পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(১৪)


নকৰে আরু সিহঁতক অকৰ্ম্ম কৰা দেখিলে বিষম পায় আরু সৎ হবলৈ শিকায়।

 তেঁও কাকো কটু ভাষা নকয়, কোনো খোড়া ভেঙুৰা বা বুঢ়াক দেখিলে তাঁহাতক বিগতি নকৰি উপকাৰ কৰিবলৈহে পুরুষাৰ্থ কৰে। অমাত জন্তুকো তেঁও মৰম কৰে, কিয়নো জানে যে সিহঁতে মাতিব নোৱাৰে হয় কিন্তু আমাৰ নিচিনা দুখ পায়।

 যি সকল বস্তু তেঁওর নহয় তাক তেঁও নোচোবেও আরু নিনিয়েও; তেঁও কেতিয়াও মিচা কথা নকয়, আরু অকৰ্ম্ম কৰিলে মিচা নামাতি সই কাঢ়ি এই কথা কয় বোলে ময় এই কুকৰ্ম্মৰ নিমিত্তে বৰ অসন্তোষ পাইছো, আরু আগ- নৈকো এনে কৰ্ম্ম নকৰোঁ; এই নিমিত্তে তেঁওক কেৱে খঙ্গ নকৰে।

How TO BE GOOD.

ভাল হবৰ উপায়।

 ঈশ্বৰক ভয় কৰা,তেঁওক রুষ্ট নকৰিবা;ঈশ্বৰে সকলো ভাল লৰা ছোৱালিক প্ৰীতি কৰে, আরু বেয়া বোৰক ঘৃণা কৰে তুমি যদি কুপথে জাবলৈ প্ৰীতি নকৰা তেন্তে ঈশ্বৰে তো- মাক আশীৰ্ব্বাদ কৰিব।