পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৮৭)

 হে প্ৰিয় লৰা হঁত, এতিয়া এই কথা ঈশ্বৰে তোমোলাকৰ মনত যেন ভালকৈ থয় আরু তোমোলাকেও যেন কোনো অকৰ্ম্ম কৰিব খুজিলে ঈশ্বৰে দেখি আছে বুলি তাৰ পৰা পৰাঙমুখ হোৱা ঈশ্বৰে সকলো বিধৰ কুকৰ্ম্মকে বেয়া পাই বুলি তোমোলাকে জানা আরু তেঁও কোনো কথা কেতিয়াও নে পাহৰে, এতিয়া ঈশ্বৰক যদি তোমোলাকৰ আগতে দেখিলা হঁতল তেন্তে কোনো বৰ সাহিয়াল লৰাই ও তেঁওৰ আগত অকৰ্ম্ম কৰিবলৈ সাহন কৰিলে হঁতন,কেৱে বেয়া কথা নকলে হঁতন কাৰো চিত্তত অসজ কথা নাথাকিল হঁতল, আরু সকলোৱে সেই মহৎ বস্তুক ভয় কৰি কলে হঁতন বোলে ময় কেনেকৈ ঈশ্বৰৰ আজ্ঞা নামানি এই কুকৰ্ম্ম কৰিম? কিন্তু লৰাহঁত নিশ্চয়কৈ ত্তমি যতে আচা তাতে ঈশ্বৰো আছে আরু তুমি যি২ কৰা সকলোকে দেখি আচে, যদি কোনো সোৰোপা লৰাই বাটে২ ৰঙ্গকৈ ফুৰে, ঈশ্বৰৰ চকু সি যি বাটে ফুৰে তাতে আচে; কিম্বা কোনো সরু লৰাই ওচৰত কাকো নে দেখি পৰৰ ধেমালি, কৰা বস্তু আনিবলৈ হাত মেলিলে এজনাৰ চকু তাত পৰি থাকে আরু সেই চকুরেই ঈশ্বৰৰ।

 হে, প্ৰিয় লৰা সকল, ঈশ্বৰে তোমোলাকক চাই আচে বুলি ভাবিবলৈ ভাল পাব পোৱা আরু যি বোৰ লৰাই আপোনাৰ মনক দমি ঈশ্বৰে সন্তোষ পোৱা কৰ্ম্ম কৰে সেই বোৰেহে এনে ভাবনাক ভাল পাই; সিবিলাকে ভাবে