পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/১৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ১৭৪ )


বোৰ দ দেখি ঘাম কালিতো বনেৰে ঢাক গৈ থাকে। কাশী আৰু পাটনাৰ নিচিনা গৰমী তাত নাই অকল ভাদ আহিন এই দুই মাহত পানি সুকুৱাৰ সময়ত বায়ুৰ দোষ হয়, তেও বঙ্গ দেশত ঢাকাৰ নিচিনা মনোহৰ ঠা্ই‌ আরু নাই, আরু তাৰ কপাহি কাপৰৰ নিচিনা কাপৰ জগতৰ মধ্যত আন কতো নহয়। আইন আকবৰী পুথিত আবলফজলে এই নগ ৰৰ নাম লেখা নাই এই হেতুকে ঢাকা পুৰণি নগৰ নহয় বুলি জনা যায়।

 ঢাকা উপ নগৰে সৈতে দিলে প্ৰায় তিনি ক্ৰোশ কিন্তু পুতল তিমান নহয় আরু তাত ঠাইয়ে২ আন নগৰৰ নিচিনা ইটাৰে সজা অট্টালিকাও আচে, আরু ঠা্ই‌য়ে২ খেৰৰ ঘৰো আচে কিন্তু আলি বোৰ নিচেই ঠেক আরু বেঁকা। ইয়াত বচৰৰ ভিতৰৰ প্ৰায় দুবেলি এবেলি সেই খেৰৰ ঘৰ বোৰ জুই লাগি পোৰে, কিন্তু তাৰ পৰা মানুহৰ দন্য নপৰে। এই নগৰত মানুহ ভালে মান আছে প্ৰায় এক লক্ষ পঞ্চাস হেজাৰ তাৰ আদ যিনি মুষলমান বঙ্গ দেশৰ পূৰ্ব্ব প্ৰদেশৰ ঘাই বিচাৰৰ ঠাই ঢাকা।

⸻⸻

OF THE CITY OF MOORSHEDABAD.
মুৰৰ্শিদাবাদৰ কথা।

 বঙ্গদেশৰ ৰাজসাহি প্ৰদেশত মুৰ্শিদাবাদ নামে এখন নগৰ আছে; সি পূৰ্ব্বে ৰাজধানী আছিল আৰু অতি পূৰ্ব্বে