পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৪২ )


THE COMPASSIONATE JUDGE.

মৰমিয়াল বিচাৰকৰ্ত্তাৰ কথা।

 ফ্ৰান্স দেশত এণ্টনি দোমাত নামে এক প্ৰধান বিচাৰ কৰ্ত্তা আচিল। এদিন এজনি দুখিয়া বাৰি তিৰোতা তেঁওৰ চৰালৈ গৈ এক চৌধাৰিৰ নামে তাইৰ মাটি কাড়ি নিচে বুলি গোচৰ কৰিলে।

 বিচাৰ পতিয়ে গোচৰ শুনি এই প্ৰমাণ পালে যে সেই তিৰোতাই নাজানি মাটিৰ পটাৰ কৰাল নামানিলত চৌধা- ৰীয়ে তাইক খেদাইচে। ইয়াকে জানি তেঁও চৌধাৰিক দুখিয়া বাৰিক দয়া কৰিব দিলে, কিন্তু সি বৰ নিৰ্মৰমিয়াল আচিল দেখি তেঁও বাৰীক মাটিৰ পৰা খেদিবৰ আরু গোচৰৰ খৰচও দিবৰ আজ্ঞা দিলে, এই আজ্ঞা দিওঁতে দোমাতৰ মৰম্ লাগি চকু মচিলত গিৰ২ কৈ চকুৰ পানি পৰিব ধৰিলে।

 পিচে যেতিয়া তাইক বন্দি কৰি ধন সাধিবৰ আজ্ঞা হল তেতিয়া তাই আটাহ পাৰি কলে বোলে হে ন্যায় ঈশ্বৰ তুমি এজনি দুখিয়া তিৰোৱা আরু তাইৰ অনাথ পুত্ৰৰ পিতৃ হোৱানে? এই বুলি তাই মুচ্কচ্ গল।

 তাতে সেই বিচাৰকৰ্ত্তাই তাইক ওলি তাইৰ স্বভাৱ প্ৰকৃ- তিৰ কথা সুধি গোচৰৰ খৰচ ৰূপ ১০০ দি চৌধাৰিক সেই খনি ধনতে মানতি কৰাই বাৰীক মাটি খনিও দিয়ালে।