তলে ওপৰে ভাপ-দিলত উঠি পৰি থাকে সেই মাৰি এডাল বৰ ডাঙ্গৰ কাঠ এডালত বান্ধি দিয়াত কাঠ্‌ ডালকো তললৈ ওপৰলৈ লৰাই থাকে ইয়াৰে দ্বাৰা কৰ্ম্ম কাৰক সকলে ঘিলা বোৰ ঘুৰাই আৰু যি কৰ্ম্মকে কৰোঁ বোলে তাকে কৰিব পাৰে।

 ভাপৰ কলৰ আচৰিত বল, তাৰ দ্বাৰা হেজাৰে২ কৰ্ম্ম কৰিব পাৰি। ভাপৰ গাড়ি ভাপৰনাও তাৰেই চলায় আরু কাপৰ ইত্যাদিও তাৰেই কৰে। ভাপৰগাড়িত সকলোতকৈ সোনকালে জাব পাৰি আরু সি অতি আচৰিত। ভাপৰ গাড়ি যি বাটে জার সেই বাটো সামান্য নহয় তাক ৰেইল ৰোড বোলে ৰোইল বোড কৰিবৰ নিমিত্তে আলিটো সমান কৰে কেতিয়াবা২ পৰ্ব্বতকো কাটি সমান কৰিব লাগে, পিচে ওপৰত লো পোন আরু দিঘল কৰি পাতি গাড়িৰ ঘিলা সো মাই জাবলৈ লোব কৰে।

 ভাপৰ গাড়ি খনত মানুহ নেজায়, কিন্তু ঘোঁৰাৰ সলনি সি পিচত বান্ধি দিয়া সাত খন ৰথ টানি নিয়ে পিচত বান্ধি দিয়া বোৰত মানুহ আরু কললৈ নাগ মাটি নিয়ে। ভাপৰ [ ১৭১ ]

গাড়ি সকলোতকৈ বেগে জায় একে ঘড়িতে ডেৰ কুৰি দুকুৰি বা তিনি কুৰি মাইল অৰ্থাৎ এই মান ডাঁৰৰ বাট জাব পাৰে।

 মাটিত যেনেকৈ পানিতো তেনেকৈ ভাপৰ কল অনেক কৰ্ম্মত লাগে। কেই বচৰ মান হলে আমেৰিকা দেশত এক সাহাবে বঠা্‌ নোহোৱাকৈ ভাপৰ কলেৰে নাও চলাব পাৰি বুলি এখন নাও কৰি তাত বঠা্‌ নিদিয়াকৈ ভাপৰকল এটা তাৰ মাজত দি নাৱৰ দুই ফালে দুটা ঘিলা দিলে, আরু কলে সৈতে লগাই ঘুৰিব পৰা কৰিলে, আরু সেই ঘিলাত কেতবোৰ বঠা্‌ বান্ধিলে। পিচে কল ঢলাত ঘিলা দুটাও ঘূৰিল আরু তাৰ লগতে বঠা্‌ বোৰো ঘুৰাত নাও চলিব লা গিল। এই দৰে এই কৰ্ম্ম সিদ্ধি হোৱাত আন মানুহেও এই দৰে কৰিলে; আরু এতিয়া ইউৰোপ আৰু আমেৰিকাৰ সক লো ঠা্ই‌তে ভাপব নাও প্ৰচলিত হৈছে। এই নাও বোৰ অতি ডাঙ্গৰ, তাৰ কোনো২ বোৰত দুশ মানুহ খাই শুই জাব পাৰে। দেখিবলৈ প্ৰায় সরু জাহাজ খনৰ নিচিনা আরু উজাই বতাহক মুখ কৰিও এক ঘড়িত তিনি ক্ৰোশ আরু চাৰি দিনত আড়াইশ ক্ৰোশৰ বাট চলে। ভাপৰ নাও দিনে ৰাতিয়ে এনে স্থিৰহৈ চলে যে তাত জোৱা মানুহে চলি চে বুলি, গমকে নেপায়। [ ১৭২ ]

তোমোলাকে ফানুচ উরুৱা দেখি ব পোৱা, ফানুচত যি বতাহ থাকে সি জুইৰ দ্বাৰা আন বায়ুতকৈ পা তলহৈ ফানুচ্‌ ওপৰলৈ উঠে্‌। বালু নু তেনেই প্ৰায়; কিন্তু তাক যি বায়ুৰে ভৰায় সি হে ভিন। বালুন পাট সুতাৰে জাল হেনকৈ বই ঘুৰনিয়াকৈ মোন হেন কৰে আরু সামান্য বায়ুতকৈ পাতল বায়ুৰে ভৰাই তাৰ তলত এখ ন নাও বান্ধি মাটিত বৰ ফই লগাই বান্ধি থয়, পিচে কই কাটি দিলে একে বেলিয়ে আকাশলৈ ঊঠে। এক সময়ত ব্লাঞ্চাৰ্ড আরু জেফৰি নামে দুই সাহাবে সাগৰ পাৰহৈ দোবৰ নগৰৰ পৰা কালিচ নগৰলৈ গৈচিল। এটা মানুহ বালুনে সৈতে পেটিৰে বান্ধি বালুনৰ পৰা ওলমি শুন্যতে থাকি পাখিৰ নিচিনা কোনো বস্তু লৈ বতাহ বাই বালুনক যি পিনে নিবৰ ইচ্ছা হয় সেই পিনে নিব পাৰিবলৈ পুরুষাৰ্থ কৰা হৈছে, কিন্তু আজিলৈকে সিদ্ধি হোৱা নাই।

 ইংগ্লণ্ড দেশত বায়ুৰ জাহাজ নামে এক বস্তু চলা বৰ মনস্থ কৰিচিল। তাক এনেকৈ সাজিচিল; দিঘলে এশ তিনি কুৰি চৰণত ঘাটি ন হব, ৫০ চৰণ ওখ আৰু ৪০ চৰণ বহল। ইয়াৰে শুন্যতে ইউৰোপৰ ৰাজধানী বোৰলৈ অহা জোৱাৰ উপায় কৰিবৰ ইচ্ছা কৰিছিল। তাত [ ১৭৩ ]

১৭টা মানুহ আৰু পথিককো নিবৰ অভিপ্ৰায় আচিল। এই জাহাজৰ যি ভাগত বালুন আচিল সি অতি ডাঙ্গৰ আরু যিভাগ মানুহ জাবলৈ আচিল তাত বৰ২ পাখিৰ নিচিনা লগাই দিচিল; কিন্তু এই জাহাজ আজিলৈকো চলাব পৰা নাই আৰু তাক চলাব পাৰিলে মানুহৰ অসংখ্য লাভ হব।

চুম্বক মণি প্ৰকাশ হোৱা কথাও বৰ আচৰিত। পূৰ্ব্বকালে নাবিক বিলা কে সমুদ্ৰৰ পাৰ নেদেখাকৈ জাহাজ চলাব নোৱাৰিচিল কিন্তু, এতিয়া গোটেই পৃথিবীয়ে ফুৰিব পাৰে। পাঁচশ মান বছৰ হল প্ৰকাশ পালে ষে আকবৰ পৰা তুলি আনা লো ওলমাই থলে আপোনা আপুনি পিচে উত্তৰ ফাললৈ পোনাই থকা হয়। তাক কোনো লোৱে, সইতে ঘঁহিলে সেই লোৰ ঘঁহা আগ সদাই উত্তৰ কেন্দ্ৰলৈ থাকে। সেই লো কম্পাচৰ মাজত দিলে সেই কম্পাচৰ দ্বাৰা কোনো মানুহ মাটিত বা সাগৰত থাকি দিগ্‌ জানিব পাৰে কম্পাচ এনেকৈ কৰে; তুলা পাতৰ ওপ ৰত মণ্ডলৰ নিচিনা কৰি বত্ৰিচ সমান ভাগ কৰি চাৰি ওফালে দিশ বিদিশ আরু উপদিশ লেখে। সেই তুলাপাতৰ মাজত এটা লোৰ খুঁটী মাৰে, তাৰে ওপৰত ঘুৰিব পৰা কৈ আগটো চুম্বক মণিৰে ঘঁহি এটা বেজি দিয়ে যি ফাললৈ মুখকৰি থোৱা সেই বেজিটো সদাই উত্তৰলৈ মুখদি থাকিব [ ১৭৪ ] সেই নিমিত্তে অপ্ৰয়াসে পৃথিবীৰ চাৰিও দিগ জনা যায়। নি? মটিত থকা মানুহ বিলাকে নাবিকৰ কম্পাচক হাজাৰ প্ৰশংসা কৰক কিন্তু যি সাগৰত ফুৰি নানা বিপদত পৰিছে সিহে তাৰ গুণ জানে।

FIRE ESCAPES AND TIIE FIRE ENGINE, LIFE
PRESERVER DIVING BELL, AIR-GUN, AIR
PUMP, LIGHTNING ROD, TELEGRAPH.
অগ্নিৰ পৰা ৰক্ষক আৰু অগ্নিৰ যন্ত্ৰ। জীবন
ৰক্ষক ডুব মৰা ঘণ্টা। বায়ুৰ হিলৈ। বায়ু নিঃ
সাৰক যন্ত্ৰ। বজ্ৰ নিবাৰক যন্ত্ৰ। আৰু টেলি,
গ্ৰাফ নামে শীঘ্ৰে সম্বাদ পোৱা যন্ত্ৰ।

 তুমি কেতিয়াবা অগ্নিৰ পৰা ৰক্ষা পোৱা যন্ত্ৰৰ কথা শুনি চিলানে? নাই হবলা। অগ্নিৰ পৰা ৰক্ষা পাবৰ নানা যন্ত্ৰ আছে, কিন্তু ময় এবিধ বা দুবিধৰহে কথা কম। বৰ ঠেক অলিৰ ঘৰ বোৰত জুই লগা অতি ভয়ানক কথা। ময় অনেক বেলি জুই লগত থাকি তাৰ ভয়ানক প্ৰতিফল দেখি চোঁ, সেই নিমিত্তে অগ্নিৰ পৰা ৰক্ষা:পোৱা যন্ত্ৰক বৰ আচ ৰিত বুলি মানো! এই যন্ত্ৰ বিলাকৰ দ্বাৰা জুই লগা ঘৰৰ পৰা মানুহ ওলাব পাৰে।

 এবিধ যন্ত্ৰ গোটেই ঢিলা, সি মুঠে্ বৰ কাপৰ এখন; আরু ধৰিৱলৈ ডাঠ্ সজুকা থাকে। ঘৰত জুই লাগিলে চাৰিটা [ ১৭৫ ] চটা বা আঠো্টো‌ই তাক মেলি ধৰে, পিচে যি মানুহ বোৰ আন কোন পিন ওলাই জাব নোৱাৰে সিহঁত খিলিকিৰে তাতে জাপ মাৰি পৰে তুমি ভাবিব পৰা যে কেৱে দুতলা পকিৰ পৰা খিলিকেৰে জাপ মাৰি পৰিবলৈ সাহ নকৰিব; কিন্তু এনে নহয়, ময় অনেক মানুহক তলত ধৰিবলৈ একো নথকাতো ওপৰৰ পৰা জাপ মাৰি বৰ দুখ পোৱা দেখিচোঁ; আরু এবিধ যন্ত্ৰ আচে তাক এডাল দিঘল মাৰিৰ মুৰত জৰি লগাই তাতে এটাবৰ পাচি বান্ধি কৰে। পিছে ঘৰত জুই লাগিলে মানুহ তলৰ জুইৰ নিমিত্তে সাৰিব নোৱাৰিলে সেই মাৰিডাল থিয় কৰি আলিৰ মানুহ বোৰে সেই পাচিটো ওপৰৰ খিলিকিলৈ তোলে, পিচে ঘৰৰ ভিত ৰত থকা মানুহ বিলাক তাতে উঠি্লে‌ পাচি নমাই আনে। যদি জুই লগা ঘৰৰ মানুহ কেৱে নৰিয়া বা পাচিত উঠিবলৈ ভয় কৰে তেন্তে মাটিতে পাচিত এটা মানুহ উঠি ওপৰত থকা মানুহ বোৰক নমাই আনে।

 অগ্নিৰ যন্ত্ৰৰ দ্বাৰা জুই নুমাই। কাঠৰ সাজ এবিধত অতি সোন কাল কৈ পানি ভৰায় পিচে তাৰ চালৰ নলি এডালৰ দ্বাৰা পানিওপৰলৈ উধাই পঠিয়াই চালৰ নলিৰ মুখতে ধাতুৰ নলি এটা থাকে পিচে যন্ত্ৰনিয়া মানুহে সেই নলি জুই লগা পিনে টোঁৱাই দিলে পানি বোৰ এনে বেগে জাৰ্য যে বৰ ওখ ঘৰো ঢুকি পাইগৈ।

 অগ্নিত লগা যন্ত্ৰৰ বিবৰণ কলোঁ এতিয়া ময় পানিত লগা [ ১৭৬ ] বস্তুৰ কথা কম। জীবন ৰক্ষক অৰ্থাৎ মানুহক পানিত নুডুবাকৈ যি যন্ত্ৰে ৰাখে সি অনেক বিধৰ হয় নাৱৰিয়া বোৰ সদাই পানিত পৰিব পাৰে, এতেকে সিহঁত সকলোৱে সাঁতৰিবলৈ জানিব পাই কিন্তু কেতবোৰে নেজানে। কুঁহি লাৰ নিচিনা এবিধ গচৰ চালেৰে একোটা চোলা কৰে তাৰে জীবন ৰক্ষা হয়। পাতল কৈ তামৰ ফোঁপোলা কৰি ঘুৰণিয়া লারু হেন কৰে বা চুঙ্গা কৰে সিও এবিধ জীবন ৰক্ষক আরু সি ভালে মান ভৰ সহে মনুষ্যৰ শৰীৰ পানিত ওপঙিবলৈ সহ উদ্যোগ নেলাগে, কিন্তু ভালে মান পৰ পানিত থাকিলে বৰকৈ সাঁতুৰিব পৰা মানুহকো জীৱন ৰক্ষক লাগে। আৰু এবিধ বৰ সুন্দৰ জীৱন ৰক্ষক আচে তাকে কৰ্ক নামে এবিধ কুঁহিলাৰ নিচিনা গচৰ চলেৰে ডিঙ্গিৰ মালা বা হাঁসুলিৰ দৰে কৰি মুৰ সুমাব লৈ মাজতে এটিবিন্ধা কৰে।

 জীবনৰ নাও এক বৰ আচৰিত বস্তু। এই নাও প্ৰায় কুৰি বিধ আচে, প্ৰথম বিধকে কৰ্কেৰে কৰে। সেই নাৱৰ হলিত বিন্ধা দিলেও সি ওপঙিব, এই নাৱৰ দ্বাৰা হেজাৰে২ মানুহ ৰক্ষা পাইচে যেতিয়া কোনো জাহাজ ডুবিব লগা হয় আরু তাৰ মানুহ বোৰৰ প্ৰাণ শংসয় হয় তেতিয়া এই নাৱত নাবিক বোৰ উঠি বামত উঠা দেখিবলৈ বৰ ভাল জাহাজ ডুবাত নাবিক বিলাকে কাঠ পিপা ইত্যাদি একে লগ কৰি ভেল সাজিও বাম উঠে। [ ১৭৭ ]

ডুব মৰা ঘন্টা বৰ আৱশ্যকীয় যন্ত্ৰ কিয়নো সি নহলে যি স্তু পানিৰ তলত কৰিব নোৱাৰি তাৰ দ্বাৰা কৰিব পাৰি। সি

দেখিবলৈ ঘণ্টাৰ নিচিনা আরু পা নিৰ তললৈ পেলাই দিলে না বাগৰিবলৈ তলত গধুৰ বস্তু বান্ধি দিয়ে। তাৰ ভিতৰত যি বায়ু থাকে, তাৰ নিমিত্তে ভিতৰলৈ পানি সোমাব নোৱাৰে সেই ঘণ্টাৰ ভিতৰতে মানুহ জায় আৰু বাহিৰৰ পৰা এডাল ন লিনে ভাল বায়ু ভিতৰলৈ দিয়ে সেই নিমিত্তে মানুহ বোৰ পানিৰ তলতে যিমান পৰ ইচ্ছা তিমান থাকিব পাৰে। ডুব মৰা ঘণ্টাৰ দ্বাৰা পানিৰ তলৰ কোনো ঠাইকে চাব পাৰি; আৰু সাগৰৰ তলৰ পৰ্ব্বতকো উৰাৰ পাৰি যদি বোলা পানিৰ তলত নো কেনেকৈ খাবেৰে সিল উৰাই তেন্তে কওঁ শুনা। ডুব মৰা ঘণ্টাৰ ভিতৰত জোৱা মানুহ বোৰে সিলত গাঁত কৰি এহাত মান দিঘল এটা বগি তামৰ টোটা কৰি সেই গাঁতত দি বালি ওপৰত দিয়ে। পিচে সেই খাবৰ টোটাৰ মুৰত এটা বগি তামৰ চুঙ্গা লগায় আৰু সেই ঘণ্টা ওপৰলৈ আনি থাকে আরু ন চুঙ্গা লগাই থাকে, পিছে বগি তামৰ চুঙ্গা পানিৰ বাহিৰে ওলায় তাতে সেই নলিৰে এডোখৰ [ ১৭৮ ]

তপত কৰি ৰঙ্গাকৰা লো পেলাইদিয়ে আৰু খাৰত জুই লাগি শিল উৰাই নিয়ে।

 এতিয়া বায়ুৰ হিলৈ ৰ বিবৰণ শুনা। বায়ুক চেপি সামন্য বায়ুত কৈ এহেজাৰ গুণে অধিক স্থিতি স্থাপক অৰ্থাৎ হেচা মাৰিলে ওউঠী সমান হোৱা কৰিব পাৰি; এই নিমিত্তে সিঅনেক কৰ্ম্মত লাগে আরু খাৰৰ সলনি বায়ুৰেই কৰ্ম্ম হয় বায়ুৰ হিলৈৰ পৰা ওলোৱা গুলি টোৱে খাৰেৰে মৰা হিলৈৰ গুলি ৰ সমান কৰ্ম্ম কৰে। হিলৈৰ ভিতৰত বায়ু সুমালে অকস্মাৎ এটা বাট উলিয়াই আৰু বায়ু ঠে্লি‌ জাওঁতে গুলিও ওলা য়। যিমান টান কৈ বতাহক ঠে্লে‌ তিমান বেগেৰে গুলিও ওলাই জায়। বায়ুৰ হিলৈ নানা দৰে সাজে।

 বায়ুনিঃসাৰক যন্ত্ৰৰ দ্বাৰা কো নো সাজৰ পৰা বায়ু সুহি নিব পাৰি তাৰে পৰা পণ্ডিত সকলে বায়ুৰ নানা গুণ উলিয়াই কৰ্ম্মণীয় কৰিবৰ চেষ্টা কৰে। এই যন্ত্ৰৰ দ্বাৰা অনেক অদ্ভুত কথা দেখা গৈচে কিয়নো কোনো সাজৰ পৰা বতাহ সুহি নিলে সিহ এডোখৰৰ দৰে পাতল পাখি এটাও পৰিব; তুমি আচৰিত হব পাৰা [ ১৭৯ ]

কিন্তু সি অতি স্বৰূপ তাত ঘণ্টা বজালেও তাৰ মাত নুশুনি বা, কোন জন্তু তাত থাকিব নোৱাৰিব চাকিও ন জলিব আরু ধোঁয়াও ওপৰলৈ নুঠি্ব‌।

 আমেৰিকা, দেশৰ ফ্ৰাঙ্কলিন্ নামে এজন সাহাবে বজ্ৰ নিবা ৰণ কৰিবলৈ এক যন্ত্ৰ প্ৰকাশ কৰিলে। ঘৰতকৈ ওখ এডাল দিঘল লোৰ শলাক কৰে আরু তাৰ আগ গোটেই সৰ কৰে পি চে ঘৰৰ ওচৰত মাটিত তাক পোতে। বজ্ৰ ঘৰৰ ওচৰলৈ আহিলে সেই লোৰ শলাকাত পৰে আরু তাৰে গৈ মাটিত সোমায় কিন্তু ঘৰত প্ৰবেশ নকৰে।


 টেলিগ্ৰাফ যন্ত্ৰ ৰাজ কৰ্ম্ম লৈ বৰ ভাল কিয়নো তাৰ দ্বাৰা সম্বাদ অতি সোনকালৈ পোৱা জায় তাৰ আকাৰ এই।

 এখন বৰ কাঠা্ম‌ত খিলিকিৰ ঝিল মিলিৰ দৰে কাঠৰ চলাকৈ জৰিৰে সকলো ফালে লৰাব পৰা কৈ দিয়ে এই বোৰৰে ফলিৰ সক লো বোৰ আখৰ আরু দহোটা অঙ্কৰ চিন আচে আরু আৱশ্যক২ চাই কেত বোৰ কথাও আচে; এই দৰে আঠ্‌ দহ মাইল অন্তৰে একোখন টেলিগ্ৰাফ থাকে পিচে এটাৰ পৰা আন [ ১৮০ ] এটালৈ সেই কাঠা্মে‌ৰে বাৰ্ত্তা পঠি্য়া‌ই এনেকৈ তিনি চাৰি মিনিটৰ (এক ঘৰিৰ ৬০ ভাগৰ এভাগে এক মিনিট) মধ্য তে ১০০ মাইল অন্তৰৰ বাৰ্ত্তা পোৱা জায় আরু প্ৰতি মাইলে এডাঁৰৰ বাট।

 হেপ্ৰিয় লৰা বিলাক এই যন্ত্ৰ বোৰৰ কথা যে কলোঁ ই কে ৱল ইংলণ্ড আমেৰিকা আৰু ইউৰোপত হে আচে আসিয়া খণ্ডত যতে আমাৰ দেশ তাত নাই সেই নিমিতে গমি চাৱা আমাৰ দেশক কেনেকৈ সভ্য বোল যায়।

OF THE CITY OF CALCUTTA.
কলিকাতানগৰৰ বিবৰণ।

 কলিকাতা নগৰ সমুদ্ৰৰ পৰা ৫০ ক্ৰোশ দূৰ আরু গঙ্গা নদীৰ তীৰত; এই নদীকে ইংৰাজ বিলাকে হুগলী বোলে; কিন্তু এই দেশেৰ হিন্দু বোৰে ভাগীৰথী আরু গঙ্গা বোলে। এই নগৰতে ফোৰ্ট উলিয়ম নামে এখন কোঁঠ্‌ আচে তাক ক্লাইব সাহাবে দুই কোটি অৰ্থাৎ দুশ লক্ষ টকা ভগন কৰি সজাইছে। আৰু তাক ৰক্ষা কৰিবৰ নিমিত্তে প্ৰায় দহ হেজাৰ সৈন্যলাগে। যোৱচানক্‌ নামে সাহাবে কলিকাতা নগৰ প্ৰথমে স্থাপন কৰিলে বুলি শুনা জায়। ইং ১৭৫৭ শঁকত এই নগৰ এতিয়াৰ নিচিনা নাচিল তেতিয়া নদিয়া জিলাৰ অধীন এখন গাঁওহে আচিল তত্ব থকা মানুহবিলাকো [ ১৮১ ] খেতিয়ক আচিল অরু সিহঁতৰ ঘৰ ইয়াত এটা তাত এটা এনেকৈ আচিল একো ঠাইত ১০|১২ ঘৰতকৈ অধিক নাচিল এতিয়াৰ চাঁদপাল ঘাটৰ দক্ষিণে এখন হাবি আচিল সেই হাবি আৰু খিদিৰ পুৰৰ মধ্যতে দুখন গাঁও আচিল তাতে সেট্‌ নামে এঘৰ ধনৱন্ত মানুহ বাস কৰিচিল সিবিলাকে সেই গাঁৱত অনেক মানুহ আনি বহুৱালে আরু এই নগৰ বঢ়াবলৈ বৰ পুরুষাৰ্থ কৰিচিল। এতিয়া যিঠাইত কোঁঠা্‌ আরু পথাৰ তাতে দুই গাঁও আরু হাবি আচিল আরু যি চৌৰঙ্গিত এতিয়া হেজাৰে২ বৰ২ অট্টালিকা আচে সেই ঠাইত ১৭১৭ শঁকত কেতবোৰ সামান্য মানুহৰ ভগা পজা আচিল।

 এতিয়া কলিকাতা নগৰ ভাৰতবৰ্ষৰ ৰাজধানী, আরু আন সকলো নগৰত কৈ সুন্দৰ,। দিঘলে তিনি ক্ৰোশ আরু পুতলে সকলো ঠাইতে সমান নহয় তাক দুভাগ কৰা জায় এভাগত ইংৰাজ বাস কৰে আৰু এভাগত দেশী লোক থাকে। চৌৰঙ্গি নামে যে এডোখৰ ঠাইত ইংৰাজৰ বাসস্থান সি অতি মনোৰম্য তাত অতি সুন্দৰ২ ৪৩০০ অট্টালিকা আরু মুখতে এখন বৰ পথাৰ আচে, এক কোখৰে গবৰ্ণমেণ্টৰ হৌচ নামে এটা ৰাজ গৃহ আচে সি কলিকাতাৰ এটাই গৃহত কৈসুন্দৰ ইংৰাজ টোলাৰ আলি বোৰো অতি বহল আরু এফেৰিও মলি নাই আরু এই খণ্ডতে ৰাজব্যৱসায় কৰাগৃহ বোৰ। ইংৰাজ থাকা ঠা্ই‌তকৈ দেশী মানুহ থকা খণ্ড বেয়া তাৰ অলি বোৰো ঠে্ক‌ আরু ঘৰবোৰো বৰ ঘন আরু [ ১৮২ ] মলিয়া, মাজে২ একোটা ধনৱন্ত মনুহৰ বৰ অট্টালিকা কিন্তু চাৰিও ফালে ওচৰত খেৰৰ বা খাপৰিৰ পজা, দেশী মানুহ থাকা খণ্ডৰ ভিতৰত বৰ বজাৰ নামে এক্‌ ঠা্ই‌ আচে ভাৰ নিচিন মলিন আরু অধিক মানুহ থাকা ঠাই কলিকাতাত প্ৰায়েই নাই আরু সি প্ৰধান বেপাৰৰ ঠা্ই‌।

 কলিকাতা নগৰত ভালে মান আলি আচে আরু ইংৰাজ টোলাৰ আলি বোৰৰ কোখৰে২ ইটাৰ খাৱই আচে সেই খাৱইৰে কলৰ দ্বাৰা গঙ্গাৰ পানি জাই নগৰৰ লোকৰ অনেক উপকাৰ কৰে কিন্তু বঙ্গালি টোলাৰ সৰহ আলিত এনে খাৱই নাই। ৰাতি হলে লোকৰ গমনাগমনলৈ প্ৰতি আলিৰ মুৰতে চাকি লগায় আরু গঙ্গাৰ তীৰ ৰ গোটেই আলি টোতে সাৰি কৰি লেণ্টেন লগাই। সেই নিমিত্তে বিদেশী মানুহগলে প্ৰথমে কিবা মহোৎসৱ হৈছে বুলি ভাবিব পাৰে।

 কলিকাতাৰ সন্নিকটত মহাৰাষ্ট্ৰ সকলৰ দৌৰাত্ম্য নিবাৰণ কৰিবৰ নিমিত্তে এক মহা নালা খানিচিল সি আজিলৈকে আচে আরু তাত বৰ সুন্দৰ সাঁকো কেই খন মান আচে। কলিকাতা নগৰৰ বাহিৰে অনেক উপনগৰ আচে তাত ধন ৱন্ত মানুহ সকলৰ সুন্দৰ২ উদ্যান আৰু অট্টালিকা আচে। আরু নগৰৰ সন্নিকটত কালি ঘাট নামে এক দেৱালয় আচে তালৈকে অনেক যাত্ৰী জায় কিন্তু নগৰৰ মধ্যতো দেশীয় লোক সকলৰ মাজে২ ভালে মান স্থাপিত শিৱ মন্দিৰ আচে [ ১৮৩ ] কলিকাতা নগৰ ভাৰতবৰ্ষৰ ৰাজধানী, তেও তাক ৰক্ষাৰ নিমিত্তে গড় বা আন কোনো নিবাৰক নালাগে কিয়নো তাৰ আক্ৰমণ হোৱাই অসম্ভব,। যদিও সম্ভব হয় তেন্তে ইউ ৰোপীয় সকলো লোক কোঁঠ্ত‌ ঠাই পাব। এই কোঁঠ্‌ নদীৰ পূব পাৰে আৰু নগৰৰ নিচেই সমীপত। হিন্দুস্থানৰ সকলো কোঠ্ত‌কৈ ই দৃঢ় আরু সুৱনি। সি আঠ্‌ কোনিয়া পাঁচ কোণ নৈৰ পাৰতে। তাৰ তলতে নদী আচে সেই হেতুকে সেই ফালৰ পৰা আক্ৰমণ হোৱাৰ শঙ্কা নাই যদি হয় তেন্তে অকল নদীৰ পৰাহে হব পাৰে সেই নিমিত্তে সেই পিনে বৰ তোপ থৈচে আৰু তাৰ দ্বাৰা বৰ দুৰৈৰে আহা জাহাজকো মাৰিৰ পাৰি। এই কোঁঠৰ ভিতৰে প্ৰায় এখন নগৰৰ দৰে।

 কলিকাতা পুৰ্বে বৰ ক্লেশ দায়ক ঠাই আচিল কিন্তু এতি য়া হাবি বোৰ মুকলি হোৱাত ভাল হৈচে,। তেও সুন্দৰ বনৰ ওচৰ দেখি কেতিয়াবা২ বায়ু বেয়া হয়। কলিকাতা নানা দেশৰ মানুহ আচে গোটাই নগৰত মুঠে্‌ পাঁচ লক্ষ মান মানুহ বাস কৰে॥ এই নগৰস্থ মানুহ বিলাকৰ গোচৰ সুধিবৰ নিমিত্তে সুপ্ৰিম কোৰ্ট নামে মহাৰাণীৰ বিচাৰ স্থান আরু তাৰ তলতিয়া ছোট আদালত নামে এক বিচাৰাগাৰ আচে। প্ৰতি পাড়াই একে খন থানা আছে তাৰ ও পৰত মেজেষ্টৰ সাহাব আছে।

 এই নগৰতে ভাৰতবৰ্ষৰ অধিপতি শ্ৰীশ্ৰীগবৰ্ণৰ জেনেৰেল বাহাদুৰ বাস কৰে সেই নিমিত্তে ই ভাৰতবৰ্ষ [ ১৮৪ ] ৰাজধাণী। কলিকাতা নগৰ বৰ বাণিজ্যৰ ঠা্ই‌ নানা দেশৰ মানুহ আহি বেপাৰ কৰে। আৰু গঙ্গা নদীত সদাই দুশ তিনি শ জাহাজ নুগুচে। এই নগৰ বিদ্যাৰো প্ৰধান স্থান; তাত ভালে মান পঢ়াশালি আচে সেই সকল প্ৰায় ইংৰাজি ভাষাহে অধ্যয়ন হয়। কলিকাতাৰ সিপাৰে বিচপৰ কলেজ নামে এখন প্ৰধান পঢ়াশালি আচে আৰু নগৰতো হিন্দুক লেজ সংস্কৃত কলেজ হাইস্কুল ইত্যাদি অনেক পঢ়াশালি আচে তাৰ দ্বাৰা কলিকাতা বাসী ভালে মান ৰঙ্গালিয়ে বি দ্যা শিকি সভ্য হব লাগিচে আৰু আমি ভৰসা কৰোঁ যে অলপ কালৰ মুৰতে কলিকাতাৰ লোক সকলো সভ্যতাত ইউৰোপৰ মানুহ বিলাকৰ সমান হব।

⸻⸻

OE THE CITY OF DACA.
ঢাকা নগৰৰ কথা।

 ঢাকা নগৰ বুঢ়ি গঙ্গা নদীৰ পুব পাৰে আরু নদী তাৰ ওচৰে জোৱাৰ নিমিত্তে বাণিজ্য কৰিবলৈ বৰ ভাল ঠা্ই‌ কিয়নো এই নদীৰে সকলো লৈকে অহা জোৱা কৰিব পাৰি। এই নগৰ গঙ্গাৰ মুখৰ পৰা মুঠে পঞ্চাশ ক্ৰোশ দূৰ আরু কলিকাতাৰ পৰা তবে ৯০ ক্ৰোশ, নাৱে নৈৰ পাবৰ নিমিত্তে প্ৰায় ২০০ ক্ৰোশ দূৰ হব।

 সোনাৰ গাঁওৰ পিচতে ঢাকা বঙ্গ দেশেৰ ৰাজধানী হল আরু সি তৃতীয় নগৰ বুলি বিখ্যাত। তাৰ চাৰিও ফালৰ মাটি [ ১৮৫ ] বোৰ দ দেখি ঘাম কালিতো বনেৰে ঢাক গৈ থাকে। কাশী আৰু পাটনাৰ নিচিনা গৰমী তাত নাই অকল ভাদ আহিন এই দুই মাহত পানি সুকুৱাৰ সময়ত বায়ুৰ দোষ হয়, তেও বঙ্গ দেশত ঢাকাৰ নিচিনা মনোহৰ ঠা্ই‌ আরু নাই, আরু তাৰ কপাহি কাপৰৰ নিচিনা কাপৰ জগতৰ মধ্যত আন কতো নহয়। আইন আকবৰী পুথিত আবলফজলে এই নগ ৰৰ নাম লেখা নাই এই হেতুকে ঢাকা পুৰণি নগৰ নহয় বুলি জনা যায়।

 ঢাকা উপ নগৰে সৈতে দিলে প্ৰায় তিনি ক্ৰোশ কিন্তু পুতল তিমান নহয় আরু তাত ঠাইয়ে২ আন নগৰৰ নিচিনা ইটাৰে সজা অট্টালিকাও আচে, আরু ঠা্ই‌য়ে২ খেৰৰ ঘৰো আচে কিন্তু আলি বোৰ নিচেই ঠেক আরু বেঁকা। ইয়াত বচৰৰ ভিতৰৰ প্ৰায় দুবেলি এবেলি সেই খেৰৰ ঘৰ বোৰ জুই লাগি পোৰে, কিন্তু তাৰ পৰা মানুহৰ দন্য নপৰে। এই নগৰত মানুহ ভালে মান আছে প্ৰায় এক লক্ষ পঞ্চাস হেজাৰ তাৰ আদ যিনি মুষলমান বঙ্গ দেশৰ পূৰ্ব্ব প্ৰদেশৰ ঘাই বিচাৰৰ ঠাই ঢাকা।

⸻⸻

OF THE CITY OF MOORSHEDABAD.
মুৰৰ্শিদাবাদৰ কথা।

 বঙ্গদেশৰ ৰাজসাহি প্ৰদেশত মুৰ্শিদাবাদ নামে এখন নগৰ আছে; সি পূৰ্ব্বে ৰাজধানী আছিল আৰু অতি পূৰ্ব্বে [ ১৮৬ ] মখসুদাবাদ নাম আচিল পিচে ১৭০৪ শঁকত মুৰশিদ্‌ কুলিখাঁ নৱাবে ইয়াকে ৰাজধানী কৰিলত তাৰ নাম মুৰ্শিদাবাদ হল। ভাগিৰথী বা কাশিম্বাজাৰ নদী বা গঙ্গাৰ ঘাই ঠা্নিৰ দুইও পাৰে এই নগৰ চাৰি ক্ৰোশ ব্যাপিচে। তাৰ এটা ঘৰো দেখিবলৈ সুৱনি নহয় আরু নৱাবৰ ঘৰো ইমান সরু যে নকৈ অহা মানুহে তেঁওৰ ঘৰ কোনটো চিনি নেপায়, কিন্তু পিচে অলপ কেই বচৰৰ মনৰ ভিতৰত এক বৰ অট্টা লিকা সাজিচে তেও নাজিম সাহাব তাত বাস নকৰে। এই নগৰৰ আলি নিচেই ঠে্ক‌ আরু মলিন সাহাৰ লোক বিলা কৰ ৰথ প্ৰায় নচলে, আরু তাত কোঁঠ্‌ বা গড় কেতিয়াও নাচিল পিচে ৭৭৪২ শঁকত মাৰহাট্টা হঁত আহাত এখন সরু কোঁঠ কৰিছিল।

 এই নগৰত ভালে মান বাণিজ্য হয় আরু কটল লোৱা ঘৰৰ ওচৰত সৰহ নাও থাকে কাতি মাহৰ পৰা চত মাহ লৈকে ভাগিৰথী প্ৰায় শুকাই থাকে এই ভাগিৰখী ঝিলিঙ্গাই সইতে মিলি হুগলি নাম লৈচে। মুৰ্শিদাবাদত উকা আরু ফুলাম অনেক পাট সুতাৰ কাপৰ হয় আরু আন দেশলৈ অনেক বাণিজ্য বস্তু কৰে।

 যেতিয়া জাফৰ খাঁ নবাব ঢাকাৰ পৰা আহি মুৰ্শিদাবাদত বাস কৰিলেহি তেতিয়াৰে পৰা মুৰ্শিদাবাদ বঙ্গ দেশৰ ৰাজ নগৰ হল, পিচে ১৭৫৭ সঁকলৈক অৰ্থাৎ ইংৰাজৰ অধিকাৰ হোৱালৈকে ৰাজধানীয়ে থাকিল তাৰ পিচৎ ৰাজ [ ১৮৭ ] ধানী নামহে থাকিল; কিন্তু কলিকাতহে ৰাজধানী হল। তেও মুৰ্শিদাবাদ মাজ ঠা্ই‌ দেখি কটল লোৱা ঠা্ই‌ আচিল, কিন্তু শেষত সিওগুচি কলিকাতাহে ৰাজধানী থাকিল।

⸻⸻

OF THE CITY OF BENARES.
কাশী নগৰৰ কথা।

 বাৰানসী প্ৰদেশত কাশী নগৰ আচে; আরু তাত বাৰা আৰু নসী নামে দুখন নদী থকাত সংস্কৃত ভাষাত তাক বাৰানসী বোলে। এই নগৰৰ ওচৰত গঙ্গা নদী দুই ক্ৰোশ লৈকে ধনুৰ নিচিনাকৈ বেঁকাহৈ গৈচে, সেই বেঁকা তীৰৰ ওপৰতে কাশী নগৰ। তীৰৰ ওপৰৰ বাটৰ পৰা তলৰ পানি লৈকে নানা বিধৰ গৃহ সাজিচে, তাতে নদীৰ সিপাৰৰ সমান ঠাইত থিয় হলে গোটেই খন নগৰকে দেখি আরু মাজে২ কুলৰ পৰা বাটলৈকে ৩০ পদ ওখ অনেক ঘাট বৰ২ সিলেৰে সাজিচে। এই নগৰৰ আলিবোৰ এনেহে ঠে্ক‌ যে ঘোৰা হাতিত জোৱা মানুহ বোৰে বৰ কষ্ট পায় আরু আলিৰ দুইও কোখৰৰ ঘৰ বোৰ লগালগি আরু শিলেৰে চতলা লৈকে বান্ধিছে। সকলোৰে ওপৰৰ তলৰ সমুখৰ পিনে বাৰান্দা আৰু চাৰিও ফালে খিলিকি আচে তাৰে নিমিত্তে সুন্দৰকৈ বতাহ লাগে কিন্তু আলিৰ মানুহ নেদেখি। আলিৰ দুই কোখৰৰ ঘৰ বোৰ এনেহে ওচৰা ওচৰি যেই ফালৰ ঘৰৰ পৰা সিফাললৈ এডোখৰ কাঠ্‌ [ ১৮৮ ] ৰজাৰ কৰ্ম্ম কৰিবলৈহে তিনি জন আচে, তাত বাজে মুদই বা নীলকৰ সাহাব সৰহ নাই। এই কাশী নগৰৰ লোক বিলাকৰ অনেক মগনিয়াৰ হয় কিন্তু অনেক ধনৱন্ত মানুহো আচে আরু বঁদেলখণ্ড দেশেৰ পৰা অনা সৰহ হীৰা ইত্যাদি ৰত্ন কাশীত পোৱা জায় আৰু নগৰৰ ভিতৰৰ বা ওচৰৰ মাটি বোৰৰো বৰ দৰ।

 এই নগৰত লৰা বোৰে একে বেলিয়ে লেখিবলৈ আরু পঢ়িবলৈ শিকে। সিহঁতে বালিৰ ওপৰত আঙ্গুলিৰে বা নলিৰে আখৰ লেখে আরু লেখিবৰ সময়ত উচ্চাৰণ কৰে পিচে হাতেৰে বালি সমান কৰি আকৌ তাৰে ওপৰত লেখে। এই নগৰত পূৰ্ব্বৰে পৰা সংস্কৃত বিদ্যা প্ৰচলিত আচে আরু সি এনে পুণ্য স্থান বুলি খ্যাত যে অনেক ৰজাই যজ্ঞ আৰু পুণ্য কৰিবলৈ পাত্ৰ মন্ত্ৰিক পঠিয়াই। এই নগ ৰৰে পুৰণি নাম কাশী অৰ্থাৎ তেজোময় সেই নাম আজি লৈকে প্ৰসিদ্ধ আছে কিন্তু পশ্চিমৰ ইতিহাস কৰ্ত্তা সকলৰ পুধিত এই নাম পোৱা নেজায় তাত মথুৰা যমুনাৰ ওচৰৰ কিলশোৰাৰাৰ নাম আচে কিন্তু কাশীৰ নাম নাই।

⸻⸻

OF THE CITIES OF MECCA AND MEDINA.
মক্কা আৰু মদীনা নগৰৰ থকা।

 আৰব দেশেৰ হেজাস্ প্ৰদেশত চুফ সমুদ্ৰৰ পৰা এদি নাৰ বাটত মক্কা নগৰ। এই নগৰলৈ অবিশ্বাসী অৰ্থাৎ [ ১৮৯ ] মুষমান নোপেৱা মানুহ কাকো জাবলৈ নিদিয়াত পূৰ্ব্বে তাৰ কথা গোপনে আচিল কিন্ত ইউৰোপীয় লোকে শেষত এতিয়া তাক প্ৰবন্ধে চাই তাৰ বিবৰণ প্ৰকাশ কৰিলে। মক্কা নগৰ দুই পৰ্ব্বতৰ মধ্যত বৰ ঠেক ঠাই এ ডোখৰত। তাৰ আলি বোরু বালিয়া আরু সমান আরু ঘৰ বোৰ অতি পৰিস্কাৰ আরু সুন্দৰ। আরু শিলেৰে সাজিচে তিনি তলাতকৈ চাপৰ প্ৰায়েই নাই। মক্কাৰ মানুহ বোৰে যাত্ৰিক থাকিবলৈ ঘৰ দি তাৰ কেৰেয়াৰেই প্ৰবৰ্ত্তে; নগৰৰ বজাৰ আলিতে দিয়ে। যাত্ৰিৰ দ্বাৰা মক্কা বৰ প্ৰধান নগৰ হই এক সময়ত পূৰ্ব্বে এক লক্ষ মানুহ থকা বুলি কয় কিন্তু ওয়াবি নামে এক জাতি মুষলমানৰ উপদ্ৰৱত তাত বাস কৰা লোক ভালে মান টুটিল এতিয়া প্ৰায় ত্ৰিস্‌ হেজাৰ মান মানুহ থাকে। মক্কা নগৰত মুষলমান সকলৰ ধৰ্ম্ম স্থাপক মহম্মদ জন্মিচিল। মুষলমান বিলাকে বৰ পবিত্ৰ তীৰ্থ বুলি ভাবে আরু মক্কালৈ গলে বৰ পূণ্য হয় বুলি নানা দূৰ দেশৰ পৰা হেজাৰে২ মানুহ জায়। মক্কা নগৰত এক বৰ সুন্দৰ মন্দিৰ আচে সি চাৰি চুকিয়া অতি ডাঙ্গৰ আরু তিনি চাৰি সাৰিকৈ থুম লগাইচে। যাত্ৰি বোৰ জখলাৰ নিচিনাৰে নামিগৈ এটা বৰ খোঁটালি পাইগৈ। মন্দিৰৰ মধ্যতে কাবা অৰ্থাৎ, নবিৰ গৃহ, সি চাৰি চুকিয়া কলা পাটৰ কাপৰেৰে ঢকা মধ্যতে সোনৰ বন কৰি আখৰ তুলিচে দুৱাৰ খন ৰূপৰ হালপতা মৰা; তাৰ সমুখত ৰূপৰ সোনৰ বন কৰা এখন [ ১৯০ ] আঠুৱা তাৰে মাজতে জিৱৰেইল নামে ঈশ্বৰৰ দূতে অনা কলা সিল আচে। যাত্ৰি বিলাকে মন্ত্ৰ বুলি এই কাবাক সাত বেলি প্ৰদক্ষিণ কৰি প্ৰতি বেলিয়ে সেই সিকল চুমা খায় এই ক্ৰিয়া কৰিবলৈকে হেজাৰ২ ক্ৰোশ দূৰৰ পৰা অসংখ্য যাত্ৰি জায়। পিচে যাত্ৰি বিলাক সেই মন্দিৰৰে আরু এঠাইত জম্জম্‌ নামে এটা নাদ আচে তাৰে পানিত স্নান কৰি তাৰ জল পান কৰে তাৰে পৰা সকলো পাপ ক্ষয় হয় বুলিকয়। শেষত নগৰৰ ১৫ ক্ৰোশ দক্ষিণে আৰাফাট নামে এখন পৰ্ব্বতলৈ যাত্ৰী গলে কৰ্ম্ম সমাপন হয়।

 মক্কা নগৰৰ পৰা ১০০ ক্ৰোশ অন্তৰত উত্তৰ পশ্চিম ফালে মদিনা নগৰ তাতে মহম্মদক গোৰ দিচিল এই নগৰৰ মুষল মানৰ তীৰ্থ ঠাই কিন্তু মক্কাৰ সমান নহয়। মদিনা সরু নগৰ দেখিবলৈকো ভাল নহয় আরু পাঁচশ মান ঘৰতকৈ অধিক ঘৰ নাই এটা বৰ ডাঙ্গৰ আরু সুন্দৰ মসীদ আচে তাৰে ভিতৰত মহম্মদৰ কবৰো আচে হাৰ দুই কোত খৰে আবুবি কৰ আরু অমাৰ কালিফৰ কবৰ, মদিনা নবিৰ নগৰ বোলে কিয়নো যেতিয়া তেঁও মক্কাৰ পৰা পলাল তেতিয়া মদিনাৰ মানুহ বিলাকে তেঁওক আশ্ৰয় দিলে।

⸻⸻

OUTLINE OF THE HISTORY OF INDIA.
ভাৰতবৰ্ষৰ সংক্ষেপ বুৰঞ্জি।

 ভাৰতবৰ্ষৰ বুৰঞ্জিক তিনি চোৱা কৰা জায়; আদিতে [ ১৯১ ] হিন্দু ৰজা বিলাকৰ ৰাজত্ব ৰ বিবৰণ, দ্বিতীয় মুষলমান পাত্চা‌ বিলাকৰ ৰাজ্যৰ কথা, তৃতীয় ইংৰাজ দেশৰ অধি কাৰ হোৱাৰ কথা। পূৰ্ব্বৰ হিন্দু ৰজা সকলৰ ৰাজ্ঞত্বৰ ইতিহাস নাই কিয়নো সেই কালৰ কথাৰ বুৰঞ্জি নাই; অকল গ্ৰীক আরু ফাৰসী বুৰঞ্জিৰ পৰা জনা জায় যে দুহেজাৰ তিনিশ মান বচৰ হল পাৰস্য দেশৰ দাৰা নামে পাতচাই হিন্দুস্থানৰ উত্তৰ পশ্চিম ফাল অধিকাৰ কৰি তাৰ ৰজা বিলা কক কৰতলিয়া কৰিচিল, আরু তাৰ পিচত দুহেজাৰ এশ পঞ্চাশ বচব হল সেকন্দৰ সাহ নামে গ্ৰীক দেশৰ এক ৰজাই পাৰসী দেশ জয় কৰি সিন্ধু নদী পাৰহৈ আহি পঞ্জা বলৈকে অধিকাৰ কৰিছিল আৰু বঙ্গাল দেশলৈকো আহিবৰ ইচ্ছা কৰিচিল কিন্তু তেঁওৰ সৈন্যবোৰ নহাত অভিলাষ সিন্ধি কৰিব নোৱাৰিলে। সেকন্দৰপাতচাৰ পিচত হিন্দু ৰজা বিলাকৰ ইউৰোপৰ মানুহে সৈতে বেপাৰত বাজে আন একো ব্যৱসাই নাচিল সেই নিমিত্তে আকৌ মুষলমান হঁতে হিন্দু ৰাজ্য ভ্ৰষ্ট নকৰালৈকে বুৰঞ্জি জনা নেজায়।

 ইং ১০০০ শঁক কাবোল দেশৰ ওচৰৰ গজনিৰ। মহম্মদ নামে এক ৰজাই সিন্ধু নদী পাৰহৈ বাৰে বেলি হিন্দুস্থানলৈ আহি সোমনাথ নাগৰ কোঁটকে আদি কৰি হিন্দু দেৱালয় আদি বিনাশ কৰি হিন্দু লোক বিলাকক ভালেমান যন্ত্ৰণা দিলে। মহম্মদৰ পিচে ১২০৮ শঁকত কুতোবদ্দীন নামে এক পাত্ চাই ন্দুহ ৰজা বিলাকক জিকি দিল্লী ৰাজধানীৰ সিংহাসনত [ ১৯২ ] বহি অধিপতি হল এঁৱেই সেনাপতি পঠিয়াই বঙ্গাল দেশ ললে, এই কুতোবদ্দীন পাতচাৰ দিনৰে পৰা মুষলমানৰ পৰাক্ৰম বাঢ়িল আৰু ৰণ কৰি২ প্ৰায় গোটেই খন ভাৰত বৰ্ষকে লাহে২ যবনাধিকাৰ কৰিলে। কুতোবদ্দীন পাত্চা‌ৰ দিনৰে পৰা ইংৰাজে দেশ অধিকাৰ কৰিবলৈকে নানা বংশৰ নানা মুষলমান পাত চাই ভাৰতবৰ্ষ শাসন কৰিলে আৰু সিবিলাকৰ ভিতৰত অনেক বৰ২ পাতচা, হৈগৈচে প্ৰধান আকবৰসাহ ইত্যাদি। যবনাধিকাৰ সময়ত অনেক যুদ্ধবিগ্ৰহো হৈচিল; শেষত মুষলমান সকলৰ ৰাজ্য গুচি অলপ কালৰে পৰা ইংৰাজ বিলাক ভাৰতবৰ্ষৰ অধিপতি হৈছে তাৰ বিবৰণ কঁও শুনা।

 যেতিয়ালৈকে লোকে পৃথিবী আরু আকাশৰ বিবৰণ নেজানিচিল, তেসিয়ালৈকে সমুদ্ৰেৰে অহাজোৱা কৰা বৰ টান আচিল, আরু জাহাজ বোৰ সমুদ্ৰৰ মাজে২ নচলাই পাৰৰ কোখৰে২ চলাইচিল এই হেতুকে নিলগ দেশলৈ জব নোৱাৰিচিল আৰু পুৰ্ব্বে ইউৰোপৰ লোক বিলাকে বামেবে হে ভাৰতবৰ্ষে সৈতে বেপাৰ কৰিছিল। পিচে পৃথি বীৰ আকাৰ জানি কম্পাচৰ সৃষ্টি হৈ দিনে২ সকলো কথা ভালকৈ প্ৰকাশ হলত জাহাজেৰে জোৱা আহা ঢিলা হব লাগিল। ইং ১৪১২ শঁকৰ পৰা ১৪৬৩ শঁকলৈকে পৰ্ত্তুগল দেশৰ মানুহে জাহাজেৰে জোৱা অহা কৰি আফ্ৰিকা খণ্ডৰ পশ্চিম সীমা ৭০০ ক্ৰোশ গৈ পালে, আরু জাঁওতে২ সিহঁতে [ ১৯৩ ] গমি চালে যে তীৰ লাহে২ পূব ফালে গৈছে; তাতে সিহঁতৰ ভৰষা হল যে এই পিনে গলে ভাৰতবৰ্ষৰ বাট পাম। পিচে কলম্বচে আমেৰিকা খণ্ড প্ৰকাশ কৰাৰ পাঁচ বচৰৰ মুৰত পোৰ্ত্তুগলৰ ৰজাৰ আজ্ঞা ক্ৰমে ১৪৯৭ শঁকৰ জুলাই মাহৰ আঠ্‌দিন জোৱাত গামা নামে এটা বৰ নাবিক পৰ্ত্তুগলৰ টেগচ নৈৰ পৰা জাহাজ মেলি অলপ কালৰ মুৰত আফ্ৰি কাৰ দক্ষিণে উত্তমাশা অন্তৰীপ পালেগৈ তাতে দেখে যে পৰ্ব্বতৰ নিচিনা হৈ সমুদ্ৰৰ ঢৌ উঠি্চে‌ ইয়াকে দেখি নাবিক বিলাকে গামাৰ ভৰিত পৰি কলে বোলে এই সমুদ্ৰেৰে জাব নোৱাৰি এতেকে ইয়াৰে পৰা উভতি বলা; গামাই এই কথা নুশুনি জাহাজ চলাবৰ আজ্ঞা দিলত নাবিক হঁতে মনে২ খঙ্গ কৰি ঠ্টি‌ পাতিলে, তাতে গামাই বুজ পাই ঘাই নাবিক কেইটাক লোৱা দি বন্দি কৰি আপুনি ভায়েকে সৈতে হালি ধৰি উত্তমাশা অন্তৰীপ ঘুৰিলে। কিচূ দিনৰ মুৰত মুষলমান হঁতৰ এখন উপদ্বীপ পাই তাৰে পৰা জাহাজ মেলি আন এখন উপদ্বিপ পাই তাৰে পৰা জাহাজ মেলি আন এখন উপদ্বিপ পালে, তাতো নেথাকি একে বেলিয়ে ভাৰতবৰ্ষৰ পিনে জাহাজৰ মুখ পালটাই দক্ষিণ দেশৰ কালিকট নগৰ পালে। কিছু কালৰ মুৰত আকৌ দেশলৈ গুচিগল,গামাৰ অহাত দুবচৰ দুমাহ লাগিচিল। ইউৰোপৰ লোক বিলাকৰ উত্তমাশা অন্তৰীপ অৰ্থাৎ কেপ ঘুৰি সমুদ্ৰ [ ১৯৪ ] বাটে ভাৰতবৰ্ষলৈ অহাৰ আদি এই। আরু মনুষ্যে কৰা সকলো কৰ্ম্মৰ ভিতৰত এই এটা আচৰিত। তাৰ পিচৎ পোৰ্ত্তুগীচ্‌ বিলাক আরু আন২ জাতি বোৰ সেই বাটেৰে অহা জোৱা কৰি ভাৰতৰৰ্ষৰ লোকে সৈতে বৰ বাণিজ্য কৰিব ধৰিলে আরু মিচৰ দেশেৰে অহা জোৱা গুচিল। পিচে পোৰ্ত্তুগলৰ মানুহ বিলাকে ভাৰতবৰ্ষৰ ঠা্ই‌য়ে২ কুঠি্‌ কৰি ভাৰতবৰ্ষত হোৱা দ্ৰব্যেৰে বেপাৰ কৰি অনেক লাভ পালে আরু বৰ পৰাক্ৰমী হ'ল। কিন্তু পূৰ্ব্বে সিহঁতৰ এই দেশত যি২ অধিকাৰ আচিল সেই বোৰ গুচি এতিয়া মুঠে্‌ গোৱা নামে এখন নগৰ হে আচে, ইংৰাজ লোক এই দেশলৈ প্ৰথমে এই ৰূপে আহিল।

 ইং ১৬০০ শঁকত ইংগ্লণ্ডৰ ৰাণী ইলিজেবেথে লণ্ডন নগৰৰ এক কম্পানি মুদৈক ভাৰতৰৰ্ষত বেপাৰ কৰিবৰ নিমিত্তে এখন আজ্ঞা পত্ৰ দিলে, কম্পানি শব্দৰ অৰ্থ এই; কেতবোৰ মানুহ গোট খাই বাণিজ্য কৰিবৰ নিমিত্তে গায়ে পতি ধন তুলি মুঠ্‌ ধনেৰে বেপাৰ কৰিলে সেই মানুহ বিলাককে কম্পানি বেলে। কুঁৱৰীয়ে কম্পানিক আজ্ঞা পত্ৰ দিবৰ সময়ত সিবিলাকৰ মুঠ ধন পাঁচ লক্ষ টকাহে আচিল, সেই টকাৰে কম্পানিয়ে নানা বিধিয়া বস্তু কিনি চাৰি খন জাহাজ ভৰাই বাণিজ্য কৰিবলৈ এই দেশলৈ পঠা্ল‌ত দিনে২ লাভ পালে, আৰু এই দেশৰ পৰা যি বস্তু নিলে তাক বেচি তত লাভ পালে ইয়াতে বাণিজ্য ভালে মান বাঢ়িল। পিচে [ ১৯৫ ] বাণিজ্য কৰিবৰ নিমিত্তে আকৌ ৰাজাজ্ঞা পত্ৰ এখন পালে; পিচে বেলিয়ে২ কিনি বিকি হিসাপ কৰিলত মুঠ্‌ ধন চকুৰি লক্ষ হল। এনেকৈ কম্পানিয়ে বেপাৰ কৰি আচিল এনেতে ইং ১৬৩৪ শঁকত দিল্লিৰ পাতচা সাজেহানে দক্ষিণলৈ ৰণ কৰিবলৈ জাওঁতে তেঁওৰ জিয়েক এজনিৰ কাপৰত জুইলাগি পোৰা গলত চুৰাট নগৰতে যে ইংৰাজৰ গোলা আচিল তাৰে পৰা এজন দাক্তৰ আনিবলৈ পঠি্য়া‌লে; তাতে কম্পা নিৰ জাহাজ এখনৰ বৌটন নামেৰে এজন দাক্তৰ গৈ পাত চাৰ জিয়েকৰ নৰিয়া ভাল কৰিলে, এই আপাত পাতচাই কি বঁটালাগে বুলি সুধিলত বৌটন সাহাবে আপোনালৈ একো নুখুজি কম্পানিক মাষুল নিদিয়াকৈ তেঁওৰ ৰাজ্যত বেপাৰ কৰিৰৰ আজ্ঞা দিবলৈ প্ৰাৰ্থনা কৰিলত পাত্চা‌ই সেই প্ৰাৰ্থনা সিদ্ধি কৰিলে, তাৰে পৰা কম্পানিৰ বেপাৰ কালক্ৰমে বাঢ়িল। পিচে কম্পানিয়ে সৈতে নবাবৰ মাজে২ বিৰোধ লাগিলত আৰু বঙ্গাল দেশৰ হিন্দু ৰজা কেত- বোৰো নবাৰৰ উপদ্ৰৱত বেজাৰ পাই ইংৰাজে সৈতে মিলি লত নবাবে সৈতে কম্পানিৰ দন্দ অতি টানকৈ লাগিল; শেষত ইংৰাজি ১৭৫৭ শঁকত বঙ্গাল দেশৰ সিৰাজুদ্দৌলা নবাবে সৈতে কম্পানিৰ পলাসি নামে ঠা্ই‌ত ৰণ লাগি নবাব ঘাটিল ইয়াৰে পৰা কম্পানি প্ৰায় দেশৰ অধিপতি হল, কিন্তু ইং ১৭৬৫ শঁকত কম্পানিক শাহ্আ‌লম্ পাত চাই বঙ্গাল বেহাৰ আৰু উৰিষ্যা দেশৰ দেওয়ানীৰ অধিপতি [ ১৯৬ ] পাতিলত তাৰে পৰা এই তিন দেশৰ অধিকাৰ হল পি ১৭৭৫ শঁকত অযোধ্যাৰ নবাব আসফদ্দৌলাই সৈতে সন্ধি কৰি কাশী প্ৰদেশ দলে ১৭৯২ আরু ১৭৯৯ শঁকত টিপু সুলতানৰ দেশ অধিকাৰ হল এনেকৈ কাল ক্ৰমে প্ৰায় গোটই খন ভাৰতবৰ্ষেই এতিয়া কম্পানিৰ অধিকাৰ হৈচে, আরু দেশাধিপতি হৈ প্ৰজাৰ সুখ বঢ়াবলৈ হে পুরুষাৰ্থ কৰিচে; তাৰে পৰা জনা জায় যে এই দেশব কুশললৈহে ঈশ্বৰে ইবিলাকক দেশৰ অধিপতি কৰিছে।

⸻⸻

OF THE LOCAL GEOGRAPHY OF ASAM.
অসম দেশেৰ বিবৰণ।

 হে প্ৰিয় লৰা বিলাক এতিয়ালৈকে আমি যি সকল কথা লেখিচোঁ সি অন্য দেশ বিষয়ক কিন্তু যি দেশত তোম লাক আচা তাৰ বিবৰণ নেজানা এতেকে তলত মুঠ্কে‌ লেখিলোঁ।

 পূৰ্ব্বে চুকাফা নামে আদি অসম ৰজা এই দেশলৈ আহি বৰ পৰাক্ৰমী হৈ সকলোকে তলতিয়া কৰাত তেঁওক লোকে অসম অৰ্থাৎ তেঁওৰ সমান কেৱে নোহোৱা বুলিলত তেঁওৰ দেশৰো নাম অসম হল সেই নিমিত্তে এতিয়া গোটেই খন দেশকে অসম দেশ বোলে। এই দেশৰ নামৰ আদি মূল এই।

 অসম দেশৰ উত্তৰ আরু উত্তৰ পুৰ্ব্ব সীমাত ভোট, অঁকা, [ ১৯৭ ]
[ ১৯৮ ]

ডফলা, আবৰ, মিচিমি, খামতি, চিংফৌ, ইত্যাদি জাতি থকা পৰ্ব্বত সাৰি। দক্ষিণ আরু দক্ষিণ পূৰ্ব্ব সীমাতে খাসিয়া কচাৰি, নগা ইত্যাদি থকা আৰু এসাৰি পৰ্ব্বত, পশ্চিম সীমা বঙ্গ দেশ। ইংৰাজে অসম দেশ অধিকাৰ কৰিবৰ পৰা অসম আরু বঙ্গলাৰ মাজ সীমা ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে মানাহ নদী, দক্ষিণ পাৰে নগৰ বেৰাৰ পৰ্ব্বতৰ পশ্চিমে এটা কল্পিত ৰেখা।

 পশ্চিম সীমাৰ পৰা পূৰ্ব্বে মিচিমি চিংফৌ পৰ্ব্বতলৈকে অসম দেশ দিঘলে ৫০০ পাঁচশ মাইল অৰ্থাৎ ২৫০ ক্ৰোশ পুতল সকলো ঠাইতে সমান নহয় মুঠ্কৈ‌ লেখিলে ৬০ মাইল অৰ্থাৎ ৩০ ক্ৰোশ মান হব আৰু এই দেশত এক কোটি আঠা্ৱ‌ন লক্ষ সত্তৰি হেজাৰ পুৰা মান মাটি আচে, অসম দেশ পৰ্ব্বতৰ মাজত আরু মাজেৰে ব্ৰহ্মপুত্ৰ নদ গৈচে।

 এই দেশ সম্প্ৰতি চয় জিলা কৰি চভাগ কৰা গৈচে অৰ্থাৎ কামৰূপ, দৰঙ্গ, নগাওঁ, শিবপুৰ, লক্ষীপুৰ, আরু মটক বা সদিয়া।

 কামরুপ জিলাৰ পশ্চিমে গুয়ালপাড়াৰ জিলা, উত্তৰে ভোটৰ পৰ্ব্বত, পূৰ্ব্বে বৰনদী আরু নগাঁও জিলা, দক্ষিণে খাসিয়াৰ পৰ্ব্বত। কামৰূপ জিলা এটাই জিলাতকৈ বৰ তাত প্ৰায় সত্তৰি খন পৰগনা তিনিশ একাশি খন সত্ৰ আরু সাঁইত্ৰিশ খন দেৱালয় আচে। এই জিলাৰ উত্তৰ পাৰে অনেক নদী আচে প্ৰধান মানাহ নদী (ভোটৰ পৰ্ব্বতৰ পৰা [ ১৯৯ ] উঠি্‌ ব্ৰহ্মপুত্ৰত পৰিচে ) চাউল খোৱা, কালদিয়া, ন নদী, বৰলিয়া, ৰৌৰৌৱা, বৰ নদী ইত্যাদি। দক্ষিণ পাৰেও ভালে মান সরু২ নদী আছে।

 কামৰূপ জিলাত গুয়াহাটী নগৰ ইয়াকে শাস্ত্ৰত প্ৰাগ জ্যোতিষ্পুৰ বোলে। অসম ৰজাৰ দিনতো এই খন বৰ নগৰ আচিল আরু কামৰূপৰ অধিপতি বৰফুকন ইয়াতে বাস কৰিচিল আরু এতিয়াও কমিচনৰ সাহাব আরু জিলাৰ অধিপতি সাহাব বিলাক ইয়াতে থাকে। এই নগৰক পৰ্ব্বতে বেৰি আছে আৰু সি লুইতৰ পাৰতে, পূৰ্ব্বে তাৰ চাৰিও ফালে গড় আচিল আৰু ইয়ালৈ সোমোৱা চকি আচিল সেই বোৰৰ চিন আজিলৈকে আচে। ইংৰাজ আহিবৰ পৰা এই নগৰ ক্ৰমে ভাল হৈচে।

 দৰঙ্গ জিলা ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে, তাৰ উত্তৰ সীমা ভোট, অঁকা আরু ডফলাৰ পৰ্ব্বত, পূবে কবি জান, পশ্চিমে বৰ নদী। এই জিলাত বৰ২ পাঁচ ভাগ আচে অৰ্থাৎ দৰঙ্গ, চাটগাৰি, চুটিয়া, চাই দুৱাৰ আরু ন দুৱাৰ। এই কেই ভাগকো আকৌ মৌজাকৈ ভাগ কৰা গৈচে। এই জিলাৰ প্ৰধান নদী মঙ্গলদৈ, মৰা ধনসিৰি, জিয়া ধনসিৰি ইত্যাদি। পূৰ্ব্বে দৰঙ্গ জিলাৰ অধিপতি সাহাব সকম মঙ্গলদৈত আচিল কিন্তু এতিয়া তেজপুৰত থাকে। এই জিলাতে বিশ্বনাথ নামে এক ঠা্ই‌ আছে তাতে শিৱৰ দেৱালয় এখন আচে।

 নগাওঁ জিলা ব্ৰহ্মপুত্ৰৰ দক্ষিণে; তাৰ পূবে ধনসিৰী নদী, [ ২০০ ] পশ্চিমে আরু দক্ষিণ পশ্চিমে ব্ৰহ্মপুত্ৰ, কলং আরু ডুমৰিয়া, আরু দক্ষিণে কচাৰি আরু জয়ন্তিয়া পৰ্ব্বত। এই জিলাৰ পূৰ্ব্বে ঢাৰি ভাগহে আচিল কিন্তু এতিয়া ন ভাগ কৰা গৈচে অৰ্থাৎ মৰং, কলিয়াবৰ, চাপৰি মহল, নগাঁও, মিকিৰ মহল, মিকিৰ পৰ্ব্বত, যমুনা মুখ, ৰহা, দান্তী পুৰ। নগাঁও জিলাৰ প্ৰধান নদী কলং সি বিশ্বনাথৰ গুৰিত ব্ৰহ্মপুত্ৰৰ পৰা ওলাই গুয়াহাটীৰ ওপৰ খিনিতে আকৌ ব্ৰহ্মপুত্ৰত পৰিচে। কিলিং, কপিলী, ধনসিৰি ইত্যাদি নদীও এই জিলাতে। নগাঁৱতে সদৰ ঠা্ই‌, সি কলং নৈৰ পাৰতে আরু দেখিবলৈ বৰ সুন্দৰ।

 শিবপুৰ জিলাৰ উত্তৰে ব্ৰহ্মপুত্ৰ নদ আরু বৰি দিহিং, দক্ষিণে নগৰ পৰ্ব্বত, পূৰ্ব্বে নামচং নদী, আরু পশ্চিমে ধনসিৰি নদী, এই জিলাতে পূৰ্ব্বে স্বৰ্গদেও সকল থকা ৰাজ নগৰ বিলাক আচে আদিতে গৰগাঁও ৰাজধানী আচিল আরু ই অতি ডাঙ্গৰ নগৰ, পিচে তাৰ পৰা ৰাজধানী ৰঙ্গ পুৰলৈ গল; গৰগাঁও দিখৌ নদীৰ পাৰত। ৰঙ্গপুৰো এই নদীৰ কোখৰত আরু পূৰ্ব্বে অতি সুন্দৰ নগৰ আচিল ইংৰা জৰ অধিকাৰ হোৱাতো ইয়াতে আদিতে জিলা পাতিছিল কিন্তু এতিয়া তাৰ পৰা গুচিচে। জোৰহাট নগৰ দিচৈ নদীৰ তীৰত। গৌৰিনাথ স্বৰ্গদেৱৰ দিনত ভালে মান উপদ্ৰৱ হোৱাত ৰাজধানী ৰঙ্গপুৰৰ পৰা জোৰহাটলৈ নিলে কিন্তু তাৰ পৰা ভাগি আহি গুয়াহাটীত হে ৰৈচিল পিচে গুয়া [ ২০১ ] হাটীৰ পৰা উজাই জোৱাত জোৰহাটতে আকৌ ৰাজধানী থাকিল। পুৰন্দৰ সিংহ স্বৰ্গদেৱো এই নগৰকে ইংৰাজৰ দিনতো ৰাজধানী কৰিছিল। কাপ্তান নিউবিল সাহাবে ৰঙ্গপুৰৰ পৰা জিলা জোৰহাটলৈ নিচিল কিন্তু এতিয়া তাৰে পৰা গুচি ৰঙ্গপুৰৰ সিপাৰে শিৱসাগৰত হৈচে। এই জিলাৰ, প্ৰধান নদী দিচৈ, দিখৌ, বৰিদিহিং ইত্যাদি সিব পুৰ জিলাত ৫০ খন টাঙ্গনি আচে সেই টাঙ্গনিক মৌজা কৰি ভাগ কৰিচে।

 লক্ষ্মীপুৰ জিলাৰ পূবে দিহ্ং নদী, পশ্চিমে কবিজান, উত্তৰে আবৰ, মিৰি আরু ডফলাৰ পৰ্ব্বত, দক্ষিণে লুইত। এই জিলাক উত্তৰা দক্ষিণাকৈ সোবনসিৰি নদিয়ে দুভাগ কৰিচে পূৰ্ব্ব ডোখৰত চিচি, ধমাজি বৰদলনি, ঢকুৱাখনা; আৰু পশ্চিম ডোখৰত লক্ষ্মীপুৰ, বাঁহকটা চয়দুৱাৰ, আরু মিৰি মহল, এই কেই খন মহল আচে। এই জিলাৰ প্ৰধান সোবনসিৰি নদী সি ব্ৰহ্মপুত্ৰত মাজুলিৰ গুৰিত পৰিচে।

 সদিয়া জিলাৰ উত্তৰ পূৰ্ব্ব আরু দক্ষিণে আবৰ, খামতি, মিচিমি, চিকৌ নগাৰ পৰ্ব্বত; আৰু পশ্চিমে শিবপুৰ আরু লক্ষ্মীপুৰ জিলাৰ পৰা দিহং ব্ৰহ্মপুত্ৰ বৰীদিহিং আরু নামচং নদীৰে ভাগ হৈচে। অসম দেশৰ বুৰঞ্জিক চাৰি ভাগ কৰা জাই। প্ৰথম অসম ৰজাৰ অধিকাৰ হোৱাৰ পূৰ্ব্বৰ যি ৰজা হৈ গৈচে তাৰ কথা দ্বিতীয় অসম ৰজা বিলাকৰ পৰা মানে দেশ লোৱালৈকে, তৃতীয় মানৰ অধি [ ২০২ ] কাৰ হোৱাৰ পৰা ইংৰাজৰ অধিকাৰ হোৱালৈকে, চতুৰ্থ ইংৰাজৰ অধিকাৰ হোৱাৰ পৰা বৰ্ত্তমান কাললৈকে।

 এই জিলাৰ দুভাগ আচে এভাগ মটকৰ দেশ, এভাগ সাদিয়া। মটকৰ দেশক দুভাগ কৰা জায় অৰ্থাৎ ভাটি ন খেল আরু উজনি ন খেল। ভাটি ন খেলত উনসাটি আরু উজনিত সাত জিম্মাদাৰ আচে।

 অসম দেশত প্ৰায় ১২০০,০০০ বাৰে লক্ষ মান মানুহ আচে, তাৰে কামৰূপ জিলাত প্ৰায় ৪০০,০০০ চাৰি লক্ষ মান, দৰঙ্গ জিলাত আঢ়াই লক্ষ, নগাঁৱত দুই লক্ষ মান, শিবপুৰত আঢ়াই লক্ষ, লক্ষীপুৰত পাঁচ চল্লিস্ হেজাৰ, সদিয়াত পাঁচ পন্ন হেজাৰ মান হব।

 অসম দেশত খাজানা প্ৰায় সাত লক্ষ তিনি হেজাৰ মান টকা উঠে; তাৰে কামৰূপত দুই লক্ষ সত্তৰী হেজাৰ, দৰ জত এক লক্ষ পাঁচচল্লিস হেজাৰ, নগাঁৱত এক লক্ষ তেতা ল্লিচ্‌ হেজাৰ, শিবপুৰত এক লক্ষ পাঁচ হেজাৰ, আরু সদিয়া আরু লক্ষীপুৰত চল্লিচ্‌ হেজাৰ।

⸻⸻

BRIEF HISTORY OF ASAM.
অসম দেশৰ সংক্ষেপ বুৰঞ্জি।

 অতি পূৰ্ব্বে গোটেই অসম দেশকে কামৰূপ বুলিচিল, আৰু সি চাৰি পিঠ কৰি ভাগ কৰা হৈচিল। অৰ্থাৎ কাম [ ২০৩ ] পিঠ, ৰত্ন পিঠ, স্বৰ্ণ পিঠ, আরু সৌমাৰ পিঠ। এই কাম ৰূপত পূৰ্ব্বৰে পৰা অনেক ৰাজ বংশে ৰাজত্ব কৰি আহিচে। সকলোৰে আদিতে মহীৰঙ্গ দানৱ ৰজা আচিল, তেঁওৰ পিচত তেঁওৰ বংশৰে চাৰি জনা ৰজা হলত নৰকাসুৰ, ভোগদত্ত প্ৰভৃতি ৰজা হৈ থাকে আরু নৰকৰ বংশৰে অনেক ৰজা হৈ কামৰূপ ক্ৰমে শাসন কৰে। নৰক বংশৰ পিচত ক্ষেত্ৰিয় বংশ, তাৰ পিচত ব্ৰহ্মপুত্ৰৰ বংশ, তাৰ পিচত বাৰ ভুঁয়া, তাৰ পিচে মুষলমান বংশ ক্ৰমে ৰাজত্ব কৰে। শেষত শিৱবংশীয় বিশ্বসিংহ আৰু নৰনাৰায়ণ ক্ৰমে ৰজা হয়। নৰনাৰায়ণ ৰজা অপুত্ৰক আচিল তন্নিমিত্তে যুবৰাজ চিলা ৰায়ৰ পুতেক ৰঘুদেৱক তোলনিয়া পুত্ৰ কৰি ৰাখিলে, কিন্তু এনেতে তেঁওৰৰ লক্ষ্মীনাৰায়ণ নামে পুত্ৰ জন্মিলত তেঁওৰ ৰাজ্য দুইকো ভগাই দিলে। পিচে তেঁওৰ মৰণান্তে দুইও ৰজাই দন্দ কৰিব ধৰিলে, পিচে ৰঘুদেৱৰ পুতেক পৰীক্ষিত নাৰায়ণেও সেই রুপে বিবাদ কৰাত লক্ষ্মীনাৰায়ণে আৰঙ্গ জেব পাতচাৰ তাত আশ্ৰয় লোৱাত তেঁও সেনাপঠাই পৰী ক্ষিতক ধৰোৱাত তেঁওৰ ভায়েক বলিত নাৰায়ণে ইন্দ্ৰবংশীয় স্বৰ্গদেও সকলৰ শৰণাগত হোৱাত তেতিয়াৰে পৰা কামৰূপ ইন্দ্ৰবংশীয় অসম ৰজা সকলৰ অধিকাৰ হল।

 উজনিতো বাৰ ভুঁয়াৰ অধিকাৰৰ পৰা নানা মণ্ডলে ভাগ হৈ আচিল, ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে উত্তৰ পূৰ্ব্ব কোণৰ সদিয়াৰ পিনে চুটিয়া ৰজাৰ অধীন আচিল, তাৰ ওচৰতে [ ২০৪ ] খামতি চিঙ্গফৌ ইত্যাদি পৰ্ব্বতিয়া জাতিৰ অধিকাৰ আচিল আরু তুৰবক নামে গৌৰব পাতচাৰ পুতেকে ৰটা নদীৰে পৰা চাই দুৱাৰলৈকে আক্ৰমণ কৰিচিল। ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে উত্তৰ পূৰ্ব্ব ফালে বৰাহি মৰাণ তাৰ পশ্চিমৰ পৰা কচাৰি ৰজা আরু তাৰ বাহিৰে নগা ইত্যাদিৰ অধি কাৰ আচিল, এই সকলোবোৰ ঠাই ক্ৰমে ইন্দ্ৰবংশীয় অসম ৰজা সকলৰ অধিকাৰ হল। এতেকে এতিয়া যি ৰজা সকলে গোটেই অসম দেশকে হস্তগত কৰিলৈ ১১৫১ শঁকৰ পৰা ৰাজ্য ভোগ কৰিলে তাৰ প্ৰস্তাৱ লেখিম।

 ইন্দ্ৰবংশীয় অসম ৰজা বিলাকৰ গুৰিৰ কথা নানা লোকে নানা দৰে কয়, সেই বিলাক লেখা বাহুল্য। আদিতে ১১৫১ শঁক আরু ১২২৯ ইংৰাজি শঁকত চুকাফা নামে ৰজা প্ৰথমে সৌমাৰলৈ আহি মটক প্ৰভৃতি নানা পৰ্ব্বতিয়া জাতিক অধীন কৰিলে। তেঁও স্বৰ্গি হলত তেঁওৰ সন্তান সন্ততিয়েই ক্ৰমে নানা ঠা্ই‌ অধিকাৰ কৰি উনচল্লিশ জনা ৰজা হৈ গৈচে। এই উনচল্লি জনা ৰজাৰ দিনত অসম দেশক তিনি প্ৰধান জাতিয়ে আক্ৰমণ কৰিলে; প্ৰথম মুষলমান, দ্বিতীয় মোৱামৰিয়া বা মটক, তৃতীয় মান।

 চুকাফা ৰজাৰ পৰা ১৯ জনা ৰজা হৈ গৈ বিংশতি জনা অৰ্থাৎ চুত্তমলা হিন্দু মতে জয়ধ্বজ্সিং‌হ ৰজাৰ দিনত ১৫৭৭ শঁকত বঙ্গাল দেশৰ’ নবাব মিৰজুমলাই অনেক সৈন্যেৰে আহি অসম দেশ ললেহি,আমাৰ ৰজা দেও ঠা্ৱ‌ৰিব নোৱাৰি [ ২০৫ ] নামৰূপৰ চৰাইখোৰোঙ্গলৈ ভাগি গল। পিচে বাৰিখা হলত বঙ্গাল হঁতৰ খাবৰ নাইকিয়া হলত আৰু মাউৰ লাগি অনেক সৈন্য মৰিলত নবাবে সন্ধি কৰিবলৈ ইচ্ছা কৰাত স্বৰ্গদেৱে বন্দি ১০০, বেটি ১০০, হাতি ৩০ টা, সোন দুহেজাৰ, ৰূপ বাৰে হেজাৰ, এই খনি জৌতক দি সালঙ্কৃতাকৈ ৰমণি গাভ রুক আৰঙ্গজেব পাতচালৈ দিলে নবাবে দেশ এৰি দি ভটিয়াই গল।

 মোৱামৰিয়াৰ উপপ্লবৰ বিবৰণ এই। চুকাফা ৰজাৰ পৰা ৩০ জনা ৰজা হৈ ১৬৩৬ শঁকত শিৱসিংহ স্বৰ্গদেৱেই ৰজা হল, কিচুকালৰ মুৰত তেঁওৰ চত্ৰ'ভঙ্গ যোগ হৈছে বুলি ফুলে শ্বৰী আইকুঁৱৰি দেৱক বৰ ৰজা নাম দি চত্ৰ দিলে, এনেতে তেঁও শুদ্ৰ মহাজন কেতবোৰে গোঁসানিক নেমানে বুলি শুনি দুৰ্গোৎসৱ পূজাত মোৱামৰাৰ মহন্তকে আদি কৰি কেই জন মানক অনাই বৰ ৰজাই গোঁসানি সেৱা কৰাই সিন্দুৰ ৰঙ্গা চন্দন, বলিৰ ৰক্ত ইত্যাদিৰে ফোট দি নিৰ্ম্মাল্য প্ৰসাদ লোৱাই কিছু দুৰ্গতি কৰাত মোৱামৰা মহন্তে সকলোতকৈ পেটে মৰণ ওল্য মানি ললে। এয়েই মোৱামৰিয়া উপদ্ৰৱৰ ঘাই হেতু। এই দুৰ্গতিৰ প্ৰতিকাৰ কৰিবলৈ ৰাজেশ্বৰ সিংহ স্বৰ্গদেৱৰ দিনত পুরুষাৰ্থ কৰিচিল, কিন্তু নোৱাৰিলে, শেষত চুকাফা ৰজাৰ পৰা ৩৩ জনা ৰজা হৈ ৩৪ জনা অৰ্থাৎ লক্ষ্মী সিংহ স্বৰ্গ দেৱৰ দিনত ১৬৯১ শঁকৰ আঘোনত মোৱামৰি য়াৰ খোৰা আরু ৰাঘ মৰাণ দুয়েই মুখ্য হৈ খোৰা মৰাণৰ [ ২০৬ ] ঘৈনিয়েকক ৰাধা ৰুক্মিনী নাম দি তাইয়ে সৈতে বৰ জনা গোহাঁই দেৱক আগত লৈ সকলো মোৱামৰিয়াই গোট খাই স্বৰ্গদেৱক ৰজা ভাঙ্গি বন্দি কৰি থৈ সিহঁতৰে খোৰাৰ পূতেক ৰমাকান্তক ৰজা পাতিলে। পিচে স্বৰ্গদেৱে সক লোৰে আলচি সেই শঁকৰে চতৰ বিহুত ৰাঘ খোৰা আরু ৰমাকান্তক মাৰি নগৰ ললে। লক্ষ্মীসিংহ স্বৰ্গদেও স্বৰ্গি হলত তেঁওৰ পুতেক গৌৰিনাথ সিংহ ৰজা হল; এঁওৰ দিনতে পূৰ্ব্ব শত্ৰু মোৱামৰিয়াই আকৌ ১৭০৯ শঁকৰ মাঘ মাহত ৰণ কৰি ৰঙ্গপুৰ নগৰত ভৰথি মৰানক ৰজা পাতিলে, তাতে স্বৰ্গদেও নগাঁও গুয়াহাটিলৈকে ভাগি আহি শ্ৰীযুত কম্পানি বাহাদুৰত সহায় খোজাত কাপ্তান (ওৱেল্চ‌ওয়ালিচ) সাহেব সৈন্য লৈ আহি মোৱামৰিয়াক জিনি স্বৰ্গদেৱক ৰাজধানিত থৈ গল। এই মোৱামৰিয়াৰ উপদ্ৰৱত এই দেশৰ অসংখ্য মানুহ নষ্ট হল, আরু তেতিয়াৰে পৰা অসম দেশ জন শূন্য অৰণ্যৰ নিচিনা হল আরু ৰজাও দুৰ্ব্বল আৰু নিৰ্ধন হল; কিন্তু মোৱামৰিয়াৰ উপদ্ৰৱত দেশ গোটেই নষ্ট হোৱা নাচিল, বৰঞ্চ পূৰ্ণানন্দ বুঢ়াগোহাঁই ডাঙ্গৰিয়াই ভগা দেশ ভাল কৰিবলৈ অনেক যতন কৰি প্ৰজাক সুখী কৰিলে, পিচে মানৰ বিগ্ৰহত হে একে বেলিয়েই ধ্বংশ হল আরু ৰজা প্ৰজা উপান্ত হৈ অৱশেষত অসম ৰজাৰ ৰাজত্ব ভ্ৰষ্ট হল।

 গৌৰিনাথ সিংহ, ৰজাৰ পৰলোক হলত কমলেশ্বৰ সিংহ ৰজা হল, তেঁওৰ মৰণান্তে চন্দ্ৰকান্ত সিংহ স্বৰ্গদেও ১৭৩২ [ ২০৭ ] শঁকৰ ৬ মাঘত ৰাজত্ব পালে। কুকুৰা চোৱা বৰা ভুতৰ পুতেক সতৰাম স্বৰ্গদেৱৰ প্ৰধান বল্লভ হৈ নানা কুমন্ত্ৰণা দি কেতবোৰ মানুহে সৈতে গোট খাই ১৭৩৬ শঁকত ৰাজ মন্ত্ৰি পূৰ্ণানন্দ বুঢ়াগোহাঁঞিক মাৰিবলৈ মন্ত্ৰণা কৰিলত ডাঙ্গ ৰিয়াই বুজ পাই কুমন্ত্ৰণাকাৰি বিলাকক কাটি চকু কাঢ়ি কান নাক কাটি দণ্ড বন্ধ কৰিলে। তেতিয়াৰে পৰা ৰজা আৰু মন্ত্ৰি দুইৰো পেটে বিৰোধ হৈ ৰজাৰ ফলিয়া মানুহক মন্ত্ৰিয়ে আরু মন্ত্ৰিৰ ফলিয়াক ৰজাই নষ্ট কৰিবলৈ ধৰিলে। পিচে গুয়াহাটিৰ বদনচন্দ্ৰ বৰ ফুকনো ৰজাৰ ফলিয়া বুলি সঙ্কা কৰি বুঢ়া গোহাঁঞে তেঁওক ধৰিবলৈ পৰ্ব্বতিয়া ফুকনক পঠো্‌ ৱাত বৰ ফুকনে আগেই বুজ পাই ১৭৩৭ শঁকৰ আহিন মাহত গুয়াহাটীৰ পৰা পলাই বুঢ়াগোহাঁঞিক প্ৰতিকাৰ দিবৰ নিমিত্তে মানৰ দেশলৈ গৈ মান ৰজাৰ তৰ পৰা ১৪০০০ সৈন্যেৰে বৰ ফূকন উজনিৰে ওলালহি। এনেতে বুঢ়াগোহাঞি ডাঙ্গ ৰিয়া মৰিলত পুতেক রুচিনাথ বুঢ়াগোহাঁঞি হল; পিচে বৰ ফুকন সসৈন্যে জোৰহাট পাব লগা হলত বুঢ়াগোহাঁঞি গুয়া হাটি লৈ ভাগি গল, বৰফুকন স্বৰ্গদেৱে সৈতে সাক্ষাৎ কৰি মন্ত্ৰি ফুকন হৈ বুঢ়াগোহাঁঞিৰ ফালৰ কেত বোৰ মানুহক দণ্ড কৰিল। পিচে স্বৰ্গদেৱে মানৰজালৈ এক কন্যাদি সৈন্যক সন্তোষকৈ বিদায় দিলে। পিচে বুঢ়াগোহাঁঞিক মাতি পাঠো্‌ ৱাত নহাত মস্ত্ৰি ফুকনলৈ সংসয় কৰি নাহে বুলি ৰাজমাও ইত্যাদিয়ে পৰামৰ্শ কৰি মন্ত্ৰি ফুকনক ৰূপচিং চুপাদাৰৰ [ ২০৮ ] হতুৱাই কটালে, কিন্তু তেঁও বুঢ়াগোহাঁঞি নাহি ব্ৰজনাথ গোহাঁই দেৱে সৈতে সসৈন্যে উজাই গৈ চন্দ্ৰকান্ত স্বৰ্গ দেৱক ভাঙ্গি পুৰন্দৰসিংহ স্বৰ্গ দেৱক ৰজা পাতি সেৱা কৰিলে। এই কথা মানৰ ৰজাই শুনি ৩০০০০ সৈন্যৰে আলুঙ্গ মিঙ্গি বৰ গোহাঁঞিক পঠিয়াই চন্দ্ৰকান্ত স্বৰ্গদেৱক আকৌ ৰজা পাতিলে পুৰন্দৰসিংহ স্বৰ্গদেও চিলমাৰিলৈ ভাগিগল পিচে খেৰেমিয়লে কচাৰিৰ পতাল বৰবৰুয়াই জয় পুৰত কোঁঠ্‌ পাতি মানেৰে ৰণ কৰিবৰ মনস্থে থকাত মান ৰজাই স্বৰ্গদেৱলৈ (চন্দ্ৰকান্তসিংহ) ৰাজযোগ্য অলঙ্কাৰ দি সঁজাতি ফুকনে সৈতে মিঙ্গি মাহাতিলোৱাক পঠো্ৱা‌ত সিহঁতে বৰ বরুৱাৰ প্ৰাৰম্ভ দেখি তাক চল কৈ মাৰিলে, তাতে স্বৰ্গদেৱে মান অমিল ৰূপে আহিছে বুলি বুঢ়াগোহাঁঞিক ৰণ কৰিবলৈ আজ্ঞা দি গুৱাহাটিলৈ ভটিয়াই গল। উজ নিত মানে ৰণ জিকি বুঢ়া গোহাঁঞিক বন্দি কৰি মিল ৰূপে স্বৰ্গ দেৱলৈ কটকি পঠা্লে‌, ন হাত, ৰণহল, ৰণত ঠা্ৱ‌ৰিব নোৱা ৰি গুয়াহাটিৰ পৰা ভাগিগল পাচে মিঙ্গি মহাতিলোৱাই স্বৰ্গদেৱত নিৰাশ হৈ মান ৰজালৈ দিয়া কুঁৱৰিৰ ভায়েক জোগেশ্বৰ সিংহক লোক দৰ্শক ৰূপে ৰজা নাম দি ১৭৪৩ শঁকৰ পৰা নিজে ৰাজত্ব কৰিব লাগিলে শেষত চন্দ্ৰকান্ত সিংহ স্বৰ্গদেৱে সৈন্য লৈ হাদিৰা চকিৰ পৰা গুয়াহাটি আক্ৰ মণ কৰি ক্ৰমে উজাই মানেৰে জিকি মহগৰ পালে; মানৰো দেশৰ পৰা অনেক সৈন্যেৰে মিঙ্গি মহা বান্দুলা বৰ গোহাঁঞি [ ২০৯ ] পালেহি তাতে ৰণ লগাত মহগড়ত স্বৰ্গদেও ঘাটি ১৭৪৪ শঁকত ভটিয়াই পৰ দেশলৈ গল এনেতে মানৰ সেনাপতিয়ে কম্পা নিৰ ৰাজ্যৰ গুয়ালপাড়াত থকা ডেৰিড্ছ‌ন সাহাবলৈ চন্দ্ৰ কান্তৰজা আশ্ৰয়দিলে বলকৈ যতে থাকে তাৰে পৰা আনি বৰ আজ্ঞা পাইচোঁ বুলি কাকৎ লেখাত ঢাকাত থকা কম্পানিৰ চিপাহিৰ অধিপতিলৈ মানে কাকৎ লেখাৰ দৰে সীমাত জোকালে সিহঁতক খেদি পঠা্ব‌ৰ আজ্ঞা হল, আরু স্কট সাহেবকো লাগে মানে সৈন্য দিবৰ আজ্ঞা হল। ইয়াকে শুনি মানে অসমৰ পিনৰ সীমা লঙ্ঘন নকৰিলে হয় কিন্তু কাচাৰৰ পিনে কম্পানিৰ সীমান্ত জোকালত মান ৰজাই সৈতে কম্পানিৰ ৰণ কৰা ১৮২৪ ইং শঁকৰ ৫ মাৰ্চত নিশ্চয় হল, আরু গুয়ালপাড়াত থকা সৈন্য অসম দেশলৈ ক্ৰমে উজাই আহি গুয়াহাটী কলিয়াবৰ ইত্যাদি ঠাইয়ে২ মান হঁতক ৰণত ঘটুৱালে, আরু ১৭৪৬ শঁকৰ ২১ মাঘত আরু ই ১৮২৫ সনৰ ২ ফিব্ৰুআৰিত ৰঙ্গ পুৰ নগৰ ললেহি। তাৰে পৰা অসম দেশত মানৰ অধি কাৰ গুচি কম্পানিৰ অধিকাৰ হল, অৱশেষত ইংৰাজি ১৮২৭ শঁক ২৪ ফিব্ৰুআৰিত মান ৰজাই কম্পানিয়ে সৈতে সন্ধি কৰি অসম দেশ একে বেলিয়ে এৰি দিলে।

 অসম দেশ মানৰ অধিকাৰত মহা দুৰ্গতিত পৰি অৰাজক প্ৰায় হল কিন্তু এতিয়া ইংগ্লণ্ডীয়াধিকাৰ হোৱাত ক্ৰমে উন্নতি হব লাগিচে আৰু কিচু কালৰ মুৰত আকৌ পূৰ্ব্বৰ দৰে হব [ ২১০ ] ( ১৯৯ ) ৩৯ ০ ০. । 8 is আৰু লোক সকলো সভ্য আৰু সুখী হব এতেকে ঈশ্বৰে আমাৰ দেশৰ ভাললৈহে ইংৰাজক অধিপতি কৰিছে। ৰজা সকলৰ নাম। ৰাং প্ৰাংক ভোগ সং ১ সৌমাৰ দেশলৈ আদিতে অহা চুকাফা ৰজা. ১১৫১ ৩৯-৪-১৫ ২ তেঁওৰ পুত্ৰ চুতেওফা. ১১৯০ ৩ তেঁওৰ পুত্ৰ চুবিনফা ১২ ৪ তেঁওৰ পুত্ৰ চুখাঙ্গা ৫ তেঁওৰ পুত্ৰ চুখাফা. ১২৫৪ ৩২ ৬ তেঁওৰ ভাতৃ চুতু ১২৬৮ অৰাজক, ১২৮ ৭ তেঁওৰ ভাতৃ ত ওখামথি ১৩০২ অৰাজ ক. ১৩১১ ৮ তেঁওৰ পুত্ৰ চুঙ্গা বা বামুনি কোঁৱৰ.. ১৩২০ ৯ তেঁওৰ পুত্ৰ চুজাফ। ১৩২৯ ১০ তেঁওৰ পুত্ৰ চুফফা ১৩৪৪ ১১ তেঁওৰ পুত্ৰ চুচো . ৪৯ ১২ তেঁওৰ পুত্ৰ চুহেনা. ১৩ তেঁওৰ পুত্ৰ চুপিমফা. ১৪১৫ ১৪ তেঁওৰ পুত্ৰ চুহুমুঙ্গ বা স্বৰ্গনা ৰায়ণ দিহিঙ্গিয়া ৰজা. ১৪১৯ ৪২ ১৫ তেঁওৰপুত্ৰ চুক্লেনমুঙ্গ গৰয়াৰজ। ১৬ তেঁওৰ পুত্ৰ চুখস্ফা খোৰা ৰজা ১৭ তেঁওৰ পুত্ৰ চুচেফা বা বুদ্ধি স্বৰ্গনাৰায়ণ বা প্ৰতাপ সিংহ। ১৫৩৩ ৩৮ ১৭ ১৪১০ C 8 ১৪৬১ ১৪৭৪ [ ২১১ ] 2 ~ à ৭ 9 ... ২ ৰজা সকৰ নাম। ৰাং প্ৰাংশকাভোগ সং ১৮ তেঁওৰ পুত্ৰ চুৰক্ষা বা ভগা ৰজা ১৫৭১ ১৯ তেঁওৰপুত্ৰ চুতিফা বা নৰিয়াৰজা ১৫৭৪ ২• তেঁওৰ পুত্ৰ জয়জ সিংহভগ নিয়া ৰজা•••••• ২ চুপঙ্গমুঙ্গ বা চক্ৰধ্বজ , ১৫৮৫ ২২ তেঁওৰ ভাতৃ চুন্যৎফা বা উদয়া দিত্য . ১৫৯২ ২৩ তেঁওৰ ভাতৃ চুনফা বা ৰামধজ ১৫৯৪ ২৪ চুইঙ্গৰজা। ১৫৯৬ ২৫ গোবৰ ৰজা, ঐ ০-০:২০ ২৮ চুজিনফা. ২-৯-২৫ ২৭ চুডৈফা, ১৫৯৯ ২৮ চুলিফা বা লৰা ৰজা ২ ২৯ গদাধৰ সিংহ, ১৬০৩ ১৪-১৫ ৩ তেঁওৰ পুতেক ৰুদ্ৰ সিংহ ১৬১৭ ১৮-৬ ৩১ তেঁওৰ পুত্ৰ শিৱ সিংহ ১০-৩-১১ ৩২ তেঁওৰ ভাতৃ প্ৰমত্ত সিংহ • ১৬৬৬ ৩৩ তেঁওৰ ভাতৃ ৰাজেশ্বৰ সিংহ ১৬৭৩ ১৭-৭-২১ ৩৪ তেঁওৰ ভাতৃ লক্ষী সিংহ। ১৬৯১ ১১-৬-১০ ৩৫ তেঁওৰ পুত্ৰ গৌৰিনাথ সিংহ ১৭২ ১৪-৭-২২ ৩৬ কমলেশ্বৰ সিংহ ১৭১৭ ১৫-৫-১০ ৩৭ তেঁওৰ ভাতৃ চন্দ্ৰকান্ত সিংহ ১৭৩২ ৩৮ পুৰন্দৰ সিংহ ১৭৩৯ ১-০-১৪ .... পুনঃ চন্দ্ৰকান্ত সিংহ ১৭৪০ Rob ৩৯ জোগেশ্বৰ সিংহ। ১৭৪৩ ৩১-১৯ .... .... ... ... .. . . . .... .... ০rs ....

v... [ ২১২ ]
 

GOVERNMENT OF ASAM BY THE ENGLISH.

ইংৰাজ কৰ্ত্তৃক অসম দেশৰ ৰাজ্য
শাসনৰ বিবৰণ।

 এই দেশ সম্প্ৰতি কিৰূপে শাসিত হৈচে আরু ইয়াৰ অধি পতি নো কোন ইয়াক অনেক লোকে নেজানি নানা দৰে ভাবে এতেকে আমাৰ দেশৰ ৰাজ্য শাসন আরু অধিপতি সকলৰ বিবৰণ তলত লিখা গল।

 সম্প্ৰতি আমাৰ দেশৰ শাসন কৰ্ত্তা কম্পানি বাহাদুৰ। কম্পানিৰ অৰ্থ এই; কে বোৰ মানুহ গোট খাই বাণিজ্য কৰিবৰ নিমিত্তে গায়ে পতি ধন তুলি মুঠ্‌ ধনেৰে উমইহতত বেপাৰ কৰিলে সেই মানুহ বিলাকক কম্পানি বোলে। ইংৰেজি ১৬০০ শঁকত ইংগ্লণ্ড দেশত এনে এক কম্পানিয়ে ৰাজাজ্ঞা পত্ৰ এখন লৈ ভাৰতবৰ্ষৰ লোকে সৈতে প্ৰথমে বাণিজ্য আৰম্ভ কৰিলে, তাতে ভালে মান লাভ পাই এই ৰূপে বাণিজ্য কৰি আচিল পিচে ১৬৬১ ইং শঁকত যুদ্ধ আরু সন্ধি কৰিবলৈ অনুমতি পালে তাৰে পৰা কম্পানিয়ে কাল ক্ৰমে গোটেই ভাৰতবৰ্ষকে অধিকাৰ কৰিলে। কিন্তু কম্পানি যি সি ইংগ্লণ্ডৰ সামান্য প্ৰজা, সেই নিমিত্তে সিবিলাকৰ দেশত একো অধিকাৰ নাই, ইংগ্লণ্ডৰ ৰজাৰহে এই দেশ কম্পানিক সনন্দৰ দ্বাৰা মুঠে্‌ শাসন কৰিবলৈ হে দিচে আরু তাকে চীৰকাললৈকে দিয়া নাই। ইংৰেজি ১৮৩৪ শঁকত ইংগ্লণ্ডাধিপে ভাৰতবৰ্ষ শাসন কৰিবলৈ কম্পানিক এক [ ২১৩ ] সনন্দ দিচে তাৰ দ্বাৰা সিবিলাকে ১৮৫৪ শঁকলৈকে ৰাজ্য শাসন কৰিব পাৰিব সেই কাল গলে ইংগ্লণ্ডৰ ৰজা প্ৰজাই কম্পানিৰ গাৰ পৰা ৰাজত্ব গুচাবও পাৰিব বা ৰাখিবও পাৰিব। এতিয়া আমাৰ অধিপতি কোন জানিলা।

 এই দেশ কেনেকৈ শাসিত হৈচে কঁও শুনা। অনেক মানুহেৰেই কম্পানি, আরু সেই মানুহ বিলাকৰ ভাগ আচে সিবিলাককে কোৰ্ট অফ প্ৰোপ্ৰাইয়েটৰচ বোলে; ( অৰ্থাৎ অধিকাৰ বিলাকৰ সমাজ') কিন্তু সকলো বিলাকেই কৰ্ম্মত প্ৰবৃত্ত হব নোৱাৰে হেতুকে সিবিলাকৰে ভিতৰৰে চৌব্বিশ জনক বাচি কম্পানিৰ সকলো কৰ্ম্মৰ ভাৰ দিয়ে, আরু সেই চৌব্বিশ জনকে কোৰ্ট অফ ডাইৰেক্টৰচ অৰ্থাৎ কৰ্ম্ম কাৰক বিলাকৰ সমাজ বোলে, আৰু সেই চৌব্বিশ জন সময়ে২ সলনি হয়। কোৰ্ট অফ ডাইৰেকটৰচে কম্পানিৰ ভাৰত বৰ্ষৰ ৰাজ্য শাসনৰ সকলো কৰ্ম্মকে কৰে কিন্তু ভাৰতবৰ্ষৰ ৰাজ্য শাসনত একে অন্যায় নহবলৈ আরু ইংগ্লণ্ড দেশীয়ৰ উন্নতিলৈ ইংগ্লণ্ড ৰাজ্যৰ ঘাই বিষয়া কেই জন মানৰ এক সমাজ আচে তাকে বোৰ্ড অফ্ক‌ন্ট্ৰোল বোলে; সিবিলাকেই কম্পানিক সকলো কৰ্ম্মতে চলায় আরু ভাৰতবৰ্ষৰ পৰা কোনো কাকত্‌ গলে বা ভাৰতবৰ্ষ লৈ কোনো কাকৎ আহি লে সিবিলাকৰ দ্বাৰাই হে আহিবজাব পাই, আরু এখেত থকা অধিপতি বিলাকলৈ কোৰ্ট অফ ডাইৰেকৰচে সিবি লাকৰ অনুমতি নোহোৱাকৈ কোনো আজ্ঞা দিপঠা্ব‌ [ ২১৪ ] নোৱাৰে। ভাৰতবৰ্ষৰ পৰা কোনো কথা জনালে তাৰ প্ৰতি বিহিত আজ্ঞা দিবলৈ ডাইৰেকটৰ সকলে পলম কৰিলে বোৰ্ড অফ কন্ট্ৰোলে বিহিত সমিধান দিব পাই, তাকে ডাইৰেকৰচে পঠা্ব‌ পাই সংক্ষেপে কব লাগিলে, কম্পা নিয়ে ভাৰতবৰ্ষৰ প্ৰজাক কিবা অন্যায় কৰে বুলি এই সমাজে ইংগ্লণ্ডৰ ৰাজ্য দ্বাৰা হৈছে।

 এই সকল কৰ্ম্ম কাৰক ইংগ্লণ্ডত হে আচে কিন্তু ভাৰতবৰ্ষত থাকি শাসন কৰিবলৈ আন২ বিষয় আচে। ভাৰতবৰ্ষত কম্পানিৰ এটাই খনি দেশকে চাৰি ৰাজ ধানীকৈ ভাগ কৰা হৈচে, অৰ্থাৎ বঙ্গাল ৰাজধানী বা ফোৰ্ট উলিয়ম, ফোৰ্ট সেইন্ট জৰ্জ্জ বা মান্দ্ৰাজ,বম্বাই আরু আগ্ৰা ৰাজধানী। এই চাৰি ৰাজধানীৰ তলতিয়া একো খণ্ডকৈ ৰাজ্য আচে আরু প্ৰতি ৰাজধানীতে একো জন গবৰ্ণৰ অৰ্থাৎ শাসন কৰ্ত্তা আৰু তিনি জন মন্ত্ৰি থাকে। বঙ্গ ৰাজধানীৰ তলতিয়া বঙ্গাল বেহাৰ উৰিস্যা অসমদেশ আৰাকান ইত্যাদি,এইৰূপে সি তিনি খনৰো তলতিয়া দেশ আচে, এই কেউ খন ৰাজধা নীৰ ওপৰত এজনা অধিপতি আচে তেঁওকে ভাৰতবৰ্ষৰ গবৰ্ণৰ জেনেৰেল বোলে, তেঁও চাৰিও ৰাজধানীৰ অধিকাৰ, আরু বঙ্গ ৰাজধানীৰো গবৰ্ণৰ। এঁওৰ বৰ ক্ষমতা আরু তেঁওৰ কেই জনা মন মন্ত্ৰি আছে সেই মন্ত্ৰিয়ে সৈতে গবৰ্ণৰ জেনেৰলক সুপ্ৰিম গবৰ্নমেণ্ট অৰ্থাৎ মুখ্য শাসন কৰ্ত্তা বোলে; এই মুখ্য শাসন কৰ্ত্তাই ভিন্ন দেশৰ ৰজাৰ সম্পৰ্কীয় [ ২১৫ ] কোনো কথা কৰিলে তাক কম্পানিয়েও লৰাব নোৱাৰে কিন্তু গবৰ্ণৰ জেনেৰলে অকলেই মন্ত্ৰি বিলাকৰ পৰামৰ্শ নোলাৱাকৈও তিন দেশৰ পক্ষে সকলো কৰ্ম্মকে কৰিব পাৰে কিন্তু অহিতলৈ কোনো যুদ্ধ বিগ্ৰহ বা সন্ধি কৰিলে সেই নিমিত্তে ইংগ্লণ্ডত তেঁওৰ নামে গোচৰ হব পাৰে নাই বা তেঁওক কৰ্ম্মৰ পৰা গুচাব পাৰি। ৰাজ্য শাসন কৰাত গবৰ্ণৰ জেনেৰলৰ তিমান ক্ষমতা নাই, তেঁও কৌন্সল্‌ অৰ্থাৎ মন্ত্ৰি সকলৰ অনুমতি নোহোৱাকৈ কোনো আইন কৰিব নোৱাৰে, আরু অনুমতিৰে কৰিলেও ইংগ্লণ্ডৰ শাসন কৰ্ত্তা আরু কোৰ্ট অফ্‌ ডাইৰেকটৰচে সেই আইনৰ হিত কৰিব পাৰে। সৈন্যাদিৰ চল কৰো ভাৰতবৰ্ষৰ মুখ্য শাসন কৰ্ত্তাই কৰায়। কিন্তু গবৰ্ণৰ জেনেৰল বা নানা ৰাজধানীৰ গবৰ্ণৰ বিলাকে নিজে কোনো সোধ পোচ নকৰে, প্ৰতি ৰাজধানীতে দেওয়ানি আরু ফৌজদাৰিৰ সোধ কৰিবলৈ বিচাৰৰ ঠাই আচে। প্ৰতি ৰাজধানিৰ তলতিয়া যি সকল প্ৰদেশ আচে সেই প্ৰদেশ বোৰ জিলা কৈ ভাগহৈচে, আরু প্ৰতি জিলাতে দেওয়ানি আরু ফৌজদাৰিৰ গোচৰ সুধিবলৈ জজ প্ৰধান সদৰামীম সদৰ আমীন মুনসেফ মাজিষ্ট্ৰেট প্ৰভৃতি বিষয়া আচে। এই সকল বিষয়াৰ নাম সকলো প্ৰদেশতে একে নহয় কিন্তু সকলোৰে কৰ্ম্ম একে জিলাতো আপীল কৰিবৰ ঠা্ই‌ আছে, কিন্তু কম্পানিৰ সকলো সোধৰ ঠা্ই‌ৰ ওপৰতে সদৰ দেওয়ানী আদালত আচে ইয়াতকৈ শ্ৰেষ্ঠ [ ২১৬ ] দেওয়ানী বিচাৰৰ ঠা্ই‌ কম্পানিৰ নাই, আরু ফৌজদাৰিৰ গোচৰৰ আপিল শুনিবলৈকো এটাইতকৈ শ্ৰেষ্ঠ সোধৰ ঠাই আচে তাকে সদৰ নিজামত আদালত বোলে, এই দুই আদালতৰ আপীল ইংগ্লণ্ড দেশৰ ৰজাৰ তত হে হব পাৰে। চাৰিও ৰাজধানীত একোটাকৈ চাৰিটা সদৰ দেওয়ানী জারু সদৰ নিজামত আদালত আচে আরু তাত প্ৰতি ৰাজধানীৰ তলতিয়া প্ৰদেশৰ গোচৰৰ আপীল হয়। এই সকল বাজে খাজানা সাধিবলৈ প্ৰতি জিলাত একো জন কলেকটৰ আরু ঠা্ই‌য়ে২ তেঁওৰ সহকাৰীও আচে; চাৰি পাঁচ জিলাৰ কলেক্‌ টৰৰ ওপৰত একো জন কমিচনৰ আচে আরু এই সকলোৰে ওপৰত ৰাজধানীত সদৰ বোৰ্ড অফ্ ৰেবিনিউ আচে। জি নগৰত ৰাজধানী অৰ্থাৎ কলিকাতা মান্দ্ৰাজ বম্বাই।

 এই নগৰত বাস কৰা মানুহৰ গোচৰ সুধিবলৈ ইংগ্লণ্ডৰ ৰজাৰ একোটা আদালত আচে তাকে সুপ্ৰিম কোৰ্ট বোলে, আরু সেই আদালততে ইংগ্লণ্ডৰ পৰা অহা সকলো সাহাবৰ গোচৰ সোধ হয়। সুপ্ৰিম কোৰ্টৰ ওপৰত কম্পানিৰ একো ক্ষমতা নাই আৰু তাত কম্পানিৰ সকলো বোৰ ইংৰাজৰ চাকৰৰ সোধ হব পাৰে।

⸻⸻

OF THE GOVERNMENT OF ENGLAND.
ইংগ্লণ্ড দেশৰ ৰাজ্য শাসনৰ কথা।

 ইংগ্লণ্ড দেশৰ শাসন কৰ্ত্তা ৰজা আরু পাৰ্লিমেণ্ট। ৰজা [ ২১৭ ] সকলোৰে ওপৰত আরু তেঁওৰ ভালে মান ক্ষমতা; তেঁও যুদ্ধ আৰু সন্ধি কৰিব পাৰে আরু সকলো বিষয়তে যোগ্য অযোগ্য চাই মানুহ নিযুক্ত কৰিবও পাৰে আরু ভাঙ্গিবও পাৰে, কিন্তু এই সকলো কৰ্ম্মকে ব্যৱস্থাৰে হে কৰিব পাই অন্যায়কৈ কাকো দণ্ড বন্ধ কৰিব নোৱাৰে। এক ৰজা মৰি লে। তেঁওৰ বৰ পুতেক ৰজা হয় পুতেক নেথাকিলে জিয়েক হয় কিন্তু সন্তানাদি নেথাকিলে লাগতিয়াল বঙহেই ৰাজত্ব পায়।

 পাৰ্লিমেণ্ট দুই সভাৰে এক সমূহৰ, আরু এক বৰ২ বিষয়াৰ সভা। সমূহৰ সভাত প্ৰায় চশ পঞ্চাশ জন মানুহ আচে, আরু সেই মানুহ বোৰক এই দৰে বাচি আনে; ইংগ্লণ্ড, স্কটলণ্ড, আইৰলণ্ড আরু উৱেলচ্‌ দেশৰ প্ৰতি প্ৰদেশৰ মানুহ বোৰে এজন বা অধিক মানুহক প্ৰতিনিধিকৈ পাৰ্লিমেণ্টৰ সমূহ সভাৰ সভাস্থ কৰি পঠা্য়‌, আরু অনেক লোকে সভাস্থ হবলৈ ইচ্ছা কৰিলে যাক পঠা্ব‌লৈ অধিক মানুহে সম্মত দিয়ে সেয়েই সভাস্থ হৈ জায় কোনো প্ৰদেশে এজন কোনো২ বোৰে চাৰি পাঁচ জন সভাস্থপঠা্য়‌, আরু কোন২ নগৰৰ মানুহেও পাৰ্লিমেণ্টলৈ সভাস্থ পঠি্য়া‌ই; এই বোৰ সভাস্থ একে লগহৈ মেল কৰে আরু সেই সভাকে হাউচ্‌ অফ কমনচ্‌ বোলে।

 বিষয়াৰ সভা এনে। আমাৰ দেশত যেনে ডাঙ্গৰিয়া ফুকন বৰুৱা আরু ৰাজখোৱা ইত্যাদি বৰ বিষয়া আচিল তেনেকৈ [ ২১৮ ] ইংগ্লণ্ডতো ডিউক্‌, মাৰকুইচ, অৰ্ল, ৱাইকৌণ্ট আরু বাৰণ ইত্যাদি বিষয়া আচে এই বিষয়া ইংগ্লণ্ডৰ চাৰিশ, স্কটলণ্ডৰ ১৬ জন, আইৰলণ্ডৰ ৩২ জন একে লগে বহি এক সভা কৰে আরু সেই সভাকে বিষয়াৰ সভা বোলে; ইংৰাজি নাম হাউচ অফ লৰ্ডচ: পিচে এই দুই সভাৰেই পাৰ্লিমেণ্ট। পাৰ্লিমেণ্টে সদাই মেল নকৰে বচৰত এক সময়ত হয়, কিন্তু ৰজাই ইচ্ছানুসাৰে পাৰ্লিমেণ্টক আহ্বান কৰিবও পাৰে আরু বহিবলৈ হাক দিবও পাৰে আরু ৰজাই পাৰ্লিমেণ্টক বিসৰ্জন কৰিবও পাৰে কিন্তু বিসৰ্জন হলে সমুহ সভাৰ সভাস্থ আগৰ বোৰ গুচি নকৈ কেতবোৰক বাচি পঠি্য়া‌ই।

 পালিমেণ্টৰ প্ৰধান কৰ্ম্ম ৰাজ্য শাসনলৈ আইন কৰা আরু ৰাজ্য শাসনৰ ভগনলৈ ধন সধোৱা ৰজাই পাৰ্লিমেণ্টৰ অভিমত নোহোৱাকৈ প্ৰজাৰ তৰ পৰা কৰ কঁটল সধাব নোৱাৰে। পাৰ্লিমেণ্টে নকৈ আইন কৰে, আরু পুৰণি ব্যৱস্থাক ৰহিত কৰিব পাৰে। কোনো আইন কৰিব লাগিলে দুই সভাৰ কোনো সভাস্থেই আগে নিবেদন কৰি সভাক জনাব পাৰে, পিচে যি সভাৰ সভাস্থে আইন প্ৰসঙ্গ কৰে সেই সভাস্থ সকলে সেই প্ৰসঙ্গ তিনি বেলি পঢ়ি বৰকৈ গমি চাই অৰ্থাৎ সেই আইনক চলতি কৰা জাবনে নেজাব, পিচে বিবেচনা কৰি যদি সভাৰ অনেকে সম্মত হয় তেন্তে সেই প্ৰসঙ্গ সিসভালৈ পঠো্ৱা‌ জায়; সি সভাতো বিবেচনা [ ২১৯ ] হৈ তাৰ সভাস্থ বিলাকো যদি সম্মত হয় তেন্তে সেই প্ৰসঙ্গ ৰজাৰ তলৈ জায়, পিচে ৰজাইও সম্মত হৈ চহি কৰিলে সেই আইন হয় আৰু প্ৰজাই তাক মনিব পাই। কিন্তু ৰজাই চহি নকৰিলে আইন হব নোৱাৰে। যদি কোনো লোকে ৰাজ দ্ৰোহ কৰে বা ব্যৱস্থাৰ বিপৰীত কৰি দেশৰ দন্য কৰে তেন্তে তাৰ নামে এই সভাত গোচৰ হয়।

 ইংগ্লণ্ড দেশৰ গোচৰ সোধাৰ ৰীতিও বেলেগ ইংৰাজি ভাষাত তাকে জুৰিৰ বিচাৰ বোলে। যেতিয়া কোনো মানুহ পদকিয়া ৰূপে সোধৰ চৰালৈ অনা-হয় তেতিয়া তাৰ ওচৰ চুবুৰিয়া ১২ বাৰে জনক মাতি আনি জুৰি কৰি বহুৱাই পিচে সাক্ষী বাদিৰ মুখ সিবিলাকে শুনিলে সোধ কৰা জনাই সোধে বোলে পদকিয়া দোষীনে নিৰ্দ্দোষী? পিচে সিবিলাকে বিবেচনা কৰি দোষী বুলিলে দণ্ড হয় নিৰ্দ্দোষী বুলিলে মুক্ত হয়, কিন্তু পদকিয়াই সেই বাৰজনাৰ কাতো মান্তি‌ নহলে তাক গুচাই আনক দিয়ে এইৰূপে কেৱে কাৰো অন্যায় কৰিব নোৱাবে।

⸻⸻

BRIEF SKETCH OF THE CHRISTIAN
RELIGION.

খ্ৰীষ্টীয়ান ধৰ্মৰ সংক্ষেপ বিবৰণ।

 অনেক লোকে খ্ৰীষ্টিয়ান ধম্ম কি নেজানে আৰু নানা দৰে ভাবে এতেকে ইংৰাজ সকলৰ যি ধৰ্ম্ম তাকে লিখা [ ২২০ ] গল। খ্ৰীষ্টীয়ানে এই২ কথা মানে বোলে ৰূম নগৰৰ ৭৫৩ সনত অৰ্থাৎ ১৮৪৬ বচৰ হৈচে ৰোম ৰাজ্যৰ পাত্চা‌ আগ স্টচৰ দিনত পৃথিবীৰ সকলে সুখী হৈ কাল যাপন কৰিচিল; এনেতে ঈশ্বৰে তেঁওৰ পুতেক যিশুখ্ৰীষ্টক মনুষ্যলৈ পূৰ্ব্বৰ ধৰ্ম্ম বিলাকতকৈও এক নিৰ্মল আরু পবিত্ৰ ধৰ্ম্ম প্ৰকাশ কৰিবলৈ পঠি্য়া‌লে। য়িশুখীষ্ট য়িহুদা দেশৰ বৈথলিহিম নগৰত হেৰোড ৰজাৰ দিনত উপজিচিল, তেঁওৰ মাক মৰিয়ম কুমাৰী আছিল। তেঁও উপজিলত যিরুসালমৰ পূৰ্ব্ব দেশৰ পৰা জ্ঞানী মানুহ তৰা এটাৰ দ্বাৰা বাট চিনি তেঁওক সেৱা কৰিবলৈ আহি সোন ধুনা ইত্যাদি দান দিলে। পিচে হেৰোড ৰজাই দুবচৰত কৈ সরু সকলো বোৰ লৰাক মাৰিবলৈ আজ্ঞা দিলত তাৰ পৰা ৰক্ষা পাবলৈ য়িশুখ্ৰীষ্টক লৈ তেঁওৰ মাক মিচৰ দেশলৈ পলাই গৈ তাতে হেৰোড নমৰালৈকে থাকি সি মৰিলত আকৌ য়িহুদা দেশলৈ আহি গালিলিৰ নাজেৰেথ নগৰত ৰলহি। য়িশুখ্ৰীষ্ট ৩০ বচৰ বয়সি য়াল হলত তেঁওৰ ধৰ্ম্ম প্ৰকাশ কৰিবলৈ অৰ্থাৎ মনুষ্য সকলক ঈশ্বৰে সৈতে মিলাই ক্ষমা কৰি পৰিত্ৰাণ কৰিবলৈ আৰম্ভ কৰিলে। তেঁও সকলোকে ভাল কৰি ফুৰি মানুহ বিলাকক উপদেশ দি মন পালটাবলৈ আরু অনিত্য বস্তুৰ পৰা নিত্য বস্তুত মন দিবলৈ সিকালে। তেঁওৰ কথা সাব্যস্ত কৰিবলৈ তেঁও অনেক অদ্ভূত কৰ্ম্ম অৰ্থাৎ নৰিয়া ভাল কৰা, কনাক চকুদিয়া, খোৰাক খোজ কাঢ়িব পৰা কৰা, মৰাক জিওৱা, [ ২২১ ] কুষ্ঠ ৰোগীক ভাল কৰা আরু সরু লৰাক কোলাতলৈ আশী ৰ্ব্বাদ কৰা ইত্যাদি কৰিলে। তেঁও আগলৈ কি হব তাকে কৈচিল আরু সেই কথা ফলিচিল, বিশেষ ময় মৰাৰ তিনি দিনৰ দিনা আকৌ উঠি্ম‌ বুলি যে কৈচিল সেই কথাও ঘটিল কিয়নো য়িহুদী বিলাকৰ শাসন কৰ্ত্তাবোৰে তেঁওক খঙ্গ কৰি পন্তিয়চ পাইলেট নামে শাসন কৰ্ত্তাৰ দ্বাৰা তেঁওক মৰালে। সপ্তাহৰ ষষ্ঠ দিনা শুক্ৰবাৰে তেঁওক ক্ৰুশত বধ কৰিলে; তেঁওৰ শৰীৰক মাটিত গোৰ দি চিপাহিয়ে শুক্ৰ শনিবাৰে ৰখি আচিল পিচে ৰবিবাৰৰ দিনা অৰ্থাৎ সপ্তাহৰ প্ৰথম দিনা গোৰৰ পৰা তেঁও আকৌ উঠি্‌ পৃথিবীত ৪০ দিন লৈকে দেখাদি তেঁওৰ শিষ্য বিলাকত সাব্যস্ত জনাই সকলো দেশৰ লোককে সেই ধৰ্ম্ম প্ৰবৰ্ত্তাবলৈ আজ্ঞা দি সিবিলা কক যিৰূসালমৰ পৰা অলিবেত পৰ্ব্বতলৈ নিলে তাৰে পৰা সিবিলাকক আশীৰ্ব্বাদ কৰি তেঁও স্বৰ্গলৈ উঠি দহ দিনৰ মুৰত তেঁওৰ অঙ্গীকাৰ অনুসাৰে শিষ্য সকলৰ ওপৰত পবিত্ৰ আত্মা দিলে সেই পবিত্ৰ আত্মা আদিতে ধূমুহাৰ দৰে শব্দ কৰি জুইৰ নিচিনা হৈ আহিল আরু এতিয়া য়িশু খ্ৰিষ্টত বিশ্বাসী সকলোকে পবিত্ৰ আৰু সান্ত্বনা কৰে।

 য়িশুখ্ৰিষ্টে এই ৰূপে জন্মলৈ এই সকল কৰ্ম্ম কৰিচে বুলি খষ্টীয়ান ধৰ্ম্মাবলম্বী সকলে কয়।

 খ্ৰিষ্টীয়ান সকলে এই বিশ্বাস কৰে বোলে ঈশ্বৰ একজনা, সৰ্ব্ব শক্তিমান, অনাদি, অনন্ত, সৰ্ব্বজ্ঞ, সৰ্ব্ব ন্যায্য, সৰ্ব্ব [ ২২২ ] কৃপাবান, সৰ্ব সত্য, সৰ্বোত্তম।.ভূতে সদাই মনুষ্যক পাপ কৰিবলৈ লোৱাইছে কিন্তু ঈশ্বৰৰ দূতে সদাই থাকি বিশ্বাসী বিলাকক ধৰ্মোপদেশ দিচে আৰু বিশ্বাস কৰে বোলে শেষ দিনা সিবিলাক সকলোৰে শৰীৰ আকৌ উঠিৰ আৰু যিশু খ্ৰিষ্ট পৃথিবীৰ অন্তত আকৌ আহি সকলো মনুষ্যতে সোধ সুধি সিবিলাকক কৰ্ম্মানুসাৰে দণ্ড বা পুৰষ্কাৰ কৰিব অৰ্থাৎ পুণ্যৱন্ত সকল ঈশ্বৰৰ আগত থাকি স্বৰ্গৰ চীৰস্থায়ী সুখ ভোগলৈ জাব কিন্তু পাপী আরু দুষ্ট বিলাক নৰকৰ কেতিয়াও নুনুমোৱ জুই পৰিব।

 খ্ৰিষ্টিয়ান সমূহক খ্ৰীিষ্টিয়ান মণ্ডলী বোলে আরু বাপ্তিস্মৰ সংস্কাৰ দ্বাৰা সেই মণ্ডলীলৈ সোমাব পাৰি আৰু সহভাগৰ চিন প্ৰভু ভোজনৰ সংস্কাৰ।

 খ্ৰীিষ্টিয়ান বিলাকৰ পুৰোহিত আচে আরু সিবিলাকেই ধৰ্মোপদেশ দিয়ে আৰু প্ৰাৰ্থনা কৰে। খ্ৰিষ্টিয়ানৰ ধৰ্ম্ম পুস্তক বাইৱল সিবিলাকৰ ব্ৰত আরু পৰ্ব্ব আচে। আরু সপ্তাহৰ প্ৰথম দিন অৰ্থাৎ ৰবিবাৰে যিশু আকৌ গোৰৰ পৰা উঠিচিল হেতুকে সেই দিনা প্ৰাৰ্থনা কৰে।

 খ্ৰিষ্টিয়ান ধৰ্মে ধনক প্ৰীতি কৰা আরু তাক পাবলৈ বিচাৰা, অহঙ্কাৰ, প্ৰতিহিংসা, ব্যভিচাৰ ক্ৰিয়া, লোভ, প্ৰতা ৰণা, নিন্দা, গৰ্ব্ব, সৰহকৈ খোৱা, খোৱাপিয়া আরু পিন্ধাত অসাৱধানতা, গোচৰ, ক্ৰোধ, দন্দ, শত্ৰুতা, বিবাদ এই সকল কৰ্ম্ম কৰিবলৈ টানকৈ হাক দিয়ে কিন্তু নম্ৰতা, মৃদুতা, ধৈৰ্য্য [ ২২৩ ] তা, পবিত্ৰতা, ক্ষমা, সরু ঠা্ই‌ত বহিবলৈ বাচিলোৱা, পৰস্পৰৰ ভৰি ধুওৱা, শত্ৰুক প্ৰীতিকৰা, অপমান আৰু অপকাৰক সহি থকা, সত্যতা, সাধুতা, দানকৰা,ব্ৰতকৰা, ঈশ্বৰক প্ৰাৰ্থনা কৰা, বিশ্বাস আৰু সকলোেতকে ঘাইকৈ দানশীলতা এই সকল কৰ্ম্ম কৰিবলৈ সকলোকে উপদেশ দিয়ে।

BRIEF SKETCH OF THE MAHOMEDAN RELIGION.

.

মুষলমান ধৰ্ম্মৰ সংক্ষেপ বিবৰণ।

 মহম্মদ ইংৰেজি ৫৭০ শকত অৰ্থাৎ খ্ৰিষ্ট জন্মিবৰ ৫৭০ বচৰৰ মুৰত আৰব দেশৰ মক্কা নগৰত উপজিচিল। তেঁও আদিতে বাণিজ্য কৰিচিল পিচে খাদিজা নামে এজনি ধনৱন্ত বিধৱাক বিয়া কৰাই বাণিজ্য ব্যৱসা এৰি কাৰো সঙ্গ নকৰা কৈ ভালে মান দিন অকলে আচিল আরু এনেকৈ একাকী হৈ থাকোঁতে ৰোলে জিবৰেইল নামে ঈশ্বৰৰ দূত সাক্ষাৎ হৈ তেঁওক ঈশ্বৰে নবি পাতিচে বুলি কলে। পিচে এনেকৈ অনেক দৈব বাণী হৈচিল বুলি তেঁও কৈচিল। প্ৰথমে তেঁও ধৰ্ম্ম প্ৰকাশ কৰোঁতে অতি মৃদু আরু নম্ৰ আচিল কিন্তু শেষত তেঁও তৰোৱালেৰে আপোন ধৰ্ম্ম প্ৰকাশ কৰিলত তেঁওৰ মহা পৰাক্ৰমৰ নিমিত্তে অনেক দেশৰ লোকে তেঁওৰ ধৰ্ম্ম ললে। যি পুথিত মুষলমানৰ ধৰ্ম আচে [ ২২৪ ] তাকে কোৰাণ বোলে আরু তাত খ্ৰিষ্টীয়ানৰ বাইবলৰ আরু য়িহুদি বিলাকৰ তালমদ পুথিৰ অনেক কথা আছে।

 মুষলমান বিলাকে একে জনা ঈশ্বৰক সম্পূৰ্ণ নিৰ্ব্বিকাৰ সৃষ্টি কৰ্ত্তা ৰক্ষক আরু সকলোৰে আজ্ঞা কাৰক বুলি মানে সিবিলাকে প্ৰতিমা পূজাক ইমানকৈ ভয় কৰে যে জিয়াই থকা কোনো বস্তুৰ ছবী বা মূৰ্ত্তিকো ব্যৱহাৰ কৰিবনা পাই। মুষলমানে ঈশ্বৰৰ দূত আরু ভূত ইত্যাদিত বিশ্বাস কৰে আরু মুসিসৰ পুস্তুক ধৰ্ম্ম গীত আরু খ্ৰিষ্টীয়ানৰ শুভ বাৰ্ত্তা এই সকল ঈশ্বৰৰ বাক্য বুলি মানে। আদম, নুঃ, এব্ৰা হাম, মুসিস্ আরু যিশু খ্ৰিষ্টক ঈশ্বৰৰ নবি বুলি মানে কিন্তু মহম্মদক ঘাই বুলি বিস্বাস কৰে, শৰীৰ আকৌ উঠাক আরু সোধ হোৱাৰ কথাও মানে আরু ভাবে বোলে বেয়া ভাল সকলো কথা ঈশ্বৰৰ আজ্ঞাৰে হয় আরু সেই সকল সপ্ত স্বৰ্গত চীৰস্থায়ী পাটত লেখি থৈছে।

 এই ধৰ্ম্মৰ ক্ৰিয়া সকলৰ মধ্যত প্ৰধান নানা ৰূপে শৰীৰ ধোৱা আরু দিনৰ ভিতৰত পাঁচ বেলি আৰাধনা কৰা। যেতিয়া মসীদৰ পৰা (নমাজ) প্ৰাৰ্থনা কৰিবলৈ মাতে তেতিয়া শক্তি থকা সকলোৱে প্ৰাৰ্থনা কৰিবলৈ মসীদলৈ জায়। ভাল মুষলমান বিলাক প্ৰাৰ্থনা কৰিবলৈ এনেহে সাৱধান যে আৰাধনাৰ সময় পালে সিবিলাকে ষতে থাকে তাতে আঠু কাঢ়ি মক্কাৰ ফালে মুখ দি আৰাধনা কৰে। সিবিলাকে দান দিয়া ব্ৰত কৰা ইত্যাদি পুণ্য কৰ্ম্মও কৰে। [ ২২৫ ] থাকে সি এনেকৈ ভাবি থাকোঁতেই মৰিব পাৰে আরু অল্প কালত মিচা ভৰষাৰ সলনি শোক কৰে।

 আমি অতি মৰমিয়াল হৈ আনৰ দোষাদোষ চাব পাঁও কিন্তু আপোনাৰ দোষ বিচাৰোঁতে অতি দৃঢ় হব পাওঁ।

 অপকাৰৰ নিমিত্তে প্ৰতি উপকাৰ কৰাৰ সমান প্ৰতি হিংসা নাই।

 অপকাৰৰ নিমিত্তে প্ৰতি হিংসা কৰিলে শত্ৰুৰ সমান হয় কিন্তু ক্ষমা কৰিলে শত্ৰুতকৈ ডাঙ্গৰ হয়।

 ঈশ্বৰ সকলোতকৈ দয়ালু তেঁও আমাৰ পিতৃ আমি সৎ কৰ্ম্ম কৰিলে তেঁও ভাল পায় আরু অকৰ্ম্ম কৰিলে বেয়া এতেকে আমি তেঁওক বৰ প্ৰেম কৰিব পাঁও।

 দুখিয়া মানুহে তোমাৰ সহায় খুজিলে তাক আপমান নকৰিবা সিবিলাকৰ কামনা যদি সিদ্ধি কৰিব নোৱাৰা তেন্তে নম্ৰহৈ নোৱাৰোঁ বুলিবা তোমাৰ দুখিয়ালৈ মৰম লাগিলে তাক প্ৰকাশ কৰিবলৈ লাজ নকৰিবা।

 তোমাৰ পিতৃ মাতৃৰ হিত পৰামৰ্শ শুনিব। আরু সিবিলাকৰ উপদেশ মনত সাঁচি থবা. সিবিলাকব বয়সক মান্য কৰিবা আরু সিবিলাকৰ সঙ্গৰ পৰা যি লাভ হয় তাক কৃতজ্ঞহৈ ভোগ কৰিবা; এক সৎ লৰাই তেওৰ অতি চেনেহৰ পিতৃমৰা ত বৰকৈ বিলাপক ৰাত তেঁওৰ মিত্ৰ বিলাকে এই বুলি সা ভুনা কৰিকলে, বোলে, তোমাৰ পিতৃক তুমি সদাই মান্য

[ ২২৬ ] আৰু চেনেহ কৰিচিলা নে? তাতে সেই লৰাই উত্তৰ দিলে

বোলে ময় পিতৃ জিয়াই থাকোঁতে তেনেহেন ভাবিছিলোঁ কিন্তু এতিয়া পূৰ্ব্বে যেনেকৈ অমান্য কৰিচিলোঁ সেই সকল কথা মনত পৰি অতি বিষম পাওঁ।

 চৰ্ আইজাক নিউটন্ নামে এজন বৰ পণ্ডিতৰ অতি জুৰ স্বভাৱ আচিল। তেঁও যি গৃহত শাস্ত্ৰাদি আলোচনা কৰিচিল তাৰে পৰা এক সময়ত আন এঠাইলৈ জোৱাত তেঁওৰ কাকৎ বিলাকৰ গুৰিত এটি সরু কুকুৰ আচিল সেইয়ে চাকি পেলায় তেঁও কেই বচৰ মান পুরুষাৰ্থ কৰি যি পুথি লেখি চিল তাক গোটেই পুৰিলে। নিউটন্ সাহাবে এই বিপত্তি দেখি তেঁওৰ জুৰস্বভাৱেৰে আন একোকে নুবুলি মুঠে্‌কেলে বোলে ডাইয়েমণ্ড অ ডাইয়েমণ্ড তয় যি অকৰ্ম্ম কৰিলি তাক তয় ভু নাপা।

 জন হাউয়াৰ্ড সাহাৰে এবছৰৰ মুৰত তেঁওৰ হিসাপ কৰি কিচুমান ৰূপ পাবলগা হলত তেঁওৰ ভাৰ্য্যাক সেইৰূপ ৰঙ্গ তামোচাত ব্যয় কৰিবলৈ কোৱাত তেঁও কলে বোলে এই ধনেৰেএ ঘৰ দুখিয়া মানুহৰ সুন্দৰ ঘৰ হব পাৰে এই কথাত সেই ৰূপেই সেই ধন ব্যয় হল।

 আৰিষ্টটল্ পণ্ডিতক যেতিয়া লোকে সুধিলে বোলে মানুহে মিচা কথাকৈ কি লাভ পায়? তেঁও তেতিয়া কলে বোলে সেই মানুহে সঁচা কথা কলেও কেৱে নপতিয়াই।

 চৰ ফিলিপ্ চিদ্‌নি যুদ্ধত গুলি খাই তেঁওৰ কৰঙনৰ হাৰ [ ২২৭ ] ভাঙ্গিলত চাউনিলৈ নিয়া হল, তাতে তেজগৈহ বৰ পিয়াহ লাগিলত খাবলৈ পানি খুজিলে তাকে আনিলত তেঁও বাটিৰে খাবলৈ মুখত লোৱাত আরু গুলি খোৱা এজন চিপাহি সেই পিনে নিয়া হলত সি পানিৰ বাটি দেখি অভিলাষ কৰিলে তাতে চিদ্‌নিয়ে আপোনাৰ মুখৰ পৰা বাটি নি সেই চিপাহি ক দি কলে বোলে মোতকৈ তোমাৰ অভাব হে বঢ়া।


CONCLUSION.
সমাপ্তি।

 হে প্ৰিয় লৰা বিলাক, তোমোলাকে এই পুথি পঢ়ি নানা বিদ্যা বিষয়ক কথা জানিলা। কিন্তু অকল পঢ়িলা বুলি সন্তোষ হৈ নাথাকিবা কিন্তু যি পঢ়িলা তাক কেতিয়াও না পাহৰিবলৈ পুরুষাৰ্থ কৰিবা। পই পুথি পঢ়ি তোমোলাকে যি উপদেশ পাইছা সেই বোৰ শুনি থাকি লেই নহয় কিন্তু তোমোলাকৰ সকলো কথাতে সেই উপদেশ মনত কৰি কৰ্ম্ম কৰিবা হে মোৰ প্ৰিয় সরু মিত্ৰটি হঁত, সম্প্ৰতি আমি তোমো লাকত বিদায় হলোঁ ঈশ্বৰে তোমোলাকক আশীৰ্ব্বাদ কৰক তোমোলাকে আকৌ এই ৰূপৰ পুথি পঢ়ি বলৈ পাবা তাৰ পৰা অনেক লাভ আরু উপকাৰ হব ইতি।

সমাপ্তোয়ং কাণ্ড।


এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২১ চনত ১ জানুৱাৰী ১৯৬১ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )