আরু নিশ্চয়কৈ জানিবা যে এই কথা মনত থাকিলে আমি অনেক অকৰ্ম্মৰ পৰা ৰক্ষা পাও; কিয়নো তোমোলাকে কেতিয়াবা২ পিতৃ মাতৃ বা আন কোনো মান্য জনৰ চকু তোমোলাকত পড়িব বুলি ভয় ন কৰানে? আরু তোমোলাক অকলে থাকিলে যি অকৰ্ম্ম কৰিলা হঁতন সেই কৰ্ম্ম তোমো লাকৰ পিতৃ মাতৃৰ চকুৰ আগত থাকিলে কৰিবলৈ লেবানে?।
হে প্ৰিয় লৰা সকল; ময় এটি কথা কঁও মন দি শুনিবা আরু সদাই মনত ৰাখিবা তোমোলাক কেতিয়াও অকলে নাথাকা এই কথা মনতকৈ আপোনা আপুনি সদাই ভাবিবা হেনে এতিয়া মোক ঈশ্বৰে দেখি আচে; আরু যেতিয়া তুমি এঠাইৰ পৰা আন এঠাইলৈ জোৱা তেতিয়াও কৰা হেনে ঈশ্বৰে মোক লৰাও চাই আচে, ঈশ্বৰে তোমোলাকক ৰাতিয়ে দিনে দেখি আচে; যিমান দূৰলৈকে জো ৱা ঈশ্বৰৰ চকু তোমোলাকৰ পিচে২ জাব; অতি এন্ধাৰ ঠাইলৈকে যদি জোৱা তেও ঈশ্বৰে তোমোলাকক ভালকৈ দেখিব, পৃথি বীত এনে এডুখৰিও ঠাই নাই যে তেঁও নেদেখে আৰু সেই ঠাই ইয়ে সিয়ে যিমান অন্তৰ হক নহক তেঁও একে বেলিয়ে দেখে, এই মুহূৰ্ত্তকত তেঁও কোন ঠাইত কি হৈচে তাকো জানে, এতেকে তোমোলাকে এতিয়া জানিলা যে তোমো লাক এক মুহূৰ্ত্তকো অকলে নাথাকা, কিন্তু এই কথা কেতিয়াবা ভাবানে? ন ভবা হেন পাঁও?