সমললৈ যাওক

পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/১৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ১৪৪ )

 হাতি দেখিবলৈ অতি কদৰ্য্য, তাৰ চকু অতি সরু, কান বৰ বহল, আরু বৰণ টো কলা। তাৰ সকলো অঙ্গৰ ভিতৰত শুঁৰ ডাল বৰ আচৰিত; তাৰ ভিতৰত আঙ্গঠিৰ নিচিনাকৈ পকোৱা নলিৰ দৰে দুটা বাট আচে আরু শুঁৰৰ আগত এক প্ৰকাৰ আঙ্গুলি আচে তাৰেই অতি সরু বস্তুকে মাটিৰ পৰা তুলিব পাৰে আরু সকলো বস্তুকে তাৰেই তুলি মুখত ভৰায়, হাতিয়ে শুঁৰেৰেই সকলোকে কৰে, তাৰ বৰ বল আৰু হাবিত ফুৰোঁতে তাৰেই গচকো ভাঙ্গে।

 মতা হাতি বোৰৰ চাৰি পাঁচ মাহ মান বয়সত দুটা দাঁত ওলায়, এবচৰৰ মুৰত সেই দাঁত সৰি ন দাঁত ওলায় সেই দাঁত বৰ দিঘল হয় আৰু তাৰে মানুহে অনেক বস্তু সাজে,।

 হাতিয়ে কুঁহিয়াৰ খাবলৈ বৰ ভাল পায় দেখি কোনো মানুহে তাক মাৰিবৰ নিমিত্তে কুঁহিয়াৰ ফালি বৰবিহ সুমাই থয় পিচে সেই কুঁহিয়াৰ খায় হাতি মৰে।

 হাতিক নানা বুধিৰে ধৰা জায়, কোনো সময়ত বৰ খোঁক কৰি তাতে মুৰ সুমাই ধৰে কোনো২ ঠাইত বৰ গাত খানি ওপৰত গচৰ ঠানি, খেৰ ইত্যদি দি তাতে হাতিক পেলাই জৰি লগাই ধৰে। হাতিৰ স্বভাৱ বৰ মৃদু আরু লগতে পোহ লয়; ঠায়ে২ বগা হাতিও পোৱা জায়, মান আরু শ্যাম দেশৰ ৰজা বিলাকে বগা হাতি পালে বৰ আনন্দহৈ সৰহ ধনদিও কিনে। সেই হাতিৰ ওপৰত কোনো মানুহ নুঠে কিন্তু ৰজাৰ দৰে সেই হাতিৰো বড়ুয়া ফুকন্ আদি অনেক বিষয়া আচে