সমললৈ যাওক

পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(৮২)


 কোনো মানুহ বৰ বুদ্ধিমন্ত হৈ ও পজাৰ নিমিত্তে যে কোনো বিদ্যাত বৰ পাৰ্গৎ হয়এনে বুলি ভবা মিচা, যেতিয়া তুমি কোনো পাৰ্গৎ মানুহক দেখা তেতিয়া তুমি তেঁও নো কেনেকৈ কাল ব্যয় কৰিচে তাকে সুধিবা পিচে তুমি অৱশ্যে জানিব যে তেঁওৰ জীবন প্ৰায় শ্ৰমতে গৈচে।

 আমাক সকলোকে ঈশ্বৰে সমান বুদ্ধি দিয়া নাই হয়; কেতবোৰ আনতকৈ অধিক বুদ্ধিমন্ত হৈ ওপজে কিম্বা যদি উপজিবৰ পৰা নহয় তেও কেনেবাকৈ বুদ্ধিমন্ত হয়, কিন্তু তুমি নিশ্চয় জানিবা যে ঈশ্বৰে যে নে বুদ্ধি দিয়ক নিদিয়ক শ্ৰম নকৰিলে তাৰ পৰা একো গুণ নহয়।

 এতেকে কোনো প্ৰংশসনীয় কৰ্ম্মৰ নিমিত্তে সদাই পৰিশ্ৰম কৰিবা, পৰিশ্ৰমকৰিলে সিদ্ধি নোহোৱা কৰ্ম্ম নাই; প্ৰথমে যিটো কৰ্ম্ম অসাধ্য হেন ভবা সিও পৰিশ্ৰমৰ দ্বাৰা সিদ্ধি হয়। শ্ৰম কৰিলে যে অসাধ্য কৰ্ম্মও হয় আৰু স্বভাৱিক দোষকে শোধন কৰিব পাৰি তাৰ এক আচৰিত দৃষ্টান্ত তলত লিখা গল, সেই বিবৰণ সঁচা আৰু পূৰাবৃত্ত ইতিহাস সকলৰ পৰা উদ্ধত কৰা গৈচে।

 দুহেজাৰ মান বচৰ হল দীমন্তেণীস্‌ নামে এজন সদ্বক্তা গ্ৰীক দেশৰ এথেন্স নগৰত আচিল; পূৰ্ব্ব কানৰ সদ্বক্তা সকলৰ মধ্যত এওঁক অতি প্ৰধান বুলি গণ্য কৰা যায়।

 তেঁও সেই নগৰত কালিস্ত্ৰাতচ নামে এজন সদ্বক্তাৰ বক্তৃতা শক্তিৰ দ্বাৰা মানুহ সকলৰ মাজত যি কৰ্তৃত্ব আরু